শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

শ্ৰীমদ্ভগৱদ্‌গীতা

বা

শ্ৰীকৃষ্ণগীতা

কবি ৺গোবিন্দ মিশ্ৰ ভণিত

 

হৰিনাৰায়ণ দত্ত বৰুৱা সাহিত্যিক

সম্পাদিত

[  ]

প্ৰকাশক:
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা এম-এ,
দত্তবৰুৱা এণ্ড কোম্পানী।
নলবাৰী : গুৱাহাটী

 

১১শ সংস্কৰণ
ইং ১৯৭৬ চন

 

মূল্য—৯.০০ টকা মাত্ৰ

 

মুদ্ৰণ:
উমা প্ৰেছ
নলবাৰী : অসম

[  ]

আগকথা

“সাধুসকলৰ অৱশেষ উক্তিয়েই আমাৰ কথা”
         —সাধু তুকাৰাম।

 মহাভাৰতৰ সময়ত কুৰুক্ষেত্ৰত কুৰু-পাণ্ডবৰ ভিতৰত যি মহাসমৰ হৈছিল, তাত ৰণ কৰিবলৈ প্ৰস্তুত হোৱা আত্মীয়-স্বজনক অৰ্জ্জুনে দেখি ৰণ কৰিবলৈ তেওঁৰ ইচ্ছা নোহোৱা হয়, ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনৰ মোহ দেখি নানা উপদেশ দি অৰ্জ্জুনৰ মোহ নষ্ট কৰে। অৰ্জ্জুন শ্ৰীকৃষ্ণৰপৰা উপদেশ পাই ৰণ কৰাটো স্বধৰ্ম বুলি বুজি পায় আৰু ৰণ কৰিবলৈ সম্মত হয়। ৰণৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জ্জুনক দিয়া উপদেশকেই গীতা শাস্ত্ৰ বুলি আমি বহুতে বিশ্বাস কৰোঁ। আমাৰ দেশত বহুত ডাঙৰ ডাঙৰ পণ্ডিতেও ইয়াকে সমৰ্থন কৰে আৰু কিছুমান পণ্ডিতে তাৰ ব্যাখ্যাও এইদৰে কৰে।

 অতি গৌৰৱৰ কথা—আমাৰ অসমৰ গাঁৱৰ বহুত ভক্তে গীতাৰ অৰ্থ কিন্তু এইদৰে গ্ৰহণ নকৰে। প্ৰায় পঁয়ত্ৰিশ বছৰমান আগত এদিনাখন বাঁহীৰাম মহন্ত নামে সামান্য লিখা-পঢ়া শিকা ওচৰৰ গাঁৱৰ কোচ জাতীয় এজন ভকত আমাৰ ওচৰলৈ আহিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৱৰ আদেশত আমাৰ পূৰ্ব্বপুৰুষ মধুনাৰায়ণ দলৈ আতাৰ স্থাপিত সৎসঙ্গী। মঠৰ * লগত এওঁৰ এবাৰ নোৱাৰা সম্বন্ধ আছিল। ভকতজনে মোক ভাতৃৰদৰে স্নেহ কৰিছিল। তেওঁৰ লগত মোৰ গীতাৰ সামান্য আলাপ


 * ১৬৮১ শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৱে দিয়া তামৰ ফলিত “মঠ” বুলি উল্লেখ কৰিছে। আজি-কালি “গোসাঁইঘৰ”, “সচং”হে বোলা হয়। [  ] হওঁতেই তেওঁ কবলৈ ধৰিলে—“বাপা, আমাৰ হৃদয়খনেই কুৰুক্ষেত্ৰ; কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, মিছা, ব্যভিচাৰ অহঙ্কাৰ আদি গৌৰৱ আৰু সত্য, শৌচ, দয়া ক্ষমা, সৰলতা আদি পাণ্ডৱ৷ আমাৰ হৃদয়ত এই দুই শ্ৰেণী ভাৱৰ ভিতৰত অনবৰত ৰণ হৈয়ে আছে। আমাৰ জীৱনটোৱে অৰ্জ্জুন—ৰখৰ ৰথীৰ দৰে আমাৰ দেহ-ৰথৰ অধিপতি তেওঁ। ইন্দ্ৰিয়বোৰে তেওঁক চলায়। কুৰুক্ষেত্ৰ সমৰত অৰ্জ্জুনে শ্ৰীকৃষ্ণক সাৰথি লোৱাৰ দৰে জীৱে শুদ্ধ বুদ্ধিক আশ্ৰয় কৰিলে সংযত হব পাৰে আৰু জীৱে সংসাৰত জয়ী হব পাৰে। বাপা, আমি এই ভাবেহে গীতা পঢ়ো; ইয়াৰ অৰ্থ অতি গহন—অমি বহুত কথা বুজিব নোৱাৰো৷ তোমালোকৰ পূৰ্ব্বপুৰুষ গীতাৰ সেৱক; তুমি অৰ্থ বিচাৰিলে পাবা—দুৰৈত যাব নালাগে।” গীতাৰ আধ্যাত্মিক অৰ্থ এষাৰ হলেও পোনতে উক্ত ভকতৰ পৰাই ইয়াক শুনাৰ আমাৰ সৌভাগ্য ঘটিছিল।

 আমাৰ দেশৰ বাঁহিৰাম ভকতৰ দৰে ভকতসকলে গীতাৰ অৰ্থ যিদৰে গ্ৰহণ কৰিছিল আৰু বৰ্ত্তমানেও কিছুমানে গ্ৰহণ কৰে—এনে অৰ্থকেই ভাৰতৰ বহুত উদাৰ নৈতিক পণ্ডিতে লয়। তেওঁলোকে কয় –“মোহ নষ্ট হোৱা অৰ্জ্জুনে পুনৰ কিৰূপে ৰণ চলাব? হিংসা বা প্ৰতিহিংসাৰ আশ্ৰয় লৈ আক্ৰমণ বা বধ কৰিব কিৰূপে? গীতাৰ শিক্ষা লৈ মানুহ দেৱভাৱাপন্ন নহৈ আসুৰী ভাৱ কিৰূপে লয়? মহাভাৰত এখন ধৰ্ম্মপুথি, গীতা তাৰ এটা বিশেষ অঙ্গ, গতিকে গীতাক ইতিহাস হিচাবে বিচাৰ কৰা যুক্তি বিৰুদ্ধ।

 গীতা এখন উপনিষৎ-ইয়াত ব্ৰহ্মবিদ্যা বিষয়ৰ কৰ্ম্মৰোগ আলোচনা কৰিছে। ইয়াত পোনে পোনে ব্ৰহ্মৰ বিষয় প্ৰশ্ন নকৰি এখন ৰণৰ উপমাৰ আশ্ৰয় লৈ আৰম্ভ কৰিছে। শ্ৰীকৃষ্ণ-অৰ্জ্জুন সকলোৰে পৰিচিত আৰু কুৰুক্ষেত্ৰৰ সৰো সকলোৰে সুবিদিত; সে কাৰণে [  ]  “কৃষ্ণ-অৰ্জ্জুন সংবাদ” ৰূপে গীতাত ব্ৰহ্মৰ আলোচনা কৰিছে। ইয়াত এক গুৰু, অৰ্জ্জুন শিষ্য৷ হৃদয়ক কুৰুক্ষেত্ৰৰ লগত তুলনা কৰিছে; সেহ ৰথ স্বৰূপ, ৰথী অৰ্জ্জুন বা আত্মা, সাৰথি শ্ৰীকৃষ্ণ বা বুদ্ধি, ৰণৰ ঘোঁৰা হৈছে ইন্দ্ৰিয়বোৰ আৰু ঘোঁৰাৰ লাগাম মন।

 গীতাত আত্মা আৰু দেহৰ সম্বন্ধ বুজাইছে আৰু বৈদিক যাগ-যজ্ঞ কৰ্ম্মবহুল জীবন-যাপনৰ নিয়ম নলৈ অনাসক্তভাৱে কৰ্ম্ম কৰিবলৈ আদেশ দিছে। ফলত্যাগ কৰি কৰ্ম্ম কৰাই সমাধিস্থ হোৱা। মানুহৰ দৈৱী আৰু অসুৰী বৃত্তিবোৰৰ যুদ্ধৰ কথাকে লক্ষ্য কৰি উপদেশ দিছে— “তুমি যুদ্ধ কৰাঁ; জ্ঞানৰ অস্ত্ৰ লোৱা আৰু সেই অন্ত্ৰেৰে হৃদয়ৰ অজ্ঞান দূৰ কৰি সমভাৱ লোৱা।” দৈৱী পথত চলাৰ সহায়ৰ বাবে শাস্ত্ৰবিধি মানিবলৈ অৰ্থাৎ জ্ঞানী সাধু পুৰুষৰ প্ৰবৰ্তিত সংযম পথ অনুকৰণ কৰিবলৈ উপদেশ দিছে।

 শেষত সকলো ধৰ্ম্ম ত্যাগ কৰি কেৱল ভগৱানত শৰণ লবলৈ আদেশ কৰিছে; আৰু পৰোপকাৰৰ বাবে কৰা কৰ্ম্মকেই সৰ্বোৎকৃষ্ট কৰ্ম্ম বা নিষ্কাম কৰ্ম্ম আৰু ইয়াকে যজ্ঞাৰ্থে কৰা কৰ্ম্ম বুলিছে। এই কৰ্ম ভগৱানত অৰ্পণ কৰি কৰায়েই সৰ্বধৰ্ম ত্যাগ বা সন্ন্যাস বোলে।

 সংসাৰত মানুহৰ কৰ্ত্তব্য কি? কম কিদৰে কৰি চলিব লাগে— গীতাত তাৰ উপদেশ আছে৷ গীতাৰ শিক্ষা লৈ মানুহে শুভাশুভ ত্যাগ কৰিব পাৰে; সকলো প্ৰাণীতে নিবৈৰ হব পাৰে আৰু ভগৱানৰ লগত যোগ হব পাৰে।

 আমাৰ দেশৰ দেশীয় ভাষাত গোবিন্দ মিশ্ৰই পদ্যত আৰু ভট্টদেৱে গদ্যত (কথা গীতা) গীতাৰ ভাঙনি কৰে। গোবিন্দ মিশ্ৰৰ গীতাত মূলৰ কথাৰ লগত মান কথাও মাজে মাজে যোগ হৈছে; কিন্তু [  ] ভট্টদেৱৰ কথা-গীতাত মূলৰ কথাৰ লগত বেচি যোগ হোৱা নাই। গোবিন্দ মিশ্ৰৰ গীতা পদ্যত ৰচিত হোৱাত সৰ্ব্বসাধাৰণৰ মাজত বৰ বেচিকৈ চলে। কথা গীতাৰ ভাষ্য কিছু টান আৰু কিছু সংক্ষিপ্ত যেনও লাগে। বোধকৰো সেই কাৰণে প্ৰধান প্ৰধান সত্ৰৰ বাহিৰে ইয়াক বিচাৰি পাবলৈ টান৷ পদ গীতাত বৰ বেচি প্ৰচাৰ দেখি ই অনেকৰ দ্বাৰা অনেকবাৰ নকল কৰা হৈছে আৰু তাৰ ফলতেই যেই সেই দুখন পুথিৰ পাঠ ভালেখিনি অমিল দেখা যায়, কোনো কোনো পুথিত নতুন নতুন পদ সুমাই পুথিৰ কলেৱৰো বঢ়াইছে।

 গীতা আমাৰ সংসঙ্গী মথৰ থাপনাৰ পুথি; আমাৰ পিতৃদেৱেও এখন গীতা নকল কৰি পাঠত ৰাখিছিল। পদ গীতাখন কণ্ঠস্থ ৰখাৰ ৰীতি এটা আমাৰ বংশ পৰম্পৰা চলিও আছিল। কিন্তু আমি ওপৰত উল্লেখ কৰা বাঁহিৰাম ভকতক লগ লোৱাৰ পাচতহে গীতালৈ আমাৰ মনত পৰে। তাৰ পাচত আমি আমাৰ নাম-ঘৰত চাওঁ যে আমাৰ পূৰ্ব্বৰ সঞ্চিত গীতা নষ্ট হৈ গৈছে। তেতিয়াৰ পৰা আমি তাল সাঁচীপতীয়া পদ গীতা বিচাৰোঁ; কিন্তু দুখৰ বিষয়, কেইবা বছৰেও ভাল আখৰৰ সম্পূৰ্ণ গীতা আমাৰ হাতত নপৰিল; শেষত থাপনাত আন পুথি থোৱা হল আৰু পাঠৰ বাবে ছপা কৰা গীতা ৰখা হল।

 গোবিন্দ মিশ্ৰৰ গীতা কেইবাজনেও ছপা কৰে; কিন্তু এই গীতাবোৰৰো মিল নাই। আমি পণ্ডিত শ্ৰীযুত লক্ষ্মীনাথ শৰ্মা আৰু পণ্ডিত শ্ৰীযুত খৰ্গেশ্বৰ শৰ্মা (যোৰহাটৰ বৰকটকী কোম্পানীৰ প্ৰকাশিত) দুজনে সম্পাদন কৰা পদগীতা দুখন পঢ়িছিলো। আন আন পূথিৰ দৰে এই দুখনৰো মাজে মাজে অমিল আছে। পোনতে তাল পুৰণি পুথি নাপাই উক্ত পণ্ডিত দুগৰাকীয়ে সম্পাদন কৰা পুথি দুখনকে লৈ পাঠ মিলাই প্ৰকাশ কৰিছিলো; এইবাৰ বৰপেটাৰ পৰা এখন ভাল [  ] আখৰৰ পুৰণি পুথি আনি মিলাই ছপা কৰিলোঁ। গোবিন্দ মিশ্ৰদেৱে গীতামাহাত্ম্যৰ সুকীয়াকৈ লিখা নাছিল; ১৮ শ অধ্যায়ৰ ভিতৰতেই গীতামাহাত্ম্যৰ আৱশ্যকীয় কথাখিনি উল্লেখ কৰিছে। শ্ৰীযুত খগেশ্বৰ বিদ্যাৰত্নদেৱে তেখেতৰ সম্পাদিত গীতাত নিজে গীতামাহাত্ম্যৰ পদ কৰি যোগ কৰি দিছে; আমি অনাৱশ্যক বোধে ইয়াত নিদিলোঁ।

 গ্ৰন্থকাৰ নিজে নামৰ বাহিৰে আন একো পৰিচয় দিয়া নাই। কিছুমানে এওঁক শ্ৰীমাধৱদেবৰ সমযৰ বোলে; কিছুমানে আকৌ ভালেখিনি সময়ৰ পাচৰ বোলে। মহাপুৰুষ মাধৱদেৱে তেৰাৰ অমূল্য ৰত্ন নামঘোষাত গীতাৰ শিক্ষাকেই প্ৰাধান্য দিছে, আনকি কিছুমান ঘোষাত গীতাৰ কথা স্পষ্ট কৰি উল্পেখো কৰিছে। বোধকৰো সেই কাৰণে সেই সময়ত গীতাৰ অনুবাদৰ সিমান আৱশ্যক বোধ কৰা নাছিল৷ গীতাৰ ভাষাও শঙ্কৰী যুগৰ ভাষাতকৈ আধুনিক যেন লাগে। দৰঙ্গৰাজ মহাৰাজ বলিনাৰায়ণ আৰু তেওঁৰ বংশৰ পৰৱৰ্তী কেইবাজন ৰজাৰ দিনত মহাভাৰতৰ কেইটামান পৰ্ব, গীত-গোবিন্দ আদি পুথিৰ অনুবাদ হয়; সম্ভবতঃ গোবিন্দ মিশ্ৰয়ে সেই সময়তেই গীতাৰ পদ কৰিছিল। গোবিন্দ মিশ্ৰক কিছুমানে দৰঙ্গ অঞ্চলৰ আৰু কিছুমানে বৰপেটা মহকুমাৰ কাপলা গাৱৰ বুলি কয়। মিশ্ৰৰ ঘৰ কাপলাত থকা অসম্ভৱ নহব পাৰে; আৰু মহাৰাজ বলিনাৰায়ণ ৰজা উজাই যাওঁতে তেওঁৰ লগত আন আন পণ্ডিতৰ সৈতে হয়তো এৱোঁ দৰঙ্গ পাব পাৰে।

 যোৱা ১৯৷১০৷৪৫ তাৰিখে কামৰূপৰ হালধিবাৰী সত্ৰৰ গোস্বামী এজনৰ লগত গোবিন্দ মিশ্ৰৰ বিষয় আলোচনা কৰোতে তেখেতে অনুগ্ৰহ কৰি সিপিঠিত দিয়া বংশলতাখন দিয়ে। [  ]
অজানন্দ
জয়ানন্দ ভূঞা (কোচ ৰজাই কনৌজৰ পৰা আনে
ধৰ্ম্মৰাজ ভূঞা
হৰিচৰণ (শ্ৰীশ্ৰী হৰিদেৱ শিষ্য)
দামোদৰ
(জাগাৰী)
হৰিমিশ্ৰ
(সন্ন্যাসী)
মাধৱ মিশ্ৰ
(কৈহাটি)
কৃষ্ণ মিশ্ৰৰামমিশ্ৰ
ৰঘুনাথগোবিন্দ মিশ্ৰ
ডালা (মঙ্গলদৈৰ
কালাই গাঁৱৰ ওচৰ)
মুৰাৰি মিশ্ৰ
বালিসত্ৰ

 ৫ম বছৰ ৯সসংখ্যাৰ আৱাহনত শ্ৰীযুত নলিনীকুমাৰ মিশ্ৰদেৱেও গোবিন্দ মিশ্ৰৰ এখন বংশলতা প্ৰকাশ কৰিছে; এই বংশলতা থকা গোবিন্দ মিশ্ৰই গীতাকাৰ হলে তেওঁৰ পুতেক শ্ৰীৰামচন্দ্ৰ ভবানীপুৰীয়া গোপাল আতাৰ শিষ্য হোৱা সম্ভৱপৰ নহব; কিয়নো পীতাম্বৰ* ভট্টাচাৰ্য্য মহাৰাজ নৰনাৰায়ণৰ সময়ৰ; গোপাল আতা মহাৰাজ নৰনাৰায়ণৰ সমসাময়িক শ্ৰীমন্ত শঙ্কৰ মাধৱৰ সময়ৰ৷ এনে অৱস্থাত পীতাম্বৰৰ অধস্তন ৫ম পুৰুষ (মিশ্ৰই প্ৰকাশ কৰা মতে) গোবিন্দ মিশ্ৰৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰে গোপাল আতাৰ পৰা ধৰ্ম্ম ধৰা সম্ভৱপৰ নহয়।


 *পাণ্ডুৰ প্ৰতাপ ভূঞাৰ গুৰু চিলাৰায়ে গৌড়ৰ পৰা অনা। (১৪৪ পৃ কোচবিহাৰেৰ ইতিহাস৷) [  ]  আমাৰ মনে হালধিবাৰীৰ গোস্বামীয়ে দিয়া বংশলতাই বেচি বিশ্বাসযোগ্য। কবিয়ে এই গীতা লিখোঁতে নানা টীকা-ভাষ্য পঢ়ি সেইবোৰৰ সমন্বয় কৰি নিজ ভাষাত প্ৰকাশ কৰিলে; যেনে-

শঙ্কৰী ভাষ্যৰ মতক আলোচি
 টীকা চাই হনুমন্ত।
আনন্দগিৰিৰ টীকা যে স্বামীৰ
 দুইৰো জিজ্ঞাসিয়া মত॥ ৩২

 এইদৰে টীকা-ভাষ্যবোৰৰ সাৰ সংগ্ৰহ কৰি জনসাধাৰণে বুজিব পৰাকৈ লিখোঁতে ঠায়ে ঠায়ে বৰ্ণনা বহুল হব পাৰে বুলি কবিয়ে সন্দেহ কৰি লিখিছে:—

শ্লোক অৰ্থ চাই পদ বঢ়া পাই
 দোষ নধৰিবা মোক।
দূষণ সিদ্ধান্তে শঙ্কা পদ কৈলো
 সুগমে বুজোক লোক॥ ৩৫

 দ্বাদশ অধ্যায়ত ভক্তৰ লক্ষণ এনে সহজ ভাৱে লিখিছে:—

প্ৰিয় ভৈলে তাহাতো নোহয় আনন্দিত।
অপ্ৰিয়ত দ্বেষ্য নকৰয় কদাচিত॥
শোক নকৰয় ধন পুত্ৰ ভৈলে নাশ।
নাপাইবাৰ বস্তুত নকৰে অভিলাষ॥
শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে।
ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে॥

[ ১০ ]

পুত্ৰতো যিমতে বুদ্ধি শত্ৰুতে সিঠান।
সেহিমতে সম হৈব মান অপমান॥
সুখ দুখ শীত উষ্ণ দুইতো সমমতি।
পুত্ৰ দাৰা গৃহত নাহিকে আসকতি॥
হৰিষ বিষাদ নাহি স্তুতি নিন্দা শুনি।
সেহিসে পৰম ভক্ত তাকে বুলি মুনি॥ ৫৩৬৪

 আমাৰ সম্পাদনাত নানা ত্ৰুটী ঘটাৰ সম্ভৱ। সুধীজনৰ হাতত আমাৰ দোস নিশ্চয় ধৰা পৰব। আশা কৰো সদাশয় সুধীসকলে যেতিয়া আমাৰ যি ত্ৰুটী দেখে, আঙুলিয়াই দি কৃতজ্ঞতা পাশে আৱদ্ধ ৰাখিব।


নলবাৰী।
২১ কাতি, ৫০০ শঙ্কৰাব্দ।
বিনীত,
শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা
 

[ ১১ ]

শ্ৰীকৃষ্ণায় নমঃ

শ্ৰীমদ্ভগৱদ্‌গীতা

মঙ্গলাচৰণ

দুলড়ী

প্ৰথমে গুৰুক  নমস্কাৰ কৰো
  শিৰ দিয়া চৰণত।
যাৰ উপদেশে  জ্ঞানক প্ৰকাশে
  গুচিল অবিদ্যা যত॥
শুদ্ধ সত্ত্ব মতি  কৃষ্ণত ভকতি
  পাদপদ্মে নিষ্ঠা যাৰ।
ছদ্মবেশ ধৰি  মহাভাগৱত
  লোকক কৰা নিস্তাৰ॥ ১
কৃষ্ণ পাদপদ্ম  মকৰন্দ পানে
  ভক্তি-ভাৱে হৈয়া মত্ত।
বাসুদেৱ বুদ্ধি  সবাকে দেখয়
  জ্ঞানৰ বুলিয়া তত্ত্ব॥

[ ১২ ]

কায় বাক্য মনে  গুৰুৰ চৰণে
  নতি কৰো থাকি দুৰে।
চুম্বক মণিৰ  সন্নিধান পায়া
  লোহা যেনমতে ঘূৰে॥ ২
মই কোন চাৰ  কৃষ্ণক পাইবাৰ
  যাহাৰ প্ৰসাদে জ্ঞান।
চৰণত নতি  নছাবোক মতি
  ত্ৰাহি গুৰু ভগৱান॥
জয় জয় দেৱ  চৰণে বন্দোহো
  নাৰায়ণ নিৰাকাৰ।
সুৰ নৰ মুনি  ধ্যানত নপাৱে
  ৰূপ দেখা নাহি যাৰ॥ ৩
ছয়গোটা তৰ্কে  বাদ কৰি মৰে
  নপাৱয় পৰিচ্ছেদ।
সাক্ষাতে ব্ৰহ্মক  কহিতে নপাৱে
  সিসে মুখে কহে বেদ॥
আপোনাৰ মায়া  আশ্ৰয় কৰিয়া
  সংসাৰ স্ৰজয় স্বামী।
যত চৰাচৰ  ব্ৰহ্মা মহেশ্বৰ
  সবাহাৰে অন্তৰ্য্যামী॥ ৪
মৎস্য-কূৰ্ম্ম আদি  যত অৱতাৰ
  ঈশ্বৰৰ অংশ নিষ্ট।

[ ১৩ ]

বসুদেৱ ঘৰে  ব্যক্ত ভৈলা আসি
  সেহি পূৰ্ণব্ৰহ্ম কৃষ্ণ॥
সে নন্দনন্দন  জগতবন্দন
  চৰণে শৰণ লৈলো।
কৃষ্ণৰ পদৰ  মধুলোভ আশে
  সে ধনে বিক্ৰয় গৈলো॥ ৫
মিশ্ৰে যে কহয়  ভৱ দুখময়
  চৰণে নেৰিয়ো দায়া।
চৌৰাশী নৰক  গৃহে থাকি ভুঞ্জো
  গুচায়ো সংসাৰ মায়া॥
যিটো গৃহবাস  ভাৰ্য্যাবেসে দাস
  কহিলো পৰম আৰ্য্যা।
বানৰক যেন  নৰ্ত্তকে নচাৱে
  স্বামীক নচাৱে ভাৰ্য্যা॥ ৬
মোৰ পুত্ৰ দাৰ  বস্ত্ৰ অলঙ্কাৰ
  কেনমতে ভালে খাই।
ৰাত্ৰি দিনে মন  কৈত পাইবো ধন
  এহি সমাধিতে যায়।
যিটো নাৰীৰূপ  যেন অন্ধকূপ
  আমি তাতে অন্ধমতি।
নৱগোটা দ্বাৰে  মূত্ৰ স্নেহ বহে
  তাহাতে কৰোহো ৰতি॥ ৭

[ ১৪ ]

এহি হৌক ভাল  থাকো চিৰকাল
  যেহেন স্বপ্ন পৰায়।
সূৰ্য্যকান্তি যেন  চন্দ্ৰ ৰশ্মি পাইলে
  সন্ধ্যাবেলা গলি যায়॥
শুনা সভাসদ  মহা হাস্যাস্পদ
  মোহিলে কিনো অজ্ঞানে।
জল মল দ্বাৰ  দুয়োটা দুৰ্গন্ধ
  তভো তাকে সুখ মানে॥ ৮
পৰৰ জীউক  বিহা কৰি আনি
  তাতে কৰৈ বহু ভোগ।
তাহাক লাগিয়া  বাপ মাৱ এৰে
  তেজয় বন্ধু-বান্ধৱ॥
স্নেহ সমে লাল  মুখে চুপি পিয়ৈ
  অমৃত সমান জ্ঞানে।
কৰ্ণে কূট কথা  জল্পিয়া কহয়
  গুৰু-মন্ত্ৰ বুলি মানে॥
মাংসতে অপৰ  মাংস মিলাৱয়
  দুখকে মানয় হিত।
অন্ধকাৰ প্ৰায়  প্ৰৱৰ্ত্তিয়া যায়
  অবিচাৰে বিপৰীত॥
সংসাৰ স্বৰূপে  গৃহ অন্ধকূপে
  তল গৈলো নিতে নিত।

