পৃষ্ঠা:Khojar Xabda.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহ’ব পাৰে, শক্তিশালী সৃষ্টি এটা কিন্তু ভাল হ’বলৈ বাধ্য। পাঠকক ৰসদান কৰা, হৃদয় জয় কৰা আৰু অনুপ্ৰাণিত কৰাৰ লগতে ই নিজেই এক সামাজিক সম্পদত পৰিণত হয়।”

 এই পটভূমিতে শ্ৰেণী চেতনা আৰু মানৱীয়তা বিপুল খাটনিয়াৰ সৃষ্টিৰ প্ৰেৰণা৷ তেওঁৰ আৰ্থ-সামাজিক উপলব্ধি আৰু ৰাজনৈতিক প্ৰত্যয়ৰ প্ৰত্যক্ষ অভিজ্ঞান গল্পবোৰত সাৱলীলভাৱে প্ৰতিফলিত কৰাইছে। বিপুল খাটনিয়াৰৰ গল্প নিৰ্মাণ কৰাৰ চিন্তাধাৰাৰ লগত মেক্সিম গৰ্কিৰ চিন্তাধাৰাৰ মিল পোৱা যায়। মেক্সিম গৰ্কিয়ে তেওঁৰ ‘How I leam to write’ গ্ৰন্থখনত লিখিছে, “চৰিত্ৰ আৰু প্ৰতীক সৃষ্টি কৰিব বিচৰা সাহিত্য সৃষ্টিৰ কাৰণে কল্পনা আৰু অন্তৰ্দৃষ্টিৰ প্ৰয়োজন। এজন দোকানী, এজন চৰকাৰী কৰ্মচাৰী বা এজন শ্ৰমিকৰ চৰিত্ৰ চিত্ৰিত কৰোঁতে সাহিত্যিকজনে যদি অকল এজন তেনে মানুহৰ হুবহু জীৱনটোৰ বৰ্ণনা কৰে, তেন্তে সেইটো কেৱল এখন ফটোগ্ৰাফেই হ’ব, তাত কোনো সামাজিক গুৰুত্ব নাথাকে আৰু তাৰ দ্বাৰা মানুহ বা জীৱন সম্পৰ্কে কোনো জ্ঞান বৃদ্ধি হ’ব নোৱাৰে। কিন্তু সাহিত্যিকে যদি তেনে বিশ-পঁচিশ বা এশজন দোকানী, কৰ্মচাৰী বা শ্ৰমিকৰ শ্ৰেণীচৰিত্ৰ, অভ্যাস, ৰুচি, ভাৱধাৰা, বচনভংগী, দুখ-কষ্ট, অভাৱ-অভিযোগ আদি অধ্যয়ন কৰি এই আটাইবোৰতে বিশেষত্ববিলাকৰ ধাৰাখিনিক আৰোপ কৰি এজন দোকানী, এজন কৰ্মচাৰী বা এজন শ্ৰমিকৰ চৰিত্ৰ সৃষ্টি কৰিব পাৰে, তেন্তে সেইটোৱে হ’ব এটা ‘প্ৰতীক’ আৰু সেয়া কলা। সাহিত্যিকৰ সুদূৰপ্ৰসাৰী পৰ্য্যবেক্ষণ আৰু তেওঁ মানৱ জীৱন সম্বন্ধে থকা অভিজ্ঞতাৰ প্ৰাচুৰ্য্যই সাহিত্যিকক যিকোনো তথ্য সম্বন্ধে থকা তেওঁৰ ‘মনোগত’ দৃষ্টিভংগীকে আঁতৰাই দিয়ে। সমসাময়িক সমাজৰ সমস্যা, দুখ-যন্ত্ৰণাৰ বেদনাবোৰ আৰু সেইবোৰ সমাধানৰ এটা বাণী নাথাকিলে প্ৰকৃত সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে।” ৰবীন্দ্ৰ নাথেও কৈছিল, “মানুষেৰ সঙ্গে মানুষেৰ যে লক্ষ লক্ষ সম্পৰ্কসূত্ৰ আছে, যাৰ দ্বাৰা প্ৰতিনিয়ত আমৰা শিকডেৰ মতো বিচিত্ৰ ৰসাকৰ্ষণ কৰচি, সে গুলিৰ জীৱনীশক্তি বাড়িয়ে তোলা, তাৰ নতুন নতুন ক্ষমতা আবিষ্কাৰ কৰা চিৰস্থায়ী মনুষ্যত্বেৰ সঙ্গে আমাদেৰ যোগ সাধন কৰে ক্ষুদ্ৰ মানুষকে বৃহৎ কৰে তোলা সাহিত্য এখন কি কৰে আমাদেৰ মানুষ কৰেছে।” বিপুল খাটনিয়াৰে তেওঁৰ গল্পবোৰত মেক্সিম গৰ্কি আৰু ৰবীন্দ্ৰ নাথে কোৱাৰ দৰে বহু কষ্ট কৰি তেওঁৰ গল্পৰ প্লটৰ সমাজখনৰ লোকসকলৰ জীৱন, ভাষা, সংস্কৃতি, স্বভাৱ অধ্যয়ন কৰি লৈছিল। চৰ-চাপৰিৰ ভাষা, কামৰূপী ভাষা, কাৰ্বি, বড়ো ভাষা, জনজাতিসকলৰ জীৱন প্ৰণালী তেওঁলোকৰ সৰলতা আদিবোৰ আয়ত্ত কৰি লৈছিল। খাটনিয়াৰে সত্যৰ সন্ধান

১২২॥খোজৰ শব্দ