পৃষ্ঠা:Khojar Xabda.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এবাৰ তেখেতৰ এটা সাক্ষাৎকাৰ ‘কথা’ আলোচনীত পঢ়া মনত আছে। তাত তেখেতে অসমীয়া কিতাপৰ বজাৰৰ পুতৌলগা অৱস্থাৰ বিষয়ে ক’বলৈ গৈ এঠাইত কৈছে, এটকা দৰত কেজি হিচাপত তেখেতৰ কোনোবা এখন কিতাপ কাগজৱালাই কিনি নিয়াৰ কথা।

 এয়া এক নিৰ্মম সত্য যে অসমত লেখক হৈ জীয়াই থকা নাযায়। প্ৰায়ভাগ অসমীয়া মানুহে কিতাপ কিনি নপঢ়ে। ‘ৰেডিচন ব্লু’ত সমাজত হাজাৰোধিক বিল, বিনাদ্বিধাই পৰিশোধ কৰা এজন মানুহে গ্ৰন্থমেলাত দুশ টকাৰ এখন কিতাপ কিনিবলৈ দহবাৰ চিন্তা কৰিব। আমি কথাবোৰ মুখ খুলি নক’লেও এয়া আমাৰ প্ৰতিজন লেখকৰে তিক্ত অভিজ্ঞতা। আমি নকওঁ আৰু ক’বলৈও বেয়া পাওঁ ‘আমাৰ কিতাপ বিক্ৰী নহ’ল’ কাৰণ কিজানি মানুহে আমাৰ লেখনিৰ মানত সন্দেহ প্ৰকাশ কৰে। কিন্তু খাটনিয়াৰদেৱ নিজৰ লেখাৰ মান সম্পৰ্কে সন্দিহান নাছিল; সেয়েহে সাহিত্যৰ বজাৰখনৰ পুতৌলগা অৱস্থাৰ উদাহৰণ দিবলৈ গৈ কোনো লুকঢাক নকৰাকৈ নিজৰ কিতাপ এটকা দৰত কেজি হিচাপত বিক্ৰী হোৱা কথাটো এখন মান্য আলোচনীৰ সাক্ষাৎকাৰত সাহসেৰে কৈ গ’ল। মই নিজকে নিজে প্ৰশ্ন কৰোঁ ‘মই বাৰু নিজে এনেকৈ ক’ব পাৰিলোঁহেঁতেন নে?’ নিজলৈ প্ৰশ্নটো ঠেলি দি যেতিয়া উত্তৰ নাপাওঁ, খাটনিয়াৰদেৱলৈ শ্ৰদ্ধাত মূৰটো দোঁ খাই যায়।

 খাটনিয়াৰদেৱে ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘হাৱা ভাল চলা নাই’ ইত্যাদিকে ধৰি সৰ্বমুঠ প্ৰায় সাতখনমান গল্প সংকলনেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সম্পাদনা সাহিত্য তথা অনুবাদ সাহিত্যলৈও তেখেতৰ উল্লেখযোগ্য বৰঙণি আছে। তদুপৰি আছে বিভিন্ন আলোচনীত সিঁচৰতি হৈ থকা চিন্তামূলক প্ৰবন্ধ।

 তেখেতে বহুতো উচ্চমান বিশিষ্ট গল্প লিখি থৈ গৈছে, যিবোৰৰ আবেগিক ভাষা, ৰচনা ৰীতিৰ ফালৰপৰা বহুতো শিকিবলগীয়া আছে। মই ৰচনাখনৰ আৰম্ভণিতে উল্লেখ কৰাৰ দৰে তেখেতে প্ৰতিটো গল্পৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে অশেষ শ্ৰম কৰিছিল বুলি জনা যায়। গল্পৰ চৰিত্ৰবিলাকৰ কথা-বাৰ্তা, চাল-চলন তেখেতে সূক্ষ্মভাৱে লক্ষ্য তথা অধ্যয়ন কৰিছিল। বিভাস চৌধুৰী, আনন্দ বৰমুদৈ, মনোজ বৰপূজাৰীকে আদি অসমৰ অন্যতম সমালোচকসকলে স্থানভেদে তেখেতৰ গল্পৰ বিষয়ে বিভিন্ন আলোচনা আগবঢ়াই গৈছে।

 সৰ্বশেষত সামৰণিত পুনৰাই মই ক'ব খোজোঁ, সাহিত্য সমাজে তথা অসমৰ ৰাইজে তেখেতক যথোচিত সন্মান দিবলৈ যেন থাকি গ’ল।❐

(লেখক এগৰাকী বিশিষ্ট ঔপন্যাসিক)

খোজৰ শব্দ॥১৪৩