পৃষ্ঠা:Khojar Xabda.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছে। নাটৰ বহুৱা কণটিলৌৱে গোটেই গাঁওখনকে হহুৱায় অথচ তেওঁ বাস্তৱ জীৱনত চকুৰ পানীৰে বাট নেদেখা হৈছেগৈ। সমাজতান্ত্ৰিক বাস্তৱতাৰ শ্ৰেণীদ্বন্দ্বও ‘বহুৱা’ গল্পৰ উপজীব্য স্বাভাৱিকতেই হৈছেগৈ। কণটিলৌ তেওঁৰ পত্নীৰ দ্বাৰা পৰিত্যক্ত হৈছে, গো-বধৰ পাতকী হৈ অবৰ্ণনীয় কষ্টৰ সন্মুখীন হ'ব লগাত পৰিছে আৰু অৱশেষত দেউৰ পত্নীৰ সৈতে অবৈধ যৌন সংসৰ্গত লিপ্ত হৈছে। বহুৱালি বা বহল অৰ্থত অভিনয়ৰো এটি বিশেষ ভূমিকা আছে গল্পটোৰ বয়নতঃ কণটিলৌক পুৰুষত্বহীন সজোৱা পত্নীহে কাঠ-বাঁজী— এই কথা প্ৰতিপন্ন হৈছে কণটিলৌ আৰু দেউ-পত্নীৰ যৌন-সংসৰ্গৰ অভিজ্ঞতাৰ ৰূপায়ণৰ ভিত্তিত। প্ৰান্তীয় সমাজৰপৰা অহা কণটিলৌ আৰু পৰশু দেৱ মিশ্ৰ দেউ অইন এটা শ্ৰেণীৰ প্ৰতিনিধি। গল্পকাৰসৃষ্ট নাটকীয়তাত শ্ৰেণী-দ্বন্দ্বৰ প্ৰত্যাহ্বানৰ ইংগিত আছে দেউৰ পত্নীয়ে জনোৱা যৌনতাৰ সঁহাৰিতঃ “তিৰোতা হৈকিবা এইবোৰ নুবুজোঁনে?” অলপ দুখ মনেৰেই দেউঅনিয়ে ক’লে, চাবা দুই তিনিমাহ নুঘূৰোঁতেই তুলসীপতীয়া বামুণে তোমাক পৰাচিত কৰি বিদায় দিব।”

 কণটিলৌৰ পৰাচিতৰ সমাপ্তি পৰ্বত তিৰোতাৰ চুলিৰ উল্লেখ আৰু দেউৰ পত্নীৰ চুলি একাকাৰ হৈ পঢ়ুৱৈৰ মনত ব্যাপক অভিঘাতৰ সৃষ্টি কৰিছে –

“পিছদিনা হোলাত জোবোৰা মাৰি তপা মূৰটোৰে ওপৰলৈ উঠি আহি
কণটিলৌৱে দেখিলে, বগা কাগজৰ টোপোলা এটি খুলি দেউৱে দু আঙ্গুল
মান দীঘল এমুঠি চুলি উলিয়াইছে আৰু বিৰিং বাৰাংকৈ কিবা মন্ত্ৰ মাতি চুলিখিনি
হোলাত উটুৱাই দিছে।”

 সত্ৰাধিকাৰ কিছুসংখ্যকৰ জীৱনলৈ নামি অহা দাৰিদ্ৰৰ অমানিশা আৰু তাৰ মাজতো তেওঁলোকে বহন কৰি অনা মানৱতাৰ সেন্দূৰীয়াখিনি অমলিনভাৱে ৰক্ষিত হোৱাৰ ৰূপায়ণ দেখা যায় ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত। সত্ৰাধিকাৰৰ শিষ্য গোবিনক দেখি সুভদ্ৰাৰ মাকে তালৈ সুভদ্ৰাক বিয়া দিবলৈ সত্ৰাধিকাৰৰ আগত অনুনয় বিনয় কৰিছিল। সেই কথা বাস্তৱায়িত হৈছে। অথচ গল্পকাৰৰ বৰ্ণনাৰ নৈপুণ্য এনেধৰণৰ যে সেই কথা কাৰ্যত যেন পৰিণত নহ’বই, তেনে এটি ধাৰণাই পঢ়ুৱৈৰ মনত বাহ বান্ধিবলৈ লয়ঃ আকস্মিকভাৱে এদিন সত্ৰাধিকাৰ, তেওঁৰ পত্নী আৰু শিচ আহি ওলায় আৰু সুভদ্ৰাক লৈ যায়। গল্পটিতে অত্যাচাৰী দণ্ডী কাকতি, মৌজাদাৰৰ দুই পুত্ৰ ভোলা আৰু তিলেশ্বৰক প্ৰত্যাহ্বান জনাইছে সুভদ্ৰাৰ ‘বুঢ়ীমাকে’।

 প্ৰথম পুৰুষত কথিত ‘ভাদৈ পেহী’ গল্পটিত লেখকৰ দৃষ্টিভংগী পঢ়ুৱৈৰ ওপৰত

খোজৰ শব্দ॥২৫