পৃষ্ঠা:Khojar Xabda.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খোজৰ শব্দ আৰু নুশুনো

দিলীপ কুমাৰ ভট্টাচাৰ্য

বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ ঢুকাল। খবৰটোৱে মনটো জোঁকাৰি গ'ল৷ ‘নতুন পৃথিৱী’ৰ পাতত গল্পলেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা খাটনিয়াৰে পৰৱৰ্তী সময়ত অন্যান্য কাকত-আলোচনীতো গল্প লিখিবলৈ লয়। নিজস্ব কথনভঙ্গীৰে তেওঁ গল্পৰ বিষয়বস্তুক অভিনৱত্ব প্ৰদান কৰিছল। কোনো কোনো গল্পত উপভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। উদাহৰণস্বৰূপে ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত সন্নিবিষ্ট ‘মেঘ’ নামৰ গল্পটোত পাটকাই পাহাৰৰ নামনিত প্ৰচলিত উপভাষা ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁৰ প্ৰথম প্ৰকাশিত গল্প-সংকলন ‘খোজৰ শব্দ’ (১৯৮০)। ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯) আদি তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গল্প সংকলন। প্ৰবন্ধকাৰ হিচাপেও তেওঁ সুপৰিচিত আছিল। তেওঁৰ সম্পাদিত পুথিসমূহ হৈছে—‘সূৰ্য ঢকা মেঘ’, ‘সাহিত্য নিৰ্মাণ প্ৰসংগ’, ‘স্মৃতিলেখা : অনিল ৰায়চৌধুৰী’, ‘নিলিখা গল্প’ আদি। পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা ‘হেমাংগ বিশ্বাস’ আন এখন উল্লেখযোগ্য পুথি। ১৯৫৩ চনৰ ১৯ মাৰ্চত তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত জন্মগ্ৰহণ কৰা খাটনিয়াৰ পেছাত আছিল এগৰাকী ভূতত্ত্ববিদ। ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগত যোগদান কৰিছিল। ২০১৩ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

 সমাজতান্ত্ৰিক বাস্তৱতাক ভিত্তি কৰি গল্প ৰচনা কৰা খাটনিয়াৰ প্ৰগতিশীল সাহিত্য সংগঠন ‘নতুন সাহিত্য পৰিষদ’ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁক প্ৰথমে লগ পোৱাৰ সৌভাগ্য হৈছিল নতুন সাহিত্য পৰিষদৰ চতিয়া শাখা আৰু ‘ইষ্টান্তিক’ৰ যুটীয়া উদ্যোগত ২০০৬ চনত চতিয়াত আয়োজিত এক গল্পৰ কৰ্মশালাত। ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালালৈ সঞ্চালক

হিচাপে মোক আমন্ত্ৰণ জনোৱাত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সম্পাদক তথা

খোজৰ শব্দ॥১৩৯