পৃষ্ঠা:Khojar Xabda.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

A Study of Kaaroor's Stories (এছ দেৱদাস পিল্লাই, ৰুটলেজ, লণ্ডন আৰু নিউইয়ৰ্ক, ২০২০) গ্ৰন্থখনৰ দৰেই অসমৰো প্ৰগতিশীল সাহিত্য আন্দোলনৰ এগৰাকী নিষ্ঠাৱান কৰ্মী বিপুল খাটনিয়াৰৰ বহু আয়তনবিশিষ্ট গল্পসমূহৰ আধাৰত হ’ব পাৰে বিগত তিনি-চাৰিটা দশকৰ অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ সমাজতাত্ত্বিক অধ্যয়ন।

 কিন্তু কেবল জন্মগত প্ৰতিভা আৰু অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এগৰাকী কুশলী ভূতত্ত্ববিদ হিচাপে লাভ কৰা বিভিন্ন দুৰ্গম ঠাই দৰ্শনৰ অভিজ্ঞতায়েই বিপুল খাটনিয়াৰক প্ৰান্তীয় মানুহৰ মৰ্মবেদনা উপলব্ধিৰে গল্প ৰচনা কৰাত সহায় কৰা নাই। পীড়িতজনক সংবেদনাৰে উপস্থাপন কৰি বিভিন্ন কথকতাৰ মাধ্যমেৰে এক বিকল্প পৃথিৱীৰ সন্ধান দিয়াত সততে ক্ৰিয়াশীল হৈ আছে খাটনিয়াৰৰ ৰাজনৈতিক স্থিতি আৰু মতাদৰ্শ। সত্তৰৰ দশকৰ শেহৰ পিনৰ ‘নতুন সাহিত্য পৰিষদ’ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক-সংগঠক হিচাপে এক ধাৰাৰ সাহিত্য সৃষ্টি কৰাত যিদৰে তেওঁ বৰঙণি আগবঢ়ালে, ইয়াৰ জৰিয়তে অসমৰ চুক-কোণৰ অনেক প্ৰান্তীয় অঞ্চলৰ কাহিনী, চৰিত্ৰ, কথকতাৰ সৈতে পৰিচিতি লাভ কৰাৰো সুযোগ লাভ কৰিলে। খাটনিয়াৰৰ গল্প উত্তৰণৰ গল্প, সত্তৰ-আশীৰ দশকৰ গল্পসমূহ শৈল্পিক দিশত কিছু নৰম আছিল যদিও পৰৱৰ্তী কালত গাঁথনি, ভাষা, বিষয়বস্তু আদি সকলো দিশতে অনায়াসে উত্তৰণ ঘটাইছিল গল্পকাৰে। দুই-একে কট্টৰ মতাদৰ্শগত অৱস্থানৰ পৰা খাটনিয়াৰৰ পৰৱৰ্তী কালৰ গল্প কেতবোৰত ‘মূলসুঁতিলৈ উভতি যোৱাৰ প্ৰৱণতা’ লক্ষ্য কৰিলেও গল্পকাৰৰ এই পৰিৱৰ্তিত আৰু প্ৰসাৰিত দৃষ্টিভংগীয়ে অসমীয়া গল্প- সাহিত্যক বিশিষ্টতা প্ৰদান কৰিলে।

 আক্ষৰিক অৰ্থতে প্ৰচাৰবিমুখ বিপুল খাটনিয়াৰে নিজৰ গল্পৰ প্ৰচাৰ-আলোচনা লৈ কোনোদিনে ভ্ৰূক্ষেপ নকৰিছিল। কেতবোৰ গুৰুত্বপূৰ্ণ কিতাপ-পত্ৰৰ কাম তেওঁ দেহে-কেহে খাটি কৰিছিল, অথচ তেনে গ্ৰন্থ কেইবাখনতো নিজৰ নাম পৰ্যন্ত দিয়া নাছিল। খাটনিয়াৰ আছিল আত্মবিশ্বাসী, নিজৰ কৰ্মত সুখী, এক ইতিবাচক ব্যক্তিত্ব— এক কথাত ভাল মানুহ (well being)।

 এইগৰাকী প্ৰতিভাধৰ সাহিত্যিক, উদ্যমী সংগঠক, নিজা ৰাজনৈতিক স্থিতিত অটল, যুক্তিমনস্ক, আপোনভোলা বিপুল খাটনিয়াৰলৈ প্ৰথম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদিলোঁ।

সম্পাদনা সমিতিৰ হৈ
সঞ্জীৱ পল ডেকা