[ ১৫ ]

কৃষ্ণৰ চৰণ  সংসাৰ তৰণ
  ইটো কোন প্ৰায়শ্চিত্ত॥ ১০
ইটো অধৰ্ম্মক  নামক নলাগে
  খণ্ডাইবো সংযম দ্বাৰে।
শৃগালক লাগি  সিংহক নলাগে
  কুকুৰে খেদাইতে পাৰে॥
অপাৰ সংসাৰ  সুখে হোৱে পাৰ
  যিটো স্মৰে ৰাম বাণী॥
কাকক লাগিয়া  সুৱৰ্ণৰ কাণ্ড
  যেন নকৰয় হানি॥ ১১
ঈশ্বৰৰ নাম  কেহো নোহে সম
  কেৱলে মোক্ষৰ হেতু।
স্মৰণ মাত্ৰকে  দহে নিৰন্তৰে
  পাতকৰ ধূমকেতু॥
গীতাত আছয়  সৰ্ব্বশাস্ত্ৰ অৰ্থ
  লৈবাহা বিচাৰি চাই।
গীতা-সমুদ্ৰত  সান্থোৰ মেলিলো
  গুৰু কৃপা অল্প পাই॥ ১২
যতী ব্ৰহ্মাচাৰী  গৃহী বানপ্ৰস্থ
  চাৰিৰো আশ্ৰম ধৰ্ম্ম।
চাৰিৰো লক্ষণ  আচাৰ কহিবা
  যাৰ যেনমতে কৰ্ম্ম।

[ ১৬ ]

ব্ৰাহ্মণ ক্ষত্ৰিয়  বৈশ্য শূদ্ৰ চাৰি
  বৰ্ণৰ আচাৰ বত।
কৰ্ম্ম ক্ৰিয়া দান  স্বধৰ্ম্ম কহিবা
  ভক্তিৰো কহিবা তত্ত্ব॥ ১৩
সাংখ্য কৰ্ম্মযোগ  অষ্টাঙ্গ কহিবা
  প্ৰবৃত্তি নিবৃত্তি পথ।
জ্ঞান ভক্তি দুইৰো  সমস্তে কহিবা
  দৈৱী আসুৰীৰ মত।
ন্যায় মীমাংসাৰ  শ্ৰুতি পুৰাণৰো
  বেদান্তৰ যত নয়।
তন্ত্ৰ আগমৰ  বেদ শিৰোভাগ
  গীতাত সবে আছয়॥ ১৪
সগুণ নিৰ্গুণ  সাকাৰ চিন্তন
  বৈৰাগ্যৰ যেন মত।
বদ্ধমুক্ত জীৱ  দেহাত্মা কহিবা
  সকাম নিষ্কাম তত্ত্ব॥
দেৱাসুৰে সিন্ধু  মন্দৰ মথিলা
  যেন লক্ষ্মী ব্যক্ত ভৈলা।
সৰ্ব্বশাস্ত্ৰ-অস্ত্ৰ  গূঢ় মন্ত্ৰভাগ
  ভাৰতে কৃষ্ণ কহিলা॥ ১৫
ব্যাস আদি কৰি  যত ঋষিগণ
  শাস্ত্ৰ কহিলন্ত তান।

[ ১৭ ]

সবাৰো সংশয়  এতেকে ছেদয়
  গীতাক কৰি প্ৰমাণ।
মাতৃসে জানয়  কাৰ বীৰ্য্যে পুত্ৰ
  যেন নজানয় আনে।
ঈশ্বৰ মুখৰ  যত বেদবাক্য
  জানিবাক পাৰে কোনে॥ ১৬
শঙ্কৰী ভাস্কৰী  মতক আলোচি
  টীকা চাহি হনুমন্ত।
আনন্দগিৰিৰ  সুবোধিনী টীকা
  চাৰিৰো জিজ্ঞাসি তত্ত্ব।
চাৰি টীকা চাই  যিমানে বুজিলো
  মতি অনুসাৰে লৈলো।
কৃষ্ণ চৰণত  হৈয়া অনুগত
  শ্লোক ভাঙ্গি পদ কৈলো॥ ১৭
শ্লোক অৰ্থ চাই  পদ বঢ়া পাই
  নিন্দা নকৰিবা মোক।
দূষণ সিদ্ধান্ত  শঙ্কা পদ কৈলো
  সুবোধে বুজোক লোক।
যিটো হনুমন্ত  আপুনি মহেশ
  সৰ্ব্বজ্ঞতা আতিশয়।
পূৰ্ব্বাপৰ যত  দুষণ সিদ্ধান্ত
  তেহেসে দিলা নিৰ্ণয়॥ ১৮

[ ১৮ ]

যুগ যে ত্ৰেতাত  ঈশ্বৰ কৃপাত
  অৰ্থ জানি মহাভাগে।
নাহি ভাষ্য হন্তে  ভক্ত হনুমন্তে
  টীকা কৰিলন্ত আগে॥
পদ্ম নেত্ৰদল  ভকত বৎসল
  ভক্তবাক্য ৰাখি নিষ্টে।
দ্বাপৰ শেষত  কলিৰ আদ্যত
  পাৰ্থক কহিলা কৃষ্ণে॥ ১৯
দেখা কেনে ভাব  ভক্তিৰ প্ৰভাৱ
  যশোদা ব্ৰহ্মক বান্ধে।
ৰাধাৰ পাৱক  হৃদিত ধৰিয়া
  গোপীক বহিলা কান্ধে॥
কদম্বে চৰিলা  হ্ৰদত পৰিলা
  দংশিলেক কালী বীৰে।
ভৃত্য বুলি তভো  নিৰ্ভয় দিলন্ত
  পদচিহ্ন থৈলা শিৰে॥ ২০
বস্ত্ৰক খুজিল  ধোবা গালি দিলা
  তভো তাক কৃপা কৈলা।
চৱৰেক মাৰি  বস্তু লৈলা কাঢ়ি
  মৰি চতুৰ্ভুজ ভৈলা॥
পন্থে যাইতে কুজী  ৰামকৃষ্ণ খুজি।
  পিন্ধিলা তাইৰ চন্দন।

[ ১৯ ]

সাক্ষাতে ব্ৰহ্মৰ  বস্ত্ৰে ধৰিলেক
  তাঙ্ক দিলা আলিঙ্গন॥ ২১
জাতিত চণ্ডাল  স্পৰ্শযোগ্য নয়
  যাক বোলে সৰ্ব্ব নৰে।
ভক্তিত বিক্ৰয়  গৈয়া দয়াময়
  হৰি থাকে তাৰ ঘৰে॥
বনবাসে আছে  ৰাজা যুধিষ্ঠিৰ
  ৰাজ্য এৰি দুখ পায়।
অযুতেক শিষ্য  সহিতে দুৰ্ব্বাসা
  ভিক্ষা মাগিলন্ত যায়॥ ২২
তোক অন্ন দিবো  মোৰ কিনো ভাগ্য
  স্নান কৰা ঋষিগণ।
দ্ৰৌপদাক বোলে  দুৰ্ব্বাসা আসিল
  শীঘ্ৰে সাজ কৰা অন্ন॥
দ্ৰৌপদী বোলয়  মাগি আনা চাউল
  আগে ৰান্ধি-বাঢ়ি খাইলো।
যিবা অগ্নিদত্ত  খালীগোট আছে
  ধুই-পখালিয়া থৈলো॥ ২৩
থালী নুধুইলে  মই নুভুজিলে
  লক্ষকে ভুঞ্জাইতে পাৰো।
সড়ৰস অন্ন  যতেক লাগয়
  ততেক দিবাক পাৰো॥

[ ২০ ]

অন্নক নপাইলে  দুৰ্ব্বাসা শাপত
  পাণ্ডুকুল ভস্ম যায়।
কৃষ্ণ ব্যতিৰেকে  দুৰ্ব্বাসা-সাগৰে
  ত্ৰাণকৰ্ত্তা কোনো নাই॥ ২৭
ভক্তৰ সংশয়  জানি কৃপাময়
  তেক্ষণে আসিয়া ভৈল।
কৃষ্ণ বোলে কিবা  ভক্ষ্য দিতে পাৰা
  ভোখে মোৰ প্ৰাণ গৈল॥
বোলন্ত দ্ৰৌপদী  আগে ৰান্ধি খাই
  থালীক পথালি থৈলো।
দুৰ্ব্বাসাতো চাই  তোমাৰ বাক্যত
  সমুলঞ্চে তল গৈলো॥ ২৫
কৃষ্ণ বোলে কিবা  থালীৰ কুষিত
  অন্ন লাগি আছে তাতে।
চাহিয়া দ্ৰৌপদী  কণ এক শাক
  আনি দিলা কৃষ্ণ হাতে॥
কৃষ্ণৰ সন্তোষে  ত্ৰৈলোক্য সন্তোষ
  সেহিকণ শাক খাই।
দুৰ্ব্বাসাৰ ক্ষুধা  সমস্তে গুচিলা
  তিলমাত্ৰ ক্ষুধা নাই॥ ২৬
দুৰ্ব্বাসা বোলন্ত  এতমাত্ৰ ক্ষুধা
  শুচি গৈলা কোন কাজে।

[ ২১ ]

আগ-পাচ চাই  সমস্তে পলাই
  শীঘ্ৰে অন্তৰিলা লাজে॥
কতো বেলি মানে  গুণিয়া পাৱন্ত
  দুৰ্ব্বাসা যে মহাজ্ঞানী।
জানিলো সম্প্ৰতি  পাণ্ডৱক প্ৰতি
  তুষ্ট ভৈলা কৃষ্ণ স্বামী॥ ২৭
হেনয় বন্ধুৰ  কৰুণা সিন্ধুৰ
  চৰণে শৰণ লৈলো।
কৃষ্ণ-সেৱকৰ  পদধূলি লৈয়া
  মই কৃতকৃত্য ভৈলো॥
গীতা শাস্ত্ৰখন  সমুদ্ৰ সমান
  তভো গহ কৈলো আতি।
অদৃশ্য ব্ৰহ্মক  যেন পাইবে খোজে
  যোগ আৰম্ভিয়া যতী॥ ২৮
যদি সাঙ্গে পূৰ্ণ  কৰিতে নাপাৰে
  ঈশ্বৰত হউক মতি।
যেন গঙ্গাযাত্ৰা  পথে প্ৰাণ এৰে
  তভো পাৱে তীৰ্থ-গতি॥
গোবিন্দ মিশ্ৰে কয়  তেতিয়া সংশয়
  ৰাম কৃষ্ণ মুখে স্মৰা।
সঙ্গে আছে কাল  এৰা আল জাল
  সুখে সংসাৰক ভৰা॥ ২৯

[ ২২ ]

পদ

পুনৰপি কৃষ্ণক মোহোৰ নমস্কাৰ।
প্ৰৱন্ধে গীতাৰ পদ কৰিবো প্ৰচাৰ॥
জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ মোৰ।
মধ্যস্থজনক লাগি কৰো হাতযোৰ॥ ৩০
সামান্যজনক প্ৰতি বোলো প্ৰিয়বাণী।
নিন্দা নকৰিবা মোক অতি অল্প জানি॥
আকাশত পক্ষী উৰে যত দূৰ পাৰে।
মই পদ কৰিবোহো মতি অনুসাৰে॥ ৩১
যদ্যপি শাস্ত্ৰৰ মই নজানো নিশ্চিত।
তথাপিতো কৰিবোহো কৃষ্ণৰ চৰিত॥
যেন বৰিষয় মেঘে গঙ্গাৰ উপৰে।
মিশ্ৰ জলো মহাপাতেকত হন্তে তৰে॥ ৩২
যেন অগ্নি কাঞ্চা কাষ্ঠ নহি কৰে ছাই।
পাপীও নিস্তাৰ হোৱে সাধুসঙ্গ পাই॥
হৰিক উদ্দেশি যিটো অবাচ্যক ৰটে।
তন্ত্ৰ-মন্ত্ৰ শ্ৰুতি বেদে তভো তাক নাটে॥ ৩৩
কতোগুলা বাক্য যেন শুনিতে সুন্দৰ।
কিন্তু জন্ম-কৰ্ম্ম গুণ নাহি ঈশ্বৰৰ॥
গদ্য পদ্য পদ আড়ম্বৰ চমৎকাৰ।
তাক যিটো পঢ়ে গুনে বৃথা শ্ৰম তাৰ॥ ৩৪

[ ২৩ ]

তাক কহি ৰসীজনে মহাপ্ৰীতি পাই।
যেন বেঙ্গে আটাসিয়া মৰে পানী পাই॥
আৰোবাৰ নমস্কাৰ পদাৰবিন্দত।
শুনিয়োক গীতাশাস্ত্ৰ হয় যেনমত॥ ৩৫
উপনিষদ্ বেদ মত ধেনুৰূপ ভৈল।
ধনঞ্জয় বৎস জানা দোহক গোপাল॥
গীতাশাস্ত্ৰ দুগ্ধ ভৈলা অমৃত সমান।
পৰম আনন্দে সাধুসবে কৰে পান॥ ৩৬
ঈশ্বৰ বোলন্ত মই পৃথিবীৰ ভাৰ।
সংহাৰিবো মাত্ৰ আৰো যাবো পুনৰ্ব্বাৰ॥
একে যে পাপিষ্ঠ কলি দুৰ্ঘোৰ সংসাৰ।
কেনমতে মোৰ ভক্তে পাৰ হোৱে আৰ॥ ৩৭
সাক্ষাত ঈশ্বৰ জানিবাহা পূৰ্ণ অংশে।
পূৰ্ণব্ৰহ্ম কৃষ্ণ ব্যক্ত ভৈলা যদুবংশে॥
পাচে কৃষ্ণ অংশৰূপ বাক্য কৰি বাজ।
অৰ্জ্জুনত কহিলন্ত ৰণভূমি মাজ॥ ৩৮
অৰ্জ্জুন নিমিত্ৰ ভৈলা লোক উপকাৰ।
তাকে কহি শুনি ভক্তে তৰোক সংসাৰ॥
আপোনাৰ মূৰ্ত্তি গীতা অংশে ব্যক্ত কৈলা।
সঙ্কেতে কহিলা যাতত গীতা নাম থৈলা॥ ৩৯
আন শাস্ত্ৰে তন্ত্ৰে বেদে নপাৱে নিশ্চিত।
কৃষ্ণৰ মুখৰ গীতা সাক্ষাতে অমৃত॥

[ ২৪ ]

ঈশ্বৰৰ বেদবাক্য বুজিতে নপাৰে।
আছোক যে আনে ব্ৰহ্ম নুবুজে শঙ্কৰে॥ ৪০
ঈশ্বৰত বিনে বেদ নজানয় আন।
যাক বুলি গীতাশাস্ত্ৰ বেদৰ প্ৰমাণ॥
গূঢ় গ্ৰন্থ গূঢ় অৰ্থ যেন মহোদধি।
শুনিলাতে ধৰ্ম্ম অৰ্থ চতুৰ্ব্বৰ্গ সিদ্ধি॥ ৪১
গীতা নিশ্চয় ৰূপে অভ্যাসয় নৰ।
নলাগয় শাস্ত্ৰ তাৰ পঢ়িবে বিস্তৰ॥
সৰ্ব্ব-শাস্ত্ৰ অৰ্থ মথি লৈ তাৰ সাৰ।
বাহ্যভাগ মানে তাৰ কৰি পৰিহাৰ॥ ৪২
হেনয় প্ৰকাৰে ভৈলা গীতাশাস্ত্ৰ খান।
সংসাৰ তৰণী গীতা মুক্তিৰ সোপান॥
যিটোজনে গীতাক শুনয় শ্ৰদ্ধাভাৱে।
কৃষ্ণে ভক্ত হুয়া যে সদৃশ গতি পাৱে॥ ৪৩
এক শ্লোক অৰ্দ্ধ শ্লোক শুনয় গীতাৰ।
তথাপি যমৰ তাত নাহি অধিকাৰ॥
অৰ্থক নজানে শ্ৰদ্ধাযুক্তে পাঠ কৰে।
তথাপি জানিবা সিটো সংসাৰক তৰে॥ ৪৪
একজনে পঢ়ে আনে শুনে শ্ৰদ্ধাভাৱে।
হৰি তাক তৰাৱন্ত সিটো গতি পাৱে॥
কৃষ্ণৰ চৰণে যে গোবিন্দ মিশ্ৰ কয়।
গীতা নাম শুনিয়া পণ্ডিতে সঙ্কোচয়॥ ৪৫

[ ২৫ ]

মই মূৰ্খমতি তভো কৰিলোহো সাস।
কিন্তু গুৰুচৰণৰ কৃপালেশ আশ॥
নীচ হুয়া মহন্তৰ কৰ্ম্মক আচৰে।
হস্তীৰ লাদক দেখি শহা মাৰ্গ ফাৰে॥ ৪৬
কিন্তু গুৰু কৃষ্ণৰ সেৱাৰ পাই বল।
ঈশ্বৰ নিশ্চয়ে ধ্ৰুৱে দিব্যজ্ঞান পাইল॥
মহামহন্তক নমস্কাৰ মোৰ মনে।
সদা নছাৰোক মনে ৰাতুল চৰণে॥ ৪৭
হেন জানি সভাসদ শুনা সাৱধানে।
গীতা পদ বিৰচিবো যথাশক্তি মানে॥ ৪৮

[ ২৬ ]

শ্ৰীকৃষ্ণায় নমঃ

প্ৰথম অধ্যায়।

অৰ্জ্জুন—বিষাদ যোগ

ধৰ্ম্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসবঃ।
মামকাঃ পাণ্ডৱাশ্চৈব কিমকুৰ্ব্বত সঞ্জয়॥

পদ

ধৃতৰাষ্ট্ৰ বদতি যে শুনিয়ো সঞ্জয়।
কুৰু-পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়॥
ভীষ্ম আদি কৰি সবে মহাৰথীগণ।
কহা কোনে কেনমতে কৰিলেক ৰণ॥ ১
সঞ্জয় বদতি শুনিয়োক মহাৰায়।
দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলা একঠাই॥
চক্ৰবেহু পাতিলেক কৌৰৱসকল।
সেনাৰ শৱদে পৃথী কৰে টলবল॥ ২
পাতিলা সঙ্কট বেহু পাণ্ডুৰ তনয়।
যেন কোটি বাহু সূৰ্য্য গ্ৰাসিবে খোজয়॥
হেন দেখি তযু পুত্ৰ ৰাজা দুৰ্য্যোধন।
দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন॥ ৩

[ ২৭ ]

নমস্কাৰ কৰি বোলে গুৰু ভগৱান।
পাণ্ডৱৰ বেহুখান দেখা কেন ঠান॥
বৰ বৰ বীৰ ভীম অৰ্জ্জুন সমান।
শিখণ্ডী সাত্যকি ধৃষ্টকেতু যুযুধান॥ ৪
দ্ৰুপদ বিৰাট কাশীৰাজ ধৃষ্টদ্যুন্ন।
শৈয্য পুৰুজিত কুন্তিভোজ অভিমন্যু॥
বিজয় বিক্ৰান্ত অপৰাজিত সিন্ধুপতি।
সুবেগ উত্তম নীল সুভদ্ৰ সুমতি॥৫
কেকয় যুধামান্যু সাৰঙ্গ সৌবিৰ।
প্ৰতিবিন্দ আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ॥
অতিৰথী মহাৰথী কতো অৰ্দ্ধৰথী।
তাহাৰ লক্ষণ কহো শুনা মহামতি॥ ৬
একে একে ৰথে উঠি কৰয় সংগ্ৰাম।
নিশ্চয় জানিবা তাৰ অৰ্দ্ধৰথী নাম॥
হাজাৰ ৰথক এক ৰথে কৰে ৰণ।
মহাৰথী বুলিয়া কহয় সৰ্ব্বজন॥
অসংখ্যাত ৰথ লেখা-জোখা নাহি যাৰ।
একে ৰথে যুজে অতিৰথী নাম তাৰ॥
আমাৰ দেখিয়ো মূখ্য মুখ্য বীৰগণ।
কৃত কৃতবৰ্ম্মা অশ্বত্থামা দুঃশাসন॥ ৮
কৰ্ণ যে বিকৰ্ণ ভূৰিশ্ৰবা ভগদত্ত।
শাল্ব শল্য কাম্বোজ যে বীৰ জয়দ্ৰথ॥

[ ২৮ ]

বৃষকেতু বৃষসেন ভীষ্ম গুৰু দ্ৰোণ।
সুশৰ্ম্মাক আদি কৰি সংসপ্তকগণ॥ ৯
বিন্দ অনুবিন্দ যে বিসঙ্গ চেদিপতি।
শক যে যৱন তালভদ্ৰ জঙ্ঘমতি॥
সুবেগ মল্লাৰ কৃত বীৰভদ্ৰ ভানু।
পুৰঞ্জন ভগীৰথ পাৰিপাত্ৰ থানু॥ ১০
গয় গদ শতধনু বীৰ ময়মত্ত।
বীতিহোত্ৰ চেদিপতি কাম বীৰদত্ত॥
মোক আদি কৰি শত ভাই ধনুৰ্দ্ধৰ।
সংগ্ৰামে মাৰিবো যদি আসে পুৰন্দৰ॥ ১১
অপৰ্য্যাপ্ত সেনা লেখিবাক কাৰ গহ।
যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ॥
একাদশ অক্ষৌহিণী সেনা ভয়ঙ্কৰ।
সাত অক্ষৌহিণী সেনা পাণ্ডৱ দলৰ॥ ১২
তথাপি আমাৰ সেনাৰ নেদেখোহো বল।
পাণ্ডৱৰ সেনা যেন দেখি কালানল॥
হেন জানি ভীষ্মক ৰাখিয়ো পৰস্পৰ।
পৃষ্ঠভাগে আনে যেন নকৰয় শৰ॥ ১৩
যাৱে ভীষ্ম থাকন্ত আমাৰ কাক ভয়।
সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয়॥
ভীষ্মক নৃপতি কৰিলন্ত সাধুৰ্ব্বাদ।
কুতুহলে সেনাপতি কৰে সিংহনাদ॥ ১৪

[ ২৯ ]

ঢাক ঢোল মৃদঙ্গ যে তুৰি কৰতাল।
পনব আনক ভেৰী দগৰ কাহাল॥
গোমুখ খোমুখ কাংস মৃদঙ্গ ঝঞ্জাৰ।
ৰাম বীণ বংশী যে ডম্বৰু কলন্দৰ॥ ১৫
দুন্দুভি শৱদে মহী কৰে তলবল।
ধুলায়ে ঢাকিলা দিশ গগন মণ্ডল॥
নসহে শৰীৰ কৌৰৱৰ বাদ্য শুনি।
একেবাৰে পাণ্ডৱে কৰিলা শঙ্খধ্বনি॥ ১৬
কৃষ্ণে ফুঙ্কিলন্ত পাঞ্চজন্য শঙ্খবৰ।
পৌণ্ড্ৰক শঙ্খক ফুঙ্কিলন্ত বৃকোদৰ॥
যুধিষ্ঠিৰে বাইলা শঙ্খ অনন্ত বিজয়।
দেৱদত্ত শঙ্খক ফুঙ্কিলা ধনঞ্জয়॥ ১৭
নকুলে বজাইলা শঙ্খ যাৰ নাম মণি।
পুষ্পক শঙ্খক সহদেৱে কৈলা ধ্বনি॥
আনো অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ।
বাদ্য শুনি হৃদিকম্প ভৈলা কৌৰৱৰ॥ ১৮
কৃষক সম্বোধি বাক্য বুলিলা অৰ্জ্জুন।
আগ বঢ়ায়োক ৰথ দেখো সেনাগণ॥
বেহুৰ মধ্যত কোন আছে কোন ভাগে।
তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে॥ ১৯
কৃষ্ণে বৃজিলন্ত অৰ্জ্জুনৰ অভিমত।
উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ॥

[ ৩০ ]

ধনু ধৰি পাৰ্থে টানি কৰিলা টঙ্কাৰ।
দুই শৰে গুৰুক যে কৈলা নমস্কাৰ॥ ২০
গুৰুৰ চৰণে আগে পৰি গৈলা শৰ।
দ্ৰোণে বোলে অৰ্জ্জুন বিজয় হোক তোৰ॥
বেহু মধ্যে অৰ্জ্জুন দেখন্ত গৈয়া পাচে।
যতেক বান্ধৱ-বন্ধু যুদ্ধে আসি আছে॥ ২১
কৃপ অশ্বত্থামা আৰো ভীষ্ম গুৰু দ্ৰোণ।
কৰ্ণ আদি শত ভাই ৰাজা দুৰ্য্যোধন॥
ভ্ৰাতৃ পুত্ৰ নাতি খুড়া খালা যে মাতুল।
শ্বণ্ডৰ ভাগিন সখি আপোনাৰ কুল॥ ২২
প্ৰাণক উৎসৰ্গা কৰি সবে আইলা ৰণ।
তাক দেখি শোকাকুল হৈলন্ত অৰ্জ্জুন॥
অৰ্জ্জুনে বোলন্ত কৃষ্ণ শুনা কৃপাময়।
বন্ধুগণ দেখি মোৰ নসহে হৃদয়॥ ২৩
সকল শৰীৰ কম্পি লোম শিহৰিল।
হস্তৰ গাণ্ডীৱ ধনু খসিয়া পৰিল॥
নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন।
তালু ওষ্ঠ শুষ্ক মুখে নসৰে বচন॥ ২৪
মনত উৎসাহ নাহি বিমঙ্গল দেখি।
এত বৰ পাপৰু কি কাৰ্য্যে কৰো সখি॥
সূৰ্য্যক সম্মুখে শৃগালেও ডাকে পুন।
উভয় সেনা উপৰত ভ্ৰময় শগুন॥ ২৫

[ ৩১ ]

