পৃষ্ঠা:Khojar Xabda.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোঁৱৰণ

অনুসূয়া বৰুৱা

খাটনিয়াৰ দাদাৰ লগত মোৰ প্ৰথম চিনাকি ১৯৯২ চনত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসমত সহ-ভূতত্ত্ববিদ হিচাপে সোমোৱাৰ পাছত। তেখেত আমাৰ জ্যেষ্ঠ আছিল। মুখত সদায় এমোকোৰা হাঁহিৰে, সকলোকে জোকাই ভাল পোৱা, আনৰ সুখ-দুখৰ সমভাগী হোৱা এক অনন্য ব্যক্তিত্বৰ গৰাকী আছিল খাটনিয়াৰ দাদা। শাৰীৰিক তথা মানসিকভাৱে অতি সবল আৰু স্বাস্থ্যৱান হোৱাৰ লগতে তেখেত এক দৃঢ়, সাহসী, স্পষ্টবাদী আৰু অনুসন্ধিৎসু মনৰ অধিকাৰী আছিল। বিভাগত ঠিক সোমোৱাৰ কেইদিনমানৰ পাছতেই ভূতাত্ত্বিক অনুসন্ধানৰ লগতে বিশেষকৈ Reserve estimation ৰ কিছুগৰাকী সহকৰ্মী খাটনিয়াৰ দাদাৰ ওচৰলৈ যোৱাৰ দিনটোৰ কথা আজিও বাৰুকৈয়ে মনত আছে। অতি সহজ, সৰল স্পষ্ট আৰু বৈজ্ঞানিক বিশ্লেষণেৰে কোৱা কথাবোৰে তেখেতৰ এই বিষয়ত এক বিশেষ দখল থকাৰ উমান পাইছিলোঁ আৰু সেইদিনাই হয়তো মই ভৱিষ্যতে তেখেতৰ লগত কাম কৰা এটা হেঁপাহ পুহি ৰাখিছিলোঁ।

 অসমৰ বিভিন্ন জিলাত কৰা বিশেষকৈ চূণশিল, কয়লা, গ্ৰেণাইট শিল আদিৰ ভূতাত্ত্বিক অনুসন্ধান আৰু উদ্‌ঘাটনত খাটনিয়াৰ দাদাৰ এক উল্লেখনীয় অবদান আছে। এইক্ষেত্ৰত ডিমাহাচাও জিলাৰ (উমৰাংচু, নতুন উমৰাংচু, জুই পাহাৰ) চূণশিলৰ (Cement grade and highgrade) কাৰ্বি আংলৰ জিলাৰ (শিলভেটা, ডিলাই) কয়লা আৰু মৰিগাঁও জিলাৰ গ্ৰেণাইট শিলৰ কথা বিশেষভাৱে উল্লেখনীয়।

 জীৱকুলৰ লগতে প্ৰকৃতিৰ শিল মণিকৰ লগত খাটনিয়াৰ দাদাৰ যেন এক এৰাব নোৱাৰা সম্পৰ্ক আছিল। হাবিৰ মাজত বহু ঘণ্টা ধৰি খোজ কঢ়া, ওখ ওখ

পাহাৰ বিনা দ্বিধাই বগোৱা, মূৰত টুপী, হাতত হাতুৰী, back packত ব্ৰানটন কম্পাচ,

খোজৰ শব্দ॥২৩৯