পৃষ্ঠা:Khojar Xabda.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লাহে লাহে তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল, চিকিৎসা তেওঁ ঠিকেই কৰিছিল— কিন্তু হয়তো সঠিক চিকিৎসা হোৱা নাছিল। কিন্তু তেওঁৰ উৎসাহ অলপো কমা নাছিল। আগৰ দৰেই তেওঁ সকলো কামতে জড়িত হৈ থাকিছিল। দায়িত্ববোধ এৰি চলা নাছিল। তেওঁৰ অসুখ হৈ থকা সময়তেই আমাৰ শাহু ঢুকাইছিল, আমি কিছুদিনৰ বাবে সৰ্থেবাৰীত আছিলোঁ। তেওঁ অসুখীয়া গাৰেই গুৱাহাটীৰপৰা সৰ্থেবাৰীলৈ গৈছিল। মই তেওঁক তেনেদৰে তাত দেখি একেবাৰে অভিভূত হৈ পৰিছিলোঁ, কিন্তু তেওঁৰ ভগ্নস্বাস্থ্যৰ বাবে চিন্তা কৰিছিলোঁ।

 ‘পেহা-পেহীৰ দুৰ্দিন আৰু মই জোঁৱাইটো হৈ খবৰ নকৰিম, সেয়া হ’বই নোৱাৰে’— সেয়া আছিল বিপুল খাটনিয়াৰৰ স্বভাৱ সিদ্ধ কথা। আমাৰ পৰিয়ালৰ সকলো সদস্যৰে লগত অতি আন্তৰিকতাৰে কাষত বহি লৈ কথা পাতিছিল— যি দৃশ্যই মোৰ হৃদয় চুই গৈছিল।

 লাহে লাহে তেওঁৰ শৰীৰ বেছি বেয়া হৈছিল। মৃত্যুৰ কিছুদিন আগতে তেওঁ এবাৰ আহিছিল— যি দিনটো মোৰ বুকুত সদায় সাঁচি ৰাখিম। এনেয়েও তেওঁ আমাৰ ঘৰলৈ প্ৰায়ে আহে। ডাঃ চৌধুৰী মানে তেওঁৰ পেহাকৰ লগত তেওঁৰ গভীৰ বন্ধুত্ব, সেই সূত্ৰে দুয়োৰে অহা-যোৱা, কথা-বতৰা প্ৰায়ে হৈ থাকে। কিন্তু সেইদিনাৰ কথাটো অলপ বেলেগ আছিল। তেওঁ সেইদিনা তেওঁ ৰাতিপুৱাৰ ভাগতে আহি ওলাল, ‘পেহী আজি অকল চাহ খায়েই নেযাম, দুপৰীয়াৰ ভাত, আবেলিৰ চাহ খাইহে যাম’— ঘৰত সোমায়েই তেওঁ ঘোষণা কৰিছিল। ময়ো বৰ ভাল পালোঁ— কাৰণ এই ধৰণৰ আলহি পোৱাটো সৌভাগ্যৰ কথা। ঘৰৰ পৰিৱেশেই সলনি হৈ যায়। ময়ো মোৰ সামৰ্থৰে যিমানখিনি পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছিলোঁ। নেজানো কি খুৱালোঁ, কিন্তু তেওঁ কৈছিল—‘আজি পেহীৰ হাতেৰে অমৃত খালোঁ, মোৰ জীৱনত পাহৰিব নোৱাৰা এসাজ ভাত’, মই আজিও তেওঁৰ কথাষাৰ মনত পেলাই বুকুৰ ক'ৰবাত বিষ অনুভৱ কৰোঁ।

 লাহে লাহে তেওঁ বেছি অসুস্থ হৈ পৰে— উশাহ নিশাহত কষ্ট পোৱা হয়। কৰিবলৈ একো নাছিল, কিন্তু আমি তেওঁক এবাৰ লগ পাব বিচাৰিছিলোঁ। কিন্তু অসুস্থতাৰ বাবে কাকো লগ কৰিব বিচৰা নাছিল। আমি তেওঁৰ কথা মানিছিলোঁ। তেওঁৰ মৃত্যুৰ খবৰ সহজভাৱে ল’ব পৰা নাছিলোঁ, ম্ৰিয়মান হৈ পৰিছিলোঁ। তথাপি মানি ল’বই লাগিব, একাঁজলি অশ্ৰুঅঞ্জলি জনাইছোঁ তেওঁৰ বাবে। মাত্ৰ আশা ৰাখিছোঁ, যি আদৰ্শৰ বাবে জীৱনজুৰি সংগ্ৰাম কৰিছিল সেই আদৰ্শ জীয়াই ৰাখি তেওঁকো জীয়াই ৰখাৰ যেন চেষ্টা কৰোঁ সকলোৱে।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ দক্ষিণ গুৱাহাটী শাখাৰ সভাপতি)

১৯৮॥খোজৰ শব্দ