বিমঙ্গল দেখি মোৰ মনত সংশয়।
বন্ধুৰ্গণ বধি মোৰ কিবা ফল হয়॥
যদি বোলা ভয়ে ৰাজ্য দিবো দুৰ্য্যোধন।
প্ৰাণক উৎসৰ্গি আইল ৰাজ্যৰ কাৰণ॥ ২৬
আৰো যদি হেন তাত বোলাহা মাধৱ।
স্নেহে নবধিলে তুমি বধিবে কৌৰৱ॥
তাৰা নুহি বধন্তে যে তুমি আগে মাৰা।
অকণ্টকা পৃথিৱীক সুখে ভোগ কৰা॥ ২৭
যাক লাগি ৰাজ্যধন তাক সংহাৰিবো।
বন্ধুহীন হৈলে পাচে ৰাজ্য কি কৰিবো॥
ইটো ৰাজ্য ত্ৰৈলোক্যৰ যদি হওঁ পতি।
তভো ঘোৰ বন্ধুৰ নকৰিবো আতি॥ ২৮
কৃষ্ণে যেন বোলন্ত তোমাসম মূঢ় নাই।
বিহাক আনিল দ্বিজ ফুৰে চৈত্ৰ গাই॥
ক্ষত্ৰিয়ৰ ধৰ্ম্ম জানি এৰা অসন্তোষ।
আততায়ী বধে শাস্ত্ৰে নধৰয় দোষ॥ ২৯
বন্ধুবধ দেখি তুমি নকৰিবা ভয়।
যিটো আততায়ী তাৰ শুনিয়ো নিৰ্ণয়॥
বলে ধন লৱে বান্ধি অগ্নি দিয়া মাৰে।
ছলে বিষ দেই যিটো ক্ষেত্ৰ দাৰা হৰে॥ ৩০
অস্ত্ৰ-শস্ত্ৰ ধৰি বধিবাক আসে ধাই।
এহি ছয় প্ৰকাৰ বোলয় আততায়ী॥

[ ৩২ ]

সম্প্ৰতি বধিবে লাগি আসে আগবাঢ়ি।
ৰাজ্য ধন তোমাৰ পূৰ্ব্বতে লৈলা কাঢ়ি॥ ৩১
ভীমক মাৰিবে লাগি বিষলাৰু দিলা।
দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নিলা॥
জতুগৃহে থৈয়া আগে অগ্নি দিলা পাচে।
সাঙ্গে-পাঙ্গে ছয় দোষ কৌৰৱত আছে॥ ৩২
হেন জানি কৌৰৱক বধিতে যুৱাই।
আততায়ী বধে দোষ তিলমাত্ৰো নাই॥
অৰ্জ্জুনে বোলন্ত শাস্ত্ৰে দোষ নাহি কহে।
কিন্তু অৰ্থশাস্ত্ৰ সিটো ধৰ্ম্মশাস্ত্ৰ নোহে॥ ৩৩
আৰো যদি হেন তুমি বোলাহা মাধৱ।
তুমি ধৰ্ম্ম জানা কেনে নজানে কৌৰৱ॥
তাৰা ৰাজ্যকাম অৰ্থলোভে বুদ্ধিহত।
মই কেন জানি প্ৰৱৰ্ত্তিবো অধৰ্ম্মত॥ ৩৪
ইহলোকে শোক পৰলোকে নৰ্ক হয়।
আপোনাৰ কুলঙ্ক আপুনি কৰো ক্ষয়॥
বংশৰ প্ৰবাহ হেতু সংসাৰৰ কাৰে।
আজি কালি নুহি-সৃষ্টি আদ্য হন্তে আছে॥ ৩৫
স্বামীক মাৰিলে তাৰ যতেক যুৱতী।
বিধবা হৈৰেক ভজিবেক উপপতি॥
সন্ততি সন্তান তাৰ হৈবে অথন্তৰ।
জাতি নষ্ট ভৈলে হৈবে বৰ্ণত শঙ্কৰ॥ ৩৬

[ ৩৩ ]

শঙ্কৰে যে সদাচাৰ নষ্ট কৰৈ জ্ঞান।
পিতৃলোকে নপাইবেক জল-পিণ্ড দান॥
জাতি কুল বৰ্ণাশ্ৰম ধৰ্ম্ম হৈবে হত।
স্বৰ্গহন্তে পিতৃলোক পৰিবে অধত॥ ৩৭
যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত।
দুয়ো বৃক্ষ ঘৰষণে অগ্নি হোৱে জাত॥
অগ্নি উঠি বনক দহিলা নিৰন্তৰ।
মই যেন অগ্নি ভৈলো কুৰু-পাণ্ডৱৰ॥ ৩৮
এবে স্বৰূপত মোৰ হেন লৱে মন।
মই যুদ্ধ নকৰিলে এৰিবেক ৰণ॥
অস্ত্ৰ-শস্ত্ৰ এৰিলাত যদি মোক মাৰে।
তথাপিতো সৰে ৰাজ্য বধিতে নাপাৰে॥ ৩৯
এহি বুলি অৰ্জ্জুনে এৰিলা ধনুশৰ।
বসিয়া ৰহিলা বীৰ ৰথৰ উপৰ॥
সঞ্জয় বদতি শুনা নৃপতি প্ৰধান।
প্ৰথম অধ্যায়ৰ কথা ভৈলা এহিমান॥ ৪০
কহয় গোবিন্দ মিশ্ৰ কলিৰ মহত।
প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত॥
কুমাৰৰ আয়ুক্ষয় ক্ৰীড়া বিদ্যাগুণে।
যুৰাৰ আয়ুক্ষয় ধন-ভাৰ্য্যাৰ চিন্তনে॥ ৪১
বুঢ়া ভৈলে শৰীৰৰ বল জুৰে যায়।
যেন শ্বানে অন্ন খায় নিদিলে নখায়॥

[ ৩৪ ]

এহিমতে আয়ুক্ষয় অন্ধকূপে পৰি।
অন্তকে যে সবাৰে কেশত আছে ধৰি॥ ৪২
দন্ত সৰৈ কেশ পকৈ চক্ষু নেদেখয়।
এনুৱা দুথত থাকি জীবাক বাঞ্ছয়॥
স্নেহসূত্ৰে বিষ্ঠা-মূত্ৰে পৰি থাকে ঘৰে।
ভাৰ্য্যা পুত্ৰে নোপোষয় অৱহেলা কৰে॥ ৪৩
সংসাৰৰ এহি দুখ জানিয়োক নৰ।
ভজা হৰিপাৱে শীঘ্ৰে বিলম্ব নকৰ॥
এহি পদছত্ৰে তাপ খণ্ডে সংসাৰৰ।
ৰাম কৃষ্ণ বুলি ভৱ-সংসাৰক তৰ॥ ৪৪

(প্ৰথম অধ্যায় সমাপ্ত)

[ ৩৫ ]

দ্বিতীয় অধ্যায়


সাংখ্য যোগ


দুলড়ী

দৈৱকী তনয়  দেৱ দয়াময়
  কৃষ্ণ দেৱতাৰ দেৱ।
পঙ্কজ চৰণে  প্ৰবেশিয়া মনে
  পুনু কৰো মই সেৱ॥
সঞ্জয় বদতি  শুনা কুৰুপতি
  পাচে যেন কথা ভৈলা।
শোক সমুদ্ৰত  মোহ উৰ্মি উঠি
  ধনঞ্জয় তল গৈলা॥ ৪৫
শোকাকুল দুখে  হুয়া অধোমুখে
  দুয়ো নেত্ৰে পৰে পানী।
কৃষ্ণ কৃপাময়  সম্বোধি বোলয়
  অৰ্জ্জুনক হেন বাণী॥
শুনা সব্যবাচী  ৰণমধ্যে আসি
  শোকে ভৈলা মহাভয়।
মহাযশী হৈয়া  অকীৰ্ত্তি কৰাহা
  ক্ষুদ্ৰ হৃদয়ৰ নৰ॥ ৪৬

[ ৩৬ ]

কুৰু-পাণ্ডৱৰ  অনেক কালৰ
  যুদ্ধ আৰম্ভৰ কাষে।
সম্মুখ সংগ্ৰামে  ৰথ ৰাখিলাহা
  উভয় সেনাৰ মাজে॥
যত বীৰবৰ  পৃথিৱী ভিতৰ
  তোমাক অগ্ৰত গণি।
সম্মুখ সংগ্ৰামে  কোন বীৰ কান্দে
  নতু দেখি নতু শুনি॥ ৪৭
এৰি স্বৰ্গপথ  অসাধুৰ মত
  কৰাহা অকীৰ্ত্তি নয়।
দুৰ্ব্বলতা এৰি  ধনু-শৰ ধৰি
  যুদ্ধে উঠা ধনঞ্জয়॥
সঞ্জয় বোলন্ত  পৰম ৰহস্য
  শুনিয়োক মহাৰাজ॥
অজ্ঞানত থাকি  প্ৰাৰ্থ তল গৈলা
  শোক-সাগৰৰ মাজে॥ ৪৮
পাচে হৃষীকেশে  সাংখ্য উপদেশে
  অজ্ঞান কৰিলা নাশ।
ঘোৰ অন্ধকাৰ  অনেক কালৰ
  যেনে সূৰ্য্য কৰে নাশ॥
বোলে ধনঞ্জয়  শুনা দয়াময়
  যি কাৰণে কৰো তাপ।

[ ৩৭ ]

আছোক অস্ত্ৰাদি বাক্যে যুজো বোলে
  তভো হোৱে ঘোৰ পাপ॥ ৪৯
ভীষ্ম গুৰু দ্ৰোণ  দুহানো চৰণ
  সদা লাগে সেৱিবাক।
অহৰ্নিশে সেৱা  কৰিতে লাগয়
  কিমতে বধিবো তাক॥
গুৰুক নবধি  ৰাজ্যক নসাধি
  দেশ দেশান্তৰে যাওঁ।
এহি পৰাশ্ৰয়  কৰিলো নিশ্চয়
  ভিক্ষা মাগি আনি খাওঁ॥ ৫০
বন্ধুগণ বধি  ৰাজ্যকাম সাধি
  গুৰুক কৰিবো ৰণ।
ভুঞ্জি ভোগচয়  যেন পাপময়
  ৰুধিৰে মিশ্ৰিত অন্ন॥
পাপক নচাই  যদি খুজো চাই
  তাহাৰো নজানো সাৰ।
কুৰু পাণ্ডৱৰ  উভয় সেনাৰ
  জয় পৰাজয় কাৰ॥ ৫১
ধৰ্ম্ম অধৰ্ম্মত  বুদ্ধি ভৈলা হত
  তোমাত পুছো বিশেষ।
যুদ্ধ ভিক্ষাটন  কেন গোটা শ্ৰেয়
  বুলিয়োক হৃষীকেশ॥

[ ৩৮ ]

তুমি নিজগুৰু  প্ৰপন্ন শিষ্যক
  শিক্ষা দিতে লাগে স্বামী।
পিতৃসে পুত্ৰৰ  নিয়মৰ কৰ্ত্তা
  দণ্ডদাতা প্ৰভু তুমি॥ ৫২
গুৰু ইষ্টদেৱ  সৰ্ব্বভাৱে সেৱ
  কৰিতে লাগে সন্তোষ।
প্ৰপন্ন শিষ্যক  নকহে গুহ্যক
  গুৰু পাৱে বহু দোষ॥
শোক মোহ মন  দহে ইন্দ্ৰিগণ
  ভ্ৰমে যেন মোৰ মতি।
কণ্টকা মহী  পাতালো নলাগে
  আৰো নোহো সুৰপতি॥ ৫৩
অণিমাক আদি  পাওঁ অষ্টনিধি
  যদি পাওঁ সত্যলোক।
এতেককো পাই  নেদেখো উপায়
  দূৰ হোৱে ইটো শোক॥
নুবুজিবো বুলি  প্ৰতিজ্ঞা কৰিয়া
  মৌনে ৰহিলন্ত বসি।
অৰ্জ্জুনক চাই  কৃষ্ণে বুলিলন্ত
  অল্প কৰি হাসি হাসি॥ ৫৪
যাতে শোক নাই  তাতে শোক কৰা
  মই বাধো বাৰম্বাৰ।

[ ৩৯ ]

পণ্ডিত নোহাসা  বাদ মাত্ৰ কৰা
  প্ৰজ্ঞা ৰাখা আপোনাৰ॥
ওবা সব্যসাচী  মূৰ্খে পণ্ডিতালি
  কৰা পণ্ডিতক চাই॥
তীৰ্থযাত্ৰা কালে  ভগিনী হৰিলে
  তাত কিছু দোষ নাই॥ ৫৫
পুত্ৰ উপজিলে  আনন্দ নকৰে
  মৰিলে নকৰে শোক।
মান অপমান  যাৰ নাহিকয়
  পণ্ডিত বোলয় লোক॥
মৰণ জীৱন  সকলেসে ভ্ৰম
  সুখ দুখ যত ভাৱে।
দেখে আত্মা পৰ  অবিদ্যা ভিতৰ
  অজ্ঞান নুগুচে যাৱে॥ ৫৬
পন্থে থাকে জৰী  সৰ্প হেন পৰি
  পুৰুষে ভয়ক পাৱে।
ততকাল ভয়  মনৰ সংশয়।
  বিচাৰ নকৰে যাৱে॥


 পণ্ডিতে তৰ্ক কৰা দেখি মুৰ্খলোকেও যুক্তিহীন মিছা তৰ্ক কৰে যিহেতু, তীৰ্থ কৰিলে সকলো পাপ নাশ হয়; এতেকে তীৰ্থ কৰিবলৈ ওলোৱা সময়ত ভগ্নীহৰণ ৰূপ ঘোৰ মহাপাপ কৰিলেও দোষ নঘটে ইত্যাদি। [ ৪০ ]

পাচে বিচাৰিয়া  জিজ্ঞাসা কৰিয়া
  সন্নিত চাপিয়া তাৰ।
সৰ্পভয় ভ্ৰম  তিনো দূৰ গৈল
  জৰীগছ মাত্ৰ সাৰ॥ ৫৭
দেহৰ লগত  আত্মাৰ মৰণ
  কহে অজ্ঞানৰ প্ৰায়।
ব্যাপক আত্মক  পৰিচ্ছদে কৰে
  যাৰ আদি অন্ত নাই॥
তুমি আমি আদি  যত লোক দেখো
  আছিলো সবে পূৰ্ব্বত।
সম্প্ৰতি সবহি  আছো বিদ্যমান
  থাকিবো পাচ কালত॥ ৫৮
বুলিবা ঈশ্বৰ  জন্ম-মৃত্যুশূন্য
  তুমি থাকা সৰ্ব্বঠাই।
আন যত লোক  কতো উপজয়
  কতোবা মৰিয়া যায়॥
একে শৰীৰত  বাল্য যুবা জৰা
  হোৱে যেন পুৰুষৰ।
দেহ এৰি জীৱে  আন দেহ জন্মে
  মৃত্যু সেহি পটন্তৰ॥ ৫৯
যেন বাল্য দেহ  ধৰি উপজয়
  যুৱা হোৱে মধ্যকালে॥

[ ৪১ ]

বাল্য যুবা দুয়ো  স্থানান্তৰ হয়
  বৃদ্ধ অৱস্থাক পাইলে॥
বাল্য যুবা জৰা  তিনিয়ো অৱস্থা
  একে দেহে পাৱে লোক।
বাল্য গুচি যেৱে  যুবাক পাৱয়
  তাত কোন নাহি শোক॥ ৬০
যেবে বোলা তাত  আছয় সাক্ষাত
  শিশু গুচি যুবা ভৈলো।
বাল্য যুবা গুচি  হেৰা বৃদ্ধ ভৈলা
  সাক্ষাতে প্ৰমাণ গৈলো॥
যদি বোলা আৰো  এহি দেহ নষ্টে
  ইয়ো জীৱ নষ্ট যায়।
আন দেহ ধৰি  পুনৰ্ব্বাৰ আসি
  ভিন্ন জীৱ উপজয়॥ ৬১
জানিবা জীৱৰ  পূৰ্ব্বৰ দেহৰ
  কৰ্ম্মৰ সংস্কাৰ যত।
সেহি সংস্কাৰে  পুনু দেহ ধৰে
  নিষ্টে জানা স্বৰূপত॥
যেন শৰীৰৰ  সৰ্পে কল্প এৰে।
  জীৱৰ সিমত পুন।
পূৰ্ব্ব সংস্কাৰে  সেহি জীৱ নোহে
  স্তনক পিয়াৱে কোন॥ ৬২

[ ৪২ ]

যেবে বোলা বালা  যুবা জৰা ভৈলে
  তিনি কাল স্মৰে মনে।
যেবে পূৰ্ব্বদেহ  সংস্কাৰ নাহি
  উৎপত্তি প্ৰলয় কেনে।
মন ইন্দ্ৰি প্ৰাণ  সমস্তে থাকয়
  অৱস্থাহে দুৰে যায়।
আতো সেহিমতে  শৰীৰেসে নষ্ট
  আত্মাৰ বিনাশ নাই॥ ৬৩
জীৱৰ মৰৰ  কহে যিটো জন
  সবে মিছা মহাভাগ।
কৰ্ম্মৰ সংস্কাৰে  আন দেহ লৱে
  পূৰ্ব্বৰ দেহ কৰে ত্যাগ॥
গোবিন্দ যে কয়  বিষম বিষয়
  মনে চিন্তা ঘনে ঘন॥
যেন বেশ্যা নাৰী  স্বামী থাকন্তেও
  পৰপুৰুষত মন॥ ৬৪
হেন জানি নৰ  কৃষ্ণৰ চৰণ
  মধু পিয়া কৰ্ণ ভৰি।
কৃষ্ণ বিনে ত্ৰাণ  কোন আছে আন
  ডাকি বোলা হৰি হৰি॥ ৬৫

[ ৪৩ ]

পদ

পাৰ্থক সম্বোধি কৃষ্ণে বাক্য বোলে পুন।
শোকৰ ব্যৱস্থা কহো শুনিয়ে অৰ্জ্জুন॥
যদি বোলা ক্লেশ দুখ সহন নযায়।
চিৰকাল তথাপি নথাকে একঠাই॥ ৬৬
শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয়।
নষ্ট বস্তু বুলিয়া সহিয়ো ধনঞ্জয়॥
শীতান্তত হোৱে উষ্ণ উষ্ণান্তত শীত।
দোহাৰ দুয়ো পৰিবৰ্ত্তী শৰীৰৰ হিত॥ ৬৭
শীতে শীতে উঞ্চে উষ্ণ তেবে দুখ নাই।
কিন্তু কতো কালে থাকে কতো কালে নাই॥
সুখ দুখ কতো আসে কতো থাকি যায়।
ইহাক বোলয় শাস্ত্ৰে আগম অপায়॥ ৬৮
সুখ দুখ সম কৰি সহে যিটো জন।
সেহি ধীৰ বুদ্ধিমন্ত মোক্ষৰ ভজন॥
অসন্ত বস্তুৰ কৈতো নাহিকে প্ৰকাশ।
সন্ত বস্তু ভৈলে কদাচিত নাহি নাশ॥ ৬৯
অজ্ঞানী অসন্ত সন্ত একে কৰি মানে।
অজ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে॥
শীত উষ্ণ সুখ দুখ য'ৰ মনে নাই।
সেহিসে পুৰুষ শ্ৰেষ্ঠ মোক্ষপদ পায়॥ ৭০

[ ৪৪ ]

অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ।
অব্যয় অক্ষয় বিভু ব্যাপক সংসাৰ॥
দেহ আনি অন্ত পুনু মৰে উপজয়।
হেন জানি যুদ্ধক উঠিয়ো ধনঞ্জয়॥ ৭১
তভো শোক দূৰ নোহে অৰ্জ্জুনৰ মনে।
পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে॥
মোক বধিবেক লোকে ময়ো বধো তাক।
যিটো অজ্ঞানত থাকি বোলে মোৰ বাক॥ ৭২
ইটো বধ নযাইবে তাহাৰ নাহি বধ।
যিটো অজ্ঞানত কহে জানিবাহা অন্ধ॥
বধাবো বধিবো বধ যেহি হেন ৰটে।
অচিন্ত্য আত্মাৰ বধ কেনমতে ঘটে॥ ৭৩
আত্মাত নাহিকে যে বিকাৰ এহিচয়।
পৰিণাম জন্ম মৃত্যু আৰো বৃদ্ধি ক্ষয়॥
কৃষ্ণে বোলে হেন বোধ লোৱা ধনঞ্জয়।
আত্মা অবিনাশী আক জানিবা নিশ্চয়॥ ৭৪
কৰ্ণ দুৰ্য্যোধন বুলি খ্যাত জগতত।
সেহি দেহ নষ্ট হুইবে কৰা শোক তাত॥
সেহি হেতু দেহ অৰ্থে শোক নুযুৱই।
পূৰ্ব্ব দেহ এৰি জীৱে আন দেহ পায়॥
যেন নৱ বস্ত্ৰক পুৰুষে বিন্ধে আগ।
পুৰাণত বস্ত্ৰ পাচে কৰে পৰিত্যাগ॥

[ ৪৫ ]

যেন লোকে তৃণ পাইলে এৰয় অপৰ।
জীৱৰ দেহৰ জানা সেহি পটন্তৰ॥ ৭৬
পাণি পাদ কৰ্ণ আত্মাৰ নাহিকয়।
অগ্নি জল বায়ু যাক অস্ত্ৰে নকাটয়॥
যেবে মূৰ্ত্তি থাকে তান দহয় অনল।
যেবে মূৰ্ত্তি থাকে কাটে অঙ্গ যে সকল॥ ৭৭
যেন ৰস থাকে বায়ু শোষে নিৰন্তৰ।
ইন্দ্ৰিয়ে নপাৰে লৈতে মন অগোচৰ॥
অচিন্ত্য অব্যক্ত নিত্য আত্মা সনাতন।
তাক লাগি কেনে শোক কৰাহা অৰ্জ্জুন॥ ৭৮
আৰো যদি হেনয় সংশয় কৰা সখি।
দেহ সঙ্গে আত্মা মৰে উপজয় দেখি॥
সেহি হেতু শোক তুমি নকৰিবা আত।
মৰিলে অৱশ্যে পুনৰপি হোৱে জাত॥ ৭৯
উপজিলে পুনৰপি অৱশ্যে মৰয়।
এহিমতে জীৱ দেহ কতো নুগুচয়॥
স্বভাৱে দেহাৰ ধৰ্ম্ম মৰি উপজয়।
উপাধিত থাকি দেখি স্বৰূপ নোহয়॥ ৮০
যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাত।
ঘট ভয়ে পুনৰপি চন্দ্ৰ নাহি তাত॥
সেহিমতে আত্মা দেহ নাছিল পূৰ্ব্বত।
উপজিল মধ্যকালে ভৈলেক ৰেকত॥ ৮১

[ ৪৬ ]

যেবে মৰে আত্মা দেহ দুহাঙ্কো নেদেখি।
হেন জানি কি কাৰণে শোক কৰা সখি॥
পূৰ্ব্বত নাছিল মধ্যকালে ব্যক্ত ভৈলা।
যৈৰপৰা আসিছিলা তৈকে লাগি গৈলা॥ ৮২
অৰ্জ্জুনে বোলন্ত শুনিয়োক যদুৰাজ।
সাক্ষাতে দেখিলো দৃষ্টান্তৰ কোন কাজ॥
আন যত মূৰ্খ তাৰ কথা এৰিয়োক।
সাক্ষাতে দেখিলো পণ্ডিতৰো হৱৈ শোক॥ ৮৩
হোৱন্ত পণ্ডিত কবি ব্যাস মহামতি।
শুকে এৰি যান্তে শোক কৰিলন্ত আতি॥
কৃষ্ণে বোলে অদভূত শুনিয়ো অৰ্জ্জুন।
মোহোৰ স্বৰূপ জানিবাক পাৰে কোন॥ ৮৪
মই ব্ৰহ্ম মোৰ কৰ্ম্ম নজানে সাক্ষাত।
ব্ৰহ্মা হৰ মোহ হোৱৈ মোহোৰ মায়াত॥
যিবেলাত ভুল হওঁ আ দ অন্ত নাই।
কোটি এক ব্ৰহ্ম পোনৰন্ধ্ৰে আসে যায়॥ ৮৫
যিবেলাত মই আৰো সূক্ষ্মৰূপ ধৰো।
সুষুম্না নাড়ীৰ মধ্যে যাতায়ত কৰো॥
অঘট ঘটাওঁ মই পাতি মায়াজাল।
মায়াৰ মায়াবী কালৰ অতি কাল॥ ৮৬
গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়য়।
তথাপি বিচাৰি মোৰ তত্ত্ব নপাৱয়॥

[ ৪৭ ]

যি কহে যিবা শুনে যিবা দেখে মনে।
মায়াত থাকিয়া তাক আচৰিত মনে॥ ৮৭
যেবে বোলো স্বৰূপত নজানয় মোক।
আৰ কেন ভক্তিজ্ঞান লাগে কহিবাক॥
মোহোত বিশ্বাস দৃঢ় কৰে যিটো নৰ।
সেহিসে স্বৰূপ জানে নোহে অগোচৰ॥ ৮৮
বিশ্বাস নভৈলে তাৰ নোহে অনুকূল।
শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে এক মূল॥
এক মূল নকৰিলে দেখে নানা পথ।
এতেকতে মূখে তাৰ নজানয় তত্ত্ব॥ ৮৯
যেন প্ৰলোভন বেদবাক্য শুনি নৰে।
সাৰ এৰি মন্দকৰ্ম্ম ভাল বুলি কৰে॥
ব্ৰহ্মচৰ্য্য ধৰি কৰ্ম্ম কৰিতে লাগয়।
আৰ সেহি দিনে বলি বিস্তৰ কাটয়॥ ৯০
প্ৰদীপে পোৰয় মোৰ ছাগশিৰে যত।
বোলে ততকাল নৰ থাকিবে স্বৰ্গত॥
মাৰ্কণ্ড পুৰাণে চণ্ডী কৰিছা বিচাৰ।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ চণ্ডী অধিকাৰ॥ ৯১
ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে স্ৰজিলা।
যাক সেৱি তিনিজনে মহাপদ পাইলা॥
এহিমতে অন্যো অন্যে সুমতি বখানে।
তাতো বিমোহিত হৈয়া মোহোক নজানে॥ ৯২

[ ৪৮ ]

যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ।
আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ॥
দেহী বুলি জীৱক কহয় সৰ্ব্বলোক।
অৱধ্য জীৱক লাগি কেনে কৰা শোক॥ ৯৩
আৰো দেখা তোমাৰ যে স্বধৰ্ম্ম অৰ্জ্জুন।
ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম্ম আছে কোন॥
সেহিসে পৰম ধৰ্ম্ম ক্ষত্ৰিয়ৰ সুখ।
সম্মুখ সংগ্ৰাম পাইলে নোহয় বিমুখ॥ ৯৪
হেন জানি শোক এৰি চিত্ত কৰা ডাঠ।
স্বৰ্গক যাইবাক লাগি মেলান কপাট॥
বন্ধু বধ ভয়ে যদি যুদ্ধে এৰা আশ।
স্বধৰ্ম্ম পৌৰুষ কীৰ্ত্তি তিনো হৈবে নাশ॥ ৯৫
দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে।
ৰণ এৰি নুযুজি যাইবাহা কোন লাজে॥
সুৰাসুৰে প্ৰসংশয় তোমাৰ বলক।
সবে যশ গুচি গৈল মাৰ্গৰ তলক॥ ৯৬
শত্ৰুই কদথি নিন্দি দিৱি হৃদি শাল।
নুযুজি এৰিলে শৰে মৰণেসে ভাল॥
তভো লাভ দুয়ো মতে জানিবা নিশ্চয়।
হেন জানি যুদ্ধে উঠিয়োক ধনঞ্জয়॥ ৯৭
ৰণজয়ে অকণ্টকা পৃথিবী ভুঞ্জিবা।
যদি ভঙ্গ হোৱা পৰি স্বৰ্গলোক পাইবা॥

[ ৪৯ ]

স্বধৰ্ম্ম জানিয়া যুদ্ধে উঠা ধনঞ্জয়।
নেৰিবাহা যুদ্ধ মানে এৰিয়ো সংশয়॥ ৯৮
ৰণজয় সুখলাভ ভঙ্গে দুখ তান।
কিন্তু সুখ দুখ দুইকো কৰিবা সমান॥
এহিমতে যুদ্ধ তুমি কৰিয়ো অৰ্জ্জুন।
একোকালে তোমাক নপাইবে পাপ পুণ্য॥ ৯৯
কৃষ্ণে বোলে সাংখ্যৰ কহিলো যত তত্ত্ব।
তথাপি নভৈল জ্ঞান তোমাৰ মনত॥
গৃহস্থ আশ্ৰমী তুমি পৰম বিযয়ী।
কিন্তু যে পুৰ্ব্বৰ কৰ্ম্ম বাসনা আছয়॥ ১০০
কৰ্ম্ম কৰিবাৰ সত্ত্ব বুদ্ধি ভৈল যাৰ।
সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ॥
এবে কহো কৰ্ম্মযোগ যেন তাৰ বিধি।
স্বধৰ্মত থাকি পাচে হোৱে সৰ্ব্বসিদ্ধি॥ ১০১
ঈশ্বৰত অৰ্পি যত কৰ্ম্ম কৰিবেক।
সত্ত্ববুদ্ধি ভৈলে হুইবে দেহাত্মা বিবেক॥
দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ।
আত্মা পৰমাত্মা জ্ঞান হৈবে তাত পৰ॥ ১০২
আপুনি ঈশ্বৰ পাচে হৈবেক বেকত।
বাসুদেৱ বুদ্ধি হৈবে সমস্তে প্ৰাণীত॥
ঈশ্বৰত অৰ্পি কৰ্ম্ম কৰিবা প্ৰৱন্ধে।
তেৰে কোনোকালে নপৰিবে কৰ্ম্মবন্ধে॥ ১০৩

[ ৫০ ]

কৃষ্ণক প্ৰণামি পুভু বোলন্ত অৰ্জ্জুন।
এহিমতে কৰ্ম্ম কৰিবাক পাৰে কোন॥
বিষয়ত থাকি নানা বিঘ্ন লাগ লয়।
কৰ্ম্মপাতে অঙ্গহীন পাপ মাত্ৰ হয়॥ ১০৪
মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয়।
পশু চোৰ খড় জড় ৰাজা দণ্ডি লয়।
কৃষ্ণে বোলে অৰ্জ্জুন কৰ্ম্মৰ কহো মৰ্ম্ম।
ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম্ম॥ ১০৫
কৰ্ম্ম বুলি জানিবা তাতেসে তত্ত্ব সাৰ।
আন যত কৰ্ম্ম কৰে সকলো ব্যাপাৰ॥
মোৰ ধৰ্ম্ম ভক্তিক আৰম্ভ যিটো কৰে।
নিষ্টে জানা তথাপিতো সংসাৰক তৰে॥ ১০৬
নপাইলে ভজিব ভক্তি ভ্ৰষ্ট ভৈল তাৰ।
আৰ জন্মে ভক্তি হৈবে পূৰ্ব্ব সংস্কাৰ॥
আৰ এৰি জন্ম লভি পুনু দেহ পায়।
মোহোৰ কৰ্ম্মৰ তিলমাত্ৰো নষ্ট নাই॥ ১০৭
প্ৰমাদে নপাৰে যদি নৈমিত্তিক নিত্য।
তথাপিতো কৰ্ম্মপাতে নাহি প্ৰায়শ্চিত্ত॥
মোক ভজি অল্প ধৰ্ম্মে সংসাৰক তৰে।
যিমান পাৰয় কৰ্ম্ম সোহমানে কৰে॥ ১০৮
ব্যৱসায়াত্মিকা বুদ্ধি ভৈল যাৰ মনে।
সমস্ত কৰ্ম্মক কৰিলেক সেহিজনে॥

[ ৫১ ]

আৰ যত কৰ্ম্ম মানে কৰি পৰিহাৰ।
কেৱল কৃষ্ণৰ সেৱা তৰাৱে সংসাৰ॥ ১০৯
হৰিক বিশ্বাস কৰি মনক অৰ্পয়।
ব্যৱসায়াত্মিকা বুদ্ধি ইহাকে বোলয়॥
ভক্তিৰ যিখানি গূঢ় মাধৱে বোলন্ত।
দ্বিতীয়তে কহিলা অষ্টাদশে কহিবন্ত॥ ১১০
যে গুলা সকাম কৰ্ম্ম নিন্দিত অধম।
মিছা কৰ্ম্ম কৰি মৰে বৃথা পাৱে শ্ৰম॥
সকামীৰ দ্ৰব্য মন্ত্ৰে ছিদ্ৰ ভৈলা যাৰ।
কৰ্ম্ম নষ্ট ফল ভ্ৰষ্ট দুখ মাত্ৰ সাৰ॥ ১১১
পুৰুষত পুৰুষে সঙ্গমে কিছু নাই।
ৰতিসুখ পুত্ৰ নোহে দুখ মাত্ৰ পায়॥
যিজনে ঈশ্বৰ পদ লৱে নিষ্ট কৰি।
বৈকুণ্ঠে চলয় বিঘ্নি মাথে দিয়া ভৰি॥ ১১২
যদি বোলা সবে কেনে নভজে তোমাক।
পণ্ডিতে ভজয় দেখো নানা দেৱতাক॥
কৃষ্ণে বোলে তাৰ অভিপ্ৰায় কহো মূল।
বেদবাক্য শুনি মাত্ৰ হোৱয় বাতুল॥ ১১৩
বেদ লৈয়া বাদ কৰে অৰ্থক নজানে।
স্বৰ্গক কেৱল পুৰুষাৰ্থ কৰি মানে॥
হোৱয় পণ্ডিত নিজে অৰ্থক নচাই।
যেন পদ্মোদৰু এৰি ক্ষাৰোদক* খায়॥ * ১১৪ খাৰণি॥

[ ৫২ ]

যেন বিষলতা পুষ্পে দেখি জকমক।
আপাতে সুন্দৰ দেখি হোৱয় উৎসুক॥
যেহেন নটীৰ বেশ দেখিয়া পুৰুষ।
তাত মোহ হুয়া নচাৱয় গুণ দোষ॥ ১০৫
ব্যৱসায়াত্মিকা বুদ্ধি নভৈল যাহাৰ।
জ্ঞান ধ্যান ভক্তিত নাহিকে অধিকাৰ॥
পাৰ্থে বোলে স্বৰ্গে যদি মহাফল নোহে।
যজ্ঞ দান ধৰ্ম্ম বেদে কিকাৰণে কহে॥ ১১৬
কৃষ্ণে বোলে বেদে কত লোক প্ৰলোভাৱে।
শিশুক গুড় দিবে বুলি ঔষধ পিয়াৱে॥
স্বৰূপে ঔষধি তিক্ত গুড় বুলি কহে।
কৰ্ম্মৰো মোক্ষসে ফল স্বৰ্গ পুনু নোহে॥ ১১৭
যেনে হৰিনামে গতি তাক নুনুমৰে।
অমাৱস্যা দিনা যেন মৌন ধৰি মৰে॥
সাধ্যযে কালত সুখ প্ৰথমত দুখ।
কহি প্ৰৱৰ্ত্তাৱে বেদ এতে স্বৰ্গসুখ॥ ১১৮
বেদৰ তাতপৰ্য্য জানিব পাৰে কোন।
একে বেদে কৰ্ম্ম কহে সগুণ নিৰ্গুণ॥
কৰ্ম্ম কৰি যদি ফল সঙ্কল্পক এৰে।
তেবেজানা সেহি•কৰ্মে সংসাৰক তাৰে॥ ১১৯
কাম্যৰ ব্যাপাৰ কৰ্ম্ম দুখ বহুতৰ।
সেহি কৰ্ম্মে জন্ম মৃত্যু হোৱৈ সংসাৰৰ॥

[ ৫৩ ]

বিষয় ঐশ্বৰ্য্য ভোগে হুয়া আসকতি।
তাত মোহ হুয়া ঈশ্বৰত নেদে মতি॥ ১২০
বেদে যে কহয় তিনি গুণৰ বিষয়।
তুমি এবে নিৰ্গুণ হুয়োক ধনঞ্জয়॥
মাধৱে বোলপ্ত সখি কহো উপদেশ।
যি কৰ্ম্ম নিৰ্গুণ তাক শুনা গুড়াকেশ॥ ১২১
যিটো কৰি কৰ্ম্মফল নবাঞ্ছয় তাৰ।
শীত উষ্ণ সুখ-দুখ কৰি কৰিহাৰ॥
অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি।
পাইলে ৰাখিবাক প্ৰতি নকৰিবা মতি॥ ১২২
ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম্ম কৰা পুন।
ইমতে কৰিলে কৰ্ম্ম হোৱয় নিৰ্গুণ॥
পাৰ্থে বোলে কিবা কাজে কৰ্ম্ম কৰি মৰে।
কৰ্ম্ম কৰি যদি তাৰ ফল ত্যাগ কৰে॥ ১২৩
যেন তীৰ্থে যাই স্নান নকৰয় পাচে।
তাত পৰে বৰ্ব্বৰ কুবুদ্ধি কোন আছে॥
কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল।
নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল॥ ১২৪
যেন আতি শিশুছাৱা ভক্ষ নোখোজয়।
স্নেহে থাকি তথাপিতো মাতৃ স্তন দেয়॥
কুবুদ্ধি নোহয় সিটো মহন্ত আশয়।
যত সুখ লাগে ব্ৰহ্মসুখতে মিলয়॥ ১২৫

[ ৫৪ ]

যেন কূপে জলপান সিজয় মাতৰ।
স্নানক নাপাই খোজে দীঘী সৰোবৰ॥
পাচে বিচাৰিয়া যেন মহা হ্ৰদ পায়।
স্নান পান যত কৰ্ম্ম সিজে এক ঠাই॥ ১২৬
ঈশ্বৰ সেৱাই যাকে খোজে তাতে পায়।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সিজে এক ঠাই॥
যদি বোলা ঈশ্বৰ ভজনে সব হয়।
আউৰ কি কাৰণে কৰ্ম্ম কৰিতে লাগয়॥ ১২৭
জ্ঞানক ভক্তিক লাগি যিজনে ইচ্ছয়।
কৰ্ম্ম কৰিবাক তাৰ অৱশ্যে লাগয়॥
তোমাৰ কৰ্ম্মত আগে আছে অধিকাৰ॥
কিন্তু কৰ্ম্ম কৰি ফল নবাঞ্ছিবা তাৰ॥ ১২৮
অৰ্জ্জুনে বোলন্ত প্ৰভু শুনা যদুপতি।
ভুঞ্জিলে আপোন প্ৰাণ হোৱয় তৃপিতি॥
সেহিমতে কৰ্ম্ম সঙ্গে জানিবা সকল।
নুখুজিলে তথাপি আপুনি হৈবে ফল॥ ১২৯
কৃষ্ণে বোলে সাধুবাক্য মানিলে তোমাৰ।
কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ॥
গোটেক দৰিদ্ৰ গৈলা ধনীজন পাশে।
ধনী বলে সন্তোষিবো দুখী যত আসে॥ ১৩০
বহু ধন দিবাক দাতাৰ আছে মন।
তাত যাই খোজে যেন একমুঠি কণ॥

[ ৫৫ ]

কৰ্ম্মৰ মোক্ষসে ফল জানা মহামতি।
কৰ্ম্মক সঙ্কল্প কৰি যায় অধোগতি॥ ১৩১
কামীসে সঙ্কল্প কৰ্ম্ম কৰে নানা ছন্দ।
সেহি কৰ্ম্মে তাক কৰে সংসাৰত বন্ধ॥
তুমি কৰ্ম্মযোগে থাকি কৰিবা নিয়ম।
কিন্তু সিদ্ধি অসিদ্ধি দুইতো হুয়া সম॥ ১৩২
লাগে কৰ্ম্ম সিদ্ধি হৌক লাগে বা নহৌক।
ঈশ্বৰক ভজি মাত্ৰ কৰ্ম্ম কৰিয়োক॥
ঈশ্বৰে অৰ্পিয়া কৰ্ম্ম কৰিবে সকলে।
সমতা গোটকে লোকে যোগ কৰি বোলে॥ ১৩৩
ঈশ্বৰ পদাৰবিন্দে মনত আনন্দ।
তেবে একোকালে নুহিবেক কৰ্ম্মবদ্ধ॥
কাম্যকৰ্ম্মগোট আতি নিন্দিত অধম।
জানিবা কৃপণ দুখী নাহি তাক সম॥ ১৩৪
বুদ্ধি এক শৰণ যেন হুয়া ঈশ্বৰৰ।
পাপ পুণ্যে এবে এহি জন্মৰ ভিতৰ॥
তাকে বুলি মুনি সৰ্ব্ব কৰ্ম্মত কুশল।
জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল॥ ১৩৫
কৰ্ম্ম কৰিবাৰ ফল উপজয় মানে।
একোকালে নুগুচে ঈশ্বৰ দৃঢ়জ্ঞানে॥
জন্মবদ্ধ মুক্ত হোৱে ঈশ্বৰ আশ্ৰয়।
পৰম আনন্দে মোৰ স্বৰূপ পাৱয়॥ ১৩৬

[ ৫৬ ]

কৰ্ম্ম কৰিলেও পাপে নলঙ্ঘয় পাশ।
কৰ্ম্মফল নাশে পুনু পাপ ভৈল নাশ॥
পাপ পুণ্য ভৈল গুচি গুণৰ বাহিৰ॥
তেবেসে মোহোক পাৱে চিত্ত ভৈল স্থিৰ॥ ১৩৭
অৰ্জ্জুনে বোলন্ত শুনিয়োক দামোদৰ।
এনুৱা গতিক কোনোকালে পাৱে নৰ॥
গোবিন্দে কহয় শুনিয়োক ধনঞ্জয়।
বিকালত পাৱে গতি শুনিয়ো নিৰ্ণয়॥ ১৩৮
যেবে পুৰুষৰ গুচে মোহ অহঙ্কাৰ।
শৰীৰত আত্মাবুদ্ধি নাহিকে যাহাৰ॥
সেহিকালে তাহাৰ বৈৰাগ্য লৱে লাগ।
বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্ব্ব আগ॥ ১৩৯
অপৰ যতেক আৰো শুনিবে আছয়।
বৈৰাগ্য মিলিলে পাচে সব নষ্ট হয়॥
লৌকিক বৈদিক শুনি নচলয় চিত্ত।
তেবে জানা স্থিৰ বুদ্ধি ভৈলা সমাধিত॥ ১৪০
যাক বুলি সমাধি যে তেহেন্তে ঈশ্বৰ।
এনুৱা অভ্যাসে মোৰ পদ পাৱে নৰ॥
পুনু পাৰ্থে পোছে স্থিতপ্ৰজ্ঞ কাক বোলে।
কিমত সমাধি তাৰ কেনমতে চলে॥ ১৪১
কিবা বাক্য বোলে যোগী কিমত আসন।
কেনমতে চিনি তাক কিমত লক্ষণ॥

[ ৫৭ ]

কৃষ্ণে বোলে স্থিতপ্ৰজ্ঞ কহিবো নিৰ্ণয়।
এৰি সংশয় যত মনৰ বিষয়॥ ১৪২
ত্যজি বিষয়ক চিত্তে আত্মত ৰময়।
সেহিগোট স্থিতপ্ৰজ্ঞ জানিবা নিশ্চয়॥
দুখ পাইলে উদৰিগ্ন হোৱয় যিজন।
মুখত যাহাৰ নাহি আনন্দিত মন॥ ১৪৩
প্ৰিয় অপ্ৰিয়কো ত্যজে এৰে ক্ৰোধ ভয়।
সেহি মুনি স্থিতপ্ৰজ্ঞ জানা ধনঞ্জয়॥
ৰিপুক নকৰে হিংসা পুত্ৰে স্নেহ নাই।
শ্লাঘ্য নকৰয় যিটো উপকাৰ পায়॥ ১৪৪
দুইজনে অন্যো অন্যে কৰে ঘোৰ দ্বন্দ্ব।
সঙ্গে থাকে কাহাকো নোবোলয় ভাল মন্দ॥
উচ্চ নোবোলয় কাকো নোবোলয় হীন।
প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহিজন উদাসীন॥ ১৪৫
বিষয়ত সৰ্ব্বথা থাকয় ইন্দ্ৰিগণ।
অস্পৃহা আনিব পাৰে যিটো জন॥
যেন কূৰ্ম্ম অনায়াসে সঙ্কোচাৱে গাৱ।
যোগীৰ ইন্দ্ৰিয় সংযমৰো সেহি ভাৱ॥ ১৪৬
পাৰ্থে কৃতাঞ্জলি কৰি বোলে যদুপতি।
উপবাসী আতুৰৰ কেন নোহে গতি॥
ইন্দ্ৰিয় সংযম মাত্ৰে যদি গতি পায়।
তাসম্বাৰ দেখো বিষয়ত চেষ্টা নাই॥ ১৪৭

[ ৫৮ ]

কৃষ্ণে বোলে সব্যসাচী তাৰ কহো তত্ত্ব।
যোগীৰ ইন্দ্ৰিয় বশ্য় হোৱৈ স্বভাৱত॥
জড় আতুৰৰো ইন্দ্ৰি নকৰে প্ৰকাশ।
কিন্তু তাৰ মনে কিছু আছে অভিলাষ॥ ১৪৮
চিৰকালে যোগীজন কৰৈ যোগবলে।
তভো ইন্দ্ৰি মন লৈয়া ততকাল চলে॥
যেবে মোত বুদ্ধি কৰি কৰিলা আশ্ৰয়।
তেবে তাৰ মন বশ্য আপুনি হোৱয়॥ ১৪৯
মনক নিয়ম কৰি লৈলে যেন হয়।
তাৰ দোষ কহো তাক শুনা ধনঞ্জয়॥
বিষয়ক মন-বুদ্ধি সঙ্গক কৰয়।
সঙ্গহন্তে তাত পাচে কাম উপজয়॥ ১৫০
কামত ঐশ্বৰ্য্য বাঢ়ে মদ বাঢ়ি আতি।
পৰে নসহিয়া শ্ৰীক কৰৈ ঘাত প্ৰতি॥
অন্যো অন্যে প্ৰতিঘাত বাঢ়য় বিৰোধ।
বিৰোধত হন্তে উপজয় মহাক্ৰোধ॥ ১৫১
ক্ৰোধত থাকিয়া সম্মোহেয়ো লাগ লয়।
কাৰ্য্যাকাৰ্য্যে ভাল মন্দ সবে পাসৰয়॥
শাস্ত্ৰ গুৰুমুখে উপদেশ পাইলা যত।
সন্মোহত হতে তাৰ স্মৃতি হোৱৈ হত॥ ১৫২
যেবে স্মৃতি হত ভৈলে নাহিকে চেতন।
অচেতন বৃদ্ধি হত হোৱৈ মৰা যেন॥

[ ৫৯ ]

অৰ্জ্জুনে বোলন্ত কৃষ্ণদেৱ কৃপাময়।
বিষয়ত নথাকিলে দেহ নৰৱয়॥ ১৫৩
যদি বিষয়ত থাকে ইন্দ্ৰি তাৰ বৈৰী।
আউৰ স্থিতপ্ৰজ্ঞ হুইবেক কেন কৰি॥
কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্ব্বদায়।
বিষয়ক ভুঞ্জে কাম ৰাগ দ্বেষ নাই॥ ১৫৪
এহিমতে প্ৰসাদক লভে অনন্তৰ।
দুখ গুচি বন্ধমুক্ত হোৱে জগতৰ॥
বিষয়ত ইন্দ্ৰি যাৰ ফুৰে স্বেচ্ছাচাৰে।
সেহিসে পুৰুষ জানা অমুক্ত সংসাৰে॥ ১৫৫
নাহি প্ৰজ্ঞা অমুক্তৰ বুদ্ধি নোহে ভাল।
তাৰ জ্ঞান সমাধি নাহিকে একাকাল॥
মনক ইন্দ্ৰিয়গণ দেখা কেনে কৰে।
পুৰুষৰ তত্ত্বজ্ঞান ততকাল হবে॥ ১৫৬
সকল ইন্দ্ৰিয় পুনু বশ্য নাহি যাৰ।
তাৰ নৰকৰ সখি নাহি পাৰাপাৰ॥
ঘৃতকুম্ভ সমা নাৰী পুৰুষাগ্নি জ্বলে।
ৰহস্য আলাপে নাৰী কৰে ততকালে॥ ১৫৭
সুবেশ পুৰুষ দেখি নাৰী মোহ যায়।
যদি পুত্ৰ ভাই হোৱৈ তথাপি বাঞ্চয়॥
এক মন চঞ্চল ইন্দ্ৰিয় পাইলে সঙ্গ।
যে নতিনীৰ বিহা বুঢ়ী কৰৈ ৰঙ্গ॥ ১৫৮

[ ৬০ ]

যেন সমুদ্ৰত নাও মহাবায়ু পাইল।
তাৰ যেন নৌকাৰ কাণ্ডাৰী মাতোৱাল॥
কতো উঠে কতো বুৰে কতো ফুৰাৱয়।
অজিত ইন্দ্ৰিয় যাত তাৰ সেহি নয়॥ ১৫৯
অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি।
আছোক সকামী নিষ্কামীৰো নাহি সিদ্ধি।
হেন শুনি অসন্তোষ কৰন্ত অৰ্জ্জুন।
ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন॥ ১৬০
কৃষ্ণে বোলে সখি তুমি নকৰিবা ভয়।
অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি হোৱয়॥
অৰ্জ্জুনে বোলন্ত যিটো থাকে নিদ্ৰা যায়।
আছোক বিষয় তাৰ অভিলাষো নাই॥ ১৬১
যত ইন্দ্ৰিয় বিষয়ত হোৱে উপৰতি। * বৈৰাগ্য।
তেবে কেনে কৃষ্ণ সিজনৰ হোৱে গতি॥
শ্ৰীকৃষ্ণে বোলন্ত ইন্দ্ৰি থাকে নিদ্ৰা যায়।
আছোক বিষয়ত তাৰ অভিলাষ নাই॥ ১৬২
যদি পুৰুষৰ নাই নিদ্ৰাৰ ব্যাপাৰ।
বিষয়ী যোগীৰ তভো ভিন্ন যে প্ৰকাৰ।
লোকৰ যেখানি দিব্য যোগী ৰাত্ৰি মানে।
লোকৰ ৰাত্ৰিক পুনু দিবা বুলি জানে॥ ১৬০
দিবা বুলি কৰ্ম্মযোগী জাগয় সাক্ষাত।
বিষয়ক এৰি যোগী ৰময় আত্মাত॥

[ ৬১ ]

অন্ধকাৰ বোলে যোগী লোকৰ দিবাত।
সৰ্ব্ব কৰ্ম্ম এৰি যোগী নিদ্ৰা কৰে তাতে॥ ১৬৪
নিবৃত্তি পথকে যোগী দিবা কৰি বোলে।
মুক্ত হুয়া সংসাৰত সেহি পথে চলে॥
বিষয়ৰ পন্থ জানা যিগোট প্ৰবৃত্তি।
যোগী নচলয় বুলি অন্ধকাৰ ৰাত্ৰি॥১৬৫
যেন ফেচা দিবা ভৈলে নেদেখে নখায়।
ৰাত্ৰি ভৈলে গতি কৰি ভ্ৰমে ভক্ষ্য চাই॥
পাৰ্থে বোলে যোগী যদি বিষয়ত নাই।
কেমনে থাকয় চলে কেনমতে খায়॥১৬৬
কৃষ্ণে বোলে কতো জল নোখোজে সাগৰে।
তভো নদ নদী জলে আপুনিসি ভৰে॥
সেহিমতে যোগীৰ যে পূৰ্ব্ব কৰ্ম্মফলে।
আপুনি মিলয় আসি যত্ন নকৰিলে॥১৬৭
যদি বোলা যোগী যদি বিষয়ক যায়।
আউৰ ব্ৰহ্ম সমাধিক পাইল কোন ঠাই॥
সব জল ভৰি সিন্ধু নাভাঙে কাষৰ।
বিষয়ৰ ভোগে যোগী সেহি পটন্তৰ॥১৬৮
যদি ভোগ কৰৈ ভোগে নোহে আসকতি।
সৰ্ব্বথায়ে চলে চিত্ত ব্ৰহ্মে দিয়া মতি॥
যেহেন জল খোণ্টে বৰশী লগায়।
ব্ৰহ্মহন্তে মনক আনয় সেহি ঠাই॥১৬৯

[ ৬২ ]

