পৃষ্ঠা:Khojar Xabda.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেয়াৰত ভৰ্তি কৰালে। দিনটো থাকি ৰাতি উভতি যাব লাগে ৰূমলৈ। কমেও এসপ্তাহ অহা-যোৱা কৰিব লাগিব তেনেদৰে। বটলৰ গাখীৰত তাই দিনে ৫০ গ্ৰামকৈ ওজন ঘূৰাই পালে। তেনেদৰে দুদিন অহা-যোৱা কৰিছোঁহে, ৰাতি কাকো আমনি নিদিওঁ বুলি বাহিৰলৈ অকলে যাওঁতে পৰি গৈ মোৰ দুইখন ভৰি ভাগি থাকিল! চিঞৰত সকলো গোট খালে। তাৰ পাছত মোৰ দুভৰিত বেণ্ডেজ!

 সৰু ভণ্টি কেঁচুৱা লৈ হাস্পতাললৈ যায় লগত অলক। মই ৰূমত বিচনাত পৰি থাকোঁ। বিপুলদাই মাজে মাজে মাত লগায়হি! মোক হঁহুৱাবলৈ চেষ্টা কৰে! ‘আমাৰ জিৰাফটোৰ দুইটা ঠেং ভাঙিল!’ কি যে এক অপৰাধবোধে মোক খেদি ফুৰিবলৈ ল’লে! বিপুলদা আৰু বৌক কেতিয়াও বিৰক্ত হোৱা নেদেখিলোঁ। মূৰতে গামোচাখন মাৰি পূৱা ৫ মান বজাৰপৰা কামত লাগে। হেঁতা লৈ পাকঘৰত ৰন্ধা- বঢ়া কৰাৰপৰা আৰম্ভ কৰি খন্তি লৈ ফুল আৰু পাচলিৰ গুৰি খোচৰালৈকে। বৌৱে কেতিয়াবা কয়, ‘এই মানুহটোৰপৰা নিজৰ মতে খাবলৈও নাপাওঁ জানানে, ৰাতিপুৱাই উঠি লৈ পাকঘৰটোত খটখটাই থাকিব।’ বিপুল দাই শুনে আৰু মিচিকিয়াই থাকে। সন্মুখত কেতিয়াও কাকো প্ৰশংসা নকৰে। বৌ আঁতৰি গ’লে কয় যে এটা সময়ত হেনো বহুত কষ্ট কৰিলে বৌৱে, তেখেতে সাংগঠনিক কামৰ চাপত সময় দিব নোৱাৰা সংসাৰখন নিয়াৰিকৈ চলালে সকলোৰে মন যোগাই। ৬.৩০ মান বজাত মই আমাৰ পাকঘৰৰ খিৰিকীৰে আগবঢ়াই দিয়া গ্ৰীণ টি একাপ খাই লয়। ৭ মান বজাত ৰৌদ্ৰোজ্জ্বল বাৰান্দাখনৰ কমলাৰঙী নীলকমলৰ টেবুলখন জলপানেৰে সজাই অলকক চিঞৰে, ‘অ’, বাঙালী বাবু এসো!’ ম‍ই বাকী একো নাখাওঁ যদিও কলটো খাবলৈ আহোঁ আৰু মেলখনত ভাগ লোৱাৰপৰা নিজক কেতিয়াও বঞ্চিত নকৰোঁ। কল ভাল পাওঁ কাৰণেই এবাৰ মই যাম বুলি জানি ঘৰৰ পকা কল কেইটামান গেলি নোযোৱাকৈ ৰাখিবলৈ কি যে কৰা নাছিল! ফ্ৰীজত যিহেতু কল ৰাখিলে ক’লা পৰি যায়, কাগজেৰে মেৰিয়াই মেৰিয়াই ঠাণ্ডা মজিয়াত ৰাখি থৈছিল। মই যোৱাৰ অলপ পাছতে কলকেইটাৰ বেণ্ডেজ খুলি মোক খাবলৈ দিছিল। বৌৱে ভাত বাঢ়ে, সেইকণ সময়তে নোহোৱা হয় মানুহটো। মাছৰ বাকচত কৰা বিলাহী, লাই, পালেঙৰ লগতে আন কিছুমান শাক-পাত আনি ভোট জলকীয়াৰে সৈতে থিতাতে অপূৰ্ব সোৱাদৰ অকণমান চাটনি কৰি সকলোৰে পাতত দিয়ে, যি কণ চাটনি আৰু অকণমান খোৱাৰ হেঁপাহটো সদায়ে থাকি যায়।

 তাত থাকোঁতেই আজৰি পৰত এদিন অলকে বিপুলদাৰ ফুলনিখনত থকা ৰঙ্গন ফুল এজোপা ভাল হওক বুলিয়ে ডিপ প্ৰুণিং কৰি দিছিল। কৰোবাৰপৰা আহি

খোজৰ শব্দ॥২১৯