পৃষ্ঠা:Khojar Xabda.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিত্ত উপ-সমিতিৰ আহ্বায়ক৷ এইক্ষেত্ৰত মই যিহেতু আছিলোঁ তেনেই অনভিজ্ঞ ব্যক্তি সেয়ে তেখেতৰ ঘৰলৈ গৈ তেখেতৰ পৰামৰ্শ আৰু সহায় বিচাৰিছিলোঁ। তেখেতে মোক সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস দিছিল।

 তেখেতে যদিও বিত্ত উপসমিতিৰ আহ্বায়কহে আছিল তথাপি সন্মিলনৰ বিভিন্ন কাম-কাজত তেখেত মোৰ ছাঁৰ দৰে লাগি আছিল। সন্মিলনৰ স্মৰণিকাখনো তেখেতৰ একক প্ৰচেষ্টাৰে প্ৰকাশ হৈছিল। ইয়াৰ লগে লগে প্ৰতিনিধি সতীৰ্থসকলৰ থকা- মেলা, খোৱা-লোৱা, খোৱাপানীৰ ব্যৱস্থা, ৰন্ধন গেছৰ পৰা বাচন-বৰ্তনলৈকে, বেনাৰ- ফেষ্টুনৰ পৰা প্ৰতিনিধিৰ ফোল্ডাৰ-ফাইললৈকে যোগাৰ কৰাৰ বাবে দুয়ো বিভিন্ন ঠাইলৈ বাইকত উঠি ঘূৰি ফুৰিছিলোঁ। তেতিয়াই গম পাইছিলোঁ মানুহজনৰ অফুৰন্ত কৰ্ম-দক্ষতা আৰু সংগঠনৰ প্ৰতি দায়বদ্ধতা। সন্মিলনৰ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত চলি থকা অৱস্থাতে সন্মিলনলৈ মাথোঁ দুদিন থকাত ১ জানুৱাৰী তাৰিখে মোৰ মাৰ জিএনআৰচি হাস্পতালত মৃত্যু হয়। এয়া আছিল মোৰ বাবে এক অগ্নিপৰীক্ষা। মাৰ মৃত্যুৰ পিছত মই হাস্পতালৰপৰা প্ৰথম ফোনটো কৰিছিলোঁ বন্ধু বিপুল খাটনিয়াৰক। পোন্ধৰ মিনিটমানৰ ভিতৰতেই তেখেতে হাস্পতালত উপস্থিত হৈছিল। তাৰ পাছতেই দুয়ো মোৰ কাহিলিপাৰাৰ ঘৰলৈ আহি মোৰ লগত থকা টকা-পইচা আৰু হিচাপ-পত্ৰ তেখেতৰ হাতত তুলি দিওঁ। তেখেতে মোক এটাই আশ্বাস দিছিল যে ‘আপুনি সন্মিলনৰ কথা ভাবিব নালাগে। আপুনি মাৰ শেষকৃত্যলৈ আগবাঢ়ক। সন্মিলনৰ দায়িত্ব মই ল'লোঁ। সেই মতেই মোৰ অনুপস্থিতিতেই সন্মিলন সুচাৰুৰূপে অনুষ্ঠিত হৈ গ'ল। ইয়াৰ মাজতে প্ৰতিদিনে মোৰ ঘৰলৈ আহি বা ফোনেৰে মোৰ লগত যোগাযোগ ৰক্ষা কৰি আছিল।

 পৰিষদৰ গুৱাহাটী সন্মিলনৰ পাছত তেখেতে সাংগঠনিক কামত কিছু নিষ্ক্ৰিয় হৈ পৰে যদিও মোৰ লগত সঘন যোগাযোগ ৰক্ষা কৰি চলিছিল। পিছলৈ তেখেতে দক্ষিণ গুৱাহাটী শাখাৰ সদস্যপদ নৱীকৰণ কৰে আৰু শাখাৰ বৈঠকসমূহত নিয়মীয়াকৈ উপস্থিত থাকি আমাৰ গুৰিয়াল হৈ পৰে।

 আন এটা কাৰণতো তেখেত দক্ষিণ গুৱাহাটী শাখাৰ বাবে স্মৰণীয় হৈ ৰ’ব। নতুন সাহিত্য পৰিষদে ২০১৯ বৰ্ষত উমা শৰ্মা জন্ম শতবৰ্ষ অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দক্ষিণ গুৱাহাটী শাখাই সতীৰ্থ বিপুল খাটনিয়াৰৰ নেতৃত্বত বিজনলাল চৌধুৰী ৰচিত ‘জোনাকীৰ আলোড়ন’ গ্ৰন্থখন পুনৰ্মুদ্ৰন কৰে। গ্ৰন্থখনৰ বাবে অৰ্থ সংগ্ৰহৰপৰা প্ৰেছৰ সকলো কাম সতীৰ্থ বিপুল খাটনিয়াৰে সম্পাদন কৰিছিল। তাৰ বাবে তেখেতক দক্ষিণ গুৱাহাটী শাখাই সদায় স্মৰণ কৰিব।

খোজৰ শব্দ॥২০৯