পৃষ্ঠা:Khojar Xabda.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক’লে, ‘গৰীবেৰ আৰ খবৰ থাকে নাকি? চলাইচে কোনো ৰকম আৰ কি।' বস্ (বহক) বুলি তাই দুখন চকী আগুৱাই দিলে। খেৰৰ ঘৰ, খিৰিকি নাই। গাঁওখনত বিজুলী বাঁতিৰ সংযোগ এতিয়াও হোৱা নাই। তাই ক’লে, ‘এইসময়ত আহিছা বৰ ভাল হৈছে। বর্তমান শদ্ৰা মিঞাৰ লগত মোৰ দেউতাৰ ফাইট চলি আছে। এই সময়ত যদি দিয়া তেন্তে শদ্ৰা মিঞাৰ হালৰ গৰু এটা শেষ। ক’লোঁ, এইবিলাক এতিয়া নকৰোঁ ৷ জানো যদিও এইবিলাক কাম নকৰোঁ। কোনো মন্তব্য নিদিয়াকৈ মন দি খাটনিয়াৰে শুনি আছে। চাহ খোৱাৰ প্ৰসংগ উঠিছিল যদিও মই ক'লোঁ, আমাৰ ইয়াত চাহ নেখায়, দিনত দুবাৰ সিধা ভাত। মহামায়া ধামত স্নানঘাটলৈ ৰিক্সা পাই গলোঁ। সুধিলোঁ, যাবা নেকি ঘাট পাৰলৈকে। ৰিক্সাৱালাজনে যাম বুলি ক'লে। ৰিক্সাখনত উঠি গম পালোঁ ৰিক্সাখনো যেনে পুৰণি হৈছে মানুহজনো আদবয়সীয়া দুৰ্বল। ৰাস্তা বৰ বেয়া। ৰিক্সাখন চলোৱাৰ লগে লগে কেৰেট্-কুৰুট আৰম্ভ হৈ গ’ল। যোগমায়া মন্দিৰ পাওঁ পাওঁ অৱস্থা। এনেতে ৰিক্সাখন এৰি দি টিপকাই নৈৰ পৰিস্কাৰ আৰু শীতল পানী খাই লাহে লাহে আমি ঘৰমুৱা হ'লোঁ খোজকাঢ়ি। মাজে মাজে দুই এটা কথা আৰু প্ৰশ্ন চলিছে। খাটনিয়াৰে সুধিলে, ‘দাস মন্দিৰ প্রতিষ্ঠা হোৱাৰ আগত নিশ্চয় কিছু প্রবাদ জড়িত হৈ আছিল?’ পুৰণা দেৱ-দেৱীৰ নামত মন্দিৰ প্ৰতিষ্ঠাৰ নামত বহুতো প্রবাদ আছে। মহামায়াৰো আছে। কিংবদন্তিমতে এবাৰ ঢাকাইয়া বেপাৰীৰ কাঠৰ ভূৰ মাজ নদীত ফঁচি যায়। ব্যৱসায়ীজন মহা বিপাঙত পৰিল। লাখ টকাৰ কাঠৰ ভূৰ পানীত এৰি থৈ কেনেকৈ যায়। অৱশেষত তিনি দিনৰ দিনা ৰাতি সপোন দেখিলে। সপোনতে সুধিলে, ‘হে মহামায়া তুমি কিয় মোক কষ্ট দিছা?’ দেৱীয়ে ক’লে, ‘সন্তানক এৰি থৈ কোন মাকে ঘূৰি ফুৰে। শুনা, তুমি মোৰ নামত এটা মন্দিৰ প্ৰতিষ্ঠা কৰা, পূজা-পাতল কৰা, তেহে তোমাৰ পাপ খণ্ডিব আৰু ভূখন অলপ ভাঁহি উঠিব।'

 ৰাতি পুৱালত প্ৰাতঃকৰ্ম কৰি চিধা জমিদাৰ বাৰীলৈ গমন । নাক্‌ৰি ঘৰত বহি কাঠৰ ব্যৱসায়ীজনে ক’লে, হুজুৰ আজি সপোনত দেৱীয়ে মোক এটা মন্দিৰ বনাই দিব লাগে বুলি ক'লে । মই নিজে মুছলমান হৈ কেনেকৈ মা মহামায়াৰ মন্দিৰ প্ৰতিষ্ঠা কৰোঁ। পাছত কথা হ’ল মন্দিৰ সজাৰ যাৱতীয় খা-খৰচ বেপাৰীজনে বহন কৰিব আৰু সজাৰ দায়িত্ব জমিদাৰে ল’ব। কথামতে কাম হ’ল। মহামায়া মন্দিৰ প্ৰতিষ্ঠা হ’ল ৷ মাজ নদীত ফঁচি থকা কাঠৰ ভূখন নিজে নিজে খোল খালে। জমিদাৰে নিজ ইষ্টেটত বসতি কৰাৰ বাবে উৎসাহ দিছিল। কিন্তু বড়ো মানুহবোৰ মাটিৰ খাজনা দিয়াত আগ্রহী নহয়। সেয়ে মৈমনচিঙীয়া খেতিয়কসকলক বহুৱালে। বড়ো মানুহখিনিৰ ওপৰত কুঠাৰি কিমানটা সেইমতে খাজনা দিব লগাত পৰিছিল। টিপকাই নৈৰ পাৰে পাৰে নানান ধৰণৰ আলাপ কৰি কৰি গৈ আছোঁ। এটা

খোজৰ শব্দ॥১৮৫