পৃষ্ঠা:Khojar Xabda.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জনগোষ্ঠীসমূহক গল্পৰ মাজত খাটনিয়াৰে যিমান গভীৰৰপৰা তুলি ধৰিছে, অসমীয়া অতি সাম্প্ৰতিক গল্প সাহিত্যত সেই কাম যেন আধৰুৱা। যদিও ৰাজনৈতিকভাৱে সাত ভনীৰ মাজত সীমাৰেখা আছে, কিন্তু ভৌগোলিক, সাংস্কৃতিকভাৱে এতিয়াও একেটি ছন্দৰে বন্ধা। উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো এখন ৰাজ্যৰ হৃদয়ত ঘাঁ লগা মাত্ৰে একেই যন্ত্ৰণা একেই বিক্ষোভ। অসমো ব্যতিক্ৰম নহয়। যিদৰে ‘মিজোজাই’ত গল্পকাৰে শ্ৰমকাৰী মিজো জনতাৰ মনৰ বুজ লৈছে, ‘দখাৰতো’ একেই চিত্ৰায়ণ। ‘দখাৰ’ মানে খাচী ভাষাত ‘বিদেশী'। অসমৰ দৰে তাতো বিদেশী প্ৰব্ৰজন এক সমস্যা। কিন্তু দখাৰ খেদা আন্দোলনৰ কিদৰে অৰ্ধ সন্ত্ৰাস আৰু অৰ্ধ সাম্প্ৰদায়িক ঘূৰ্ণী বতাহ এজাক বলিছিল মেঘালয়ৰ ভূখণ্ডত আৰু নিৰাপত্তাহীনতাৰ শংকাই মেঘালয়ক অস্থিৰ কৰি তুলিছিল তাৰ এক বাস্তৱ মূল্যায়ন আছে এই গল্পত। ‘সীমান্ত পথৰ গল্প’ একে পৰ্যায়ৰে গল্প। য'ত গল্পকাৰে মানৱতাৰ প্ৰশ্নকো সঠিকভাৱেই তুলি ধৰিছে। দুদিন আগলৈকে একেখিনি মানুহ। দেশ বিভাজনৰ ঠিক পিছতেই দুখিনি মানুহ, দুখন ৰাষ্ট্ৰ, দুটা সীমান্তৰক্ষী বাহিনী। ভৰমোহন এইফালে ৰ’ল। কালী মোহন সিপাৰত পৰিল। এই পাৰৰ অগ্নিকাণ্ড দেখি কালীমোহনে ভাবিছিল তাৰ কোনো ক্ষয়-ক্ষতি নহয়। কি, জুই মানেই বতাহ। কালী মোহনৰ ঘৰবাৰী, লখিমী ভঁৰাল সকলো লাহে লাহে ছাই হ'লগৈ। এইখিনিতে গল্পকাৰে বিচাৰি পাইছে মানৱীয় সত্য, ‘জ্বলিছে যেতিয়া আৰু বিশেষ বাকী নাথাকিল, জুই নিজে নিজে নুমাল। জুই নুমোৱাৰ পিছতো কিন্তু ভালেমান পৰলৈকে সিপাৰৰ মানুহবোৰে হাতে হাতে পানীৰ টিং, বালিৰ বস্তা লৈ সাজু হৈ থাকিল। অগ্নি দেৱতাৰ কি ইপাৰ সিপাৰ।’ য’ত উগ্ৰ ৰাষ্ট্ৰীয়তাবাদে ঠাই লৈছে আন্তৰাষ্ট্ৰীয়তাবাদ বা সাৰ্বজনীন বাস্তৱতাৰ। গল্পটোত ইতিহাসৰ অধ্যায়ৰ ৰেঙণিৰ আধাৰত সীমান্তৰ মানুহৰ সতে কথাপতা হৈছে। সিয়ো গল্পটোৰ আয়তন বৃদ্ধি কৰিছে।

 খাটনিয়াৰৰ গল্পবোৰ পাঠকৰ কাষ চপাৰ তিনিটা অন্যতম কাৰক হৈছে ভাষাৰ লালিত্য, পৰিৱেশ নিৰ্মাণৰ প্ৰাধান্য আৰু সংলাপৰ সৌন্দৰ্য। তেওঁৰ গল্পত ভাষাৰ এক সুকীয়া স্বাদ আছে। কাহিনী আৰু চৰিত্ৰৰ সৈতে হুবহু মিল হোৱাকৈ ভাষাৰ ঠাঁচ আছে। ভাষাশৈলীৰ ধৰণ সহজ অথচ মননশীল। ‘গোলাম’ গল্পৰ ঠাঁচটোলৈ আমি চকু দিব পাৰোঁ। যেনে : ‘ৰূপহীয়ে হিয়া ঢাকুৰিলে, ‘ডেকা দৌতা। কাউৰীৰ ঠোটে কেঁচা তেজ নেচাং নেচাংহে কৰে। অমুকীৰ গৰ্ভে আহি জিৰোৱা তিনিমহীয়াৰ শপত।’ সেইদৰে, ওপৰোক্ত বাক্য গাঁথনিত আমি ভাষাৰ থলুৱা ষ্পন্দন শুনা পাওঁ। ফকৰাৰ ঠাঁচেও তেওঁৰ গল্পক সুখপাঠ্য কৰি তুলিছে (‘কথাতে কয়, কপাল ফুলিলে হেনো

৬২॥ খোজৰ শব্দ