পৃষ্ঠা:Khojar Xabda.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংঘাতময় বাস্তৱৰ কল্প-কথন

বিপুল খাটনিয়াৰৰ গল্প

অজিতাভ হাজৰিকা

ঊনবিংশ শতিকাৰ শেষাৰ্ধত কিছু চালুকীয়া ৰূপত গঢ় লৈ উঠা ভাষা-চেতনাই কুৰি শতিকাৰ প্ৰথমাৰ্ধত এক বিশিষ্ট আয়তন পৰিগ্ৰহ কৰিছে। দৰ্শনৰ কেঁকুৰিয়েদি এই চেতনাৰ ঠেঙুলি সমাজতত্ত্ব, নৃতত্ত্ব, সাহিত্য আৰু সংস্কৃতি তত্ত্বৰ ক্ষেত্ৰলৈও পৰিব্যাপিত। ভাষা অথবা বাক-বিন্যাস সম্পৰ্কে পৰম্পৰাগত ধাৰণাৰ আধাৰত বান্ধ খাই থকা প্ৰপঞ্চৰ পৰিসৰ ক্ৰমশঃ বিস্তৃত হ’বলৈ লয় পৰিশিলীত চিন্তাৰ ন-ন অভিঘাতত। পাঠ একোটা যে কেৱল পদ সমষ্টিৰ ক্ৰীড়াত্মক প্ৰতিৰূপ মাথোন সেই ধাৰণা প্ৰোথিত হোৱাৰ কেইবা দশক পূৰ্বেই উন্মেষ ঘটিছিল সাহিত্য কৰ্ম একোটাক সিবোৰৰ কলাত্মক ৰসায়নত প্ৰতিভাত শব্দ-বয়ন অথবা বাক্-সংযুতি আদিৰ আধাৰত জুকিয়াই চাবলৈ আগ্ৰহী আই এ ৰিচাৰ্ডছ প্ৰভৃতি ইংৰাজ সমালোচকৰ (স্মৰ্তব্য ‘The four kinds of Meaning', “The Two uses of Languages’ইত্যাদি ৰচনা)। ৰিচাৰ্ডছৰ সমসাময়িক (তেখেতৰ জন্মৰ মাথোঁ দুটা বছৰৰ পাছত জন্ম লাভ কৰা আৰু মৃত্যুৰ মুঠেই চাৰিটা বছৰৰ পূৰ্বে মৃত্যু বৰণ কৰা) ৰুচ দেশৰ ৰূপতত্ত্ববাদী সমালোচক মিখাইল বাখতিনৰ চিন্তাৰ কাঁচলিত পোখা ধৰিছিল কথা-সাহিত্যত সমাৱিষ্ট শব্দাৱলী সম্পৰ্কে কেতবোৰ তাৎপৰ্যপূৰ্ণ অৱধাৰণাই। উপন্যাস-বিশ্লেষণৰ বেলিকা বাখতিনে একধৰণৰ ‘বহুস্বৰতা’ অনুধাৱন কৰিছিল শাব্দিক নিৰ্মিতিৰ অন্তৰালত, যি সমাজ একোখনত ক্ৰিয়াশীল আদৰ্শৰ্গত দ্বন্দ্ব-বিৰোধসমূহক বাংময় কৰি তোলে বুলি আছিল তেখেতৰ ধাৰণা। কাজেই শব্দ (নাইবা ভাষা)ৰ ধ্বনিতাত্ত্বিক বিশিষ্টতাক সমাজপ্ৰেক্ষাৰ পৰা নিলগাই চোৱা টান। শ্ৰেণীবিভক্ত সমাজ এখনত ব্যক্তিজীৱনৰ মতাদৰ্শৰ্গত উপাদানসমূহে সংঘাতময় যি জটিল গাঁথনিৰ সূচনা কৰে

সি ভাষাৰ মাধ্যমতে মূলতঃ মূৰ্ত ৰূপ একোটাত ফুটি ওলায়। ভিক্ট’ৰীয় মননে মৈয়াই-

খোজৰ শব্দ॥ ৭৭