পৃষ্ঠা:Khojar Xabda.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্পৰ কালিকা : সাহিত্য
আৰু সমাজতত্ত্বৰ নান্দনিক উপস্থাপনা

ৰত্না ভৰালী তালুকদাৰ

আমাৰ সময়ৰ এগৰাকী ধীমান, জাপানৰ বিশ্ববিখ্যাত গল্পকাৰ আৰু ঔপন্যাসিক হাৰুকি মুৰাকামিৰ এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছিল দ্য গাৰ্ডিয়ান কাকতত ‘You have to go through the darkness before you get Light-শীৰ্ষক সাক্ষাৎকাৰটিত। সাক্ষাৎ গ্ৰহণ কৰিছিল অলিভাৰ ব্ৰুকমেনে। উক্ত সাক্ষাৎকাৰটিত সাক্ষাৎ গ্ৰহণ কৰোঁতাই মুৰাকামিক এক “Natural storyteller” বুলি উল্লেখ কৰাৰ লগে লগে তেখেতে তাক নাকচ কৰিছে এই বুলি ‘No, I am not a storyteller, I’m a story watcher.” তেওঁ হেনো গল্প এটা চাইহে থাকে—পৰ্যবেক্ষণ কৰে। নিজৰ সাহিত্যিক পৰিচয়টোক লৈ মুৰাকামিৰ যে বৰকৈ ‘মাথা ব্যথা’ নাই, সেই কথাও উক্ত সাক্ষাৎকাৰটিত প্ৰকাশ পাইছে। (শেষত ইয়াৰ লিংক দিয়া হৈছে)। তেখেতে নিজকে ‘গল্পৰ পৰ্যবেক্ষক’ বুলিহে কৈছে। তেওঁ যে গল্প এটা চাই থাকে, বা পৰ্যবেক্ষণ কৰে বুলি নিজেই কৈছে, তাৰপৰাই ধৰিব পাৰি যে মুৰাকামিয়ে গল্পবোৰ মনতে সাজি থাকে— ইমানকৈ সাজে যে তেওঁ গল্পটো দেখা পাই যায়গৈ। মনতেই পৰ্যবেক্ষণ কৰে। তেওঁৰ সাহিত্যৰ জগতখন আচৰিত, বাস্তৱৰ কাহিনী এটাত কল্পনা আৰু সপোনবোৰ একাকাৰ হৈ যায়। মুৰাকামিৰ গল্পত কল্পনা, সপোন আৰু সোঁৱৰণিৰ আশ্বৰ্যকৰ উপস্থাপনা আছে। আৰু উক্ত সাক্ষাৎকাৰটিত তেখেতে কৈছে যে দিনতেই তেওঁ ইমানবোৰ সপোন দেখে যে শোৱাৰ সময়ত সপোন দেখিবলৈ বিশেষ একোৱেই নাথাকেগৈ। আৰু কোৱা হৈছে যে শুই থকাৰ সময়ত তেখেতে হয়তো এমাহত এটা সপোনহে দেখে— ‘Well, may be once a month I dream.’ কিয়নো বাৰু

তেওঁ শুই থকাৰ সময়ত সপোন নেদেখে? শুনকচোন উত্তৰটো—“But usually I

খোজৰ শব্দ॥ ৬৭