পৃষ্ঠা:Khojar Xabda.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সু-গল্পকাৰ, প্ৰগতিশীল সাহিত্য আন্দোলনৰ সৈনিক

বিপুল খাটনিয়াৰ

দিলীপ ৰায়চৌধুৰী

বিপুল খাটনিয়াৰ সম্পৰ্কত মোৰ ভতিজা জোঁৱাই। অৱশ্যে, আমাৰ মাজৰ আন্তৰিকতা ঘৰুৱা সম্পৰ্কৰ মাজেৰে হোৱাতকৈ তেখেতৰ গল্প, নতুন সাহিত্য পৰিষদৰ কিছুমান কাম-সভা সমিতি পতাৰ ক্ষেত্ৰত সহযোগিতা, কিতাপ ছপোৱাৰ ক্ষেত্ৰত সহযোগিতা, ছপা হৈ ওলোৱা কিতাপ হাতত উঠাই দি আনন্দ প্ৰকাশ কৰা মুহূৰ্ত সমূহৰ মাজেৰে আমাৰ ঘনিষ্ঠতা বাঢ়িছিল। তেখেতৰ অতিকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ শহুৰেক তথা নতুন সাহিত্য পৰিষদৰ সতীৰ্থ, মোৰ দাদা স্বৰ্গীয় অনিল ৰায়চৌধুৰীৰ ঘৰুৱা সমস্যা,স্বাস্থ্যৰ সমস্যা বা কিতাপ-পত্ৰ প্ৰকাশ আদিৰ বিষয়ত হোৱা কথোপথনৰ মাজেৰে তেখেতৰ লগত মোৰ আন্তৰিকতা বাঢ়ি গৈছিল। প্ৰগতিশীল সাহিত্য আৰু সাম্যবাদী আন্দোলনৰ সৈনিক বিপুল খাটনিয়াৰৰ দেউতাকৰ ঘৰ শিৱসাগৰৰ শলগুৰিত। জন্ম ১৯৫৩ চনত তিনিচুকীয়াৰ দেওশালত। ১৯৬৯ চনত শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিকৰপৰা মেট্ৰিক পাচ কৰে আৰু ১৯৭৩ চনত শিৱসাগৰ কলেজৰপৰা ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনৰপৰা অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনিজ বিভাগত ভূতত্ত্ববিদৰ চাকৰি কৰি ৩১ আগষ্ট ২০১৩ চনত চাকৰিৰপৰা অৱসৰ লয়। খাটনিয়াৰৰ লগত ১৯৭৫-৭৬ চনত প্ৰথম চিনাকি হৈছিল জালুকবাৰীৰ বিশ্ববিদ্যালয় চৌহদত দাদা অনিল ৰায়চৌধুৰীৰ বাসগৃহত। দাদাৰ বাসগৃহ আৰু শ্ৰদ্ধেয় মুকুট ভট্টাচাৰ্যৰ বাসগৃহ সেইসময়ত ‘নতুন পৃথিৱী’ৰ কাম-কাজৰ কাৰ্যালয় হিচাপে ব্যৱহৃত হৈছিল। ‘নতুন পৃথিৱী’ৰ কামত খাটনিয়াৰ দাদাৰ বাসগৃহলৈ আহোঁতে আমাৰ পৰিয়ালৰ লগত প্ৰথম চিনাকি হৈছিল।

খোজৰ শব্দ॥২৭৩