পৃষ্ঠা:Khojar Xabda.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৰমৰ ভ্ৰাতৃপ্রতীম
বিপুল খাটনিয়াৰৰ স্মৰণত

কবিৰাজ শৰ্মা

চেনেহৰ ভগ্নী ৰীণা খাটনিয়াৰৰ বেদনাভৰা আহ্বান— - তেওঁৰ প্ৰয়াত স্বামীৰ বাৰ্ষিকীত এখনি স্মৰণিকা প্ৰকাশ কৰিব, এটি স্মৃতিলেখা মোৰ পৰা বিচাৰিছে। অতিকৈ শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীৰ বিয়োগ হোৱা কেইমাহমানহে হৈছে। সেই মহানতম পুৰুষৰ শ্ৰদ্ধাঞ্জলি সঞ্চিত গ্ৰন্থৰ আয়োজক মোৰ অতিকৈ আপোন শ্ৰদ্ধা আৰু মৰমৰ ভ্ৰাতৃ, বিজ্ঞানী, প্রগতিশীল সাহিত্যিক বিপুল খাটনিয়াৰে তুলনামূলকভাৱে কম বয়সতে আমাৰ পৰা বিদায় ল’লে। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ প্ৰতি গুণমুগ্ধ আমি সতীৰ্থসকল অতিকৈ বেদনাহত হ'লোঁহঁক।

 ভূবিজ্ঞানী হিচাপে কৰ্মৰত খাটনিয়াৰে প্ৰাকৃতিক সম্পদ অন্বেষণত হাবিয়ে- বনে, পৰ্বতে কন্দৰে ঘূৰিব লগা হৈছিল। তেনে অন্বেষণত অনেক জাতি, জনগোষ্ঠী আৰু খিলঞ্জীয়া সমাজক লগ পাইছিল। সেই লোকসকলৰ লগত সুদীর্ঘ সময় সহাৱস্থান কৰি তেওঁলোকৰ লগত বাৰ্তালাপ কৰি আৰু সহযোগ লাভ কৰি ইপ্সিত তথ্য সম্ভাৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। অকল সেয়ে নহয় জনগোষ্ঠীয় সমাজ জীৱনৰ সূক্ষ্ম অধ্যয়নৰ জৰিয়তে সাহিত্যৰ সমল আয়ত্ত কৰিছিল। বিশিষ্ট গল্প লেখক খাটনিয়াৰৰ গল্পবিলাকত জনগোষ্ঠীয় সমাজৰ ভাব-ভাষা, ৰহন-চহন, ৰীতি-নীতি আদি নিখুঁতভাৱে অংকিত হোৱা দেখা পাওঁ।

 নতুন সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাকালৰ পৰা প্ৰগতিশীল সাহিত্যৰ আন্দোলন আগুৱাই নিয়াত যি বৰঙণী আগবঢ়ালে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। চৰকাৰী কামৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিও তেখেতে সাহিত্যিক চিন্তা-চৰ্চা অটুট ৰাখিছিল । সাহিত্য সংগঠনৰ গুৰুদায়িত্ব বহন কৰি অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঢপলিয়াই ফুৰিব লাগিছিল। অসমীয়া প্রগতিশীল সাহিত্যৰ ভঁৰাল চহকী কৰাত

১৮০॥খোজৰ শব্দ