পৃষ্ঠা:Khojar Xabda.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবৰ-মাইনাৰ বিয়া পতাত লৰালৰি কৰিছিল, বিশেষকৈ বাবৰৰ বিয়া। ইমান নিয়াৰিকৈ কৰি গৈছিল নিজেই, আজি ভাবিলে আচৰিত হওঁ। বাবৰৰ বিয়াতো নিজেই আগবাঢ়ি দায়িত্ব লৈ পৰিকল্পিতভাৱে কৰিছিল।

 খুৰা-খুৰী যেতিয়া ৰীণাহঁতৰ লগত আছিল তেতিয়া আমাৰ ইয়াত সকলোৰে যেন নিজৰহে, খুৰা-খুৰীক তেনেকৈয়ে ভাবিছিলোঁ। আত্মীয়তা অনুভৱ কৰিছিলোঁ।

 মোৰ ছোৱালীজনীয়ে গুৱাহাটীলৈ আহিলে খুৰাকক এসাজ ভাত খুৱাব খুজিছিল যদিও সেই আশাটো পূৰণ নহ’ল, ৰৈ গ’ল।

 ৰীণাহঁতৰ ঘৰলৈ গ’লেতেখেতে ধুনীয়াকৈ সজাই থোৱা কিতাপবোৰ, লিখি থৈ যোৱা কিছুমান কথা মনৰ পৰা মচ নাখায়।

 এটা কথা মোৰ মনলৈ আহি আছে— খাটনিয়াৰ দাই কৈছিল— এই টিলাটোত এতিয়া মালাকাৰৰ পিছত মই যাম, সঁচাই হ’লচোন কথাটো।

 টিলাটোত একেলগে থাকি সুখ-দুখৰ সমভাগী হৈ ল’ৰা-ছোৱালী ডাঙৰ কৰি নিজৰ কৰ্তব্য সমাপন কৰি সময়ত এজন এজনকৈ আঁতৰি গৈ আছে, যিটোৱে প্ৰকৃতিৰ নিয়ম বুলি আমি মানি লওঁ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ দিশপুৰ শাখাৰ সম্পাদক)

বিভাগীয় সহকৰ্মীৰ সৈতে

২৫২॥খোজৰ শব্দ