পৃষ্ঠা:Khojar Xabda.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতীক। গুৱাহাটীৰ আৰ্থ সামাজিক আৰু ভৌগোলিক দিশলৈ চকু দিলেও দেখা যায় যে ‘বাবু’ শ্ৰেণীৰ আগ্ৰাসনৰ ফলত জনগোষ্ঠীয় মানুহখিনিয়ে জীৱনধাৰাৰ স্বাভাৱিক সুচলতা হেৰুৱাই পেলাইছে। খাটনিয়াৰৰ গল্পত শ্লেষ, বক্ৰোক্তি আৰু ব্যংগই বিশেষ প্ৰাধান্য পাইছে। দুৰ্নীতি, ভণ্ডামিৰ প্ৰতি তেখেতৰ কলম ধাৰাল আৰু কঠোৰ। ‘এতিয়া গভীৰ ৰাতি’ গল্পটোত বিষ্ণুৰাভা দিৱসৰ চেলু লৈ চান্দাজীৱী এচামক তীব্ৰ তাচ্ছিল্য কৰা হৈছে। গল্পটোত বুদ্ধিদীপ্ত হাস্যৰস আৰু ব্যংগৰ বোলনে বিশেষ তাৎপৰ্য লাভ কৰিছে। শিল্পীৰ ভেশধাৰী এচাম মানুহৰ লালসা, বিষ্ণু ৰাভা দিৱস উদ্যাপন কৰাৰ মানসিকতা গল্পটোত প্ৰতিফলিত হৈছে। গল্পটোৰ শিৰোনাম ইংগিতধৰ্মী আৰু তাৎপৰ্যপূৰ্ণ। শিৰোনামত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিখ্যাত কবিতা ‘বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি’ৰ ৰেশ দেখা যায়। ‘এতিয়া গভীৰ ৰাতি’য়ে গল্পটোৰ তাৎপৰ্যক অনুপম মাধুৰ্য দান কৰিছে। অন্তিম সততাও বাদ দি বিষ্ণু ৰাভা দিৱসৰ উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই চান্দাৰ ভাগ বটোৱাৰা কৰিছে। ‘এতিয়া কিমান ৰাতি’ বুলি নকৈ গল্পৰ কথকে ‘এতিয়া গভীৰ ৰাতি’ৰ অৱতাৰণা কৰিছে। সৌজন্য, সততা আৰু প্ৰজ্ঞাৰ পোহৰ শেষ; গভীৰ ৰাতিয়ে অন্তহীন নৈৰাশ্য আৰু বেদনাৰো দ্যোতক হৈ পৰিছে। ‘গণশত্ৰু’ গল্পটোত নিৰ্মালিয়ে ৰক্তিমৰ সৈতে বৈবাহিক সম্পৰ্ক ছিন্ন কৰিছে; কাৰণ ৰক্তিম জৈৱাস্ত্ৰৰ গৱেষণাত মগ্ন। ৰক্তিমৰ গৱেষণাই মানৱ সভ্যতালৈ ভাবুকি অনাৰ সম্ভাৱনাৰ কথা ভাবি নিৰ্মালিয়ে আমেৰিকাৰ প্ৰাচুৰ্যময় জীৱন ত্যাগ কৰি পিতৃগৃহলৈ উভতি আহি পুনৰ নৃত্যচৰ্চাত নিমগ্ন হৈছে।‘মেনকা’ গল্পটোত অনৈতিক যৌনতাৰ আৱহেৰে দেহোপজীৱিনীৰ জীৱন সংগ্ৰামৰ ছবি ফুটি উঠিছে। সমাজৰ উচ্চবিত্ত এচাম পুৰুষৰ শৰীৰী ভোক আৰু প্ৰান্তীয় নাৰী কিছুমানৰ জীৱনৰ বেদনা গল্পটোত মৰ্মস্পৰ্শী ৰূপত বিবৃত হৈছে। সমাজ জীৱনৰ সূক্ষ্ম আৰু তীক্ষ্ণ অনুসন্ধানে তেখেতৰ গল্পসমূহক এক অন্য আয়তন প্ৰদান কৰিছে। ভোগবাদী সমাজ; বিশ্বায়নৰ কোবাল বতাহত উটি যোৱা সময়ৰ চিত্ৰণেৰে তেখেতে কেইবাটাও মৰ্মস্পৰ্শী গল্প ৰচনা কৰিছে। গল্পসমূহৰ মাজত লুকাই থকা চৰিত্ৰৰ মনোজগত গল্পকাৰে নৈপুণ্যৰে উন্মোচন কৰিব পাৰিছে। চৰিত্ৰৰ মনোজগতৰ খুটিনাটি বৰ্ণনা আৰু ইংগিতময়তাৰে খাটনিয়াৰে মনস্তাত্ত্বিক অভিজ্ঞতাৰ সৃষ্টি কৰিছে। ‘সম্পৰ্ক’ তেনে এটা গল্প; নাটকীয় পৰিসমাপ্তিয়ে এই গল্পটোত তীব্ৰ পৰিহাসময় অৱস্থাৰ সূচক হৈ পৰিছে। বিপুল খাটনিয়াৰৰ গল্পক আমাৰ সমাজ জীৱনৰ ধাৰাভাষ্য বুলি ক’ব পাৰি। পূৰ্ব প্ৰসংগত কোৱা হৈছে প্ৰপীড়িত আৰু নিপীড়িত শ্ৰেণীৰ জীৱনৰ

বয়নেৰে তেখেতে বহুতো গল্প ৰচনা কৰিছে। ‘টায়াৰ কটা চেণ্ডেল’ত এখন মধ্যবিত্তীয়

খোজৰ শব্দ॥ ৫৭