পৃষ্ঠা:Khojar Xabda.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে পগলাৰ নিচিনাকৈ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, য’তেই গল্পৰ উৎস বিচাৰি পাইছে তালৈ ঢাপলি মেলিছে। ‘সভ্য সমাজখনৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰা এই হোজা সাধাৰণ মানুহৰ প্ৰতি তেওঁৰ যি অনুৰাগ, সহানুভূতি, মৰম অন্তঃসলিলা ফল্গুৰ দৰে অন্তৰত বৈ থাকে তাৰ বাস্তৱ চিত্ৰায়ণ প্ৰায় প্ৰতিটো গল্পতে মূৰ্ত হৈ উঠিছে। বিপুলৰ গল্পৰ আৰু এক প্ৰধান বৈশিষ্ট্য হ’ল যে তেওঁ কেৱল অসমৰ মানুহক লৈয়ে গল্প লিখা নাই, ভাৰতৰ বিভিন্ন ঠাই আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহেই তেওঁৰ গল্পত ঠাই পাইছে। সেইবোৰ ঠাইৰ পৰিৱেশ, প্ৰকৃতি, জীৱন প্ৰণালী সকলো তেওঁৰ গল্পবোৰত এনে জীৱন্ত ৰূপত চিত্ৰিত হৈছে যে আমি সেই ঠাইবোৰলৈ নগৈয়ো তাৰ মানুহ আৰু জীৱনক যেন একেবাৰে মুখামুখিকৈ লগ পাওঁ, সেইবোৰ কেৱল তেওঁৰ গল্পৰ কাল্পনিক চৰিত্ৰই হৈ নাথাকি আমাৰ চকুৰ আগত একেবাৰে বাস্তৱ ৰূপত প্ৰতিভাত হৈ উঠে। বিপুলে এনেকৈ উত্তৰ পূৱ অঞ্চলটোক আমাৰ আগলৈ উলিয়াই অনাৰ যি কৃতিত্ব তাৰ বাবে তেওঁ আংশিকভাৱে নিশ্চয় নিজৰ বৃত্তিটোৰ ওচৰতো ঋণী। এজন ভূতত্ত্ববিদ হোৱা বাবে বছৰটোৰ ভালেখিনি সময় তেওঁ এইবোৰ অঞ্চলত ঘূৰি ফুৰিব লগা হয়, গতিকে এই অঞ্চলবোৰৰপৰা তেওঁ বাস্তৱ অভিজ্ঞতা আহৰণ কৰিছে। ... আচলতে বিপুলৰ পৰ্যবেক্ষণ শক্তি অতি তীব্ৰ আৰু সূক্ষ্ম, সেইবাবেই তেওঁ অতি আচহুৱা ঠাই, আচহুৱা মানুহকো আমাৰ হৃদয়ৰ ওচৰ চপাই আনিব পাৰিছে।” (নিৰূপমা বৰগোহাঞি, দখাৰ, ১৯৯৯)।

 এক নিজস্ব ৰচনা শৈলীৰে কলাসন্মতভাৱে শ্ৰমজীৱী মানুহৰ আশা-আকাংক্ষা ফুটাই তোলাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ গল্পসমূহ একক আৰু অনন্য। উত্তৰ ৰামধেনু যুগৰ যিকেইজন গল্পকাৰে গল্পত নানা সম্পৰীক্ষা চলাইছিল আৰু এক নিজস্ব দৃষ্টিৰে গল্পক আয়তন দিবলৈ চেষ্টা কৰিছিল, সেইসকলৰ মাজৰে এজন হিচাপে বিপুল খাটনিয়াৰক চিহ্নিত কৰিব পাৰি। তেওঁৰ গল্পত শোষিত-নিষ্পেষিত সমাজৰ ছবি প্ৰতিফলিত হোৱাৰ লগতে শোষক শ্ৰেণীৰ বিৰুদ্ধে সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰ সাব্যস্ত কৰাৰ এক প্ৰতিবাদী কণ্ঠৰ ধ্বনি শুনিবলৈ পোৱা যায়। তেখেতৰ প্ৰায় প্ৰতিটো গল্পতে সাম্যবাদী চিন্তা-চেতনাই পঢ়ুৱৈক আকৃষ্ট কৰিছে। তেখেতৰ গল্পৰ মাজেদি প্ৰতিফলিত হৈছে ধনী-দুখীয়াৰ নিৰ্মম বিভেদ, সংঘাতৰ লগতে বিদ্ৰোহৰ আকাংক্ষা।

 অসম আন্দোলনৰ ভয়াবহ দিনবোৰৰ লোমহৰ্ষক ঘটনা প্ৰবাহে তেওঁক বৰকৈ কষ্ট দিছিল, বিবেকত দংশন হৈছিল। তেওঁৰ এই অনুভৱ, চিন্তাৰ প্ৰতিফলন ‘দখাৰ’ এনে এখন গল্প সংকলন যিখনৰ প্ৰায়বোৰ গল্পৰ বিষয়বস্তুৱেই ‘ঐতিহাসিক অসম

আন্দোলন’ আৰু তাৰ পৰৱৰ্তী সময়ৰ ঘটনা প্ৰবাহৰপৰা গ্ৰহণ কৰা হৈছে। ‘দখাৰ’ৰ

১৫৮॥খোজৰ শব্দ