পৃষ্ঠা:Khojar Xabda.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ কথাৰে

মুকুট ভট্টাচাৰ্য

বিপুল খাটনিয়াৰক বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ অহাৰ পূৰ্বেই দুই-এবাৰ লগ পালেও সেয়া মনত ৰাখিব পৰা বিধৰ নহয়। বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত এওঁ আমাৰ একপ্ৰকাৰ ঘৰুৱা হৈ পৰিছিল। এছ এফ আই কৰা প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰী আৰু কেইজনমান অধ্যাপকো আমাৰ ঘৰুৱা হৈছিল। বোধহয় একে আদৰ্শৰ অনুগামী হোৱাৰ বাবেই। পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যাপক কেইজনমানো সংগী হৈ পৰিছিল। বিশেষকৈ অনিলদা (অনিল ৰায়চৌধুৰী), প্ৰভাকৰ আৰু আমাৰ ঘৰখন এওঁলোকে নিজৰ বুলিয়েই ধৰি লৈছিল। চেলফৰপৰা কিতাপ উলিয়াই পঢ়িবলৈ লৈ যোৱা, পাকঘৰত যি থাকে তাকে মাজে মাজে খোৱা আদি কামবোৰেই ইয়াৰ প্ৰমাণ। তামোল খাই সেলেঙী লগাই হাঁহি থকা বাইদেউগৰাকীয়ে মোৰ পৰিবাৰ বুলি এবাৰ বিপুলে ৰাজহুৱাভাৱে মন্তব্য কৰিছিল। প্ৰভাকৰৰ কোৱাৰ্টাৰৰ বেছি অংশ খালিয়েই থাকিছিল, তেওঁৰ তালৈ নিজৰ আপোন তেনেকৈ অহা দেখা নাছিলোঁ। আমাৰ ঘৰবোৰেই তেওঁৰ আপোন ঘৰৰ দৰে হৈ পৰিছিল। আমাৰ ইয়ালৈ মাৰ্ক্সবাদৰ ক্লাছ ল’বলৈ প্ৰভাকৰ, গগৈ আৰু এবাৰ উমা শৰ্মাও তেতিয়াই আহিছিল। শৰ্মাই অতি কৌশলেৰে মাৰ্ক্সবাদৰ কঠিন বিষয়বোৰ তেওঁলোকৰ লগত কৌতুকেৰে ব্যক্ত কৰি হাঁহিৰ ৰোল তুলিছিল। অৱশ্যে তাৰ মাজেদিয়েই তেওঁ কঠিন বিষয় একোটা অতি সহজ-সৰলভাৱে তুলি ধৰিবলৈ সমৰ্থ আৰু পাৰ্গত আছিল। মোৰ স’তে অৱশ্যে তেখেতৰ চিনাকি অনিলদাৰ পূৰ্বেই। আদৰ্শ সম্পৰ্কীয় কিবা আলোচনা-বিলোচনা কৰিবলগা থাকিলেই তেওঁলোকে আমাৰ ঘৰতে কৰিছিল। প্ৰভাকৰৰ কোৱাৰ্টাৰটোও আমি ব্যৱহাৰ কৰাৰ সুবিধা পাইছিলোঁ। সেইটো কোৱাৰ্টাৰত প্ৰভাকৰ অকলে থাকে

বাবে বেছি ঠাই ব্যৱহাৰেই নকৰিছিল। প্ৰভাকৰ সদাশিৱৰ দৰে সহজ-সৰল মনৰ

১৭২॥খোজৰ শব্দ