পৃষ্ঠা:Khojar Xabda.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰে নৈ পাৰ হৈ। জুই লাগি ভায়েকৰ ছোৱালীৰ বিয়ালৈ যাব নোৱাৰা কালিমোহনৰ ঘৰ-বাৰী জ্বলি শেষ হয়। শেষ মুহূৰ্তত ভায়েক ভৱমোহন আহি ওলায় ভায়েকৰ ওচৰত — ‘কিছু সময়ৰ পিছত মূৰ নদঙাকৈয়ে কালীমোহনে থোকা-থুকি মাতেৰে ক’লে— ভাই তুমি এহন সেনে আইসলে?

 ভৱমোহনে নিৰুদ্বেগ চিত্তে ক’লে— ‘কালী! এডাই টোপোলাটোত ভাত আছে, আৰ এইটো কম্বল। আমি এলা যাই। চিপাহীটোক দুটা টেহা দিয়ে, আমি মাত্ৰ দশ মিনিটৰ জন্যে আচ্ছি। দেৰি হ’লে পয়মাল হ’ব।’

 সংকলনখনিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তুৱে স্থান পাইছে। কোনোটো গল্পত দেখুৱাব খোজা হৈছে মানুহৰ গভীৰৰপৰা গভীৰতম কোনো স্থানত লুপ্ত একান্ত ব্যক্তিগত কিছুমান অনুভূতি আৰু স্পৃহা যিয়ে এবাৰলৈও ভবাই তোলে বিশ্বাসৰ আঁৰৰ অবিশ্বাস। ‘বেংগ্ৰা’ গল্পটোত (বড়ো শব্দ, অৰ্থ- প্ৰহৰী) উপস্থাপিত হৈছে বড়ো ভূমিত সংঘটিত হত্যা-সন্ত্ৰাসৰ ভয়াবহ ছবি। শিক্ষক মাণিক শৰ্মাক এজুম উতনুৱা চেংগ্ৰাই গছত বান্ধি অবৰ্ণনীয় অত্যাচাৰ কৰি মূৰ দাঙিব নোৱাৰাকৈ খুন্দি পেলাইছিল। ঘটনাক্ৰমে সেই মাণিক শৰ্মাক শুশ্ৰুষা কৰি সুস্থ কৰি তুলিছিল কোনো এক ভেবেলা বসুমতাৰীৰ গাভৰু ছোৱালী যশোধৰা আৰু ওঠৰ বছৰীয়া ল’ৰা পুতুলে— দুয়ো মাণিক শৰ্মাৰ ছাত্ৰ আছিল। সময়ৰ সোঁতত পুতুল হেৰাই যায় গেলেকফুৰ সিপাৰৰ অন্ধকাৰত। যশোধৰাৰ বিকলাংগ সন্তানৰ সাত বছৰ বয়সত মাক-দেউতাকৰ মৃত্যু হোৱাত সেই মাণিক শৰ্মাই যশোধৰাক নিজৰ কৰি লয়, যদিও মাণিক শৰ্মাৰ একোৱেই নাছিল, কেৱল এটা ৰেপি ৰেপি কটা, থেতেলা খোৱা ঘূণীয়া দেহা, পঙ্গু শৰীৰ। খুব কৌশলেৰে কোৱা হৈছে (খোলোচাকৈ নোকোৱাকৈ)— পোন্ধৰ-ষোল্ল বছৰ পিছত আহি ওলোৱা উৰ্খাও মুছাহাৰীৰ ঔৰসত যশোধৰাৰ গৰ্ভত জন্ম হোৱা এক বিকলাংঙ্গ-বিচনাত মাংসপিণ্ডৰ দৰে পৰি আছে। এই সকলোবোৰ যেন সেই অনাকাংক্ষিত আন্দোলনটোৰ ঋণাত্মক ফলশ্ৰুতি।

 গল্প কোৱাৰ ‘শিল্প’ই গল্পক গল্প হিচাপে উপস্থাপন কৰে। ‘ভাদৈ মাহী’ৰ কাহিনী, যদিও ক’ব পাৰি আজিৰ পৰিৱেশ পৰিস্থিতিত এক গতানুগতিক কাহিনী; কিন্তু উপস্থাপন তথা কথন শৈলীৰ লগতে ইয়াৰ সমাপ্তিয়ে গল্পটোক অনন্য মাত্ৰ প্ৰদান কৰিছে। ভাদৈ পেহীয়ে গুৱাহাটীত থকা ভতিজাকৰ ঘৰ বিচাৰি উলিয়াই নিজৰ ল'ৰাৰ চাকৰিৰ বাবে মেট্ৰিকৰ চাৰ্টিফিকেট বিচাৰি আহে— ‘যোৱাসকল গ’ল, কোনো খেদ নাই পেহীৰ।কথাতহে কথা ওলাইছে, মোৰ পৰাও কোনো সম্পত্তিৰ ভাগ বিচাৰি অহা নাই পেহীয়ে। এই ‘পিথৱীত’ কোননো থাকিব কেইকাল?

খোজৰ শব্দ॥১০১