এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিপুল খাটনিয়াৰ
গল্পশিল্পৰ নিপুণ, মানৱ দৰদী কথকজন
বিতোপন বৰবৰা
‘টুংগেই নিহ?’
কোন তুমি? তাই চেপা মাতেৰে সুধিলে।
‘মই নু-ই।’
‘নু-ই? কি হৈছেনো?
নু-য়িয়ে ফুচফুচাই ক’লে, ‘সিহঁতে তাক ধৰি আনিছে, গিৰ্জাৰ ভিতৰত বিচাৰ কৰিছে।
(গল্পৰ শিৰোনাম : ‘মিজোজাই’, পৃষ্ঠা নং ৩৮,
সংকলনৰ নাম ‘তাই কাপোৰ নিপিন্ধে’ )
X X X
“খিখিবেন্দীং।”
খাপ পাতি থকা পাইকাৰী দুটামানে ভেনা মাখিৰ দৰে চোঁ মাৰি আহিলেই।
‘যাং যাং জানগাৰ যা! ফাইখাৰিনী হৰামা।’
আবৌৱে ‘বজাৰখন’ দুয়ো হাতেৰে আৱৰি ধৰিলে, তেওঁ কোনোদিনে কোনো বস্তু পাইকাৰীক নিদিয়ে, বেছি দাম দিলেও নিদিয়ে। ঠাইতে লৈ ঠাইতে বেচে, কি ঠগৰামি!’
খোজৰ শব্দ॥ ৮৫