পৃষ্ঠা:Khojar Xabda.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চিনাকি হ’লোঁ। ‘আপোনাৰ গল্প পঢ়ি বৰ ভাল পাওঁ, ভাবিছিলোঁ এইখন আপোনাৰেই উপন্যাস।’ কৈয়ে পেলালোঁ। লাহেকৈ হাঁহিলে। ‘দিম দিয়া মোৰো গল্প।’

 আহি থাকে। কাষত বহে। দুই-এষাৰকৈ কথা বাঢ়িব লয়।

 ভূটানত চলা ‘অল ক্লিয়াৰ অপাৰেশ্যন’ৰ ওপৰত লিখা উপন্যাসখনৰ লেখক বিপুলদাৰ বন্ধুপুত্ৰ। ঔপন্যাসিকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ফচল। এদিন ঔপন্যাসিক ৰক্তিম শৰ্মা দাদাকো লগ পাই চিনাকি হোৱাৰ সুযোগ পালোঁ। বিপুলদাৰ চিনাকি গ্ৰন্থ প্ৰকাশক ‘অৰুনোদই প্ৰকাশন’-ৰ দ্বাৰা প্ৰকাশ কৰা ‘বৰাংগা ঙান’ক পঢ়ুৱৈয়েও আদৰি ল'লে। উপন্যাসখনৰ কপি এটা হাতত তুলি দি বিপুলদাই কৈছিল, 'তুমি পৰীক্ষাত পাছ কৰিলা’।

 এইখিনি সময়ৰ মাজতেই প্ৰকাশ পাবলগীয়া আমাৰ আলোচনীখনৰ কামো আগবাঢ়ি আছিল। শ্ৰদ্ধেয় হীৰেন গগৈৰ সম্পাদনাত ‘মন্থন' নামেৰে দুমহীয়া আলোচনীখন প্ৰকাশ পাবলৈ ল'লে। সম্পাদনা সমিতিৰ তৰফৰপৰা বিপুলদাক আলোচনীখনৰ বাবে গল্প বিচাৰোঁতে বিপুলদাই দিয়া লেখাটো কিন্তু আছিল ‘ব’ৰাংগা ঙান’ উপন্যাস বিষয়কহে। মই লাহেকৈ কৈছিলোঁ, ‘আপোনাৰপৰা গল্পহে বিচাৰিছিল’।

 ‘নতুন লেখকৰ ভাল লেখাবোৰৰ কথা প্ৰকাশ পাব লাগে, কেতিয়াবা মোৰ গল্পও দিম দিয়া’, বিপুলদাই উত্তৰ দিছিল।

 ‘মন্থন’ৰ অফিচলৈ বিপুলদাৰ লগতেই এদিন আহিছিল প্ৰয়াত শোভা খনিকৰদা। আৰু লাহে লাহে খনিকৰদাৰ লগতো মোৰ অন্তৰংগতা গঢ়ি উঠিছিল। পৰৱৰ্তী সময়ত বিপুলদা আৰু খনিকৰদাৰ যুটীয়া প্ৰচেষ্টাত সম্পন্ন হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ কামৰ ময়ো এজন সহযোগী হৈ পৰিছিলোঁ।

 এদিন কেইবাখনো পুৰণি আলোচনীৰ টোপোলা এটা দি বিপুলদাই ক'লে, ‘মোৰ এটা গল্প বিচাৰি আছিলা, লোৱা একেলগে কেইবাটাও গল্প দিছোঁ।’ সময়ত সেই গল্পকেইটাৰে ‘ভিন্ন জীৱন ভিন্ন কথকতা’ নামৰে সংকলনখন প্ৰকাশ হ’ল।

 পুৰণি কম্পিউটাৰ এটা ঠিক-ঠাক কৰি ৰুমতো কাম চলাব পৰাৰ ব্যৱস্থা এটা কৰিলোঁ। পিছদিনাই শিলপুখুৰীত থকা মোৰ ভাৰাঘৰ গৈ ওলাল বিপুলদা। অনিল ৰায়চৌধুৰীদেৱৰ ‘নামনি অসমৰ মধ্যশ্ৰেণী’নামৰ গ্ৰন্থখন হাতত দি ক'লে ‘এইখন পুনৰ প্ৰকাশ কৰিব লাগিব, তোমাৰ প্ৰথম কাম।’

 ইয়াৰ পিছৰপৰা তেখেতে হাতেলিখা গল্পবোৰ মোৰ হাতত তুলি দিয়ে। গল্পটো

ডিটিপি কৰাৰ পিছতো কেইবাবাৰো পুনৰ্লিখন কৰিহে আলোচনী একোখনলৈ

২২৪॥খোজৰ শব্দ