ঈশ্বৰ ভজনে যত মোহ অহঙ্কাৰ।
সকলে গুচি মুখে অৰয় সংসাৰ॥
আছোক বিস্তৰ কালে মৰণ সময়ে।
এহি নিষ্ঠা কৰি ক্ষণমাত্ৰে গতি পাৱে॥১৭০
চতুৰ্ব্বৰ্গ সিদ্ধি লোৱে চৰণ ধিয়াই।
কলিকালে আতপৰে ধৰ্ম্ম নাই নাই॥
যাক দুখ পাইয়া পোষে পুত্ৰ ভাৰ্য্যা ভাই।
যেন পানীশালে লোক হোৱে একঠাই॥১৭১
জল পান কৰি পাচে দশোদিশে যায়।
শূন্য যে মণ্ডল থাকে কোনজন নাই।
পৰপুত্ৰে পৰজীয়ে আনে বিহা কৰি।
স্নেহ বন্ধু হোৱে গৃহে অন্ধকূপে পৰি॥১৭২
সেহি পুত্ৰ ভাৰ্য্যা পোষে নানা যত্ন কৰি।
দিন কতিপয়ে পাচে সিয়ো যায় মৰি॥
যত দয়া স্নেহ মানে সমস্তে গুচয়।
শৱ বুলি তাক ক্ষণমাত্ৰ নৰাখয়॥১৭৩
হেন পুত্ৰ ভাৰ্য্যাতে বিশ্বাস কৰা কেনে।
নাহি আন গতিদাতা জানা কৃষ্ণ বিনে॥
অহৰ্নিশে যিটো ফুৰে হৰিনাম গাই।
তাহাৰ উপমা মই দিবো কোন ঠাই॥১৭৪
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণপদ সাৰ।
ৰামকৃষ্ণ বোলা যত্নে গুচোক সংসাৰ॥১৭৫

(দ্বিতীয় অধ্যায় সমাপ্ত)

[ ৬৩ ]

তৃতীয় অধ্যায়

কৰ্ম্ম যোগ

পদ

অৰ্জ্জুনে মগন ভৈল শোকপঙ্কে পৰি।
স্বভক্তক সাংখ্যযোগে নিস্তাৰিল হৰি॥
হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত।
কৰ্ম্মযোগ কহিবোহো তৃতীয় অধ্যাত॥১৭৬
অৰ্জ্জুনে বোলন্ত শুনিয়োক মহাভাগ।
জ্ঞানৰ প্ৰশংসা কৰি কহিলাহা আগ॥
আছোক বিস্তৰ কাল মৰণ সময়।
ব্ৰহ্মক স্মৰিয়া মৰি ব্ৰহ্মপদ পায়॥১৭৭
পাছে আৰো কৰ্ম্ম কৰিবাক পাৱে পুন।
তোমাৰ বাক্যক বুজিবাক পাৰে কোন॥
যুক্ত হিংসাত্মক কৰ্ম্ম ঘোৰ অনিৰ্ব্বাৰ।
তাত কেনে মোক প্ৰৱৰ্ত্তাৱা বাৰম্বাৰ॥১৭৮
বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধেসে প্ৰধান।
কৰ্ম্ম নকৰিলে আগে নোপজয় জ্ঞান॥
তবু দুই বিধ বাক্যে ভ্ৰমে মোৰ মন।
জ্ঞান কৰ্ম্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দ্দন॥১৭৯

[ ৬৪ ]

কৃষ্ণে বোলে যেন মই কহিলো পূৰ্ব্বত।
জ্ঞান কৰ্ম্ম দেখাইলো দুই গোটা পথ॥
তাহাৰ নিৰ্ণয় কহে শুনা তত্ত্ববুদ্ধি।
কৰ্ম্ম নকৰিলে আগে নোহে সত্ত্ববুদ্ধি॥১৮০
বিনা সত্ত্ববুদ্ধি মন সুস্থ নোহে তাৰ।
মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ॥
কতোগুলা কৰ্ম্ম কৰি হোৱয় উদাস।
আগে কৰ্ম্ম নকৰিলে নিসিজে সন্ন্যাস॥১৮১
যাৰ পুনু কৰ্ম্ম কৰি শুদ্ধ হোৱে মন।
তাকেসে কহিলো জ্ঞান জানিবা অৰ্জ্জুন॥
কৰ্ম্ম কৰি যাৱত শুদ্ধ নহে চিত্ত।
বৰ্ণাশ্ৰম ধৰ্ম্ম কৰিবেক যথোচিত॥১৮২
পাৰ্থে বোলে হেন যদি হোৱে ভগৱান।
তবে প্ৰথমতে কেনে কহিলাহা জ্ঞান॥
কৃষ্ণে বোলে যিকাৰণে কহো হেতু তাৰ।
তোমাৰ শোকৰ দেখো নাহি পাৰাপাৰ॥১৮৩
শোক গুচাইবাক নপাৰয় একোমতে।
এতেকতে সাংখ্যজ্ঞান দিলো প্ৰথমতে॥
জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে।
বিনা কৰ্ম্মে ক্ষণমাত্ৰ থাকিতে নপাৰে॥১৮৪
প্ৰতি তিনি গুণ স্বভাৱ পূৰ্ব্বৰ।
সকলো গুণৰ বশ্য লোক চৰাচৰ॥

[ ৬৫ ]

গুণে থাকি কৰে শুভাশুভ ধৰ্ম্মাধৰ্ম্ম।
পূৰ্ব্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম্ম॥১৮৫
স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল।
কৰ্ম্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম্মক এৰিল॥
কিন্তু পুনু মন বিষয় আছে যাৰ।
যতেক চিন্তন ধ্যান কপট আচাৰ॥১৮৬
জ্ঞান ধ্যান কৰ্ম্ম তাৰ সকলেসে মিছা।
ইন্দ্ৰি লৈয়া মন চলে আপোনাৰ ইচ্ছা।
যি পুনু মনক নিয়মিল ভালমতে।
সৱ ইন্দ্ৰি বৈশ্য ভৈলা মনৰ লগতে॥১৮৭
যেনি তেনি মন চলে ইন্দ্ৰিয়ক লই।
যেন জীৱ নথাকিলে দেহ কিছু নুই॥
ঈশ্বৰক অৰ্পি কৰ্ম্ম কৰে ফলত্যাগ।
সেহি মুক্তযোগী যে পুৰুষ মহাভাগ॥১৮৮
জ্ঞানক ভক্তিক কৰ্ম্মে সাধে নিৰন্তৰ।
সেহিসে কাৰণে বোলে কৰ্ম্ম শ্ৰেষ্ঠতৰ।
নিত্য নৈমিত্তিক কৰ্ম্ম অৰ্পি কৰা বীৰ॥
বিনা কৰ্ম্মে নিষ্টে জানা নৰহে শৰীৰ॥১৮৯
যত কৰ্ম্ম সবে বন্ধ সাংখ্যবাদী কহে।
যদি ঈশ্বৰত অৰ্পে তেবে বন্ধ নোহে॥
কৰ্ম্মযোগী বিষ্ণু তাক জানা ধনঞ্জয়।
হৰিকৰ্ম্ম বিনে আন কৰ্ম্মেসে বান্ধয়॥১৯০

[ ৬৬ ]

ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰিবে নিশ্চয়।
সেহি কৰ্ম্মে পূৰ্ব্বৰ বাসনা হৈবে ক্ষয়॥
জ্ঞানৰ কৰ্ম্মৰ দুইৰো কহিলোহো ভেদ।
তোমাৰ প্ৰশ্নৰ সখি দিলো পৰিচ্ছেদ।১৯১
আৰো ব্ৰহ্মা বচন বুলিলা হেনমত।
যজ্ঞৰ সহিত প্ৰজা স্ৰজিলা পূৰ্ব্বত॥
তপ যপ যজ্ঞ কৰি দেৱ পুজে নৰ।
তুষ্ট হুয়া দেৱতায়ো দেই ইষ্টবৰ॥১৯২
অন্যো অন্যে দুহান্তৰো সাধে ইষ্টযোগ।
দেৱে দেয় অৰ্থক মনুষ্যে কৰৈ ভোগ॥
সেহি ভোগ মনুষ্যে দেৱক নোদ খায়।
অধম নাৰকী তাত পৰে চোৰ নাই॥১৯৩
আৰো পঞ্চযজ্ঞ নিতে যিজনে নকৰে।
পঞ্চসূনা পাতকত সেহিজন পৰে॥
মনুষ্যৰ পাপ পুণ্য অল্পতে হোৱয়।
পঞ্চসূনা যাক বোলে শুনা ধনঞ্জয়॥১৯৪
ধান্য উসাৱয় কলসীত পানী আনে।
সমাৰ্জ্জনী মাৰ্জ্জে ঢেকী ধান্যক বাহানে॥
সৰিষা পাটাত বাণ্টি পিসি কৰে ধুনা।
গৃহস্থৰ নিত্য পাপ এহি পঞ্চসূনা॥১৯৫
এহি পথ অধৰ্ম গুচয় যেহিমতে।
পাঞ্চগোটা যজ্ঞ গৃহী কৰিবেক নিতে॥

[ ৬৭ ]

শুনা পঞ্চযজ্ঞ যেন কৰিবেক নিতি।
পাঠ হোম বলি বিশ্ব অৰ্চ্চিব অতিথি॥১৯৬
স্নান দেৱপূজা কৰি তৰ্পিবেক নৰে।
হোম বলি স্তুতি পাঠ তাত অনন্তৰে॥
অতিথিৰ অন্বেষণে ৰাজমাৰ্গে যাইব।
সবাকো অৰ্চ্চিয়া গৃহী পৰে অন্ন খাইব॥১৯৭
দেৱক নিদিয়া দেহ অৰ্থে বান্ধে অন্ন।
অন্ন নহে পাপমাত্ৰ কৰয় ভোজন॥
ষজ্ঞ কৰি যিটোজন অৱশেষ খায়।
তাহাৰ যতেক পাপ সবে দূৰ যায়॥১৯৮
বৃষ্টি দ্বাৰা অন্ন হোৱৈ জানিবা সাক্ষাত।
অন্ন হন্তে শুক্ৰৰূপে প্ৰজা হোৱৈ জাত॥
প্ৰাণীৰ ব্যাপাৰ কৰ্ম্ম উপজয় পুন।
কৰ্ম্মত উপজে যজ্ঞ জানিবা অৰ্জ্জুন॥১৯৯
বেদবাক্য হন্তে যেন মন্ত্ৰ উপজয়।
বেদে ঈশ্বৰৰ বাক্য জানিবা নিশ্চয়॥
সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয়।
কৰ্ম্ম কৰি অগতৰ চক্ৰ প্ৰৱৰ্ত্তয়॥২০০
ঈশ্বৰৰ আজ্ঞা ভাঙ্গি নকৰয় কৰ্ম্ম।
পাপৰাশি মাত্ৰ তাৰ ব্যৰ্থ ভৈল জন্ম॥
ঈশ্বৰে অৰ্পিয়া এহি কৰ্ম্ম সদাচাৰ।
পুণ্যভোগেী হোৱে সিটো এৰাৱে সংসাৰ॥২০১

[ ৬৮ ]

ঈশ্বৰে অৰ্পিয়া কৰ্ম সংসাৰ এৰাৱে।
যেন দধি মথিলাত দুগ্ধ ঘৃত হোৱে॥
যি পুনু আত্মাত ৰতি তুষ্ট সৰ্ব্বদায়।
তাৰেসে জানিবা কিঞ্চিতেকো কৰ্ম্ম নাই॥২০২
কৰ্ম্ম কৰে যদি তভো নহে পুণ্যভাগ।
কৰ্ম্ম নকৰিলে পাপে নপাৱয় লাগ॥
বিধি নিষেধক যোগী দুইকো এৰয়।
কাহাতো নকৰে সিটো অৰ্থ ব্যাপ্যাশ্ৰয়॥২০৩
তোমাৰ অৱশ্যে কৰ্ম্ম কৰিতে লাগয়।
যিমতে কৰিবা কৰ্ম্ম শুনিয়ো নিৰ্ণয়॥
ঈশ্বৰ চৰণে মন কৰিয়া নিবেশ।
পৰম গতিক পাই তেবে গুড়াকেশ॥২০৪
জনকক আদি কৰি ৰাজঋষিসব।
এহিমতে কৰ্ম্ম কৰি তৰিলা সংসাৰ॥
জ্ঞান ভক্তি ভৈল যেবে কিছু কৰ্ম্ম নাই।
তথাপি কৰয় কৰ্ম্ম লোক প্ৰৱৰ্ত্তায়॥২০৫
শ্ৰেষ্ঠ জনে যদি কৰ্ম্ম কৰে শাস্ত্ৰ পথে।
অল্পজনে তাক দেখি কৰে সেহিমতে॥
ভাল হৌক মন্দ হৌক শ্ৰেষ্ঠ যিবা কৰে।
ইতৰেয়ো শ্ৰেষ্ঠৰ প্ৰমাণ মনে ধৰে॥২০৬
ত্ৰৈলোক্যত মোহোৰ কৰ্ত্তব্য আছে কোন।
তভো লোক প্ৰৱৰ্ত্তাই কৰ্ম্ম কৰো পুন॥

[ ৬৯ ]

জগতৰ ঈশ্বৰ মই আৰো লক্ষ্মীপতি।
ইয়াৰ অধিক কিবা হৈবেক সম্প্ৰতি॥২০৭
যদি হেলা কৰি কৰ্ম্ম এৰো স্বৰূপত।
কৰ্ম্ম এৰি লোকে ধৰিবেক মোৰ মত॥
কৰ্ম্মে লুপ্তে নষ্ট কৰ্ম্মী পাপী হৈব নৰ।
মই নাশকৰ্ত্তা ভৈলো সকলো লোকৰ॥২০৮
লোক প্ৰৱৰ্ত্তাৱে জ্ঞানী কৰ্ম্ম লুপ্ত ডৰে।
অজ্ঞানীৰ থানে কৰ্ম্মফল এৰি কৰে॥
কৃষ্ণে বোলে সকামত যাৰ দৃঢ়মতি।
উপদেশ পাইলে নিষ্কামক নেদে মতি॥২০৯
তাক উপদেশ দিব নিবৃত্তি কিঞ্চিত।
সকামীৰ বুদ্ধিভেদ কৰিব কাচিত॥
উপদেশ নকৰিব পূৰ্ব্ব কৰ্ম্ম ত্যাগি।
উভয় জন্মত থাকি হৈব পাপভাগী॥২১০
সকামত পূৰ্ব্বে আছে তাকো নছাৰিব।
যেহেন স্বভাৱ ঘৰ তাক নিয়োজিব॥
যদি বোলা জ্ঞানী অজ্ঞানীৰ কিবা চিহ্ন।
প্ৰকৃতিৰ গুণত আপুনি হোৱৈ ভিন্ন॥২১১
গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম্ম কৰে।
মই কৰো বুলি অজ্ঞে অহঙ্কাৰে মৰে॥
মোক নভজয় যিটো জানিবা সাক্ষাত।
নিপিন্ধে তুলসী ৰক্তফোটা কপালত॥ ২১২

[ ৭০ ]

জ্ঞানী পুনু গুণ কৰ্ম্ম বিভাগক জানে।
দেহক আত্মাক দুইকো ভিন্ন কৰি মানে॥
বিষয়ত ইন্দ্ৰি প্ৰৱৰ্ত্তাৱে গুণ লই।
ইন্দ্ৰিয়ে কৰাৱে কৰ্ম্ম কৰ্ত্তা নোহো মই॥ ২১৩
যিটো মোত অৰ্পি কৰ্ম্ম মদৰ্থে কৰয়।
চিত্ত বুদ্ধি আত্মা মন মোতে সমৰ্পয়॥
এহিমতে কৰ্ম্ম কৰিবেক নিতে নিত।
মোতে শ্ৰদ্ধা কৰি হৈবে অসূয়া বৰ্জ্জিত॥ ২১৪
যি জনে মোহোৰ মত কৰে অনুষ্ঠান।
কৰ্ম্ম কৰি বন্ধমুক্তে পাৱৈ মোৰ স্থান॥
মোৰ মত নলৱে সকামী মূঢ়মতি।
মোৰ মতে অসূয়া কৰয় দিনে ৰাতি॥২১৫
জানি মোৰ মত লৈয়া শোক পৰিহৰা।
মোত অৰ্পি স্বধৰ্ম্মত খাকি যুদ্ধ কৰা॥
পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনিয়োক।
তব মত লৈয়া সবে স্বধৰ্ম্মে ভজোক॥২১৬
কৃষ্ণে বোলে তাৰ পূৰ্ব্ব কৰ্ম্মৰ সংস্কাৰে।
আপোন স্বভাৱে থাকি কৰ্ম্ম কৰৈ নৰে॥
গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়া তাত।
কোনে এৰাইবাক পাৰে প্ৰকৃতিৰ হাত॥২১৭
শাস্ত্ৰ দ্বাৰা গুণ দোষ জানয় অৱ্শ্য।
হেনয় জ্ঞানীয়ো হোৱৈ প্ৰকৃতিৰ বশ্য॥

[ ৭১ ]

যিটো স্বভাৱত অজ্ঞ বিষয়ত মতি।
ইন্দ্ৰি নিয়মিব হেন কাহাৰ শকতি॥২১৮
পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ।
কৰ্ম্ম-যজ্ঞ কি কাৰ্য্যে উদ্যোগ কৰৈ নৰ॥
যদি কৰ্ম্ম কৰে প্ৰকৃতিৰ বশ্য যাই।
আৰ বিধি-নিষেধক পাইলা কোন ঠাই॥২১৯
শাস্ত্ৰ বেদ পুৰাণ যে সমস্তে উৰিল।
পানীত নালাগে নাও তৰতে বুৰিল॥
কৃষ্ণে বোলে তাৰ হেতু কহো উপদেশ।
সাৱধানে শুনিয়োক সখি গুড়াকেশ॥২২০
ইন্দ্ৰিয়ৰ মূল যত ৰাগ দ্বেষ দুই।
লোকক অনৰ্থ কৰে শত্ৰুৰূপ হুই॥
ৰাগ নাম তাৰে ইন্দ্ৰি বিষয়ক পাইলে।
যদি নপাৱয় তাক দ্বেষকাৰী বোলে॥২২১
দুগোটা পৰম শত্ৰু জানিবা অৱশ্য।
শাস্ত্ৰবিধি নিয়ম নুহিবে তাৰ বশ্য॥
ৰাগ দ্বেষ ভৈলে যে স্বভাৱে নেই বলে।
শীঘ্ৰে উটাৱয় যেন খেৰ নদী জলে॥২২২
যাৱদেকে ৰাগ দ্বেষে নুহি পাৱে লাগ।
ঈশ্বৰ ভজন নৌকা চৰিয়োক আগ॥
একে যুদ্ধ দুখময় হিংসা গুৰুতৰ।
ভিক্ষা মাগি খাইবে মন ভৈলা অৰ্জ্জুনৰ॥২২৩

[ ৭২ ]

কৃষ্ণে বুজিলন্ত অৰ্জ্জুনৰ অভিপ্ৰায়।
পুনৰ্ব্বাৰ স্বধৰ্ম্ম কহন্ত যদুৰায়॥
আপোনাৰ ধৰ্ম্ম সাঙ্গ নোৱাৰে কৰিত।
যদি অল্প কৰে ভদ্ৰতৰ তথাপিত॥ ২২৪
অল্প ধৰ্ম্ম কৰি মৰে তভো ভাল তাৰ।
পৰধৰ্ম্মে ভয় হোৱে নৰক নিকাৰ॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক যদুৰায়।
পাপ কৰিবাক পুৰুষৰ ইচ্ছা নাই॥২২৫
ৰাগ দ্বেষ দুইকো জিনি নিয়মিব মন।
তথাপি পাতেক প্ৰৱৰ্ত্তাৱে কোনজন॥
কৃষ্ণে বোলে ই কথা শুনিয়ো ধনঞ্জয়।
তুমি যি বুলিলা কথা স্বৰূপ হোৱয়॥২২৬
তাৰ যেন ভেদ নিষ্ঠে কহিবো তোমাত।
ৰজোগুণ হন্তে কাম ক্ৰোধ হোৱৈ জাত॥
ক্ৰোধৰ উৎপত্তি স্থান জানিবাহা কাম।
যদি বোলা কিছু দয়া কৰো উপশাম॥২২৭
কাম সম ভক্ষক যে ত্ৰিভুৱনে নাই।
যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়॥
যদি বোলা প্ৰিয়বাক্যে কৰে উপশাম।
প্ৰিয়ত নাহিকে তুষ্ট দুষ্ট পাপী কাম॥২২৮
বিষয়ৰ লগৰ শত্ৰু জানিবা নিশ্চয়।
যেন অগ্নি ধুম্ৰ দুয়ো সঙ্গে উপজয়॥

[ ৭৩ ]

যাতে অগ্নি তাতে ধূম্ৰ একে স্থানে থাকে।
পৰম তেজস্বী অগ্নি তভো ধুম্ৰ ঢাকে॥২২৯
যেন শিশু থাকৈ শুই মাতৃৰ গৰ্ভত।
জালময় চৰ্ম্মখানে বেঢ়িয়া অঙ্গত॥
শৰীৰক ঢাকি দৃষ্টি কৰয় নিবন্ধ।
চক্ষু থাকিলাত তথাপিতো যেন অন্ধ॥২৩০
সেহিমতে কাম ক্ৰোধ আৱৰয় জ্ঞান।
দুইতো পৰে সংসাৰত বৈৰী নাহি আন॥
কামক পূৰিবে লাগি কাৰ আছে প্ৰাণ।
দুখৰূপে পোৰাৱয় অনল সমান॥২৩১
ৰত কাষ্ঠ দেই আনি অগ্নিৰ উপৰে।
অধিকে জালিয়া তাক পুৰি ভস্ম কৰে॥
মন বুদ্ধি ইন্দ্ৰিয় কামৰ অধিষ্ঠান।
কাম বৃদ্ধি কৰাইবাৰ তিনিয়ো প্ৰধান॥ ২৩২
হেন জানি মোহে যাৱে নাহি পাৱে লাগ।
মন বুদ্ধি ইন্দ্ৰিয়ক নিয়মিয়ো আগ॥
শাস্ত্ৰ গুৰু উপদেশে যেন ভৈলা বোধ।
সেহি জ্ঞান-খড়্গ ধৰি ছেদা কাম ক্ৰোধ॥২৩৩
শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ।
ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন॥
মনতো অধিক বুলি কহিলো তোমাক।
সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক॥২৩৪

[ ৭৪ ]

হেন জানি সাত্ত্বিক বুদ্ধিৰ মহাবলে।
আত্মাত মনক নিয়া ৰাখিয়ো নিশ্চলে॥
আত্মাত ৰহিলে মন বিষয় উদাস।
আপুনি হৈবেক নষ্ট কাম অভিলাষ॥২৩৫
কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভৈলা মন।
একোকালে নাহি জানা তাহাৰ পতন॥
বিদূৰ তীৰ্থক লাগি কেনে যত্ন কৰা।
হৃদিত ঈশ্বৰ আছে তাক নুসুমৰা॥২৩৬
তীৰ্থৰো পৰম স্থান কৃষ্ণৰ চৰণ।
ৰাঙ্গা চৰণত সেৱা লৈয়োক শৰণ॥
দেৱৰো পূজিত যিটো হৰিত ভকত।
সেহিজনে জানিবা উত্তম ভাগৱত॥২৩৭
কহৱৈ গোবিন্দ মিশ্ৰে কৃষ্ণপদে পৰি।
হৰিৰ নামক কোটি তীৰ্থে নোহে সৰি॥
হেন জানি সভাসদ এৰা আন কাম।
পাতৰ ছাৰোক ডাকি বোলা ৰাম ৰাম॥২৩৮

তৃতীয় অধ্যায় সমাপ্ত॥

[ ৭৫ ]

চতুৰ্থ অধ্যায়

জ্ঞান-কৰ্ম্ম-সন্ন্যাস যোগ

ছবি

অধৰ্ম্মত থাকি নৰে   ফল এৰি নিৰন্তৰে
  কৰ্ম্ম কৰে যাৰ যেন ভাৱে।
কৰ্ম্মত উপজে জ্ঞান   জ্ঞানে মোক্ষ সাধিবেক
  তৃতীয়ত কহিলা মাধৱে॥
কৃষ্ণপদ-কমলত  তাত মধু আছে যত
  পান কৰৈ ভকত ভ্ৰমৰে।
মধুপানে হুয়া মত্ত   এৰিলেক আন যত
  মোক যে কটাক্ষ নকৰে॥২৩৯
কৃষ্ণপদে বাৰম্বাৰ   কোটি মোৰ নমস্কাৰ
  কৃপা নছাৰিবা নাৰায়ণ।
মই পাপ দুষ্টমতি  নাজানো ভকতি স্তুতি
  পদছত্ৰে লৈলোহো শৰণ॥
কষ্টে বোলে ধনঞ্জয়   শুনা পূৰ্ব্বকথাচয়
  পূৰ্ব্বত কহিলো আদিত্যত।
আদিত্যে শুনিয়া মত   এহি যোগ সাংখ্যতত্ত্ব
  বিবৰিয়া কহিলা পুত্ৰত॥২৪০

[ ৭৬ ]

আদিত্য তনয় পুনু  নামে শ্ৰাদ্ধদেৱ মনু
  শুদ্ধমতি মহন্ত উদাৰ।
পাচে ৰাজ্য কৰি ভোগ  পুত্ৰক দিলন্ত যোগ
  বৈষ্ণৱ ইক্ষ্বাকু নাম যাৰ॥
তাৰ পুত্ৰ শুদ্ধমতি  বিদেহ ৰাজ্যৰ পতি
  নিমি বুলি খ্যাত সৰ্ব্বলোক।
হৰিপদ ধৰি মনে    ৰাজ্য এৰি গৈলা বনে
  তেহে যোগ দিলন্ত পুত্ৰক॥২৪১
পাচে মহাঋষিগণে   প্ৰৱৰ্ত্তাৱে অন্যো অন্যে
  এহিমতে কতো কাল গৈলা।
কলি ভৈলা সম্প্ৰতি   মনুষ্যৰ অল্পমতি
  কালে যোগ পুনু নষ্ট ভৈলা॥
আৰ শুনা সব্যসাচী   তোমাত কহওঁ যাচি
  ৰহস্য যে আদি গোপ্যতম।
সিদ্ধ মুনি নজানয়   বিনা ভক্তি নপাৱয়
  কিন্তু সখি তুমি প্ৰিয়তম॥২৪২
অৰ্জ্জুনে বোলন্ত স্বামী   তোমাৰ বাক্যত আমি
  সংশয় মিলিল বিপৰীত।
গৰু চাৰি বৃন্দাবনে    গোৱালীৰ পিয়া স্তন
  জন্ম লভিলাহা দৈৱকীত॥
অতি আদ্য বৈৱস্বত   পূৰ্ব্বকালে আছিলন্ত
  কাল গৈলা অযুত নিযুত॥ ২৪০

[ ৭৭ ]

