পৃষ্ঠা:Khojar Xabda.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ল’ৰা-ছোৱালীবোৰৰ মাজৰপৰা হঠাতে মঞ্চলৈ উঠি আহিল টিকা চেলোৱা, হাড়- মূৰ জিলিকা মানুহটো। হাতত হালোৱা এছাৰি। মানুহটো ভদীয়া, ভদ্ৰেশ্বৰ।’ ভদ্ৰেশ্বৰ যেন অৱহেলিত, শোষিত শ্ৰেণীটোৰ প্ৰতীক।

 কিম্বদন্তী সদৃশ কিছু কাহিনী-উপকাহিনীৰ (কথকতা) সংমিশ্ৰণে প্ৰথম খণ্ডৰ কেইটামান গল্প সমৃদ্ধ কৰিছে। মুখে মুখে বাগৰি অহা বুৰঞ্জী হে যেন প্ৰকাশিত হৈ মূল কাহিনীৰ অংগ যেন হৈ পৰিছে। ইয়াতেই সাৰ্থক হৈছে সংকলনখনিৰ নামকৰণ — ‘ভিন্ন জীৱন ভিন্ন কথকতা’। এনে কেইটামান গল্প — ‘বাঁকৰ সাধু’, ‘সাঁচিপাতৰ পুথি’, ‘গোলাম’, ‘পুলিন পুথাওৰ হাড়’। ‘পুলিন পুথাওৰ হাড়’ত আহোম স্বৰ্গদেউসকলৰ দিনৰ ধন-সোণৰ লোভত স্বৰ্গদেউসকলৰ মৈদাম খান্দি পিচৰ কালৰ স্বৰ্গদেউসকলে সেইবোৰ আহৰণ কৰাৰ কাহিনীক সংযোগ ঘটাইছে আহোমৰ বংশধৰ (হয়তো) কেঁকোৰা সন্দিকৈৰ দুই সন্তান ‘ভোগমন’ আৰু ‘বুকুজুৰ’ৰ মাজত বাৰী- বস্তিক লৈ হোৱা সংঘাতৰ কথাৰে...’ সেই বুলিয়েই তই আথাও-পুথাওৰ হাড়-মূৰ, মৰিশালিৰ ছাইকণো চাঁচি-চুৰুকি খন্দাই বাঘেখোৱাৰ পুতেক মাটি পোতা ভৰপূৰ ঠিকাদাৰক বেচিলিনে?’

 গল্প কি বা কেনেকুৱা, খাটনিয়াৰৰ গল্প পঢ়িলে হৃদয়ঙ্গম কৰিব পাৰি। বৰ্তমান সময়ৰ বহু প্ৰতিষ্ঠিত গল্পকাৰতকৈ বিপুল খাটনিয়াৰৰ গল্প বহু উচ্চত; বিশেষকৈ প্ৰকাশভঙ্গীৰ ফালৰ পৰা। এক নিজস্ব শৈলীৰে তেখেতৰ গল্প সমৃদ্ধ। গল্পকেইটাত গল্পকাৰে যেন কাহিনী কৈ যোৱা নাই, ছবিহে আঁকিছে। সেই ছবি চাই পাঠকে বুজিব গল্পৰ কাহিনী। আটাইকেইটা গল্পৰে কাহিনীৰ বৈচিত্ৰতা, বৰ্ণনাৰ চমৎকাৰিত্ব, ভাষাৰ প্ৰাচুৰ্যতা, ৰহস্যময়ী সমাপ্তিয়ে প্ৰতিটো গল্পকে একোটা নিজস্ব মাত্ৰা দিছে; সংকলনখনি সুখপাঠ্য কৰি সৌষ্ঠৱ বঢ়াইছে। গাঁৱলীয়া চহা জীৱনৰ প্ৰতিফলন তথা কাহিনীৰ বাচনি আৰু কথনশৈলীৰ চমৎকাৰিত্বৰে গল্পকেইটা আমনি নলগা কৰি তোলাত সক্ষম হৈছে গল্পকাৰ খাটনিয়াৰ।

 সংবেদনশীল বিষয়বস্তুৰে সমৃদ্ধ গল্পকেইটাত সকলো স্তৰৰ মানুহৰ জীৱনৰ ছবি আঁকি সাৰ্বজনীন কৰি তুলিছে। ‘সীমান্ত পথৰ গল্প’ত বৰ্ণিত হৈছে ভাৰত-বাংলাদেশৰ মাজেৰে নতুনকৈ নিৰ্মাণ হোৱা সীমান্ত পথে কেনেকৈ দুখন ঘৰ দুভাগ কৰিলে, পুৰণি চুবুৰিটো সমানে দুভাগ কৰিলে। মাজত দুই দেশৰ সীমান্ত বাহিনীৰে এখন দেশৰ মানুহবোৰ এতিয়া দুখন দেশৰ মানুহ হৈ পৰে। নিজৰ ভায়েকৰ ছোৱালীৰ বিয়াতো উপস্থিত থকাৰপৰা বিৰত থাকিব লগা হয় সীমান্ত বাহিনীৰ কঠোৰ নিৰ্দেশৰ ফলত। নিজ ঘৰত জুই লাগোঁতে জুই নুমুৱা গাড়ী সীমান্তৱৰ্তী গাঁওখনলৈ যাব

১০০॥খোজৰ শব্দ