পৃষ্ঠা:Khojar Xabda.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

□বিষয়বস্তুৰ সৈতে আংগিকৰ মই বুজাত কোনো বিৰোধ নাই, এটা আনটোৰ পৰিপূৰকহে। আচলতে বিষয়বস্তুৱেহে আংগিক নিৰ্ণয় কৰে— আৰু সবল কৌশলী আংগিকে কঠিন বিষয়বস্তুকো সহজে গ্রহণযোগ্য কৰি তোলে। ‘গোলাম’ গল্পটোৰ বিষয়বস্তু মধ্য যুগৰ অসমৰ দাস-ব্যৱস্থা। বিষয়টো জটিল আৰু মনে সহজে মানি ল’ব নিবিচৰা। সেয়ে পাঠকৰ বিশ্বাসভাজন হোৱাৰ স্বাৰ্থতে থলুৱা সমলসমূহৰ আশ্রয় লোৱা হৈছে। সবল আংগিক যেন পচলাত দিয়া খাৰ । আকৌ, বিষয়বস্তু সমাজ আৰু মানুহৰ কামত অহা নহ'লে— জোৰদাৰ নহ'লে আংগিকসর্বস্ব লীলা- খেলা খোলাকটিৰ তাল হৈ পৰিব। মই ভাবোঁ, বিষয়বস্তু হ’ল আঁটি-আঁটি বন্ধা কোনো প্রতিমাৰ খেৰৰ জুমুঠিটো। জুমুঠিটো দুৰ্বল হ’লে দেৱীয়েনো শক্তিশালী অসুৰ বধ কেনেকৈ কৰে? ইয়াৰ ‘অসুৰ বধ’ মানে হ’ল সৃষ্টিৰ উদ্দেশ্য সাধনৰ প্রতীক। ভাষা হ’ল আংগিকৰ মূল, যেন প্রতিমা গঢ়িবৰ বাবে বিচাৰি লোৱা প্ৰয়োজনীয় আলতীয়া মাটি ৷ তেনে মাটিৰ অভাৱত খনিকৰসকলে হেনো থলুৱা জৈৱিক অথবা অজৈৱ কৃত্ৰিম কৰাল বা আঠাও মিহলি কৰি লয়। বিষয়বস্তু আৰু আংগিকৰ বিৰোধ হয় তেতিয়া, যেতিয়া সৃষ্টিশীল লেখাৰ বিষয়বস্তু হয় দুর্বল, নহয় বিষয়হীন বা নৈৰাজ্যবাদী অথবা সমাজৰ প্ৰতি উদাসীন, ভাব বিলাসী- আৰু কেৱল আংগিকৰ আশ্রয়ী।

‘বহুৱা’ গল্পটো পঢ়িলে আৰু এটা ভাব মনলৈ আহে— ইয়াৰ কথকতাই গল্পৰ সুনির্দিষ্ট কেনভাছখন অতিক্ৰম কৰি যেন উপন্যাসৰ গঢ় এটা লৈছে৷ ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পৰ কেনভাছখনো অলপ বহল —‘গোলাম’ গল্পটোকো তেনেকুৱা যেনেই লাগে। এইকেইটা গল্প ৰচনাৰ সময়ত আপোনাৰ চিন্তাত উপন্যাসৰ ভাবনা আছিল নেকি?

□ মই ভাবোঁ শৈলীৰ এনে কটকটীয়া ধাৰণা শিল্পৰ বাবেই ক্ষতিকাৰক। মুকলি বিচৰণৰ বাবে কিছু শিথিলতাও লাগে। মই লিখোঁতে বিপজ্জনকভাৱে পাঠকসকল চকুৰ আগত ভাহি থাকে। সেয়ে দুয়োকূল বচাবলৈ কেতিয়াবা এটা মধ্যম পন্থাৰ প্ৰয়োজন হৈ পৰে । চুটি গল্প বিজ্ঞানৰ পৰশেৰে জ্যোতিষ্মান হৈ উঠা আধুনিক জীৱন যাত্ৰাৰহে ফচল। এই আধুনিক জীৱনকো ভঙা গঢ়াৰ মানসিকতাই লেখক এজনক সততে ক্ৰিয়া কৰিব পাৰে— সেয়ে শৈলীৰো কাঠামো ভঙা আৰু নতুনকৈ সজাই লোৱাৰ প্ৰয়োজনক অস্বীকাৰ কৰা টান হৈ পৰে। উপন্যাস কোনো মতে এটা দীঘল গল্প হ’ব নোৱাৰে, ইয়াৰ শৈলী গল্পতকৈ সুকীয়া আৰু প্ৰাচীন। মোৰ ‘কাৱৈমাৰী

২৮৮॥খোজৰ শব্দ