পৃষ্ঠা:Khojar Xabda.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যুক্ত কৰিছে।

 বিগত শতিকাৰ সত্তৰৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা কথাশিল্পী বিপুল খাটনিয়াৰ এজন সাৰ্থক গল্পকাৰ হোৱাৰ ওপৰিও এজন কঠোৰ পৰিশ্ৰমী সাহিত্য কৰ্মী। নিজে নিয়মীয়াকৈ গল্প ৰচনা কৰাৰ সমান্তৰালভাৱে এচাম গল্পকাৰ সৃষ্টি কৰাতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

 ‘নতুন পৃথিৱী’ আলোচনীৰ জৰিয়তে সৃষ্টি হোৱা লেখক, পাঠক, শুভানুধ্যায়ীৰ উদ্যোগত জন্ম হোৱা নতুন সাহিত্য পৰিষদে সৃষ্টি কৰা আৰু আপদাল কৰাসকলৰ কেইবাজনো আজি প্ৰতিষ্ঠিত গল্পকাৰ। সেইসকলৰ ভিতৰত জেহিৰুল হুছেইন, মনোৰমা দাস মেধি, ৰত্না ভৰালী তালুকদাৰ, ইমৰাণ হুছেইন আদিৰ গল্প ৰচনাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ বিশেষ ভূমিকা আছে। সময়োচিতভাৱে নতুন সাহিত্য পৰিষদৰ মঞ্চৰ জৰিয়তে এইসকলক আদৰণি জনোৱা হৈছিল। মানৱীয় মূল্যবোধ আৰু সমাজ উত্তৰণৰ বৈজ্ঞানিক পথৰ সন্ধানত এইসকল কথাশিল্পীক ব্ৰতী কৰোৱাৰ বাবে দুজনমানক পৰিষদে পুৰস্কাৰেৰে স্বীকৃতি প্ৰদান কৰিছে। ছিৰিয়াচ পাঠকসকল অবগত যে, এই সকলৰে মাজৰ জয়ন্ত চক্ৰৱৰ্তী, মনোৰমা দাস মেধি, ইমৰাণ হুছেইন, বিপুল খাটনিয়াৰ, ৰত্না ভৰালী তালুকদাৰ প্ৰমুখ্যে গল্পকাৰসকলে আশীৰ দশকৰ অসম আন্দোলন, তাৰ অব্যৱহিত জনগোষ্ঠীয় আন্দোলন, উগ্ৰপন্থী হিংসা, নব্বৈ দশকৰপৰা বিশ্বায়নৰ নামত সৰ্বসাধাৰণৰ জীৱনলৈ নামি অহা বিপৰ্যয়ৰ মৰ্মান্তিক ছবি তেওঁলোকৰ গল্পত হৃদয়স্পৰ্শী ৰূপত অংকন কৰিছে। এই বিষয়ে দীৰ্ঘ আলোচনাৰ অবকাশ আছে।

 সাহিত্য যদিও ঘাইকৈ নিৰ্মাণ কৰোঁতাজনৰে নিজৰ একক কৃতি, সমাজ উত্তৰণৰ সাহিত্য নিৰ্মাণ বাবে সাহিত্য কৰ্মীসকলক সমৃদ্ধ কৰিবলৈ সংগঠিত শিল্পসন্মত প্ৰচেষ্টাও প্ৰয়োজনীয়।

 নতুন সাহিত্য পৰিষদে এইক্ষেত্ৰত প্ৰগতিবাদী সাহিত্য তত্ত্ব আৰু আলোচনাৰ এলানি প্ৰবন্ধ পুথি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সাহিত্য নিৰ্মাণৰ উৎকৰ্ষ সাধনৰ বাবে গল্প, কবিতা,প্ৰবন্ধ লেখা সম্পৰ্কে এলানি কৰ্মশালাও অনুষ্ঠিত কৰিছিল; য’ত আনসকলৰ লগতে বিপুল খাটনিয়াৰৰ আছিল নিৰ্ণায়ক ভূমিকা।

 নতুন সাহিত্য পৰিষদে অকালতে হেৰুওৱা আন এজন অক্লান্ত সাহিত্য কৰ্মী গৱেষক সুভাষ সাহা, গল্পকাৰ নৰেন দাস, তৰুণ কবি মনোজ বৰপূজাৰী আদিয়ে চন্দ্ৰ শৰ্মাৰ বিশেষ সহযোগত তেওঁৰে প্ৰেছৰপৰা অভিমত নামৰ আলোচনী এখন

প্ৰকাশ কৰিছিল। এই উদ্যোগৰো অন্যতম সহযোগী আছিল বিপুল খাটনিয়াৰ।

১৫২॥খোজৰ শব্দ