পৃষ্ঠা:Khojar Xabda.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যানবাহনৰ চলাচল মাধ্যমেই নহয়, ধনতান্ত্ৰিক মূল্যবোধক গ্ৰামীণ জীৱনত প্ৰৱিষ্ট কৰাৰ গতিপথ। গ্ৰামীণ জীৱন কিন্তু সামন্তবাদৰপৰা মুক্তি পোৱা নাই। আজিও আমি সেই বাণীকান্তক বিচাৰি পাম। তেওঁৰ অৱস্থাৰ অকনো উন্নতি ঘটা নাই। অতীতৰ বাণীকান্তৰ যুক্তিগত সম্প্ৰসাৰণ হ’ল আজিৰ বাণীকান্ত। সি সকলো হেৰুৱাই পেলাইছে। কোনোৰকম বাচি থকাৰ কাৰণে তেওঁ আজিৰ আৰ্থ-সামাজিক প্ৰতিষ্ঠাৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তেওঁৰ জীৱনৰ সকলো পথেই আজি প্ৰায় বন্ধ। বিনিয়োগ পুঁজিৰ কৃপাত তেওঁ কোনোৰকমে বাচি আছে। ধনতন্ত্ৰ আৰু সামন্তবাদ সন্মিলিত হৈ এক নতুন শোষণযন্ত্ৰ তৈয়াৰ কৰিছে। সেই হেতু বাণীকান্তৰ নিচিনা মানুহৰ জীৱন আজিও অনায়াসেই ধ্বংস হৈ যায়। তেওঁ ঘৰছাৰা হৈ নতুন জীৱনৰ উদ্দেশ্যে চহৰৰ দিশত খোজ দিব লগা হ’ল। দুই-তিনি বছৰ পাছত যেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহে, তেতিয়া দেখে অনেক পৰিৱৰ্তন হৈ গৈছে। তেওঁ ভেটিমাটি সকলো বিক্ৰী কৰি সামান্য পুঁজি লৈ পৰিয়ালৰ সৈতে চহৰলৈ ঘূৰি আহিব লগা হয়। খাটনিয়াৰে বাণীকান্তহঁতৰ চহৰীয়া জীৱন তেওঁৰ শক্তিশালী ভাষাত সুন্দৰভাৱে উত্থাপন কৰিছে।

“কাষতে নতুনকৈ সজা, সাজি এতিয়াও শেষ নোহোৱা এটা প্ৰকাণ্ড
পকীঘৰ। ৰচদপাতি থ’বলৈ ঘৰটো সজাৰ পূৰ্বেই খেৰ-বাঁহেৰে এটা
এচলীয়া কোঠা গিৰিহঁতে বনাই গৈছিল। কোঠাটোৰ বেৰত উঁইয়ে
ধৰিলেও বেৰবোৰ এতিয়াও খহি পৰা নাই। কাষতে পকী নাদ, দূৰলৈ
এটা কেঁচা পায়খানা। ইয়াতে পাঁচশ টকা ভাড়াত পোন্ধৰ-বিশ দিনৰ
পূৰ্বে এটা কাঠমিস্ত্ৰীৰ পৰিয়াল সোমাইছেহি। ল’ৰাটো ডেকা, লগত
বুঢ়ী মাক।
হ’ব পাৰে। সুভম মহন্তই বিচৰা বাণীকান্তই হয়টো এই বাণীকান্ত।
এইফালে ৰাস্তাটো ভাল; কিন্তু ৰাস্তাৰ পৰা জপনা খুলি সোমাওঁতেই
এচমকা পাতল পিছল বোকা।”

 বিপুল খাটনিয়াৰৰ গল্প যদি শ্ৰেণীগত বিশ্লেষণৰ নিৰিখত দেখা হয়, তেতিয়াহ'লে ইয়াৰ শ্ৰেণীগত পৰিচয় কি হ’ব? গল্পকাৰ খাটনিয়াৰে তেওঁৰ সৃষ্টিৰ মাজত নিজৰ পাৰিপাৰ্শ্বিক সমাজব্যৱস্থাৰ এটা বিশ্লেষণ তুলি ধৰিছে। এই বিশ্লেষণ যদিও তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল, তথাপি তেওঁৰ শ্ৰেণীগত অৱস্থানে নিষ্ঠা বিশ্লেষণৰ ধাৰাক প্ৰভাৱিত কৰিছে। এই দুই উপাদানৰ সমীকৰণৰ পৰিণাম হ’ল নতুন এক শিল্প সৃষ্টি। যেতিয়া শিল্পী শ্ৰেণীবিভাজনৰ ঊৰ্ধ্বত উঠে শ্ৰেণীহীন মানৱ চেতনাৰ ব্যাপ্তিৰ প্ৰতি তেওঁৰ সৃষ্টিক উৎসৰ্গিত কৰে, তেতিয়াই

খোজৰ শব্দ॥১২৫