পৃষ্ঠা:Khojar Xabda.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰ

কুমকুম দাস মালাকাৰ

“অহাৰ দৰে
উভতি আঁতৰি গ'লা
বাটে বাটে ফুল সিঁচি থৈ”

সঁচাকৈ এনেকৈয়ে সকলো আঁতৰি যায়, কিন্তু এই বাস্তৱ সত্যটোক স্বীকাৰ কৰোঁতে বৰ কষ্ট হয়। স্বীকাৰ কৰিও মনত প্ৰশ্ন জাগে – কিয় এনে হয়। লগে লগে হৈ পৰে সকলো অতীত। স্মৃতিবোৰ বেদনাৰে ভৰি পৰে। তথাপি আমি কৰ্তব্য কৰিব লাগিব— এয়াই জীৱনৰ সত্য।

 বিপুল খাটনিয়াৰ দাক কেতিয়া লগ পাইছিলোঁ ভালকৈ মনত নপৰিলেও ১৯৮৪ চনত ভাইটি কংকৰ মৃত্যুৰ সময়ৰপৰাই আমি এই টিলাটোৰ বাসিন্দা হওঁ। সেই সময়ৰপৰাই লগ পোৱা মনত আছে।

 আমাৰ টিলাটোৰ ১০/১২ ঘৰ মানুহৰ ভিতৰত দুঘৰমানৰ বাহিৰে বাকীকেইঘৰ প্ৰায় সম বয়সৰ, সেয়েহে বিয়া-বাৰু ১/২ বছৰৰ ব্যৱধান আৰু ল’ৰা- ছোৱালীবোৰো প্ৰায় সমবয়সীয়া। টিলাটোত আগতে বিপুল শৰ্মা দেৱ, যতীন বৰা দা, মুদৈ আছিল— তেওঁলোক আমাৰ ইয়াৰপৰা যোৱাৰ পিছত আকৌ বেলেগ আহিল।

 প্ৰথমে টিলাটোত এতিয়াৰ দৰে ৰাস্তা নাছিল, আমাৰ ঘৰৰ চোতালেদি অহা- যোৱা কৰিছিল, কৰোঁতে আমাৰ দেখা-দেখি মতা-মতি হৈছিলেই।

 পিছৰ আমাৰ টিলাটোৰ মানুহখিনিয়ে লগ হৈ মাহে মাহে পইচা তুলি জমা কৰি ৰাস্তাটো বনোৱা হৈছে। কামটোৰ বাবে আগভাগ লৈছিল বিপুল খাটনিয়াৰে। কাৰণ আমি ৰাস্তাটোৰ বাবে যাব লগা ঠাইলৈ বহুত গ’লোঁ— দৰ্খাস্ত দিলোঁ, একো

খোজৰ শব্দ॥২৪৯