তাহাৰ কথাৰ তত্ত্ব  জানিলাহা কেনমত
 ইটো কথা আতি অদভূত॥২৪৩
কৃষ্ণে বোলে হে অৰ্জ্জুন  মোহোৰ তোমাৰ পুনু
 বহুজন্ম বহি গৈল আগে।
অবিদ্যা শক্তিত থাকি  আন নজানাহা সখি
 জ্ঞান আৱৰিল মহাভাগ॥
অজ জন্ম নাহি যাৰ  স্বৰূপত নিৰাকাৰ
 স্বেচ্ছায়ে শৰীৰ ধৰো আমি।
প্ৰকৃতিৰ অধিষ্ঠান  এতে লুপ্ত নাহি জ্ঞান
 যিটো মায়া তাৰো অন্তৰ্য্যামী॥২৪৪
পূৰ্ব্বে যত হৈয়া আছে  হৈবেক যতেক পাচে
 পূৰ্ব্বাপৰে জানো ধনঞ্জয়।
স্বৰূপ নজানি লোকে  মনুষ্য বোলয় মোকে
 আৰো বোলে দৈৱকী তনয়॥
অব্যক্ত অনাদি আমি  এতেকে জানিবা তুমি
 চিৰন্তন ব্ৰহ্ম নিৰাকাৰ।
মায়াক আশ্ৰয় কৰি  মৎস্য কূৰ্ম্ম ৰূপ ধৰি
 যুগে যুগে হওঁ অৱতাৰ॥২৪৫
পুণ্য যেৱে নষ্ট গৈল  অধৰ্ম্ম প্ৰৱল ভৈল
 তেৱে মই হওঁ যে প্ৰকাশ।
ধৰ্ম্মক থাপন কৰি  অধৰ্ম্মক দূৰ কৰি
 দুৰ্জ্জন জনক কৰো নাশ॥

[ ৭৮ ]

পাৰ্থে বোল যদুৰায়  তোমাত বিষম নাই
 শত্ৰু মিত্ৰো দুইটো সমভাৱ।
সাধুক কৰাহা ত্ৰাণ   দুৰ্জ্জনক হৰা প্ৰাণ
 কেনে কৰা বিষম স্বভাৱ॥২৪৬
কৃষ্ণে বোলে কহো হেন  মাতৃয়ে পুত্ৰক যেন
 আছোক স্বপ্নত দয়া নেৰে।
যদি দোষ দেখে তাৰ  নকৰ পৰিহাৰ
 তথাপিতো দৃঢ় কৰি তাৰে॥
এহিমতে কাৰ্য্য মোৰ  দুষ্টক নিয়ম কৰো
 দণ্ড দিয়া যাক যথোচিত।
মোৰ ক্ৰোধে তাৰ বৰ  দণ্ড দয়া সমসৰ
 বধতো তাহাৰ হোৱৈ হিত॥২৪৭
দ্বেষ ভাৱে গালি পাৰে  এহিমতে মোক নেৰে
 তাৰ ভক্তি হোৱে দ্বেষভাৱে।
হিংসা চিন্তে কায়বাক্যে  এতেকেসে স্নেহে বধো
 মৰি মোৰ স্বৰূপক পাৱে॥
কৃষ্ণে দেৱ কল্পতৰু  হৃদয়ৰ প্ৰিয় গুৰু
 উচ্চ নীচ নাহিকে যাহাৰ।
সত্ত্বগুণে সত্য ধৰ্ম্ম  সত্য দয়া সমসৰ
 সত্য যাৰ হৰি বশ্য তাৰ॥২৪৮
গুণময় পৰিহৰি  নিৰ্গুণ ভকতি ধৰি
 সুখে হোৱে সংসাৰৰ পাৰ।

[ ৭৯ ]

কহৱৈ গোবিন্দ মিশ্ৰ   চৰণৰ অৰবিন্দ
  কৃষ্ণপদে কোষ্টি নমস্কাৰ॥২৪৯

পদ

আছে আন কৰ্ম্ম মোৰ জন্ম জানিবাৰ।
শুনা পাৰ্থ কেনমতে গতি হোৱে তাৰ॥
মোৰ জন্ম কৰ্ম্ম গুণ যি কাৰণে হোৱে।
দৃঢ়মতি থাকে জানি সিয়ো গতি পাৱে॥২৫০
কাম ক্ৰোধ লোভ মোহে এৰিবেক ভয়।
মইসে পৰম প্ৰিয় কৰিলে আশ্ৰয়॥
অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ।
এহি জ্ঞানপুত হুয়া তৰিলা বিস্তৰ॥ ২৫১
পাৰ্থে বোলে মোক্ষ যদি মহাফল হয়।
তাক এৰি কেনে লোক স্বৰ্গক বাঞ্ছয়॥
কৃষ্ণে বোলে আছে তাৰ পূৰ্ব্বৰ সংস্কাৰ।
আন দেৱ ভজে মোৰ নাহি অধিকাৰ॥২৫২
যেন সঙ্গমত দুখে সুখ মানে নৰ।
যিবা সুখ মানে সিয়ো ক্ষণেক মাতৰ॥
ভয় লাজ পাপক নচাই প্ৰৱৰ্ত্তয়।
দুখে সাধে অন্ন সুখ স্বৰ্গ সেহি নয়॥২৫৩

[ ৮০ ]

ইন্দ্ৰ চন্দ্ৰ আদি আনো দেৱতা পুজয়।
তাৰো ফলদাতা মই জানিবা নিশ্চয়॥
নানা বুদ্ধি কৰি ভজে দেৱতাসকল।
যেনমতে ভজে সেহিমতে পাৱে ফল॥২৫৪
বিভূতি সেহিমতে সেৱা লক্ষ্মী কৰে মোক।
কল্পবৃক্ষ এৰি সেৱা কৰয় কণ্টক॥
হৰে বিৰিঞ্চিয়ে সেৱা কৰয় লক্ষ্মীত।
লক্ষ্মীৰ কটাক্ষ পাইলে হোৱে কৃতকৃত্য॥২৫৫
যত সুখ ঐশ্বৰ্য্যৰ লক্ষ্মীসে অধিকাৰ।
হেন বুদ্ধি নাই মই লক্ষ্মীৰ ভতাৰ *॥*স্বামী
যদিবা সকামে থাকি মোৰ পূজা কৰে।
মই দত্ত ভোগ ভুঞ্জি তথাপিতো তৰে॥২৫৬
আন দেৱ ভজি যদি অ ফল পায়।
কিন্তু কৰ্ম্মছিদ্ৰে নষ্ট বিনাশক যায়॥
কৰ্ম্ম ক্ৰিয়া উপবাসে যত পাৱে কষ্ট।
দ্ৰব্য মন্ত্ৰ কায় ছিদ্ৰে পূৰ্ব্বাপৰে নষ্ট॥২৫৭
মোহোৰ কৰ্ম্মৰ তিলমাত্ৰো নষ্ট নাই।
নাজানি কৰক যদি বিশ্বাসক যায়॥
মই অন্তৰ্য্যামী মোক ভিন্ন কৰি লৱে।
ক্ষুদ্ৰ দেৱ পূজি তাৰ ক্ষুদ্ৰ ফল পাৱে॥২৫৮
পাৰ্থে বোলে কৃষ্ণ তুমি সবাহাতে সম।
তথাপি কৰিলা কেনে কৰ্ম্মত বিষম॥

[ ৮১ ]

প্ৰৱৰ্ত্তক নিয়ামক তুমিসে ঈশ্বৰ।
কাকো অল্প ফল দিয়া কাহাৰো বিস্তৰ॥২৫৯
কৃষ্ণে বোলে সত্ত্ব-ৰজ-তম তিনি গুণ।
ক্ষত্ৰ বৈশ্য শূদ্ৰ চাৰি আদ্যত ব্ৰাহ্মণ॥
সত্ত্বগুণে ব্ৰাহ্মণ ক্ষত্ৰিয় ৰজোগুণ।
বৈশ্য শূদ্ৰ তমোগুণে জানিবা অৰ্জ্জুন॥২৬০
গুণ অনুক্ৰমে কৰ্ম্ম কৰয় সকল।
গুণৰ প্ৰভাৱে উচ্চ নীচ হোৱৈ ফল॥
স্ৰজো পালো সংহাৰোহো মই তিনি লোক।
তথাপিতো কৰ্ম্মবন্ধে নপাৱয় মোক॥২৬১
কৰ্ত্তা অকৰ্ত্তা বুলি মোক যিটো জানে।
তাক কৰ্ম্মবন্ধে নপাৱয় একোথানে॥
মুমুক্ষুসকলে কৰ্ম্ম কৰিল পূৰ্ব্বত।
কৰ্ম্মবন্ধ এৰাইলা কৰ্ম্মৰ জানি তত্ত্ব॥২৬২
কিন্তু কৰ্ম্ম কৰিলেক এৰি অহঙ্কাৰ।
এহিমতে বিস্তৰ যে তৰিলা সংসাৰ॥
লোক পৰম্পৰা তুমি কৰ্ম্মক কৰিবা।
যিজনে জানয় তত্ত্ব উপদেশ লৈবা॥২৬৩
কৰ্ম্মাকৰ্ম্ম বিকৰ্ম্ম যে এহি তিনি মত।
পণ্ডিতো হোৱয় মোহ নজানিয়া তত্ত্ব॥
পাৰ্থে বোলে কৰ্ম্মৰ যে কিবা আছে কৰ্ম্ম।
লোকে যে ব্যাপাৰ কৰে তাৰ নাম কৰ্ম্ম॥ ২৬৪

[ ৮২ ]

নকৰিলে ব্যাপাৰ অকৰ্ম্ম সেহি হয়।
ভাক কেনে বোলাহা পণ্ডিতো মোহ হয়।
কৃষ্ণ বোলে তিনিতো আছয় বুজিবাক।
কৰ্ম্মাকৰ্ম্ম বিকৰ্ম্ম বুলিয়া কহে যাক॥২৬৫
সেহিগোট কৰ্ম্ম বেদ শাস্ত্ৰে বোলে যাক।
অকৰ্ম্ম বোলয় বেদে নকৰো তাহাক॥
যিগোট বিকৰ্ম্ম তাত হোৱৈ প্ৰায়শ্চিত্ত।
ইহাৰ তত্ত্বক কেহো নপাৰে বুজিত॥২৬৬
যাক জানি সংসাৰৰ আপদ তৰে পুন।
তাহাৰ ৰহস্য কহো শুনিয়ো অৰ্জ্জুন॥
বেদে কহে বুলি কৰ্ম্ম কৰে সৰ্ব্ব নৰ।
কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্যৰ॥২৬৭
স্বৰূপতে বেদবাক্য মোৰ বুলি কৱে।
সুখ মাত্ৰ কহি স্বৰ্গপথ প্ৰবৰ্ত্তাৱে॥
যেন শিশু ভাল মন্দ নাহি তত্ত্ববোধ।
লাৰু বুলি লোভ দিয়া পিয়াৱৈ ঔষধ॥২৬৮
তাৰ যেন ঔষধৰ ব্যাধিৰ দূৰ ফল।
কৰ্ম্মৰো মোক্ষেসে ফল জানিবা সকল॥
বেদ জানো বুলি যিটো কৰে অহঙ্কাৰ।
যিমতে উপজে বেদ ভেদ কহো তাৰ॥ ২৬৯
দেহে যে আছয় চাৰি চক্ৰ নিৰুপমা।
পশ্যন্তি বৈখৰী আৰো পৰা যে মধ্যমা॥

[ ৮৩ ]

আধাৰ চক্ৰৰপৰা পদ্ম শুদ্ধ আতি।
চাৰিদল কৰ্ণিকা যে কৰে পীত জ্যোতি॥২৭০
অসংখ্যাত নাড়ী আছে দেহৰ ভিতৰ।
তাৰ মধ্যে নৰনাড়ী আছে মুখ্যতৰ॥
নৱৰো মধ্যত তিনি নাড়ী অনুপাম।
ইড়া যে পিঙ্গলা আৰো সুষুম্না যে নাম ॥২৭১
তিনি নাড়ী মূলে বেটি আছয় কমল।
তাৰ কৰ্ণিকাত আছে জলৰ মণ্ডল।
বহ্নিৰ মণ্ডলে আছে উষ্ম নামে বেদী।
ঊৰ্দ্ধে চলি যায় যেন মধ্যচক্ৰ তেদি॥২৭২
পদ্ম এক আছে তাৰ শ্যাম দশদল।
তাৰ কৰ্ণিকাত আছে অলৰ মণ্ডল॥
যেতিক্ষণে উষ্ণজল একত্ৰ হোৱয়।
জল বহ্নি সংযোগত বায়ু উপজয়॥২৭০
বায়ু বহ্নি জল এক ঠাই হোৱে যদি।
উৰ্দ্ধে চলে সিটো পশ্যন্তী চক্ৰ ভেদি॥
পশ্যন্তীৰ মধ্যে আছে সূৰ্য্যৰ মণ্ডল।
ৰক্তবৰ্ণ পদ্ম সিটো দুই ষড়দল ॥২৭৪
তাৰ কৰ্ণিকাক পাইয়া বায়ু বহ্নি জলে।
তিনি মিলি বুদবুদ হৈয়া উৰ্দ্ধে চলে॥
ৰে গোটা বৈখৰী চক্ৰে থাকে কণ্ঠমূলে।
পদ্মগোট প্ৰকাশয় দুই অষ্টদলে ॥২৭৫

[ ৮৪ ]

ৰাজহংস সদৃশ যে পঙ্কজ ধৱল।
তাৰ মধ্যে আছে ব্যাপি চন্দ্ৰৰ মণ্ডল॥
বৈখৰীক ভেদি যাই চন্দ্ৰ মণ্ডলত।
জল বুদবুদ ফুৰৈ ত্ৰিবেণী তীৰ্থত॥২৭৬
সেহি বুদবুদ চাৰি ভাগ ভৈলা পুন।
ত্ৰিভাগ আশ্ৰয়ে যাই ভৈলা তিনি গুণ॥
যেহি তিনি ভাগৰ যাহাৰ যিবা নাম।
ঋগ্‌‌ তমঃ যজুঃ যজঃ সত্ত্ব বেদ সাম॥২৭৭
যজুঃ স্ৰজে সাম পালে ঋগে যে সংহাৰে।
নিবৃত্তিক এৰিয়া প্ৰবৃত্তিৰ পথে ধৰে॥
গুণক আশ্ৰয়ে বেদ ভৈলা গুণময়।
এতে স্বৰ্গ প্ৰলোভিয়া কৰ্ম্মকাণ্ডে কয়॥২৭৮
যিটো বুদ্‌বুদ্‌ ব্ৰহ্মৰন্ধ্ৰে বাহিৰায়।
বেদভাগ নিৰ্গুণ ঈশ্বৰ মাত্ৰ কয়॥
যিগোটা নিবৃত্তি পথ ঈশ্বৰৰ মত।
এতে বেদ শিৰোভাগ বোলে জগতত॥২৭৯
বুদ্‌বুদে্‌ হোৱে শব্দ ওঠে কণ্ঠে যায়।
শব্দব্ৰহ্ম হোৱৈ বাগীন্দ্ৰীয় লাগ পায়॥
বৰ্ণ ভৈলে ক্ৰমে বেদ অৰ্থ হেৱয় প্ৰচাৰ।
পঢ়ে মাত্ৰ বেদ অৰ্থ নজানয় তাৰ॥২৮০
ঈশ্বৰ মুখৰ বাণী যত বেদচয়।
সিকাৰণে শব্দব্ৰহ্ম জগতে ঘোষয়॥

[ ৮৫ ]

যাক বোলে মুনি তিনি লোকে থাকে জ্ঞান।
ভূত ভবিষ্যত সি জানয় বৰ্ত্তমান॥২৮১
এনুৱা মুনিয়ো চিন্তে আত্ম-জ্ঞানে ধ্যানে।
তথাপি বেদৰ অৰ্থ স্বৰূপ নজানে॥
যদি বোলা বেদ অৰ্থ নজানয় ভেদ।
যেন আকাশৰ পুষ্প সেহিমতে বেদ॥২৮২
স্বৰূপত কহো বেদ তাতপৰ্য্য যত।
সেহিসে বেদজ্ঞে জানে মহাভাগৱত॥
ভাগৱত মত লৈয়া জানিবা সকলে।
এবে কহো কৰ্ম্ম অকৰ্ম্মক যাক বোলে॥২৮৩
আন দেৱ-দেৱী পুজি কৰে যেই কাম।
নিশ্চয়ে অকৰ্ম্ম বুলি জান তাৰ নাম॥
কিন্তু মন্দভাগী যে সকাম কৰ্ম্ম কৰে।
যেন গলে শিলা বান্ধি সাগৰত তৰে॥২৮৪
প্ৰায়শ্চিত্ত জপ তপ তীৰ্থ যজ্ঞ দান।
অকৰ্ম্মীৰ এতেক নকৰে নাহি ত্ৰাণ॥
বিকৰ্ম্মী গৰ্হিত কৰ্ম্ম কৰে গুৰুতৰ।
অকৰ্ম্মীত কৰি বিকৰ্ম্মীসে ভদ্ৰতৰ॥২৮৫
প্ৰায়শ্চিত্ত জানিবাহা বিকৰ্ম্মীক লাগি।
কৰি প্ৰায়শ্চিত্ত পাচে হোৱয় পুণ্যভাগী॥
পাচে তপ জপ যজ্ঞ তীৰ্থাদি কৰয়।
মন শুদ্ধ হৈয়া যে সৎসঙ্গ লাগ লয়॥২৮৬

[ ৮৬ ]

সাধুসঙ্গে থাকি হোৱে ঈশ্বৰে ভকতি।
এহি অনুক্ৰমে বিকৰ্ম্মীয়ে পাৱে গতি॥
কৰ্ম্মাকৰ্ম্ম বিকম্মে যে পূৰ্ব্বৰ সংস্কাৰ।
হৰিভক্ত আৰম্ভ হোৱয় ছাৰখাৰ॥২৮৭
তোমাত বেদৰ তত্ত্ব কহিলোহো বাছি।
একে প্ৰিয়শিষ্য তুমি সখি সব্যসাচী॥
ঈশ্বৰাংশ নৰ তুমি নাৰায়ণ মই।
জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয়॥২৮৮
মোহাশ্ৰয় গুচি অহংভাৱ নুহি যাৱে।
তাৱদেকে ভেদ জীৱ স্বৰূপ নপাৱে॥
তোমাত কহিলো যে বেদ পৰিচ্ছেদ।
কিন্তু কৰ্ম্ম কৰিবাক আছে তত্ত্বভেদ॥২৮০
কৰ্ম্মতে অকৰ্ম্ম বুদ্ধি কৰিব নিশ্চয়।
অকৰ্ম্মত কৰ্ম্ম দেখিবাহা ধনঞ্জয়॥
ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰে যত যত।
সেহিগোটা কৰ্ম্ম নোহে জানা স্বৰূপত॥২৯০
যত কৰ্ম্ম বেদে কহে সকল নিৰ্গুণ।
পূৰ্ব্বে বোলা গুণ বাক্য হুয়োক অৰ্জ্জুন॥
ইমতে ঈশ্বৰ কৰ্ম্ম কেৱলে নিৰ্গুণ।
কৰ্ম অকৰ্ম্মৰ ভেদ কহিলো অৰ্জ্জুন॥২৯১
কৰ্ম কৰি বন্ধ নোহে দেখা হেতু কোন।
ঈশ্বৰো নিৰ্গুণ তাৰ কৰ্ম্ম যে নিৰ্গুণ॥

[ ৮৭ ]

তাহাৰ মায়ায়ে বান্ধে তেহে মুক্ত হেতু।
কৰ্ম্মবন্ধ নুহিবাৰ এহি নিজ হেতু॥২৯২
অকৰ্ম্ম যে গোট কহো জানা মহাবীৰ।
অকৰ্ম্মীৰ তত্ত্বক জানিতে পাৰে ধীৰ॥
অকৰ্ম্মতে কৰ্ম্মক দেখিবে সৰ্ব্বঠাই।
কৰিলে বন্ধন নকৰিলে প্ৰত্যবায়॥২৯৩
যেন যমদাগ্ন পূৰ্ব্বে আপোন ভাৰ্য্যাক।
কাটিবে বুলিলা পুত্ৰ পৰশুৰামক॥
নকাটিলে পিতৃ-আজ্ঞা ভঙ্গ হোৱে আগে।
কাটিলে স্ত্ৰীবধ মাতৃবধ দুয়ো লাগে॥২৯৪
কি কৰিবো ৰামে খুজি নপান্ত নিশ্চয়।
অকৰ্ম্মীৰ উভয় সঙ্কট সেহি নয়॥
সকামে যিগোটা নানা দেৱ পূজে লোক।
সেহিসে অকৰ্ম্মী তাত কৰ্ম্ম দেখিয়োক॥
নকৰিলে প্ৰায়শ্চিত্ত হোৱয় অধৰ্ম্ম।
যদি কৰে সংসাৰত বান্ধে সেহি কৰ্ম্ম॥
উভয় প্ৰকাৰে নষ্ট কৰ্ম্ম সকামীৰ।
হেন জানি অৰ্পি কৰ্ম্ম কৰা ঈশ্বৰৰ॥২৯৬
যদি বোলা ঈশ্বৰৰ কৰ্ম্ম কেনে শ্ৰেষ্ঠ।
বন্ধন স্বভাৱে মোক্ষ কৰয় অনিষ্ট॥
ঈশ্বৰৰ অৰ্থে কৰ্ম্মে নিৰাহাৰে কৰে।
অশেষে সিজিলি তাৰ কৰ্ম্ম নাশিবাৰে॥২৯৭

[ ৮৮ ]

কৰ্ম্ম কৰে যিটো কাম সঙ্কল্প বৰ্জ্জিত।
ফলত্যাগ কৰা জানা সেহিসে পণ্ডিত॥
সেহি কৰ্ম্ম জানে তাক বোলে যোগযুক্ত।
নিত্যতৃপ্ত হৈয়া ভৈলা সংসাবৰ মুক্ত॥ ২৯৮
তাৰ কৰ্ম্ম নাহি আৰ যদি কৰ্ম্ম কৰে।
যেন কুম্ভকাৰ চক্ৰ এৰিলেও ফুৰে॥
সুখক নোখোজে পৰিগ্ৰহকো নকৰে।
যথা লাভে দেহ মাত্ৰ যেন ৰক্ষা কৰে॥২৯৯
সিদ্ধ অসিদ্ধত সম হুয়া নিৰন্তৰে।
কাম ক্ৰোধ লোভ মোহ এৰিয়া সংসাৰে॥
নৈৰাশিক হৈয়া যদি মোহোক চিন্তয়।
সেহিসে পৰম সাধু জানা ধনঞ্জয়॥ ৩০০
মুক্তিক বাঞ্ছয় যিটো তাৰ এহি মত।
ঈশ্বৰত অৰ্পি কৰ্ম্ম কৰন্ত সমস্ত॥
আৰূঢ় যোগীৰ যদি কিছু কৰ্ম্ম নাই।
তথাপি কৰয় কৰ্ম্ম লোক প্ৰৱৰ্ত্তাই॥৩০১
বৰ্ণাশ্ৰম নিয়মৰ কৰিলোহো বিধি।
কিন্তু নিষ্টে দৃঢ় কৰি তাতে আছে সিদ্ধি॥
এক ব্ৰহ্ম নানা ভাব কৰিয়া ভাবয়।
দ্বাদশ যজ্ঞক কহো শুনা ধনঞ্জয়॥৩০২
কতো নানা যজ্ঞ কৰি ব্ৰহ্মত অৰ্পয়।
কৰ্ত্তা কৰ্ম্ম ঘৃত অগ্নি দেখে ব্ৰহ্মময়॥

[ ৮৯ ]

কতো কৰ্ম্ম যজ্ঞ বলে ইন্দ্ৰি আদি যত।
সবাকো ঈশ্বৰ বুলি মানয় মনত॥৩০৩
জ্ঞানযোগী ব্ৰহ্মক অগ্নি বুলি ধৰে।
যত ভক্ষ্য ভেজ্যি যে ব্ৰহ্মত হোম কৰে॥
ব্ৰহ্মচাৰী সৱেও নিষ্ঠাত কৰি বোধ।
জ্ঞানেন্দ্ৰিয় কৰ্ম্মেন্দ্ৰিয় কৰিব নিৰোধ॥৩০৪
ইন্দ্ৰিয়ত আৰো ইন্দ্ৰি হোম কৰে পুন।
সেহিগোটা নিষ্ঠা যজ্ঞ জানিবা অৰ্জ্জুন॥
গৃহস্থৰ যজ্ঞ সখি শুনিয়ো নিৰ্ণীত।
ইন্দ্ৰি অগ্নি ভৈলন্ত বিষয় ভৈল ঘৃত॥৩০৫
বিষয়ত থাকি অনাসক্তি যিটো ভুঞ্জে।
পাইলে নেৰে নপাইলে তথাপি নোখোজে॥
কতো ধ্যান যজ্ঞ কৰি একাগ্ৰ মনক।
আত্মাত কৰয় হোম ইন্দ্ৰিয় প্ৰাণক॥৩০৬
কতো সবে যজ্ঞ দ্ৰব্য কৰে নানা দ্যন।
কৰয় তপস্যা যজ্ঞ কৃচ্ছ চান্দ্ৰায়ণ॥
কতো সবে চিত্তৰ বৃত্তিক নিৰোধয়।
আত্মাত কৰয় হোম ইন্দ্ৰিয় প্ৰাণক॥৩০৭
শ্ৰদ্ধায়ে যজ্ঞক আৰো কৰে কতো জন।
বেদ অধ্যয়ন কৰে শ্ৰৱণ মনন॥
প্ৰাণায়াম যজ্ঞ কহো শুনিয়ো নিৰ্ণয়।
বায়ু যে অপান বায়ু অথক চলয়॥৩০৮

[ ৯০ ]

