পৃষ্ঠা:Khojar Xabda.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা আৰম্ভ কৰি কি কি বস্তু থাকিব তাৰ এখন তালিকা দি গৈছিল, দি গৈছিল পূৰ্বৰ সন্মিলনত ৰৈ যোৱা বেজ আদি বিবিধ বস্তু। ৰাজ্যিক সন্মিলনৰ বা-বাতৰি ফোন যোগে সদায় লৈছিল।

 কেনেকৈ পাহৰোঁ এইজন সাহিত্য সংগঠকৰ কথা। পাঠশালাৰ ছাত্ৰৰ দৰে মোৰ হাতত ধৰি তেওঁ গল্পৰ অ আ ক খ শিকাই দিছে— গল্পৰ কথনভঙ্গী, ভাষা সংযত, তিৰ্যক, ক্ষুৰধৰ্মী হ’ব লাগে... ইংগিতধৰ্মী সংলাপ, বক্তব্য বা চৰিত্ৰ এটাৰ ইংগিতধৰ্মী কাৰ্যৰ মাজেৰে গল্পৰ যৱনিকা পৰিব পাৰে... বাহুল্য কথা বা মেদখিনি গল্পৰ পৰা আঁতৰাই আনিব লাগে। মোৰ প্ৰথম গল্প সংকলন ‘বালিচৰ’ৰ পাতনিটো লিখি দিছে সতীৰ্থ বিপুল খাটনিয়াৰে বৰ যত্ন আৰু আন্তৰিকতাৰে। মোৰ দৰে নতুন গল্পকাৰ বিশেষকৈ সতীৰ্থ ধনবিন্দু শৰ্মা, ফজলুল হক, কুমুদ দাস, তুলিকা শ‍ইকীয়া আদি বহুতৰে গল্পক টিকা-টিপ্পনীৰে আগবাঢ়ি যোৱাত তেওঁ প্ৰেৰণা যোগাইছে। সাহিত্য সংগঠক হিচাপে সতীৰ্থ বিপুল খাটনিয়াৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ’ল ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত চুটিগল্প কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক গল্পৰ প্ৰশিক্ষণ দি অসমৰ চুটিগল্পৰ প্ৰগতিশীল ধাৰাটোক শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। নতুন প্ৰতিভাৰ সন্ধান আৰু সেই প্ৰতিভাক সাৰ-পানী দি সাহিত্য সৃষ্টিৰ কামত নিয়োজিত কৰিব পৰাটো তেওঁৰ ডাঙৰ সাফল্য বুলি অভিহিত কৰিব পাৰি।

 এনে এক বিৰল প্ৰতিভাক ২০২১ চনৰ ৪ জুলাইত (ক’ৰোনা কালত) আমি অকস্মাতে হেৰুৱালোঁ। লগে লগে অসমৰ গল্প সাহিত্যৰ এটা অধ্যায়ৰ যৱনিকা পৰিল। অসমৰ প্ৰগতিবাদী সাহিত্য জগতৰ অপূৰণীয় ক্ষতি সাধন হ’ল। বিপুল খাটনিয়াৰ আজি আমাৰ মাজত নাই। কিন্তু তেওঁৰ গল্প চেতনাই যুগে যুগে নতুন প্ৰজন্মক সমাজ উত্তৰণৰ পথত আগুৱাই যোৱাত সদায় প্ৰেৰণা যোগাই থাকিব৷⸻

(লেখক এগৰাকী বিশিষ্ট সাহিত্যিক আৰু 'নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক সভাপতি)

খোজৰ শব্দ॥১৭১