পৃষ্ঠা:Khojar Xabda.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰহণ কৰে আৰু নেথাকিলে নতুন নাম দিয়ে অথবা বাংলাদেশত থাকোঁতে এৰি অহা গাঁওখনৰ যি নাম আছিল সেই নামকে দিয়ে। সেয়ে বাংলাদেশৰ চৰণতলাৰ পৰা চৰণতলা মন্দিৰটো শ্লেলশ্বেলাৰ যি ঠাইত থাপিলে সেই ঠাইৰ নাম ‘চৰণতলা’ দিলে। আৰু কিছুমান ঠাইৰ নাম কিবা বৈশিষ্ট্য অনুসৰি দিয়া হয়। যেন ঘঁৰিয়াল ডাংগা আগমনি এলেকাৰ এখনি গাঁও। আগতে বেলেগ নাম আছিল। ব্রহ্মপুত্রও এটা সময়ত এইফালে ভাঁজ লৈছিল। নদীখনে লাহে লাহে গতি সলনি কৰাৰ পাছত ফালৰি কাটি কিছুদূৰ আগবঢ়াৰ পাছত শুকাই যায় আৰু দাংগা হ’ল আয়তনত ডাঙৰ সৰু-সুৰা বিলৰ দৰে।বানপানীৰ সময়ত গোটেই এলেকা প্লাবিত হৈ সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰে। তেতিয়া ব্ৰহ্মপুত্ৰইদি ডাঙৰ ডাঙৰ ঘঁৰিয়াল উজাই আহি এই ডাঙাত পেট পেলাই শুই থাকে। সেয়ে গাঁওখনৰ নাম দিলে ঘঁৰিয়ালডাংগা। বানপানীৰ সময়ত মৰাপাট পাঁচ-ছফুটমান দীঘল হয়। গা ঢকা দিয়াৰ বাবে ঘঁৰিয়ালবোৰে খেতিৰ মাজত গৈ শুই থাকে। এনেকৈ তেখেতে গল্প কৰাৰ ছলেৰে প্ৰশ্ন সুধি সুধি নিজক লগা উত্তৰ উলিয়াই লয়। গাঁওখনৰ পৰা বহুতো তথ্য পালে। ঘৰৰ বোৱাৰীবোৰে আজৰি সময়ত বিড়ি বান্ধে, ছোৱালীবোৰ অলপ ডাঙৰ হোৱাৰ লগে লগে দৰা চোৱা আৰম্ভ কৰে। পঢ়াৰ প্ৰতি ধাউতি কম হোৱাৰ বহুতো কাৰণ আছে।

 এইবাৰ অহাযাওক বগৰীবাড়ীৰ মহামায়া মন্দিৰলৈ। ইয়াত বহাগ মাহৰ প্ৰথম দিনটোত নতুন বছৰৰ আৰম্ভণি। নামনি অসমত যিহেতু বড়োসকল বাদে বিহু নাই স্থানীয় মন্দিৰক কেন্দ্ৰ কৰি পূজা পাতল আৰু ঠাই বিশেষে মেলাও হয়। মহামায়া মেলাৰ বিশেষত্ব হ’ল সাতদিন ধৰি ‘সাত বিষুমাৰ মেলা’। জাতি ধৰ্ম ভাষা নির্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত আহিলোঁ মহামায়া স্নানঘাট আৰু যোগমায়া মন্দিৰলৈ ৷ আমাৰ দুয়োজনৰে ধৰ্মত বিশ্বাস নাই যদিও কেৱল পূজন পদ্ধতি আৰু অন্যান্য বিশেষত্ববোৰ জনাৰ বাবে দৰ্শন কৰিবলৈ গ'লোঁ ।

 ইয়াৰ পাছত মোৰ গাঁও শিলবাড়ী বৰগাঁওলৈ গমন। মহামায়াৰ পৰা পাঁচ কিলোমিটাৰৰ পথ। এশ বিছ ঘৰমানৰ মাজত মাত্ৰ এঘৰ হিন্দু মানুহ। বাকী সব মুছলমান। খাটনিয়াৰ শুনি আচৰিত হ’ল। কলোঁ, আগৰ দিনত গৰু-ম'হৰ চামৰা চিলাবৰ বাবে মহল হিচাপে জমিদাৰে ডাকত দিছিল। সেইসূত্ৰে মোৰ ককাইদেউ সুদূৰ উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ চানদপুৰ গাঁৱৰ পৰা ইয়ালৈ আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। গাঁওখনৰ তিনিওফালে নদী আৰু পশ্চিমফালে পাহাৰ আৰু বড়ো বস্তিৰ আৰম্ভণি । আমাৰ ঘৰ পোৱাৰ পাছত হাত মুখ ধুই চাহ খাই গাঁও দৰ্শনৰ বাবে ওলালোঁ । বাল্যকালৰ লগৰী হামজা বেগমৰ ঘৰত গৈ ওলালোঁ। মোক দেখি তাই বৰ ভাল পালে । তাইৰ খবৰ কেনে বুলি সোধাত এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি

১৮৪॥খোজৰ শব্দ