পৃষ্ঠা:Khojar Xabda.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ সৃষ্টি হৈ উঠে কালজয়ী। তেতিয়াই সেই শিল্পী হৈ উঠে মহামানৱ। সাম্যবাদৰ মৌলিক উপাদান শ্ৰেণীহীন সমাজ গঠন, মানুহ আৰু প্ৰকৃতিৰ সন্মিলন আৰু দ্বন্দ্বাত্মক বস্তুবাদ। শিল্পী যদি মানুহৰ প্ৰতি সম্পূৰ্ণৰূপে বিবেচিত হয়, তেতিয়াহ’লে তেওঁৰ কথা সাম্যবাদৰ প্ৰতি আকৃষ্ট হ’বলৈ বাধ্য। কাৰণ সাম্যবাদ কোনো আদৰ্শ নহয়, ই হ’ল বৈজ্ঞানিক প্ৰক্ৰিয়া। সাম্যবাদ হ’ল নিঃসৰ্গৰ মৌলিক শক্তি। খাটনিয়াৰৰ গল্প কালজয়ী। এই কাৰণেই ২০১২ চনত লেখা গল্পৰ চৰিত্ৰ বাণীকান্ত আজিও জীৱিত আধামৰা অস্তিত্ব লৈ আৰু এই অৱস্থা আমাৰ দেশৰ সমাজব্যৱস্থাত আৰু বহু যুগ জীয়াই থাকিব। পুঁজিবাদে একশ্ৰেণীৰ মানৱতাহীন মধ্যবিত্তৰ সৃষ্টি কৰিছে। খাটনিয়াৰে অতি সুন্দৰভাৱে তেওঁৰ গল্পৰ ভাষাত প্ৰকাশ কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ লোক সুভম মহন্তই ক্ষয়ৰোগী বাণীকান্তক পাবলগীয়া মজুৰীখিনি নিদি তেওঁক চিকিৎসাৰ পৰা বঞ্চিত কৰিছে। খাটনিয়াৰে আজিৰ নৱ্য-উদাৰ অৰ্থনীতিৰ পুঁজিবাদী সমাজখনত কেনেকৈ দুখীয়া শ্ৰেণীয়ে তেওঁলোকৰ শ্ৰম বিক্ৰী কৰিবলৈ ওলাই আহিছে সুন্দৰভাৱে তেওঁৰ গল্পৰ ভাষাত প্ৰকাশ কৰিছে।

 ‘বাণীকান্ত আছেনে??’

 ‘কোন? বাণী!’

 বৃদ্ধাই অসহায়ৰ দৰে চাই ৰ’ল।

 বৰষুণজাক এতিয়া হুৰ্‌হুৰাই নামি আহিছে। সেয়ে সাধাৰণ অনুমতিকণ নোলোৱাকৈয়ে সুভম মহন্ত ভিতৰলৈ সোমাই আহিল।

 কোঠাটোত পোহৰৰ পৰিমাণ তেনেই সামান্য। অপৰিষ্কাৰো।

 তেওঁ আহোঁতে বৃদ্ধাই পোৰা কঁঠালগুটি আৰু পিঁয়াজ-জলকীয়াৰে পঁইতা ভাত এগৰাহ মুখত দিছিল, থালখন আধাখোৱাতে তেনেকৈয়ে মজিয়াত পৰি আছিল, দুই-চাৰিটা ভাত সিঁচৰতি হৈ আছিল।

 এখনেই বিছনা; বিছনাৰ কাষতে স্তোভ, কেৰাচিনৰ গেলন, কেৰাহী, ষ্টীলৰ কাঁহী-বাটি। বিছনাত বহল কপাল, কেঁকোৰা-জপৰা চুলি আৰু কোটৰত সোমোৱা এহাল চকুৰে সুভম মহন্তই বিচাৰি ফুৰা বাণীকান্ত। সাতাইশ বছৰীয়া যুৱক কাঠমিস্ত্ৰী বাণীকান্ত।

 প্ৰায় অচেতন হৈ পৰি আছে বাণীকান্ত। তাৰ বৰমোহা চোলাটোৰ অ’ত-ত’ত নতুন আৰু পুৰণি চমকা-চমকা তেজ, তেজৰ চেকা।

 এবাৰ বোলে তাৰ ক্ষয়ৰোগ হৈছিল।

 চিকিৎসকে পৰামৰ্শ দিছিল মাছ, গাখীৰ, কণী; পাৰিলে মাজে মাজে পোৱালি

১২৬॥খোজৰ শব্দ