পৃষ্ঠা:Khojar Xabda.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেন, নোটবুক, magnifyingলৈ প্ৰকৃতিৰ বুকুত মণিক অনুসন্ধান কৰাটো তেখেতৰ আছিল এক passion। ভূতত্ত্ববিদ হিচাপে বিভিন্ন ক্ষেত্ৰভিত্তিক ভূতাত্ত্বিক অনুসন্ধান আৰু তাক সূক্ষ্ম আৰু পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা, বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালি জাৰি চাই ভূতাত্ত্বিক বিশ্লেষণ আগবঢ়োৱাৰ লগতে তাক সকলোৰে বোধগম্য হোৱাকৈ সুন্দৰ সাৱলীল ভাষাত লিপিবদ্ধ কৰা খাটনিয়াৰ দাদাৰ বিভাগীয় Scientific Report বোৰে অসমৰ মণিক ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ ভৱিষ্যতৰ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে আৰু থাকিব।

 মই ২০০৬ চনত ডিমা হাচাও জিলাৰ উমৰাংচুত Cement grade limestone ৰ অনুসন্ধানত খাটনিয়াৰ দাদাৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ। সেইবাৰ প্ৰায় ৩৫ জনীয়া এটা বিশাল দলেৰে অৰ্থাৎ Geology, survey, drilling teamৰে সমৃদ্ধ আছিল আমাৰ অনুসন্ধান। উমৰাংচুত থকা আমাৰ স্থায়ী কেম্পৰপৰা লংগৰত সকলোৱে ভাত খাই দৈনিক পুৱা ৭ বজাত আমাৰ যাত্ৰা আৰম্ভ হৈছিল। খাটনিয়াৰ দাদাৰ লগত ১১-১২ ঘণ্টা ধৰি হাবিৰ মাজে মাজে কেইবাদিনো খোজ কঢ়াৰ কথা, চূণশিলৰ exposer বিচাৰি নলা sectionৰ কাষে কাষে খোজকাঢ়ি পৰ্যবেক্ষণৰ লগতে বিভিন্ন দিশ আলোচনা কৰা, অসমৰ আন বিভিন্ন মণিক ক্ষেত্ৰৰ পুৰণি অভিজ্ঞতাৰ তেখেতৰ গল্প শুনা, খাটনিয়াৰ দাদাই পকেটৰ পৰা চকোলেট উলিয়াই সকলোকে দিয়া, drilling siteত বহি বাঁহৰ চুঙাত লালচাহৰ জুতি লোৱা ইত্যাদি এই সকলোবোৰেই যেন এক সুন্দৰ স্মৃতি হিচাপে সদায় জীয়াই থাকিব। ইয়াৰোপৰি উমৰাংচুৰ আশে-পাশে ভূতাত্ত্বিক বিশেষত্ব থকা কেইবাটাও স্পটলৈ খাটনিয়াৰ দাদাই আমাক লৈ গৈছিল। এই যাত্ৰাতে নৈসৰ্গিক সৌন্দৰ্যৰ লগতে ভূতাত্ত্বিক বিশেষত্ব থকা ডিমা হাচাও জিলাৰ ‘পানীমূৰ জলপ্ৰপাত’ক Geotourismৰ স্পট হিচাপে গঢ়ি তোলাৰ গভীৰ আশা প্ৰকাশ কৰিছিল খাটনিয়াৰ দাদাই। মোৰ এতিয়াও মনত পৰে মই যেতিয়া মোৰ সৰু কেমেৰাটোৰে আমি কৰা ভূতাত্ত্বিক অনুসন্ধানৰ প্ৰতিটো অংশই ফটো হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, খাটনিয়াৰ দাদাই এই সকলোবোৰ documentary হিচাপে এই ভূতত্ত্ব আৰু খনি বিভাগৰ কামৰ প্ৰকৃত প্ৰতিচ্ছবিখন সকলোৰে আগত দাঙি ধৰাৰ আশা প্ৰকাশ কৰিছিল। কিন্তু সেইটো আজি পৰ্যন্ত বাস্তৱায়িত কৰিব পৰা নহ’ল।

 ২০১০ চনত মৰিগাঁও জিলাত থকা গ্ৰেণাইট শিলৰ (Decorative pur- pose) অনুসন্ধানত খাটনিয়াৰ দাদা আমাৰ incharge আছিল। কাজলী চকীৰপৰা

আৰম্ভ কৰি বুঢ়া মায়ং, হিলাই খুন্দা, কালশিলা, বুঢ়াবুঢ়ী পাহাৰ, মনহা কুঁৱৰীগাঁও,

২৪০॥খোজৰ শব্দ