পৃষ্ঠা:Khojar Xabda.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিভেদ আৰু শোষণ-বঞ্চনাবিহীন এখনি হাঁহিৰ পৃথিৱী বিচাৰি আপুনি যি সংগ্ৰাম কৰিছিল, সেই আধৰুৱা সংগ্ৰাম মইয়ো মোৰ জীৱন কালত যিমান পাৰোঁ কৰি যাম, জীৱনৰ অন্তিম সময়লৈ। সেই প্ৰতিশ্ৰুতিৰেই আপোনাৰ প্ৰতি জনাইছোঁ মোৰ শ্ৰদ্ধাৰ্ঘ। সেই লক্ষ্য আৰু উদ্দেশ্য জীৱনৰ প্ৰতিটো সময়তে ভোঁটা তৰা হৈ মোৰ মন আকাশত উজলি থাকিব।❐

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য)

‘নতুন সাহিত্য পৰিষদ’ৰ এক অনুষ্ঠানত

১৯৬॥খোজৰ শব্দ