পৃষ্ঠা:Khojar Xabda.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ লেখনি
মূল্যায়ন আৰু প্ৰাসঙ্গিকতা

ডাঃ কুমুদ কুমাৰ দত্ত

কুৰি শতিকাৰ ত্ৰিশদশক বিশ্বৰ মানৱ জাতি, সভ্যতা-সংস্কৃতিৰ বাবে অতিকে ভয়ঙ্কৰ সময়। দেশে দেশে যুদ্ধৰ বিভীষিকা, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সাম্ৰাজ্যবাদীৰ হাতত লুণ্ঠিত হৈছিল। জাৰ্মানীৰ বিশ্বৰ ঘৃণ্যতম নেতা হিটলাৰ আৰু ইটালীৰ মুছোলিনীৰ ফেচীবাদী সন্ত্ৰাসে বিশ্ব কঁপাই তুলিছিল। মানৱ সমাজ আৰু সংস্কৃতিলৈ ভয়াবহ বিভীষিকাময় এক অন্ধকাৰ সময় যেন কঢ়িয়াই আনিলে। এনে পৰিস্থিতিত ইউৰোপীয় বুদ্ধিজীৱীসকল নীৰৱ হৈ থাকিব নোৱাৰিলে। সাম্ৰাজ্যবাদী শক্তিৰ বিবেকহীন কাৰ্যকলাপ,নাজীবাদী, ফেচীবাদী নৃশংস সন্ত্ৰাসৰ ফলত বহুদেশত মানৱ জীৱন, সভ্যতা, সংস্কৃতি গভীৰ সংকটৰ সন্মুখীন হৈছিল। সকলো মানৱীয় প্ৰমূল্য ভৰিৰে গছকি এক দানৱীয় শক্তিয়ে সমগ্ৰ মানৱ প্ৰজাতিক ধ্বংসৰ পথলৈ ঠেলি দিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত ধ্বংসমুখী কাৰ্যত বুদ্ধিজীৱীসকল সাংঘাতিক ধৰণে বিবেক দংশনত ভুগিছিল। তাৰ পৰিপ্ৰেক্ষিততেই বিশ্বৰ বহুদেশৰ স্বনামধন্য লেখক, চিন্তাবিদ, বিশিষ্ট বুদ্ধিজীৱীসকলে ১৯৩৫ চনৰ পেৰিচত “The congress of writers for defence of culture’ (সংস্কৃতি সুৰক্ষাৰ বাবে লেখকৰ মহাসভা) অনুষ্ঠিত কৰে। ৰ’মা ৰোঁলা (Romain Rolland) আৰু হেন্‌ৰি বাৰবাছে (Henry Burbusse) পেৰিচত অনুষ্ঠিত কৰা এই আন্তৰ্জাতিক অনুস্থানৰ উদ্যোক্তা আছিল। মেক্সিম গৰ্কীৰ পৃষ্ঠপোষকতাত নিমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছিল—লুই আৰাগান (Louis Aragan), বাৰ্টল্ট ব্ৰেখট (Bertolt Brecht), অলডেজ হাস্কলি (Aldous Huxley), আঁদ্ৰে মালৰ’ (Andre Malroux), ৰবাৰ্ট মুছিল (Robert Musil), বৰিছ পেস্তাৰনাক (Boris Pasternak), থমাচ মান (Thomas man),

খোজৰ শব্দ॥১১৩