পৃষ্ঠা:Khojar Xabda.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাজে মাজে পৰি থকাটো হয়। কাৰণ পাহাৰটোত থিয়কৈ এটা কোৱাৰ্টজ ভেইন আছিল।

 তাৰ পাছত আমাৰ প্ৰধান কাম আছিল উত্তৰকাচাৰ জিলাৰ বিভিন্ন ঠাইত চূণশিলৰ অন্বেষণ কৰা। উমৰাংচুৰ তিনি চাৰিটা চিমেণ্ট ফেক্টৰি হ’ল তাৰেই ফচল।

 কেইখনমান কৰ্মক্ষেত্ৰলৈ খাটনিয়াৰ আৰু মই পৰিবাৰসহ গৈছিলোঁ আৰু তেওঁলোকো কিছুদিনৰ বাবে আছিলগৈ। সকলোৱে মিলিজুৰি থকা দিনকেইটালৈ আজিও মনত পৰে আৰু তেনে অতীতলৈ আকৌ ঘূৰি যাবৰ মন যায়।

 লিখাৰ কলেবৰ নবঢ়াই ভগৱানৰ ওচৰত খাটনিয়াৰৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু পৰলোকত শান্তিৰে থাকে তাকে কামনা কৰিলোঁ।❐

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ,ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

সুৰেশ বৰুৱাসহ বিভাগীয় সহকৰ্মীৰ সৈতে কেম্পত

খোজৰ শব্দ॥২৩৩