পৃষ্ঠা:Khojar Xabda.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰা বিপুল খাটনিয়াৰ পাছলৈ ব্যক্তিগত, পাৰিবাৰিক সমস্যাৰে থকা-সৰকা হৈছিল। পৰিষদৰ সাংগঠনিক কামৰ চাপ-বোজা বাঢ়ি যোৱাত, অইন সতীৰ্থই সেই হিচাপে আগ বাঢ়ি নহা দেখি কেতিয়াবা তেওঁৰ খং উঠিছিল। খঙৰ ভমকত কাৰোবাকটান কথা এষাৰ শুনাই দি পিছ মুহূৰ্ততে আকৌ অনুশোচনাত দগ্ধ হৈছিল। পৰিষদৰ সৰ্বজন সমাদৃত বৰ্ষীয়ান সতীৰ্থ বিজনলাল চৌধুৰী, উমা শৰ্মাৰ ওচৰলৈ গৈ ক্ষমা ভিক্ষা বিচাৰিছিল। ১৯৮৮ চনত এটা বিশেষ প্ৰয়োজনত এখন গ্ৰন্থ প্ৰকাশ পাইছিল। কোনেও সেই দায়িত্ব নোলোৱাৰ এশ এবুৰি সমস্যাৰ মাজত সতীৰ্থ উমা শৰ্মাই প্ৰায় ২০০ পৃষ্ঠাৰ কিতাপখনৰ প্ৰুফ চাইছিল। খৰখেদাত অজস্ৰ ভুল-ভ্ৰান্তিৰে কিতাপখন প্ৰকাশ পোৱাত ঊমা শৰ্মা এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈছিল।  এই বেদনাদায়ক পৰিস্থিতি দেখি খাটনিয়াৰৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছিল আৰু সতীৰ্থ উমা সৰ্মাক টানকৈ শুনাই দিছিল, ‘আপোনাৰ কি দৰকাৰ। হ’লে হ’ল, নহলে নাই। কিয় উপযাচি কৰিব লাগে।'

 সেইনিশা খাটনিয়াৰৰ চকুলৈ এতিলমানো টোপনি নাহিল। নিশাটো ছটফটাই থাকি নিচেই পুৱাতে উমা শৰ্মাৰ ঘৰ গৈ ওলাল, আঠুৰ ঘিলা এটাত হাত থৈ ক'লে, ‘কোনোবাই আপোনাক মিছাতে গালি পাৰক— মই সহ্য কৰিব নোৱাৰো। পাৰে যদি মোক ক্ষমা কৰি দিয়ক।”

 কথাটো গম পাইছিল খাটনিয়াৰে পলমকৈ, উমা শৰ্মাৰ মৃত্যুৰ পিছত। শৰ্মাই তেওঁৰ প্ৰিয় সতীৰ্থ এগৰাকীক ফোনেৰে জনাইছিল, ‘সি অলপ আগতে আহিছিল, ক্ষমা খুজি গৈছে (বিপুল খাটনিয়াৰ, আমাৰ শিক্ষক উমা শৰ্মা, ‘নতুন দিগন্ত’, ২০২১)।

 নিজ সিদ্ধান্ত কামত অলৰ-অচৰ বিপুল খাটনিয়াৰ মানুহজন আছিল প্ৰকাশনৰ কামত অতি পৰিপাটি। তেওঁৰ সম্পাদিত গ্ৰন্থসমূহ হৈছে—‘সূৰ্য ঢকা মেঘ’ (অসমৰ সন্ত্ৰাসজৰ্জৰ সামাজিক পটভূমিত ৰচিত এমুঠি গল্প, ২০১২), সাহিত্য নিৰ্মাণ প্ৰসংগ (২০১০), হেমাংগ বিশ্বাস (২০১২, পৰমানন্দ মজুমদাৰৰ সৈতে), স্মৃতিলেখা : অনিল ৰায়চৌধুৰীৰ (২০২১) আদি। পৰিষদৰ মুখপত্ৰ ‘নতুন সাহিত্য’ সম্পাদন কৰাৰ উপৰিও নতুন পৃথিৱী প্ৰকাশৰ লগতো তেওঁ জড়িত আছিল।

 ২০১৪ চনৰ ৩, ৪ আৰু ৫ জানুৱাৰী তাৰিখে গুৱাহাটী কমাৰ্চ কলেজৰ অনুষ্ঠিত পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ খাদ্য বিভাগৰ দায়িত্বত থকা সতীৰ্থ গৰাকীৰ নিকটতম আত্মীয় এজনৰ মৃত্যু হোৱাত খাটনিয়াৰে সেই দায়িত্ব পালন কৰিছিল। ৰান্ধনিশালত থকা মানুহকেটাৰ সৈতে লগ লাগি ডাইনিং চম্ভালিছিল,

প্ৰতিনিধিসকলৰ খোৱা-বোৱাত যাতে কোনো অসুবিদা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি।

খোজৰ শব্দ॥১৬৯