পৃষ্ঠা:Khojar Xabda.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইয়াৰ মাজে মাজে নতুন কিবা লিখা ওলালেই মই যেনেতেনে সংগ্ৰহ কৰি পঢ়িছিলোঁ। অৱশ্যে তেখেতৰ গল্পৰ চিত্ৰকলা আৰু ব্যঞ্জনা সহজে বুজা টান। তেনে নুবুজা গল্পৰ বিষয়ে লগ পালেই কথা পাতিছিলোঁ। তেখেত সঁচাকৈয়ে অতি উচ্চ খাপৰ প্ৰগতিশীল লেখক আছিল। বিপুলদা আমাৰ ঘৰলৈ আহিলে বহুত সময় বিভিন্ন প্ৰসঙ্গ লৈ আলোচনা হৈছিল, বহু মূল্যবান পৰামৰ্শ দিছিল। সুভাষ সাহাৰ মৃত্যুৰ পিছত যিকেইজনে মোৰ খা-খবৰ লৈ আছিল তাৰ ভিতৰত বিপুলদা অন্যতম। তেখেতে প্ৰায়ে কৈছিল, ‘সহায়ৰ প্ৰয়োজন হলে ক’বা।’

 কেইবছৰমানৰ আগতে এদিন তেখেতৰ ঘৰলৈ গৈ দেখিলোঁ গামোচা এখন পিন্ধি পানী টেংকি চাফা কৰি আছে, যিটো কাম বিষয়া পৰ্যায়ৰ মানুহে হাজিৰা দি কৰালেহেঁতেন। দেখি তেখেতকৈ শ্ৰদ্ধা বাঢ়িল। তেখেত আছিল মিতব্যয়ী আৰু অতি পৰিশ্ৰমী। গল্প লিখাৰ আগতে তদন্ত কৰাটো আছিল তেখেতৰ নিয়ম। তেখেতৰ গল্প ‘ঘঁৰিয়ালডাঙাৰ কথা’ লিখোঁতেও শ্ৰীনাৰায়ণ ৰবিদাসৰ ঘৰলৈ গৈছিল। তেওঁলোকে সমাজখন ওচৰৰপৰা চাই তথ্য সংগ্ৰহ কৰিছিল। অৱশ্যে ৰবিদাস স্বয়ং এই কাহিনীৰ এটি চৰিত্ৰ আছিল। কিতাপখন মোক বিপুলদাই নিজে দিবলৈ আহিছিল। বহু কথা আমি আলোচনা কৰিছিলোঁ। তেখেতৰ বেমাৰৰ কথাও। কিন্তু ইমান সোনকালে যে আমাৰ মাজৰপৰা হেৰাই যাব, কল্পনাই কৰা নাছিলোঁ। সৌ সিদিনা শোভা খনিকৰদাৰ স্মৃতিগ্ৰন্থখনি হাতত পৰিল, এফালৰপৰা পঢ়ি গ’লোঁ, বহু নজনা কথা জানিলোঁ, শ্ৰদ্ধাত মূৰ দোঁ খাই গ’ল। বিপুলদাৰ লিখাটো পঢ়ি অলপ সময় থমকি ৰ’লোঁ। মোৰ বিষয়ে তেখেতে লিখিছে—‘শোভা খনিকৰৰ আৱিষ্কাৰ সুচিত্ৰা ৰাভা’। মোৰ দুচকু ভৰি আহিল। তেখেত বয়সত মোতকৈ বেছি ডাঙৰ নাছিল। কিন্তু মোৰ বাবে আছিল এজন প্ৰগতিশীল দিক্‌দৰ্শক, পৰামৰ্শদাতা আৰু সৰ্বদা শুভাকাংক্ষী।

 বিপুলদাৰ মৃত্যুৰ খবৰ আহিছিল ফেচবুকত। মোৰ আন এজন অতি শ্ৰদ্ধাৰ গল্পকাৰ অপূৰ্ব শৰ্মাই লিখিছিল—ল’ৰাটো বৰ সোনকালে গ’লগৈ। সঁচাকৈয়ে বৰ সোনকালে গ’লগৈ; কিন্তু তেওঁৰ গল্পৰ কথকতা কোনো দিন শেষ নহয়, শেষ নহয় মোৰ পদূলিলৈ অহা তেওঁৰ ‘খোজৰ শব্দ’। গতিশীল মানুহৰ চেতনাত তেওঁ সদায় জীয়াই থাকিব, এই কামনাৰেই তেখেতৰ স্মৃতিত মোৰ এটুপি অশ্ৰুঅঞ্জলি যাচিলোঁ।

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ সদস্য)

খোজৰ শব্দ॥২০৭