পৃষ্ঠা:Khojar Xabda.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঠিয়ায়৷ প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ এটা কপি মোকো দি নিজৰ কপিটোত পুনৰ হাত ফুৰায় আৰু মোক সেইখিনি ঠিক-ঠাক কৰি থ’বলৈ কয়।

 কিতাপ এখন মোলৈ আগবঢ়াই এদিন বিপুলদাই ক’লে ‘ভাল আলোচনী এখন ওলাইছেহে! লোৱা এইটো তোমাৰ কপি।‘ভূমি’ আলোচনীখন হাতত পৰিল। এখন মানসম্পন্ন আলোচনী লাভ কৰিলোঁ আৰু এদিন ৰশ্মিৰেখা বাইদেউৰ সৈতেও চিনাকি কৰাই দিলে। আন এদিন বীথিকা বাইদেউকো লগ পালোঁ। পৰৱৰ্তী সংখ্যাকেইটাৰ কিছু কাম মোৰ দ্বাৰাই কৰোৱাৰ লগতে সম্পাদনাৰ লগতো বিপুলদা জড়িত হৈ পৰিল।

 বিভিন্ন কাৰণত ‘মন্থন’ৰ নিয়মীয়া প্ৰকাশত বিজুতি ঘটিল আৰু ২০০৯ চনৰ প্ৰথম ভাগতেই মই হেদায়েৎপুৰত স্বাধীনভাৱে কাম আৰম্ভ কৰিলোঁ। ‘নতুন সাহিত্য পৰিষদ’ৰ দুই-এটা কামৰ পিছত ২০০৯ চনৰ শিৱসাগৰ অধিৱেশন উপলক্ষ্যে প্ৰকাশ পাবলগীয়া কেবাখনো মূল্যবান গ্ৰন্থৰ কামৰ মাজেৰে বিপুলদা আৰু শোভা খনিকৰদাৰ আৰু ওচৰ চাপিলোঁ। শিৱসাগৰ অধিৱেশনত খনিকৰদা ৰাজ্যিক সম্পাদকৰূপে নিৰ্বাচিত হয়, বিপুলদা ধনভঁৰালী। পৰিষদৰ মুখপত্ৰ ‘নতুন সাহিত্য ‘খন উন্নত মানেৰে নিয়মীয়াকৈ প্ৰকাশ কৰাৰ সমিতিৰ সিদ্ধান্তৰ কথা কৈ বিপুলদাই এদিন কৈছিল ‘প্ৰথম সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব মোৰ ওপৰত পৰিল। তুমি এই সংখ্যাটো কৰি দিব লাগিব।’ ‘ভূমি’ৰ আৰ্হিটো মনত ৰাখি মোক কামত আগবাঢ়িবলৈ কৈছিল। খনিকৰদাৰ সহযোগত বিপুলদাই ‘নতুন সাহিত্য’ নতুন ৰূপত প্ৰকাশ কৰিলে। খনিকৰদাই এবাৰ চকু ফুৰাই দিলেহে যেন বিপুলদা নিশ্চিন্ত হ’ব পাৰিছিল। পিছৰ বহুকেইটা সংখ্যাৰ সম্পাদনাৰ কামত বিপুলদাই প্ৰায়খিনি কাম কৰিছিল খনিকৰদাক লগত লৈ। নতুন লেখক-লেখিকাক সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই আনিবলৈ বহুসংখ্যক লিখনি সম্পাদনাৰে মান উন্নত কৰি প্ৰকাশ কৰিছিল দুয়ো লগ হৈ। পৰৱৰ্তী সময়ত ‘নতুন সাহিত্য’খন নতুন ৰূপত নিয়মীয়াকৈ প্ৰকাশ পাবলৈ লয়। বিপুলদাৰ জৰিয়তেই ‘নতুন সাহিত্য’ৰ লগতে পৰিষদৰ প্ৰকাশনৰ বিভিন্ন কামৰ মাজেৰে সংগঠনৰ লগত ময়ো আন্তৰিকভাৱে জড়িত হৈ পৰিলোঁ; সম্পৰ্ক গঢ়ি উঠিল সংগঠনটোৰ বহুকেইজন বিশিষ্ট লোকৰ সৈতে।

 গোলাঘাট অধিৱেশনত প্ৰয়াত অনিল ৰায়চৌধুৰীদেৱৰ সম্পাদনাত প্ৰকাশ পোৱা ‘উমা শৰ্মা ৰচনা সমগ্ৰ’ নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত বিপুলদাৰ অমানুষিক শ্ৰম তথা অকল্পনীয় কৰ্মস্পৃহা দেখি তবধ মানিছিলোঁ। নতুন সাহিত্য

পৰিষদৰ ৰাজ্যিক সমিতি আৰু সংগঠনটোৰ বিভিন্ন শাখা-আঞ্চলিকৰ মুখপত্ৰ আদিৰ

খোজৰ শব্দ॥ ২২৫