পৃষ্ঠা:Khojar Xabda.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অশেষ হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু এটা গল্পৰ জন্ম হৈছিল বিপুলদাৰ কাপেৰে। দুদিন থাকি জিনজিয়া অঞ্চলটো ফুৰাৰ কথা আছিল। পিছে নোৱাৰিলে, পাছদিনাৰ পৰা দুদিনীয়াকৈ অসম বন্ধ আছে বুলি গম পাই উভতি যাব লগা হৈছিল। জিনজিয়া অঞ্চলৰ প্ৰাক্তন চাহ-জনজাতিসকলৰ প্ৰায়বোৰ মানুহেই কেনেকৈ নিজৰ মাটিতে ধনী আলু খেতিয়কৰ বনুৱা হ’বলৈ বাধ্য হৈছিল, সেয়া নিজ চকুৰে চোৱা নহ’ল। গল্পৰ প্লট বিচাৰি ক’লৈ যে যোৱা নাই! তাৰ বাবে বিষম পৰিস্থিতিতো পৰিছে কেতিয়াবা। কেৱল গল্পৰ প্লট বিচাৰিয়েই যে ঘূৰি ফুৰিছিল তেনে নহয়, ঘূৰি ফুৰি আনন্দ পাইছিল। আনন্দ বিলাইছিল।

 গল্পত নাৰী চৰিত্ৰৰ কথা ওলাওঁতে এবাৰ কৈছিল যে মাইকী মানুহে মতা মানুহৰ চৰিত্ৰ অংকণ কৰিবলৈ গ’লে জাষ্টিচ কৰিব পাৰে, কিন্তু মতা মানুহে নোৱাৰে। পুৰুষতন্ত্ৰ নামৰ বস্তুটোৱে বাধা দিয়ে। সেয়ে লিখিব নিবিচাৰে। কেতিয়াবা লিখিলেও খুউব সাৱধানে লিখে। কাৰণ তেখেতৰ মাজতোতো আছে। নাইবুলি হেনো ফিতাহি মাৰিবহে পাৰি। তেখেত নিজৰো কঠোৰ সমালোচক। কয়, ‘মই হ’লে চিধা মানুহ নহয়, জটিল আৰু চতুৰ দেই, সেয়ে মানুহ চিনি পোৱাত বৰ বেছি ভুল নহয়।’

 সামাজিক কাম-কাজৰ মাজেদিয়েই আমাৰ দৰে বহু সৰু সৰু মানুহৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিছিল আৰু নিজৰ অমূল্য সময় কেনেকৈ যে নিঃসংকোচে দিছিল, ভাবিলে আচৰিত লাগে। এগৰাকী ভূতত্ত্ববিদ, সাহিত্যিক, ব্যস্ত সাহিত্য সংগঠক হৈয়ো মানুহক বিলাবলৈ সময় উলিয়াই আনন্দ পাইছিল। প্ৰকৃততে সেয়া তেখেতে কৰ্তব্যসমূহৰ ভিতৰত ধৰিছিল। কেতিয়াবা ক'ৰবাত পঢ়িছিলোঁ নে শুনিছিলোঁ মনত নাই, কথাটো এনে ধৰণৰ — ডাঙৰ মানুহ দুবিধ থাকে, প্ৰথমবিধৰ সংগত কোনোৱে সমাজে আৰোপ কৰা তুচ্চতাক দলিয়াই পেলাবলৈ সাহ কৰিব পাৰে। আন এবিধ আছে যাৰ সন্মুখত থাকি নিজকে তুচ্চ অনুভৱ কৰা যায। বিপুলদা প্ৰথম বিধৰ বুলি অনুভৱ হয়। সংগঠনৰ কামৰ মাজেৰে চিনাকি হোৱা মানুহবোৰৰ বহুতে চিকিৎসাকে আদি কৰি ব্যক্তিগত অন্যান্য কামতো তেখেতৰ ঘৰৰ আলহী হোৱা আমি নিজ চকুৰে দেখিছোঁ। আমিও তেনে এগৰাকী পাতকী। কিমানক যে কিমান ধৰণেৰে সহায় কৰি থৈছে তাৰ হিচাপ নাই। নিজৰ সৃষ্টিশীল কামত বাধা পৰিব বুলি জানিও কিমানক যে কিতাপ আৰু আলোচনীৰ প্ৰুফ চাই দিছে! আমাৰ দ্বাৰা সম্পাদিত দুখন স্মৃতিগ্ৰন্থৰ কামৰ বাবে তেখেতৰ ঘৰত থাকোঁতেও প্ৰুফ চাই দিছিল নোকোৱাকৈয়ে।

 আমি ওচৰৰপৰা এইবোৰ দেখি থাকোঁ কাৰণে, আমনি নিদিওঁ বুলি এবাৰ নজনোৱাকৈয়ে গুৱাহাটীৰ হোটেলত থাকি কাম কৰি উভতি আহিছিলোঁ। পাছত

২১৬॥খোজৰ শব্দ