পৃষ্ঠা:Khojar Xabda.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদাহৰণস্বৰূপে ২০০২ কিম্বা ২০০৩ চন। ‘নতুন পৃথিৱী’ৰ কাৰ্যালয়ত মূৰত কম চুলি থকা এগৰাকী শীৰ্ণ শৰীৰৰ মানুহ সোমাই আহিছিল। তেতিয়া এই লেখক ‘নতুন পৃথিৱী’ নামৰ ত্ৰৈমাসিক আলোচনীখনৰ সম্পাদনাৰ লগত জড়িত। মূলতঃ লেখা-মেলা গোটাই আলোচনীখন প্ৰকাশ কৰা, বিপণন আৰু এজেণ্ট সকলৰপৰা অৰ্থ সংগ্ৰহৰ দায়িত্ব এই লেখকৰ ওপৰত ন্যস্ত আছিল। শীৰ্ণ শৰীৰৰ মানুহজন হুৰমূৰকৈ সম্পাদনাৰ কোঠাটোত সোমাই সুধিলে— “হীৰেন গগৈ নাই নেকি?”

 মানুহজনক কাহানিও দেখা নাছিলোঁ। মই নিজৰ পৰিচয়টো দাঙি ধৰি হীৰেন দা গোলাঘাটত থকা বুলি ক’লোঁ। মোৰ কথাখিনি শুনি মানুহজনে মোলৈ খাম এটা আগবঢ়াই দি ক’লে – “হীৰেন গগৈক এই গল্পটো দিয়া বুলি ক’ব। বিপুল খাটনিয়াৰে দিয়া বুলি ক’লে হ’ল।”

 তাৰপাছত পুনৰ হুৰমূৰকৈ বিপুল খাটনিয়াৰ নামৰ অৱয়ৱটো মোৰ সমুখৰপৰা এখন বাইকত উঠি আঁতৰি গৈছিল। আমাৰ মাজত কোনোধৰণৰ পাৰস্পৰিক চিনাকি পৰ্ব হোৱা নাছিল। সেইদিনাখন সংঘটিত এই অভিজ্ঞতাৰ কথাবোৰ মোৰ মনত আছে যদিও সেইদিনাখন বিপুল খাটনিয়াৰ নামৰ লেখকজনে কি বৰণৰ কাপোৰ পিন্ধি আছিল, গলত ওলমাই অনা বেগখনৰ ৰঙ কেনেধৰণৰ আছিল, উঠি যোৱা বাইকখন কি বৰণৰ বা তাৰ নম্বৰ-প্লেট কি আছিল সেইবোৰ আজি মোৰ স্মৃতিত মজুত নাই।

 পৰৱৰ্তী সময়ত বিপুলদাৰ লগত অন্তৰংগতা গঢ় লৈ উঠিল। ‘নতুন পৃথিৱী’ৰ কাৰ্যালয়ৰপৰা আৰম্ভ কৰি বিৰিঞ্চি কুমাৰ দাসৰ ডি টি পি চেণ্টাৰত আমাৰ আড্ডা প্ৰায় নিৰৱচ্ছিন্নভাৱে চলি থাকিল। মাজে-সময়ে তেখেতৰ কোনো এটা গল্প লৈ যদি আড্ডা চলে তেন্তে আন কোনো এদিন মই লেখা কোনো প্ৰবন্ধকলৈ বিতৰ্ক চলে। মাজে সময়ে চাহ-বিস্কুটৰ পৰ্ব চলি থাকে। এদিনাখন আক্ষেপেৰে কৈছিলোঁ— ‘বুইছে বিপুল দা, অমুক যদি অমুকৰ সম্পাদক হৈ থাকিলেহেঁতেন তেন্তে মই এতিয়ালৈকে প্ৰতিষ্ঠিত গল্পকাৰ হৈ উঠিলোঁহেঁতেন।’

 সেইদিনাখন সুদীৰ্ঘ সময়ৰ বাবে বিপুল দাই আমাৰ আগত উন্মোচন কৰি দিছিল সৃষ্টিশীল সাহিত্যৰ বিভিন্ন লবীৰ অলেখ কাহিনী। সুধিছিলোঁ— “ আপুনি ইমান অসাধাৰণ গল্প লিখে, অথচ সেই হিচাপত স্বীকৃতি পালে জানো?”

 আপোনভোলা হাঁহিটোৰে বিপুলদাই কৈছিল—“স্বীকৃতিৰ বাবে কোনে লিখে! এই যে কিবা এটা লিখিবলৈ, কিবা এটা কৈ দিবলৈ, সকলোকে জনাই দিবলৈ মনৰ

ভিতৰত এক তাগিদা আহি থাকে তাৰ বাবেই বহুতে লিখে। ভিতৰত সাঁচি ৰখা

১৪৬॥খোজৰ শব্দ