পৃষ্ঠা:Khojar Xabda.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাণপতীয়াভাৱে গল্প লিখাত মনোনিবেশ কৰি ধাৰাবাহিকভাৱে অকল গল্প লিখিবলৈ লয়। গল্প লিখাৰ ক্ষেত্ৰত থকা তেখেতৰ একাগ্ৰতাই তেখেতৰ অনন্য কৃতিত্বকেই সূচায়। পিছত শিৱসাগৰত অনুষ্ঠিত পৰিষদৰ ৰাজ্যিক সন্মিলনে মোক আমন্ত্ৰিত সদস্য হিচাপে ৰাজ্যিক কমিটিত অন্তৰ্ভুক্ত কৰি লয়। উক্ত সন্মিলন সফল কৰাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰদেৱৰ ভূমিকা আছিল অত্যন্ত লেখত ল’বলগীয়া। তেখেতৰ সুযোগ্যা পত্নী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা অনাতাঁৰ শিল্পী ৰীণা বাইদেউৱে গীত পৰিৱেশন কৰি সমূহপ্ৰতিনিধি আৰু ৰাইজক আপ্লুত কৰিছিল। ইয়াৰ পিছত গুৱাহাটীত অনুষ্ঠিত পৰিষদৰ ৰাজ্যিক সন্মিলনতো অতি ঘনিষ্ঠতাৰে তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ। শেষত ভিনদেউলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু ৰীণা বাইদেউলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ সদস্য)

বীণা পেণ্ডৰ জীয়ৰী ধন্যতাৰ স’তে

২০২॥খোজৰ শব্দ