পৃষ্ঠা:Khojar Xabda.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামত অসমীয়া উগ্র জাতীয়তাবাদীচামে বাঁওপন্থী ৰাজনৈতিক দল-সংগঠন, চিন্তাধাৰাৰ বিৰুদ্ধে পৰিকল্পিত হিংস্রতা ভিন্‌ ভিন্ এলাকাত সংঘটিত কৰি থকা ভয়াবহ পৰিস্থিতিৰ সময়তে উত্তৰ লখিমপুৰৰপৰা আহি গুৱাহাটীত উপস্থিত হৈছিলোহি। ফাঁচীবজাৰৰ ভাৰতীয় জীৱন বীমা নিগমৰ বিভাগীয় মুৰব্বীৰ কাৰ্যালয়ত কামখিনি কৰি উঠি কাগজ-পত্ৰবোৰ সামৰি-সুতৰি তাৰপৰা ওলাই আহিবৰ পৰত লগ পাইছিলোঁ জীৱন বীমাৰে গুৱাহাটীস্থ কৰ্মচাৰী গৌতম বৰুৱাক। নলবাৰী অঞ্চলৰ গাঁৱৰ ঘৰলৈ মাছখোৱাৰপৰা যোৱা বাছৰ সময় উকলি যাওঁ যাওঁ। গৌতম বৰুৱাই বোলে, ‘ব’ল, আমাৰ লগতে থাকিবি ৰাতিটো। অ’ত-ত’ৰ চাৰিটা বৰলা লগ লাগি আছোঁ, থাকি ভাল পাবি।”

 কথা মতে কাম। গৌতমৰ লগতে গধূলি আহি সিহঁতৰ বৰলা ভৱনটোত উপস্থিত হৈছিলোঁহি। গৈহে গম পাইছিলোঁ বাকী তিনিজন বৰলা হৈছে — বিপুল খাটনিয়াৰ, বিপুল দেৱশৰ্মা আৰু দীনবন্ধু ঠাকুৰীয়া। মই গৈ সিদিনা বৰলাৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি কৰিছিলোঁ। আমি গৈ পোৱাৰ অলপ পিছে পিছে বাকীকেইজনো আহি পোৱাত চা-চিনাকি কৰি দিছিল গৌতমে। ইতিমধ্যেই বিপুল খাটনিয়াৰৰ গল্প ‘নতুন পৃথিৱী’ত পঢ়িছিলোঁ। খাটনিয়াৰ ‘নতুন পৃথিৱী’ৰ লগত লেখা-মেলা আৰু আন কাম-কাজৰ মাজেৰে জড়িত হৈ আছিল। মানুহজনৰ লগত চাক্ষুস পৰিচয়, কথা-বতৰা আগতে হোৱা নাছিল। বৰ ভাল লাগিছিল যেতিয়া গৌতমে চিনাকি কৰি দিছিল— ‘এখেত বিপুল খাটনিয়াৰ, গল্প লিখে। তই পঢ়িছ ছাগৈ।’ পিছদিনা পুৱা আহিবৰ সময়ত বিপুল খাটনিয়াৰে সমদল গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা আঠটা গল্প সন্নিৱিষ্ট ‘খোজৰ শব্দ’ নামৰ সৰু পুথিখন মোৰ হাতত দিছিল। পুথিখন হাতত লৈ কিবা এটা বুজাব নোৱাৰা পুলক অনুভৱ কৰিছিলোঁ।

 উত্তৰ লখিমপুৰলৈ ঘূৰি গৈ কিছুদিন পিছত কেইজনমান লগ হৈ এখন কম পৃষ্ঠাৰ ক্ষুদ্ৰ মাহেকীয়া আলোচনী উলিওৱাৰ কথা ভাবিছিলোঁ। উত্তৰ লখিমপুৰত তেতিয়া আমি কেইজনমানে এটা প্রগ্রেছিভ ষ্টাডি চার্কোল খুলিছিলোঁ । কাৰ্যালয়টো আছিল সমাজবাদী আদৰ্শৰ সৈতে যুক্ত স্বনামধন্য মিনাৰাম শইকীয়াৰ ঘৰৰ চৌহদত থকা সৰু কোঠালি এটাত। তেওঁ ওকালতি কৰিছিল। প্ৰগ্ৰেছিভ ষ্টাডি চাৰ্কোলৰ কৰ্ম-কৰ্তাসকলৰ সহায়-সহযোগত প্ৰকাশ কৰা আলোচনীখনৰ নাম দিয়া হৈছিল ‘সূত্রপাত’। সম্পাদকমণ্ডলীত এই লেখকো আছিল। এই লেখকৰ অনুৰোধমৰ্মে বিপুল খাটনিয়াৰেও গল্প এটা পঠাইছিল। নামটো আছিল ‘এখন ভাল মানুহৰ গাঁও’। গল্পটো তৃতীয় সংখ্যাত প্ৰকাশ কৰাৰ কথা আছিল। কিন্তু দ্বিতীয় সংখ্যা ‘সূত্ৰপাত’ৰ কপিবোৰ দোকানৰপৰা জোৰ জবৰদস্তি কৰি কাঢ়ি নি আন্দোলনকাৰীহঁতে ফালি-ছিৰি, মোহাৰি-গচকি জুই লগাই পুৰিছিল, সম্পাদকমণ্ডলীক ঘৰলৈ গৈ ভয়-ভাবুকি,

১৭৮॥খোজৰ শব্দ