উৰ্দ্ধক যি গোটা চলে প্ৰাণ নাম তাৰ।
অধে উৰ্দ্ধে দুই বায়ু কৰয় প্ৰচাৰ॥
ধৰি মুখে প্ৰাণ বায়ু উৰ্দ্ধক তুলিব।
প্ৰাণ অপানক তুলি একত্ৰ কৰিব॥৩০৯
অধে উৰ্দ্ধে দুয়ো গতি নিৰোধি কুন্তকে
প্ৰাণক অপানে হুমি এৰিবে ৰেচকে॥
এহি প্ৰাণায়াম পিণ্ড শুদ্ধ সৰ্ব্ব ঠায়ে।
প্ৰাণায়াম বিনা দেহা যেন শৱ প্ৰায়॥৩১০
দশ প্ৰাণ থাকি দেহে যি কৰ্ম্ম কৰয়।
যাৰ যেন কৰ্ম্ম কহো শুনা ধনঞ্জয়॥
তাক বোলে প্ৰাণ বায়ু উৰ্দ্ধে যে প্ৰচাৰ।
গুহ্যে ৰহে যি গোটা অপান নাম তাৰ॥৩১১
বঢ়াৱে কোঞ্চাৱে হস্ত পদ অনুষ্ঠান।
তাক যিটো কৰাৱে তাহাৰ নাম ব্যান॥
পুৰুষ ভূঞ্জয় অন্ন পান পেট ভৰি।
যি গোটে সবাকে বান্টি দেই সম কৰি॥৩১২
বাণ্টিলা মাত্ৰকে অন্ন অঙ্গে অঙ্গে চলে।
সম কৰি দেই যিটো সম বয়ুা বোলে॥
বাত পিত্ত কফ বায়ু যত কৰাৱয়।
সি গোটা উদান নাম জানা ধনঞ্জয়॥৩১৩
নাগ না ে বায়ু গোট আছে শৰীৰত।
সমস্ত লোকক কাস হাঞ্চি কৰাৱন্ত॥

[ ৯১ ]

কৃকৰ বায়ুয়ে ক্ষুধা কৰে পুৰুষৰ।
কূৰ্ম্ম বায়ু চক্ষু মেলে ঘুৰে নিৰন্তৰ॥৩১৪
দেৱদত্ত বায়ুগোট হাঁমি কৰাৱয়।
মৰিলে যি গোটে নেৰে সেহি ধনঞ্জয়॥
মধ্যত কহিলো প্ৰাণ-বায়ু যেনমত।
দ্বাদশ যজ্ঞক কহো শেষ আছে যত॥৩১৫
কতো গুলা যজ্ঞ হয় নিয়ম আহাৰে।
চাৰিভাগ পেট দুই ভাগ অন্নে ভৰে॥
ভাগেক পূৰয় তাৰ জল পান কৰি।
অপৰ ভাগত বায়ু থাকয় সঞ্চৰি॥৩১৬
আহাৰ সঙ্কোচে ইন্দ্ৰিয়ৰ হয় লয়।
প্ৰাণতে অপান হোম আপুনি হোৱয়॥
এহিমতে যজ্ঞ কৰি অৱশেষ খায়।
সৰ্ব্বপাপে মুক্ত হুয়া ব্ৰহ্মপদ পায়॥৩১৭
এহিমতে বহুবিধ যজ্ঞ নিৰন্তৰ।
বেদব্ৰহ্ম কহে বাক্য ঈশ্বৰ মুখৰ॥
অযজ্ঞ জনৰ ইহকালে সুখ নাই।
পৰকালে ঘোৰ দুখ নৰকক পায়॥৩১৮
এহিমতে বিস্তৰ যজ্ঞতে কৰে নিষ্ট।
তথাপি সবাতো পৰে জ্ঞানযজ্ঞ শ্ৰেষ্ঠ॥
সমস্তে আছয় কৰ্ম্ম জ্ঞানৰ লগত।
গুৰু মানি জ্ঞান লৈবা উপদেশ তত্ত্ব॥৩১৯

[ ৯২ ]

যেহি গুৰু সেহি হৰি কৰি এক মতি।
তেবেসে ভকতি বাঢ়ি হৈবে শুদ্ধমতি॥
যি জ্ঞানক জানি নষ্ট হোৱে মোহ যত।
বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণীত॥৩২০
যাতপৰে সংসাৰত মহাপাপী নাই।
সমস্ততে এৰাৱে তেবে এহি জ্ঞান পাই।
অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে।
এহি জ্ঞানে ততকাল মান ভস্ম কৰে॥৩২১
যেহেন বিস্তৰ খেৰ খৈয়াছে দমাই।
অল্প অগ্নি লাগি ক্ষণমাত্ৰে কৰে ছাই॥
তত্ত্বজ্ঞানে পৱিত্ৰ হোৱয় যেনমত।
পৱিত্ৰ কৰন্ত হেন নাহি সংসাৰত॥৩২২
শ্ৰদ্ধা ৰতি সহিতে সাত্বিক কৰি বুদ্ধি।
জ্ঞানে নিত্য অভ্যাসে আপুনি হোৱে সিদ্ধি॥
বিনা গুৰু অজ্ঞানে কৰে অহঙ্কাৰ।
শ্ৰদ্ধা আস্তিক বুদ্ধি দুয়ো নাহি তাৰ॥৩২০
গুৰু নাহি লোক দেখি কৰ্ম্মক কৰয়।
কুঞ্জৰৰ স্নান যেন তাৰো সেহি নয়॥
কৰিলে কৰয় কৰ্ম্ম নুগুচে সংশয়।
যেন মিছা বস্তুত পুৰুষে কৰৈ ভয়॥৩২৪
একোকালে গতি নাই সংশয়ী জনৰ।
পৰকালে কৰ্ম্মফল নৰক মাতৰ॥

[ ৯৩ ]

তুমি কৰ্ম্ম কৰিবা নকৰি অহঙ্কাৰ।
ঈশ্বৰে অৰ্পিয়া কৰা আজ্ঞা মানি তাৰ॥৩২৫
আত্মাক অকৰ্ত্তা বুলি যিজনে জানয়।
তাক একোকালে কৰ্ম্মপাশে নবাধয়॥
অজ্ঞান সংশয় মোহ অহঙ্কাৰ বুদ্ধি।
জ্ঞান তীক্ষ্ণ খড়্গে তাক পেলায়োক ছেদি॥৩২৬
বন্ধুবধ শোক মোহ অজ্ঞানৰ ইচ্ছা।
সংশয়ক এৰি বুজা যত দেখা মিছা॥
কহয় গোবিন্দ মিশ্ৰে মহিমা কৃষ্ণৰ।
গোকুল ঢাকিয়া যিটো ৰাখিল মন্দৰ॥৩২৭
লীলায়ে গোৱাল গৰু ৰাখিলা মুৰাৰি॥
বামহাতে সাত দিন গোৱৰ্দ্ধন ধৰি।
ইন্দ্ৰৰ পুজাক যিটো আপুনি ভুঞ্জিলা॥
কোনে বুজিবেক সিটো ঈশ্বৰৰ লীলা॥ ৩২৮
যুদ্ধে হাৰি ইন্দ্ৰে নাম থৈলন্ত গোবিন্দ।
শিৰে ধৰো মই তান চৰণাৰবিন্দ॥
অহঙ্কাৰ মহামোহ গুচে যেনমত।
সদায়ে থাকোক মন ৰঙা চৰণত॥৩২৯
দিন ভৈলে যি যি কৰ্ম্মে প্ৰৱৰ্ত্তায়া নৰ।
শয়নত থাকে সেহি কৰ্ম্মৰ ভিতৰ॥
অভ্যাস চিন্তন মন পৰম উপায়।
সমাধিত ঈশ্বৰ মূৰ্ত্তিক লাগ পায়॥৩৩০

[ ৯৪ ]

যদি ভাল বস্তু খাই উগাৰত আসে।
তাহাৰ সুগন্ধ বায়ু যায় দশোদিশে॥
হেন জানি সভাসদ পৰৰ উৎসুকে।
অৰুণ চৰণ দুটি বান্ধিয়োক বুকে॥৩৩১
হৃদি ৰূপ ধৰা মুখে লোৱা হৰিনাম।
কলিযুগে নাম বিনে গতি নাই আন॥
অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে।
ৰামকৃষ্ণ ৰামকৃষ্ণ ডাকিয়োক মুখে॥৩৩২


চতুৰ্থ অধ্যায় সমাপ্ত

[ ৯৫ ]

পঞ্চম অধ্যায়

কৰ্ম-সন্ন্যাস যোগ

দুলড়ী

অৰ্জ্জুন বদতি   বোলা যদুপতি
  জ্ঞানত সমস্ত হয়।
তাত আৰো কৰ্ম্ম   শ্ৰেষ্ঠ কৰি কহা
  ইহাত বৰ সংশয়॥
কৃষ্ণে বোলে জ্ঞান    কৰ্ম্মক কৰিলো
  ফলতো দুয়ো সমান।
নকৰিলে কৰ্ম্ম   সন্ন্যাস নিসিজে
  এতেকে কৰ্ম্ম প্ৰধান॥৩৩৩
ঈশ্বৰৰ অৰ্থে    ৰাগ দ্বেষ এৰি
  গৃহে থাকি কৰ্ম্ম কৰে।
জানিবা সন্ন্যাস   সিজিল তাহাৰ
  অনায়াসে সিটো তৰে॥
সাংখ্যজ্ঞান-কৰ্ম্ম   দুইৰো একে ধৰ্ম্ম
  আৰ দুইৰো একে গতি।
তাক ভিন্ন কৰি   যিজনে দেখয়
  সিটো মুৰ্খ মন্দমতি॥৩৩৪

[ ৯৬ ]

কৰ্ম্মক নকৰে   সন্ন্যাসক ধৰে
  তাৰ মাত্ৰ দুখ সাৰ।
কৰ্ম্ম কৰে আগে   বিলম্ব নালাগে
  সুখে যে তৰে সংধাৰ॥
যোগ কৰ্ম্ম কৰি   ইন্দ্ৰিয় নিয়ম
  চিত্ত কৰিলেও শুদ্ধি।
কৰ্ম্ম কৰিবেক   কৰ্ম্ম নোহে মানে
  সবে দেখে আত্মবুদ্ধি॥৩৩৫
যতেক বিষয়  সবে গুণময়
  কৰ্ম্মক কৰে সাক্ষাত॥
ঈশ্বৰৰ কাষে  ইন্দ্ৰি প্ৰৱৰ্ত্তয়
  আত্মা কৰ্ত্তা নোহে তাত॥
পূৰ্ব্ব সংস্কাৰে   যোগী কৰ্ম্ম কৰে
  কৰিতে আশক্তি নাই।
যত কৰ্ম্ম মানে  অজ্ঞানীৰ থানে
  কৰে লোক প্ৰৱৰ্ত্তাই॥৩৩৬
বাক্য পদ হস্ত  গুহ্য যে উপস্থ
  উশাস নিশ্বাস ঘ্ৰাণ।
ভোজন শয়ন   শ্ৰৱণ গ্ৰহণ
  দৰ্শন স্পৰ্শন প্ৰাণ॥
সবে ইন্দ্ৰি কৰ্ম্ম   ব্ৰহ্মে অৰ্পি কৰে
  নিলিপয় কৰ্ম্মমলে।

[ ৯৭ ]

যেন পদ্মপত্ৰ    জলতে থাকয়
  যেন নিলিপয় জলে॥৩৩৭
কৃষ্ণে বোলে সখি   তিনি গোট তত্ত্ব
  কহো শুনা তাৰ নাম।
ভক্তি জ্ঞান এক   ভক্তি যে গোটেক
  গোটেক আৰ সকাম॥
ভক্তি যেন খান   কহিবো সাধন
  শুনিয়ো তাৰ যুগুত।
ভক্তিৰ মহিমা   নাহিকে উপমা
  শুনিবাতো অদভুত॥৩৩৮
কৰ স্নান দান   বুদ্ধিত নিশ্চয়
  অন্তৰে নাম স্মৰণ।
কৰ্ম্ম এৰি ফল   সঙ্কল্প এৰিব
  কৰিব হৰি কীৰ্ত্তন॥
সব কৰ্ম্ম কৰে   অৰ্পিয়া ঈশ্বৰে
  যেন সেৱকৰ নয়।
হৰিপদে আশ    কৰিয়া বিশ্বাস
  অনায়াসে গতি পায়॥ ৩৩৯
কৰ্মী বহিৰ্ম্মুখ   তাৰ কহো দুখ
  আশাতেসে প্ৰাণ যায়।
দুগ্ধ খাইবো বুলি   মনে আশা কৰি
  চাৰি মৰৈ বাজী গাই॥

[ ৯৮ ]

দ্ৰব্য সাঞ্চে ঘৰে    উপবাসে মৰে
  বেপাৰৰে সীমা নাই।
কাল দেশ বুদ্ধি   দ্ৰব্য দেহ শুদ্ধি
  ভৈলে কৰ্ম্মফল প্ৰায়॥৩৭০
ইহাৰ মধ্যত    ভ্ৰম প্ৰমাদত
  যদি অঙ্গহীন ভৈলা।
ফলো নাহি তাৰ   দুখ মাত্ৰ সাৰ
  কৰ্ম্মী নষ্ট দ্ৰৱ গৈলা॥
যদি ফল পায়   স্বৰ্গ ভুঞ্জে যায়
  নুগুচে চিন্তা মনত।
পূৰ্ব্বকৰ্ম্মে টানি    কেশে ধৰি আনি
  পেলাৱয় নৰকত॥৩৪১
যিটো আত্মজ্ঞানী   সবে মিছা জানি
  শৰীৰে নগৰ তাৰ।
একে দুৱাৰক    নিবোধ নাযায়
  যাৰ নৱখান দ্বাৰ॥
নৱ দ্বাৰে আতি   থাকি কৰে জ্যোতি
  মোৰ দেহ নহে মানে।
যাৰ শৰীৰত    অভিমান নাই
  মুক্ত হোৱে সিটোজনে॥৩৪২
পাৰ্থে বোলে বাণী   যত আছে প্ৰাণী
  কেহো নোহে স্বতন্তৰ।

[ ৯৯ ]

আত্মা ইচ্ছা কৰ্ম্ম   কৰিতে নপাৰে
  পৰাধীন ঈশ্বৰৰ॥
শুভাশুভ কৰ্ম্ম    ঈশ্বৰে যাহাক
  কৰাৱয়া যেন ভাৱে।
প্ৰয়োজক ভৈলে   নাহি পাপ পুণ্য
  ঈশ্বৰক পুনু পাৱে।৩৪৩
বোলাহা ঈশ্বৰ  সবাতে সমান
  পূৰ্ণকাম লক্ষ্মীপতি।
অভক্তৰ বস্তু   কটাক্ষ নকৰা
  ভক্ত লোৱা হাত পাতি॥
কৃষ্ণে বোলে সখ   অপমান দেখি
  সিয়ো আৰাধিবে মোক।
অপমানে ধ্ৰুবে   মোহোক ভজিলে
  দিলোহো উত্তম লোক॥ ৩৪৪
শুনা গুড়াকেশ    কহো উপদেশ
  সবাতো সম ঈশ্বৰ॥
অজ্ঞানত থাকি   মৰে হেন দেখি
  দণ্ড দয়া সমসৰ।
বোলাহা ঈশ্বৰ  প্ৰয়োজক হুয়া
  স্ৰজে পালে কতো মাৰে।
পাপপুণ্য চয়  নেদে এৰুৱায়
  হৰি কাকা একো কালে।৩৪৫

[ ১০০ ]

অবিদ্যা মোহিত   হুয়া বিড়ম্বিত
  ঈশ্বৰক কৰ্ত্তা মানে।
কৰে অহঙ্কাৰ   গুণ অনুসৰি
  মূৰুখে তাক নজানে॥
হেন বুদ্ধি নাই    ভক্তি যে বিনায়
  নছাৰে সংসাৰ বন্ধ।
নেদেখো উপায়   ইয়ো গতি নাই
  সেহি জানা নিজে অন্ধ॥৩৪৬
গোবিন্দে কহয়   দেৱ দয়াময়
  চৰণে লৈলো শৰণ।
দিয়া পদছাঁয়া   গুচায়োক মায়া
  ত্ৰাহি ত্ৰাহি নাৰায়ণ॥
নতি কৰো শ্যাম   মুখে তুৱা নাম
  সদা নছাৰোক মোৰ।
এৰি আন কাম   ডাকি বোলা ৰাম
  তৰিয়ো সংসাৰ ঘোৰ॥৩৪৭

[ ১০১ ]

আত্মজ্ঞানে জ্ঞানীৰ অজ্ঞান ভৈল নাশ।
আনে দীপ্তি কৰৈ যেন সূৰ্যৰ প্ৰকাশ॥
আত্মাত কৰিলে মন চিত্ত বুদ্ধি লয়।
ঈশ্বৰে কৰিয়া নিষ্ঠা পৰম আশ্ৰয়॥৩৪৮
আত্মজ্ঞানে পাপ নষ্ট ভৈলা জানা তাৰ।
পৰম পদক পাৱৈ জন্ম নাহি আৰ॥
যদি বোলা কোন হেতু ভৈলা এতমান।
সম বিষয়ত সিটো দেখয় সমান॥৩৪৯
হয় সত্ত্ব গুণযুক্ত হেনয় ব্ৰাহ্মণ।
বেদ-শাস্ত্ৰ গুণযুক্ত সবে সম্পূৰণ॥
গো হস্তী চাণ্ডাল যে কুকুৰকো ভক্ষে।
দ্বিজ সমে জ্ঞানী সবাহাঙ্কো একে দেখে॥৩৫০
কৰ্ম্মত বিষয় দেখে চাণ্ডাল ব্ৰাহ্মণ।
জাতিত নিকৃষ্ট গৰু হস্তী আৰো শ্বান॥
তথাপিতো সম দেখে জ্ঞান অখণ্ডিত।
সেহিসে সৰ্ব্বজ্ঞ আতি পৰম পণ্ডিত॥৩৫১
ব্ৰহ্মভাৱে সবাতে সংশয় দূৰ গৈল।
সংসাৰে আছন্ত জীৱন্তেহে মুক্ত ভৈল॥
প্ৰিয় যদি হোৱে তাত নকৰে আহ্লাদ।
যদি শোক হোৱে তাত নকৰে বিষাদ॥৩৫২

[ ১০২ ]

বুলিবাহা চাণ্ডাল ব্ৰাহ্মণ সম হুই।
তেৰে ধৰ্ম্ম অধৰ্ম্ম নৰক পাইল কই॥
অগ্নিৰ ফুলিঙ্গ হেন বাহিৰায় যায়।
নিৰ্ব্বাশ পাইলে যেন আসে পূৰ্ব্ব ঠাই॥৩৫৩
আত্মাৰ স্ফুলিঙ্গ জীৱ দেখে নানা কৰি।
অজ্ঞান অবিদ্যা শক্তি আছয় আবৰি॥
উপাধি গুচিলে অবিদ্যায়ে বিদ্যা হুই।
বিদ্যা ভৈলে আত্মা মাত্ৰ জীৱ পাইলা কই॥৩৫৪
যত বিধি নিষেধ মায়াত আছে পূৰ্ণে।
নিৰ্গুণ ব্ৰহ্মক কি কৰিবে দোষ গুণে॥
সম্মোহ গুচিয়া স্থিৰ বুদ্ধি ভৈল যাৰ।
ব্ৰহ্মভাৱ হুয়া চিত্ত নপালটে আৰ॥৩৫৫
আত্মাক চিন্তনে উপৰাম ভৈল মন।
অক্ষয় অব্যয় সুখ পাইলা সেহিজন॥
যদি বোলা বিষয় সুখক ত্যাগ কৰে।
মোক্ষে কিবা কাৰ্য্য সাধিবেক তাত পৰে॥৩৫৬
বিষয়ত হন্তে সুখ যতেক আছয়।
পৈশুন্য যে হিংসা ভয় বিস্তৰ হোৱয়॥
যেন স্বপ্নে পেট ভৰি লাড়ু খাইল নৰ।
ক্ষুধা পলাৱে স্বাদ মুখে মনোহৰ॥৩৫৭
জাগি দেখে ক্ষুধা আছে মুখে লাড়ু নাই।
মোক্ষ বিনে আন সুখ দুখ সেহি প্ৰায়॥

[ ১০৩ ]

অল্প দিনে থাকে মাত্ৰ, গুচে তেতিক্ষণে।
হেন জানি তাত নৰময় সাধু জনে॥৩৫৮
ব্ৰহ্মত ৰময় যোগী তাতে দিয়া চিত্ত।
যিটো সুখ পায়ে ব্ৰহ্মানন্দ অখণ্ডিত॥
কিন্তু কাম ক্ৰোধ আছে দুইগোটা বৈৰী।
যাৱে মুক্ত নহে তাৱে লৈবে ভাল কৰি॥৩৫৯
যেন মৃত শৱক যে বেঢ়িয়া কান্দয়।
যুৱতীসকলে তাক ধৰি আলিঙ্গয়॥
শৱৰ ইন্দ্ৰিয়ে যেন চেষ্টা নকৰয়।
জ্ঞানীৰ জীৱন্তে জানা হৈব সেহি নয়॥৩৬০
সেহি মুক্ত যোগী সখি জানিবা সাক্ষাত।
আছে কাম ক্ৰোধ তাত বেগ নোহে জাত॥
বুলিবাহা কাম ক্ৰোধ ত্যজি গতি পায়।
কিন্তু তাত হেনমত আছে অভিপ্ৰায়॥৩৬১
আগত কৰয় নটে নটী নৃত্য গীত।
দেখিয়া নেদেখে তাক নকৰয় চিত্ত॥
কেৱলে ৰময় যিটো আত্মাত মাতৰ।
সিদ্ধিত ব্ৰহ্মভূত হুয়া মোক্ষ লভে নৰ॥৩৬২
ছেদিয়ো সংশয় যত মনৰ দ্বৈধক।
সৰ্ব্বদায়ে যোগী চিন্তে প্ৰাণীৰ হিতক॥
সেহি জ্ঞান যোগৰ সাধন কহো যত।
ইন্দ্ৰিয় বিষয় যত এৰিব বাহ্যত॥৩৬৩

[ ১০৪ ]

প্ৰাণ অপানক দুইকো কৰি সমান।
নিশ্চলে ৰাখিব দুইকো ভ্ৰূৰ মধ্যস্থান॥
নাসা অগ্ৰে দুয়ো বায়ু কৰিবেক গতি।
শূন্য মন ৰাখি ব্ৰহ্ম থাকিবেক চিন্তি॥৩৬৪
বিষয় এৰিলে মন ব্ৰহ্ম এক স্থান।
আপোনাক পাসৰিব নাহি মই জ্ঞান॥
সকলে শুচিয়া মন ৰহে এক ঠাই।
যেন মৃতকৰ কিছু সুখ দুখ নাই॥৩৬৫
এহিমতে চিন্তিয়া যে স্থিৰ ভৈলা মন।
জীৱন্তে মুকুত সখি ভৈলা সেহিজন॥
যদি তুমি ভাত হেন বোলা কুন্তীসুত।
জ্ঞানত দেৱতা বিঘ্নি কৰয় বহুত॥৩৬৬
যেনমতে নহে বিঘ্নি কহো হেতু তাৰ।
সৰ্ব্বদায়ে মই হওঁ সদায় তাহাৰ॥
যজ্ঞ দান তপ পূৰ্ব্বে কৰিলেক যত।
মোক ভজি কৰ্ম্ম যত অৰ্পিলে সমস্ত॥৩৬৭
যজ্ঞৰ পালক ভোক্তা মই মহেশ্বৰ।
অন্তৰ্য্যামী সুহৃদ যে সমস্ত লোকৰ॥
এহিখানি জ্ঞান যেৱে জানিলেক লোক।
নিশ্চয়ে জানিবা মুক্ত হুয়া পাইলা মোক॥৩৬৮
কহয় গোবিন্দ মিশ্ৰে জ্ঞানৰ মহত্ত্ব।
বন্দোহো কৃষ্ণৰ অৰবিন্দ চৰণত॥

[ ১০৫ ]

শুনিয়োক সভাসদ দেখা বিদ্যমান।
কৃষ্ণ সম প্ৰিয় গুৰু বন্ধু নাহি আন॥৩৬৯
কৃষ্ণে বোলে পঞ্চম অধ্যায়ে প্ৰখমত।
সেহিসে নিৰ্গুণ জ্ঞান চিন্তনৰ মত॥
পঞ্চমৰ অন্তে কহে সগুণ নিৰ্গুণ।
দুইৰো ব্যৱস্থাক কহো শুনিয়ো অৰ্জ্জুন॥৩৭০
দুই পাৱ দিলা তীৰ্থ কৰোক গমন।
চক্ষু দুই দিলা সন্ত হৌক দৰিশন॥
নাসা দিলা তুলসীৰ ঘ্ৰাণ লৈবা পুন।
কৰ্ণ দুই দিলা তান শুনে নাম গুণ॥৩৭১
হস্ত দুই দিলা কৃষ্ণ কৰ্ম্মে প্ৰৱৰ্ত্তোক।
উদৰ দিলন্ত তাৰ প্ৰসাদ ভুঞ্জোক॥
শিৰগোট নিলা তান আনন্দিত মন।
পদাৰবিন্দত সদা কৰোক বন্দন॥৩৭২
জিহ্বা মুখ দিলা সদা কৰোক কীৰ্ত্তন।
নামক স্মৰন্তে মন দিলা সৰ্ব্বক্ষণ॥
বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপক চিন্তোক।
চিত্তক দিলন্ত তাতে অচলে ৰহোক॥৩৭৩
অহঙ্কাৰ সহিতে দিলন্ত অভিমান।
ঈশ্বৰ কৃষ্ণৰ মই ভৃত্য হৈব জ্ঞান॥
সবাৰো আশ্ৰয় ইটো আছে দেহাগুটি।
কৃষ্ণ সেৱকৰ পদধূলি লৈব লুটি॥৩৭৪

[ ১০৬ ]

এতেক প্ৰকাৰে কৃষ্ণ দিয়াছে সাক্ষাত।
এতেককো পায়া নৰে কৰে আত্মঘাত॥
কহয় গোবিন্দ মিশ্ৰে শুনা সভাসদ।
হৰি ভকতিসে জানা পৰম সম্পদ॥৩৭৫
হেনয় কৃষ্ণ পদে লৈলোহো শৰণ।
নিস্তাৰিয়ো ৰাম কৃষ্ণ বুলিয়ো সঘন॥
যদি মহাজ্ঞনে নজানোহো আতিশয়।
তথাপিতো কিছু দায়া কৰা কৃপাময়॥৩৭৬
চাৰিয়ো যুগৰ ধৰ্ম্ম কৃষ্ণনাম সাৰ।
ৰাম নাম গাইয়া সুখে তৰিয়ো সংসাৰ॥
শুনি আক সৰ্ব্বনৰে এৰা আন কাম।
যদি নিজ সুখ বাঞ্ছা বোলা ৰাম ৰাম॥৩৭৭

(পঞ্চম অধ্যায় সমাপ্ত)

[ ১০৭ ]

