পৃষ্ঠা:Khojar Xabda.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

Geology & Mining, Kahilipara, Guwahati- 19।”

 কেইদিনমান পিছত আৰু এখন চিঠি (২/৩/৯৪)। “অনিবাৰ্য কাৰণবশতঃ পৰিষদৰ প্ৰথম বৈঠক বিশ মাৰ্চ তাৰিখলৈ নিয়া হৈছে। সময় আৰু স্থান পূৰ্বৰ দৰেই থাকিব।”

 সুভাষ সাহাৰ মৃত্যুৰ পিছত তেখেতৰ গুণমুগ্ধসকলে ৫/৩/৯৪ তাৰিখে মানকাচৰত আয়োজন কৰা সভাখনত সুভাষ সাহাৰ কৰ্মজীৱনৰ সকলো দিশ সামৰি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বিষয়ে আলোচনা কৰে আৰু কিতাপখন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ধনৰ পৰিমাণ আৰু কি কি বিষয় সন্নিবিষ্ট কৰিব পৰা যায়, সেই সম্পৰ্কে বিচাৰি খাটনিয়াৰলৈ চিঠি এখন লিখোঁ।

 এমাহ পিছত পৰিষদৰ পেডত তেওঁৰ হাতৰ লিখনি এটা পালোঁ। চিঠিখনৰ হুবহু প্ৰতিলিপি উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ।

 “প্ৰিয় সতীৰ্থ, অভিনন্দন গ্ৰহণ কৰিব। ভালে আছে নিশ্চয়। ৰাজ্যিক সমিতিৰ সিদ্ধান্ত অনুযায়ী বিভিন্নজনৰ লগত হোৱা আলোচনা মৰ্মে ‘সতীৰ্থ সুভাষ সাহা স্মৃতি ন্যাস’ সম্পৰ্কত এটি প্ৰতিবেদন যুগুত কৰা (খচৰা) হৈছে। আপোনাৰ সন্মতি থাকিলে স্বাক্ষৰ কৰি প্ৰতিবেদনৰ কপিটো ঘূৰাই পঠাব। পৰামৰ্শ বা অন্য কোনো যোগ দিব বিচাৰিলে সুকীয়াকৈ লিখি পঠাব। আটাইৰে চহী হ’লে তাক উপ-সমিতিৰ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰি মে’ মাহত এখন সভা পাতি এই ‘ন্যাস’ গঠন কৰাৰ আঁচনি লোৱা হ’ব।

 আপোনাৰ আঁচনিখন মোৰ লগতে আছে। অকণমান কাট-কুট কৰিলেই এই আঁচনিখনকে আমি নিশ্চয় গ্ৰহণ কৰিব পাৰিম। আপোনাৰ সুবিধা অনুসৰি মানকাচৰ ইত্যাদিত ঘূৰাৰ ইচ্ছা আছে। ঠিক মিটিং কৰাৰ বাবে নহয়,নিজৰ অভিজ্ঞতাৰ বাবে। চিঠি লিখিব। গুৱাহাটীলৈ আহিলে এদিন আমাৰ ইয়াত থকাকৈ আহিব।

বিশেষ নিলিখোঁ। ইতি—
আপোনাৰ বিপুল খাটনিয়াৰ
১৪/৪/৯৪

 এই চিঠিখনৰ লগত তেখেতে নতুন সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়, উলুবাৰী, গুৱাহাটী-৭ ৰপৰা ‘সম্পাদক/ সভাপতি- শাখা/আঞ্চলিক সমিতি, আহ্বায়ক— সকলো উপসমিতি, বিশেষ আমন্ত্ৰিত সদস্য আৰু ৰাজ্যিক সমিতিৰ সদস্যসকলক উদ্দেশ্য কৰি এখন চাৰ্কুলাৰ পঠিয়াইছিল। ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰী,

১৯৯৪ তাৰিখে লংকাত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ সপ্তম ৰাজ্যিক সন্মিলনত

১৬২॥খোজৰ শব্দ