বিপুল খাটনিয়াৰৰ চুটিগল্প
বিভাস চৌধুৰী
সংস্কৃতিৰ বহুমাত্ৰিক আয়তনৰ বুজ লোৱা কেইবাটাও স্বীকৃত পদ্ধতিৰ ভিতৰত সমাজৰ প্ৰচলিত কথাৰ (narrative) বিশ্লেষণাত্মক অধ্যয়ন অন্যতম। আমি ‘কথা’ শব্দটোৰ দ্বাৰা যি লিখনি বা গল্পৰ বিষয় ইয়াত সাঙুৰি লৈছোঁ তাৰ চৰিত্ৰ একে ধৰণৰ নহয়। অৰ্থাৎ মৌখিক বা প্ৰচলিত সামাজিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত অথবা তাৰ বাহিৰত অৱস্থিত ধাৰণা বা অভিজ্ঞতাৰ সমষ্টিৰ কথাৰ ৰূপত ধৰা পৰিব পাৰে। বহু সময়ত আমি যিবোৰ বৈশিষ্ট্যৰ আধাৰত কোনো সৰলীকৰণত ধ্যান দিওঁ সেইবোৰৰ আঁৰত অকথিত বা অব্যক্ত কিছুমান সাংস্কৃতিক গাঁথনিয়ে ক্ৰিয়া কৰি থাকে। এখন সমাজত প্ৰচলিত কথাৰ ক্ষেত্ৰতো আমি এই জটিল প্ৰক্ৰিয়াৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। সাহিত্যই সমাজ-সংস্কৃতিৰ দাপোণ বুলি সচৰাচৰ স্বীকৃত ধাৰণাটোও সমস্যাযুক্ত আৰু পৰ্যবেক্ষকৰ দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰশীল। ইয়াত নিৰ্বাচন আৰু বিচাৰ প্ৰক্ৰিয়া উভয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰিলক্ষিত হয়। বিপুল খাটনিয়াৰৰ গল্পৰ লগত জড়িত কিছুমান দিশৰ আলোচনাও কথা, সমাজ আৰু পৰিৱেশ আৰু সচেতনতাৰ পৰিপ্ৰেক্ষিতত ইয়াত আগবঢ়াব খোজা হৈছে। কোনো সাহিত্যই একোখন সমাজত চলি থকা সংস্কাৰ বা সামাজিক ধ্যান-ধাৰণাৰ যি ছবি আমাৰ আগত দাঙি ধৰে তাৰ স্বৰূপো আপেক্ষিক। গল্পৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া আৰু অধিক দৃশ্যমান হয়, কাৰণ তাৰ প্লটৰ সীমাবদ্ধতাই বৈষয়িক চৰিত্ৰৰ ক্ষেত্ৰতো যথেষ্ট হেঁচা প্ৰয়োগ কৰে। বহু গল্পৰ কেন্দ্ৰীয় ঘটনাই সেয়ে কথনভঙ্গীৰ দক্ষ আয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। এই সন্দৰ্ভত আমি খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ বিচাৰ কৰি চাব পাৰোঁ। আইতাকৰ নিচুকনি প্ৰক্ৰিয়াৰ ফ্ৰেমত আবদ্ধ হলেও ‘সাধুকথা'ৰ চাৰিত্ৰিক অৱয়ব ভেদ কৰি আত্মবিশ্লেষণৰ পাঠ হিচাপে ধৰা দিয়া ঘটনাৰাজিৰ আকৰ্ষণ কেৱল তাৰ বৈষয়িক ক্ষেত্ৰতে সোমাই থকা নাই। নৈতিক বিচাৰ ক্ষেত্ৰত পৰিণত হোৱা মেলামুখী ৰাজহুৱা