পৃষ্ঠা:Khojar Xabda.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিচাপে প্ৰয়োগ কৰি প্ৰখৰ বুদ্ধিদীপ্ততাৰে কথাবস্তু আগবঢ়াই নিয়া হৈছে। ‘দখাৰ’ সংকলনখনৰ ‘এৰাবাৰী’ গল্পত চুইজাৰলেণ্ডৰ ৱৰ্ল্ড বেংকৰ এডভাইজাৰ জাচেলকে ধৰি আন এজন উদ্যোগপতিক উত্তৰ কাছাৰ পাৰ্বত্য এলেকা দেখুৱাবলৈ নিয়া অসমৰ প্ৰতিনিধি প্ৰকাশ বৰুৱাৰ অভিজ্ঞতা গল্পটোত বৰ্ণিত হৈছে। অসমৰ চুকে-কোণে বিভিন্ন কাৰণত চান্দা সংগ্ৰহৰ প্ৰথা (!), অসমৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত থকা সমস্যা, উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে ৰাজ্যখনত উদ্যোগ স্থাপনৰ বাবে বিদেশী বিনিয়োগকাৰী আগবাঢ়ি নহা আদি দিশবোৰৰ প্ৰতিফলন ঘটিছে। ইয়াৰ সমান্তৰালকৈ বেংককত পতিতা বৃত্তিক পৰ্যটন হিচাপে লোৱাৰ পৰম্পৰা, পাশ্চাত্য মানসিকতা আৰু ভাৰতীয় মানসিকতাৰ তফাৎ আদিৰ যুক্তিসিদ্ধ, তথ্যনিৰ্ভৰ তথা কলাসুলভ ব্যাখ্যা গল্পটোত আগবঢ়োৱা হৈছে। তেওঁৰ অন্য এক উল্লেখযোগ্য গল্প ‘দখাৰ’ মেঘালয়ৰ পটভূমিত ৰচনা কৰা হৈছে। আ ‘‘কৈতাকুছিৰ চ’ক’ গল্পত ৰাজনীতিৰ চলনাৰ চিত্ৰ, ‘অৰণ্য আদিম'ত আৰণ্যক জীৱনৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কলাসুলভ বিৱৰণ আগবঢ়োৱা হৈছে। 'হাৱা ভাল চলা নাই’ গল্পটো আলফাই তিনিচুকীয়াৰ হিন্দীভাষীৰ ওপৰত কৰা আক্ৰমণৰ পৃষ্ঠভূমিত ৰচনা কৰা, কিন্তু কাহিনীৰ বিষয় বা উদ্দেশ্য আলফাৰ আক্ৰমণ নহয়। এই আক্ৰমণৰ পৃষ্ঠভূমিৰ সুযোগ লৈ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে কিদৰে খাটিখোৱা বনুৱাৰ জীৱনক আওকাণ কৰি বেপাৰৰ জাল প্ৰসাৰিত কৰে, তাৰ চমকপ্ৰদ বৰ্ণনাৰে ৰসাল হৈ উঠিছে কাহিনীভাগ।

 অভিজ্ঞতা আৰু চিন্তাৰ পৰিপক্কতাৰ বাবে বিপুল খাটনিয়াৰৰ গল্পৰ বিষয়বস্তুও গভীৰ আৰু অৰ্থবহ। ‘গঁড়’ গল্পৰ প্ৰেক্ষাপটত আছে নিৰ্বাচনী ভেঁকোভাওনাখন। অনেক সপোন আৰু প্ৰতিশ্ৰুতিৰ জালত মোহাবিষ্ট কৰি আপং, পুৰাং, গাহৰিৰে সৰলমনা মিছিংসমাজক প্ৰলোভিত কৰাৰ বৃত্তান্ত গল্পটোৰ কেন্দ্ৰীয় বিষয়। নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ প্ৰহসন-প্ৰতাৰণা, সুবিধাভোগীৰ কৰ্মকাণ্ডৰ কিছু বৰ্ণনা এনেধৰণৰ—

প্ৰথম বছৰতে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ হ'ল, শামুকৰ নিচিনাকৈ
আগবাঢ়ে, আকৌ থামে, থামিলেই কাষৰ গাঁৱৰ ডেকা একোটাই এটা
এডোখৰ ঠিকা-ঠুকলি পায়। ঝাউ কাটে, খাগৰি কাটে, নহ'লে নৰা বা
খেৰকে আনি পতিয়ে পতিয়ে পাৰি দিয়ে, আন নহ'লেও খৰালি ইখন
গাঁৱৰ পৰা সিখন গাঁৱলৈ পাতল গাড়ী-মটৰ এখনেই চলিল।
দুচকীয়াবোৰৰ কথাই নাই, ঠায়ে ঠায়ে পিচচকা বহি যায়, কিন্তু পিচত বহি
থকাটো নামি দিলেই ভোঁ ভোঁওত—এইবোৰকে দেখি-শুনি চকুৰে

খোজৰ শব্দ॥ ৪৩