পৃষ্ঠা:Khojar Xabda.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট

বিপুল খাটনিয়াৰৰ সৈতে হোৱা

কথোপকথনৰ কিয়দাংশ

বিপুল খাটনিয়াৰৰ জন্ম ১৯৫৩ চনৰ মাৰ্চ মাহৰ ১৯ তাৰিখে তিনিচুকীয়া জিলাৰ দেওশাল চাহবাগিচাত। ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনিবিভাগৰ চাকৰিত সোমায়। সত্তৰ দশকত ‘নতুন পৃথিৱী’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা তেওঁৰ ইতিমধ্যে কেইবাখনো গল্প-সংকলন প্রকাশ পাইছে। নতুন সাহিত্য পৰিষদ নামৰ প্ৰগতিশীল সাহিত্য-সংগঠনৰ সৈতে ওতঃপ্রোতভাৱে জড়িত তেওঁ যোৱা ভালেমান বছৰ ধৰি গুৱাহাটীৰ স্থায়ী বাসিন্দা। এইগৰাকী গল্পকাৰৰ সৈতে হোৱা কথোপকথনটোত বিশেষভাৱে তেওঁৰ সদ্যপ্রকাশিত গল্প-সংকলন ‘ভিন্ন জীৱন ভিন্ন কথকতা'ৰ প্ৰসংগই স্থান পাইছে। কিতাপখনৰ লগতে আনুষংগিকভাৱে আন কেতবোৰ প্ৰসংগও ইয়াত আলোচিত হৈছে। আশা কৰিব পাৰি, এই কথোপকথনে (আৰু লগতে সন্নিবিষ্ট কৰা উক্ত গ্ৰন্থখনৰ বিষয়ে লিখা চমু আলোচনাটোৱে) গল্পকাৰগৰাকীৰ শেহতীয়া উত্তৰণৰ আভাস দিয়াৰ লগতে উক্ত কিতাপখনৰ বস্তুনিষ্ঠ মূল্যায়নৰ বাটো প্ৰশস্ত কৰিব।

—প্রকল্প ৰঞ্জন ভাগৱতী


আপোনাৰ শেহৰখন গল্প-সংকলন ‘দখাৰ' ওলাইছিল ১৯৯৯ চনত৷ তাৰ পাছত একেবাৰে নতুন গল্প-সংকলন ‘ভিন্ন জীৱন ভিন্ন কথকতা’ ওলাল প্রায় ন বছৰৰ পাছত। এই বিলম্বৰ কাৰণ কি?

□ আচলতে এই সময়ছোৱাৰ ভিতৰত আৰু দুখন গল্প-সংকলন প্রকাশ পাইছিল। তাৰে এখন আছিল ‘তাই কাপোৰ নিপিন্ধে’, আনখন ‘বেংগ্রা’। প্ৰথমখনৰ বাবে প্ৰকাশকগৰাকীয়ে আধাখিনি খৰচ লৈ মাত্ৰ দুশ কপি কিতাপহে ছপাইছিল। তেওঁ একেসময়তে আন এগৰাকীৰপৰাও একেদৰে টকা লৈ দুখন কিতাপ একেলগে ছপাইছিল। মূৰকত দেখা গ'ল, বন্ধাওঁতে পোন্ধৰ-বিছটামান কপিৰ বাহিৰে বাকীখিনিত দুয়োখন কিতাপৰ ফৰ্মা মিহলি হৈ পৰিছে—কোনোখনত চালখন মোৰ, ভিতৰৰ

খোজৰ শব্দ॥২৮৩