ষষ্ঠ অধ্যায়

ধ্যান যোগ

পদ


বৃসিংহৰ চৰণত পৰিলে শৰণ।
সৰ্ব্বদায়ে বিচলিত নহৈবেক মন॥
কৃষ্ণে বোলে কহিলোহো পূৰ্ব্ব অধ্যায়ত।
সৰ্ব্ব কৰ্ম্ম এৰি মনে চিন্তোক ধ্যানত॥৩৭৮
সংক্ষেপে কহিলো মই তোমাৰ আগত।
যষ্ঠে প্ৰপঞ্চি ধ্যান কহিবো তোমাত॥
যি কৰ্ম্ম কহিলো সেই জ্ঞানৰ সন্মত।
তাক শুনি কৰ্ম্ম জানো এৰা সতত॥ ৩৭৯
বিনা কৰ্ম্মে একোকালে শুদ্ধ নোহে চিত্ত।
চিত্তশুদ্ধি বিনা ধ্যানে নপাৱয় তত্ত্ব॥
এতেকে জানিবা কৰ্ম্ম অতি শ্ৰেষ্ঠতৰ।
কৰ্ম্ম হন্তে জ্ঞান ভক্তি বাড়ে পুৰুষৰ॥ ৩৮০
কৰ্ম্ম কৰিবেক সবে ফল কৰি ত্যাগ।
সেহিসে সন্ন্যাসী কৰ্ম্মযোগী মহাভাগ॥
সন্ন্যাস বুলিয়া আক শ্ৰেষ্ঠ কৰি কহে।
নেৰে ফল সঙ্কল্প সন্ন্যাসী যিটো নোহে॥ ৩৮১

[ ১০৮ ]

ফল সঙ্কল্পক যেন কৰে পৰিহাৰ।
কৰ্ম্মযোগী নুবুলি সন্ন্যাস নাহি তাৰ॥
যদি বোলা যাবে জীৱে কৰ্ম্ম কৰিবেক।
কৰ্ম্ম যি কৰিব তাৰ সংখ্যা শুনিয়োক॥ ৮২
আৰুৰুক্ষ্ম* আৰূঢ় দুইবিধ নৰ।
দুয়োৰো নিৰ্ণয় কহো শুনিয়ো কৰ্ম্মৰ॥
ঈশ্বৰ ভজিয়া যিটো মুক্তিক বাঞ্চয়।
তাৰ নাম আৰুৰুক্ষ্ম জনা ধনঞ্জয়॥ ৩৮৩
কৰ্ম্ম কৰিবেক আৰুৰুক্ষ্ম যেই জন।
ভক্তি জ্ঞান লভি চিত্ত শুদ্ধ হৈব মন॥
আবে কৰ্ম্ম কৰি যিটো মুক্তি আছে পাই।
সেই গোট আৰুঢ় যে তাৰ কৰ্ম্ম নাই॥ ৩৮৪
শুনিয়োক আৰুঢ় যি তাৰ কহো চিহ্ন।
সবাতো ঈশ্বৰ বুদ্ধি নেদেখয় ভিন্ন॥
এক বিনে দ্বিতীয় যে নেদেখে অপৰ৷
সমভাৱ সৰ্ব্বনৰে চিহ্ন আৰূঢ়ৰ॥ ৩৮৫
ইন্দ্ৰিয়ৰ কৰ্ম্মতো যদি আসক্ত নোহয়।
যোগৰূঢ় বুলি তাক জানিবা নিশ্চয়॥
আপোনাৰ আত্মা মন বন্ধু আপোনাৰ।
সেহি আত্মা মন শত্ৰু হোৱে পুনৰ্ব্বাৰ॥ ৩৮৬

______________________________________________________________________

 * আৰুৰুক্ষ্ম— যোগ সাধানাত প্ৰবেশ কৰা ৷ [ ১০৯ ]

যিজনে ইন্দ্ৰিয় দমি নিয়মিত মন।
আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন॥
অজিত ইন্দিয় যাৰ মন স্বতন্তৰ।
আত্মায়ে পৰম শত্ৰু নালাগে অপৰ॥ ৩৮৭
শীত উষ্ণ দুখে বাক নপাৰে লৰাইতে।
পৰম আত্মাক হৃদি লৈলা সমাধিতে॥
মান অপমান হইতো নাহিকয় চিত্ত।
বিজ্ঞান জ্ঞানত তৃপ্তি সদা আনন্দিত॥ ৩৮৮
একখণ্ড মৃতিকা সুৱৰ্ণ আৰোখান।
আৰুঢ় যোগীয়ে দেখে উভয় সমান॥
শব্দ মিত্ৰ মধ্যস্থ যে সুহৃদ বান্ধৱ।
সাধু উদাসীন সাহাতে সমভাৱ॥ ৩৮৯
সুহৃদ মধস্থ মিত্ৰ সাধু উদাসীন।
এসম্বাৰ লক্ষণ শুনিয়ো ভিনে ভিন॥
দুইকো দুয়ো উপকাৰ কৰয় বিচিত্ৰ।
অন্যে অন্যে হিত চিন্তে তাক বুলি মিত্ৰ॥ ৩৯০
নকৰিলে হিত ততো কৰে উপকাৰ।
যগ্নে মন্দে নেদেখে সহৃদ নাম তাৰ॥
মধ্য যিগেট ভাল মন্দক নোবোলে।
তাৰ শত্ৰ বোলয় হিংসয় ছলে বলে॥ ৩৯১
যাক বুলি সাধু দুইৰো হিতক চিন্তয়।
উদাসীনে দুইকো ভাল মন্দ নোবোলয়॥

[ ১১০ ]

সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বোলয়।
আৰূঢ়ৰ সবাহাতো সমভাৱ হয়॥ ৩৯২
যোগীৰ শুনিয়ো আৱে ধ্যানৰ প্ৰকাৰ।
যিমত ঈশ্বৰ হৃদি ব্যক্ত হয় তাৰ॥
পবিত্ৰ নিৰ্জ্জন স্থানে হৈয়া একেধৰ।
আসনে বসিয়া যোগী হুয়া থিৰতৰ॥ ৩৯৩
নীচ নুহিবেক অতি উচ্ছ্ৰিত নুহিব।
কুশ পাৰি উপৰত মৃগচৰ্ম্ম থৈব॥
চৰ্ম্মৰ উপৰে দিয়া ঢাকিব বসন।
চিত্ত বৃত্তি নিৰোধি একাগ্ৰ কাৰ মন॥ ৩৯৪
সম কৰিবেক শিৰ গ্ৰীবা পিঠি কটি।
ন্যাসকাৰ অগ্ৰভাগে ৰহিবেক দৃষ্টি॥
একো দিশ নচাইবেক এৰিবেক ভয়।
মন উপৰাম ভৈলে গুচিবে বিষয়॥ ৩৯৫
কেৱল মেলিলে নেত্ৰে বিষয়ক যায়।
মুদিলে কেৱলে আখি নিদ্ৰা লাগ পায়॥
নেমেলি নুমুদি কৰি অৰ্থক মেলন।
নিদ্ৰা বিষয়ক এৰি ধ্যানে ৰহে মন॥ ৩৯৬
অধিক নথাইব নকৰিব নিৰাহাৰ।
অতি নিদ্ৰা নকৰে নকৰে উজাগৰ॥
মুক্ত যে কৰিব মন ধ্যানৰ আসন।
শ্ৰেষ্ঠ আহাৰ মুক্ত শয়ন ভোজন॥ ৩৯৭

[ ১১১ ]

যোগীয়ে কৰিব ধ্যানক কৰ্ম্ম যে আশ্ৰয়।
শ্ৰেষ্ঠ বিষয়ত যোগী নকৰে আশ্ৰয়॥
আত্মাক মন জুৰি কৰিব সন্ধান।
বায়ু নাথাকিলে দীপশিখা যেন ঠান॥ ৩৯৮
আত্মাত মনক নিয়া ৰাখিব নিশ্চলে।
বায়ু নাথাকিলে দীপশিখা যেন জ্বলে॥
জাগ্ৰত সুসুপ্তি স্বপ্ন তিনিকো এৰিলে।
চতুৰ্থ অৱস্থা ভৈলে তাক বীৰ বোলে॥ ৩৯৯
সেহি অৱস্থাক পাই মন আনন্দিত।
আত্মাত ৰময় উপৰাম হুয়া চিত্ত॥
যিটো সুখ পাৱে যোগী তিনিশোক বাহ্য।
বুদ্ধিয়ে লৈবাক পাৰে ইন্দ্ৰিয় অগ্ৰাহ্য॥ ৪০০
আত্মলাভে তুষ্ট হৈয়া যি সুখ পায়।
আতপৰে সংসাৰত আৰো সুখ নাই॥
আত্মসুখে ৰতি মন হৈয়া কৃতকৃত্য।
বহু সুখে যাক আৰো নপাৰে চালিত॥ ৪০১
সুখ দুখ দুইকো বিয়োগ কৰি পুন।
সেহিসে পৰম যোগী জানিবা অৰ্জ্জুন॥
সঙ্কল্পত হন্তে যত কাম উপজয়।
তাক এবে এৰি যোগ কৰিয়ো আশ্ৰয়॥ ৪০২
মন ইন্দ্ৰিয়ক ৰাখিবেক ধৈৰ্য্য ধৰি।
উপৰাম* হৈব তাত অল্প অল্প কৰি॥ *নিবৃত্তি, বিৰাম৷

[ ১১২ ]

ৰজোগুণে টানি যদি মনক সঞ্চালে।
ধাৰণা অঙ্কুশে ৰাখিবেক যোগবলে॥ ৪০৩
আত্মাক লভিয়া মন ৰহিব নিশ্চলে।
ব্ৰহ্মস্পৰ্শে পাপ ভস্ম হৈবেক সকলে॥
এহিমতে আত্মা মন ভিন্ন নাহি তাৰ।
ব্ৰহ্মক চিন্তিয়া কৰিলন্ত সাক্ষাৎকাৰ॥ ৪০৪
সবাতে দেখয় মোক্ষ বুলিয়া ঈশ্বৰ।
মোত দেখে প্ৰাণী যত আছে চৰাচৰ।
সকলে ঈশ যাত পৰে নাহি আন।
এবি জানি যোগ দেখে সবাতো সমান॥ ৪০৫
মোক বুদ্ধি সকল প্ৰাণীত ভক্তি কৰে।
এহিমতে পাই মোক অনায়াসে তৰে॥
আপোনাৰ সুখ দুখ পৰতো দেখয়।
তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই॥ ৪০৬
তাহাৰ অদৃশ্য মই নোহো কদাচিত।
সিয়ো সৰ্ব্বদায়ে মোক দেশয় হৃদিত॥
এনুৱা ভকতি জ্ঞানে কৰি কৰ্ম্ম ত্যাগ।
বিধি নিষেধৰ দোষে নপায় লাগ॥ ৪০৭
আগে যে জ্ঞানীৰ নিষ্ঠা কহিলো তোমাত।
তাতো কৰি মহাপ্ৰিয় এনুৱা ভকত॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক ৰঘুপতি।
মনক জিনিতে পাৰে কাহাৰ শকতি॥ ৪০৮

[ ১১৩ ]

স্বভাৱে চঞ্চল মন নুহি স্থিৰতৰ।
বিষয় বাসনা আছে অনেক জন্মৰ॥
ধ্যানত নিশ্চল মন কিমতে কৰিব।
পূৰ্ব্বৰ সংস্কাৰে মনে বিষয়ক নিব॥ ৪০৯
আকাশৰ বায়ু যেন নিৰোধ নযায়।
মনৰ নিৰোধ দুখ টান তাতো চাই॥
কৃষ্ণে বোলে পাৰ্থ এক শুনি ভৈল ভয়।
যত বিদ্যা মাতৃৰ গৰ্ভত নিশিথয়॥ ৪১০
মনক যিজনে জিনে শুনা মহাভাগ।
যেবে পুৰুষৰ হোৱে বিষয় বৈৰাগ॥
অনায়াসে জিনে সিটো নাহিকে সংশয়।
অজিত আত্মাৰ মন সৰ্ব্বত্ৰে চলয॥ ৪১১
অৰ্জ্জুনে বোলন্ত শুনিয়োক কৃপাময়।
আৰো এক মনে বৰ মিলিল সংশয়॥
প্ৰথমে শ্ৰদ্ধায়ে কৰে যোগ আৰম্ভণ।
অভ্যাস শিখিলে বিষয়ক যায় মন॥ ৪১২
ঈশ্বৰত অৰ্পি যত কৰ্ম্ম কৰিলেক।
কৰ্ম্মফল ত্যাগ যিটো স্বৰ্গ নপাইলেক॥
মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভ্ৰষ্ট।
কিবা গতি পাৰে কিবা সমুদায়ে নষ্ট॥ ৪১৩
উভয় ভ্ৰষ্টত নষ্ট ভৈল নিৰাশ্ৰয়।
যেন আকাশত আছে ক্ষুদ্ৰ মেঘচয়॥

[ ১১৪ ]

পূৰ্ব্বৰ সমূহ মেঘে নেদিলেক লাগ।
পাচৰৰ মেঘক কৰিলেক পৰিত্যাগ॥৪১৪
একোমতে পাৰ যেন নপাই তাৰ আৰ।
বায়ু লাগ পায়া ফুৰাৱয় চক্ৰাকাৰ।
ছিঃ মেঘ যোগভ্ৰষ্ট দুয়ো একে নয়।
তুমি বিনে মোৰ কোনে ছেদিবে সংশয় ১৫
কৃষ্ণে বোলে কথা শুনিয়োক কুন্তীত।
মোক কিবা ভজে তাৰ কথা অদভুত।
যিটো আগে ভজিলেক পাছে ভ্ৰষ্ট ভৈলা।
তথাপি জানিবা সিটো কৃতকৃত্য হৈলা॥৪১৬
যিজনে ভজিবে লাগি মনত আলোচে।
সিয়ে অনুক্ৰমে ঘোৰ সংসাৰক মোচে।
ইহকালে পৰকালে দুখ নাহি তাৰ।
যোগভ্ৰষ্ট হুয়া হৈব মোক্ষ অধিকাৰ৪১।
অশ্বমেধ যজ্ঞ কৰি যি স্থান পায়।
অষ্টযোগী দেহ এৰি সেহি স্থানে যায়।
বহুকাল থাকি তাত দিবা ভোগ কৰে।
পাচে উপক্ৰয় শুভ শ্ৰীমন্তৰ ঘৰে॥৪১৮
পাচে লাগ লৱে যোগষ্টৰ সংস্কাৰে।
ভকতি সাধিবে দৃঢ় জ্ঞান হৈৰ তাৰে।
অল্পভক্তি নষ্ট ভৈলে কহিলো ব্যৱস্থা।
চিৰকাল বোগ অষ্টৰ কহ ক ০৪১১

[ ১১৫ ]

দেহ এৰি জন্ম হৈব বিবেকীৰ থান।
সেহি দেহে গতি পাৱে জন্ম নাহি আন॥
অতবী দুৰ্ল্লভ জন্ম ইতিনি লোকত।
যোগভ্ৰষ্ট হুয়া জন্ম লভে যেনমত॥ ৪২০
যদ্যপি অৱশ্যে বিষয়ত থাকে জ্ঞানী৷
তভো পূৰ্ব্ব যোগৰ অভ্যাসে নই টানি॥
এহিমতে যোগাশ্ৰয় কৰে নানা ভাৱে।
চিৰকাল চিন্তি যোগ সংসিদ্ধিক* পাৱে॥ ৪২১
চিৰকাল ব্যৱস্থাৰ শুনিয়োক পাৰ্থ।
ভ্ৰষ্ট ভৈলে যিটো মোক অল্প ভৰে মাত্ৰ॥
ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰিতে যুৱাই।
কৰ্ম্ম নকৰিলে তাৰ চিত শুদ্ধি নাই॥ ৪২২
পুনু কৰ্ম্ম কৰিলেসে চিত্তশুদ্ধি তাৰ।
চিত্তশুদ্ধি ভৈলে ভক্তি হোৱে পুনৰ্ব্বাৰ॥
দৃঢ়ভক্তি ভৈলে পাচে জ্ঞান হৈব ভাল।
সাধনাৰ অপেক্ষায় বুলি চিৰকাল॥৪২৩
কৃচ্ছ্ৰচান্দ্ৰায়ণ† তপ কৰে যিটো প্ৰাণী।
তাহাতো অধিক যিটো শাস্ত্ৰ জ্ঞানী॥
সৰ্বসাস্ত্ৰ জ্ঞানীৰো যে আৰো আছে শ্ৰেষ্ঠ।
বাট পুষ্কৰণী কুপ কৰ্ম্ম কৰে ইষ্ট॥ ৪২৪

________________________________________________________________________


 সংসিদ্ধিক — সম্যক সিদ্ধিলাভ †কৃচ্ছ্ৰচান্দ্ৰায়ণ — ব্ৰতবিশেষ। [ ১১৬ ]

তাতো চাহি অষ্টাঙ্গ যে যোগ আতিশয়।
হেন জানি কৰ্ম্মযোগী হয়ো ধনঞ্জয়॥
অষ্টাঙ্গ কৰিবে লাগি যিমত নিয়ম।
ভক্তিবলে জানা সবে যোগ নোহে সম॥ ৪২৫
অহঙ্কাৰ গুৰু কৰি ফুৰে যিটোজন।
অৱশ্যে তাহাৰ জানা আছয় পতন॥
তৃণ সম সেহি ভক্তি কৰে মাটি ছাই।
ভকতি বিহীন জীৱে সংসাৰ নেৰাই॥ ৪২৬
শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মোত।
সব অৰ্পি হৃদয়ত হোৱে অনুগত॥
কিছু নোখোজয় মোৰ চৰণত পৰে।
অণিমাক আদি সিদ্ধি কটাক্ষে নকৰে॥ ৪২৭
মোৰ চৰণত মধুপানে হুয়া মত্ত।
আঠোটা ঐশ্বৰ্য্য * তাৰ ফুৰয় পাচত॥
মোক লৈয়ো মোক লৈয়ো ডাক পাৰি ফুৰে।
ইঙ্গিতো নকৰে মোৰ চৰণত পৰে॥ ৪২৮
মোৰ গুণ গাই ফুৰে লৱে মোৰ নাউ।
মো কোনে ডাকে বুলি সন্নিকটে যাওঁ॥
সব এৰি আপোনাক আপলেক মোত।
প্ৰেমপাশে বান্ধি মোক ফুৰাৱে পাচত॥৪২৯

________________________________________________________________________


  * ঐশ্চৰ্য্য — ঈশ্বৰধৰ্ম্ম; বিভূতি। ই আঠবিধ, যেনে:— অণিক্য, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য মহিমা ইশিত্ব আৰু কামাৰসায়িতা। [ ১১৭ ]

মই তাৰ প্ৰিয় সিয়ো মোৰ প্ৰিয় আতি।
স্নেহে পাশ নছাৰিয়া ফুৰো দিনে ৰাতি॥
ৰাম মোৰ ভাই আৰো পুত্ৰ ত্ৰিলোচন।
আৰো মোৰ আছয় যতেক ভ্ৰাতৃগণ॥ ৪৩০
লক্ষ্মী মোৰ ভাৰ্য্যা যাতপৰে নাহি আন।
তথাপি এসম্বো নোহে ভক্তৰ সমান॥
কাহাকো নজানে মোত পৰে আন যত।
সেহি জানা নিষ্টে মোৰ পৰম ভকত॥ ৪৩১
গুৰুবাক্যে নচলিয়া ভকতিক কৰে।
অপ্ৰয়াসে জানা সিটো সংসাৰক তৰে॥
নোৱাৰয় মায়ায়ে লাঙ্ঘবে জানা তাক।
তাৰ সঙ্গে আনক পাৰয় তৰাবাক॥ ৪৩২
যদিবা স্মৰণ কৰে মহা মহন্তক।
তেখনে প্ৰলয় হোৱে পাপৰ অন্তক॥
ভকতক যেন দয়া শুনিলা কৃষ্ণৰ।
হেন জানি ভক্তিক উদ্যোগ কৰা নৰ॥ ৪৩৩
কহে মিশ্ৰ গোবিন্দ কৃষ্ণৰ দুয়া পাৱে।
হৈব তান দাস যিটো হৰিগুণ গাৱে।
কালসৰ্পে গিলিবাক লাগি আছ নৰ।
হেন জানি ৰাম-কৃষ্ণ ঘোষ নিৰন্তৰ॥ ৪৩৪
এহি চৰণত সদা নমিয়োক মাথ।
ৰাম কৃষ্ণ বুলি তৰা কালসৰ্প হাত॥
হৃদয়ে ৰূপক চিন্তা মুখে লৈয়ো নাম।
তেবেসে তৰিবা সুখে বোলা ৰাম ৰাম॥ ৪৩৫

( ষষ্ঠ অধ্যায় সমাপ্ত )

[ ১১৮ ]

সপ্তম অধ্যায়

জ্ঞান-বিজ্ঞান যোগ

পদ

গোপীৰ খৰম পীৰা বহিলা মুৰাৰি।
তাৰ চৰণত বন্দো প্ৰদক্ষিণ কৰি॥
ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি।
কেৱলে ভজয় মোক এক নিষ্ঠা কৰি॥ ৪৩৬
শ্ৰদ্ধায়ে ভজয় মন হুয়া উপৰাম।
সেহিটো পৰম ভক্ত আতি অনুপাম॥
সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ।
সপ্তমত ভকতি কহিবো ঈশ্বৰৰ॥ ৪৩৭
মোহোত আশ্ৰয় মোতে নিবেশিয়া মন।
ভজন অভ্যাস হৈব অনন্য শৰণ॥
অসংশয়ে সমগ্ৰ জানিবা মোকো পুন।
সপ্তমে কহিবো তাক জানিবা অৰ্জ্জুন॥ ৪৩৮
যাহাক জানিলে জানিবাক নথাকয়।
যিমতে ঈশ্বৰ মই শুনা ধনঞ্জয়॥
জ্ঞান পক্ষে মনে ব্ৰক্ষ চিন্তয় মাতৰ।
ভক্তি পক্ষে ভৃত্য হুয়া সেৱয় ঈশ্বৰ॥ ৪৩৯

[ ১১৯ ]

স্থাৱৰ জঙ্গম আদি সকল সংসাৰ।
মোক ভজিবাৰ যাৰ আহে অধিকাৰ॥
অসংখ্যাত জীৱ আছে সংসাৰ ভিতৰে।
মনুষ্যেসে ভজে আনে ভজিতে নপাৰে॥ ৪৪০
মোৰ ভক্তি বিনা কদাচিতো নহৈ জ্ঞান।
এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান॥
দেৱে বোলে ভাৰত বৰিষে নৰ হৈবো।
কৰ্ম্ম কৰি ঈশ্বৰৰ চৰণ ভজিবো॥ ৪৪১
মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাত।
সেহিসে ভজিবে যত্ন কৰিয়া আমাত॥
যত্ন কৰন্তাৰো যে সহস্ৰ মধ্যে এক।
পূৰ্ব্বকৰ্ম্মে কৰাৱয় দেহাত্মা বিবেক॥ ৪৪২
দেহাত্মা বিবেকী যে সহস্ৰ মধ্যে লেখে।
তাৰ এক সবাতে ঈশ্বৰ বুদ্ধি দেখে॥
তেনে আত্মজ্ঞানী সহস্ৰৰ সীমা মানে।
তাৰো এক ভক্তে মোৰ স্বৰূপক জানে॥ ৪৪৩
হেন জানি ধনঞ্জয় নকৰিবা ভয়।
কেনুৱা ঈশ্বৰ কোটি কোটি নজানয়॥
কতো শত পুণ্য কৰ্ম্ম দেখা দেখি কৰে।
কুসঙ্গে বিসঙ্গে থাকি পাচে তাক এৰে॥ 8৪৪
যিমত ঈশ্বৰ মই তাক শুনিয়োক।
স্ৰজো পালো সংহাৰহো ইতিনি লোকক॥

[ ১২০ ]

যিগোট প্ৰকৃতি মোৰ জানিবা প্ৰধান।
সংসাৰ কাৰণ যোনি উৎপতিৰ স্থান॥ ৭৪৫
দুগোটা প্ৰকৃতি মোৰ জানিবা প্ৰত্যেক।
পৰা শ্ৰেষ্ঠ প্ৰকৃতি অপৰা আৰো এক॥
পৰ নামে প্ৰকৃতিয়ে জীৱক বোলয়।
যিগোটা অপৰা অষ্ট বিষয় ৰূপ হয়॥ ৪৪৬
পৃথ্বী অপ তেজ বায়ু শব্দ মন বুদ্ধি।
অহঙ্কাৰ সমে আৰো অপৰা প্ৰকৃতি॥
পৰা যে যিগোট চৈতন্য সদাশিৱ।
মোৰ অঙ্গে দেহে স্থিত যাক বোলে জীৱ॥ ৪৪৭
প্ৰকৃতিয়ে মহত্ত্ব মহত্ত্বতে অহঙ্কাৰ।
পঞ্চগোট আৰো সূক্ষ্ম তন্মাত্ৰা তাৰ॥
একাদশ ইন্দ্ৰ সত্ত্ব ৰজঃ তম গুণ।
এহিগুলা কাৰ্য্যৰ কাৰণ মায়া পুন॥ ৪৪৮
সবাৰো কাৰণ মই অন্তৰ্য্যামী হেতু।
এতেকে ঈশ্বৰ মোৰ পৰে নাহি যাতু॥
সূত্ৰত মাণিক যেন গাঠিয়া আছয়।
সকলে সংসাৰ মোত আছে সেহি নয়॥ ৪৪৯
মোহোৰ বিভূতি কিছু শুনা কুৰুপতি।
তাতে মোত বুদ্ধি কৰি কৰিব ভকতি॥
জলৰ মধ্যত তাৰ ৰসভাগ যত।
ৰসে মোৰ বিভূতি জানিবা নিষ্ঠা॥ ৪৫০

[ ১২১ ]

চন্দ্ৰৰ সূৰ্য্যৰ প্ৰকাশৰ ৰূপ জ্যোতি।
মইসে প্ৰকাশ ৰূপ মোহোৰ বিভূতি॥
প্ৰণৱ যিগোটা মই জানিবা বেদৰ।
মোহোৰ বিভূতি শব্দ গুণ আকাশৰ॥ ৪৫১
পুৰুষ উদ্যোগে পৃথিবীৰ গন্ধ গুণ।
বহ্নিৰ যে তেজভাগ জানিবা অৰ্জ্জুন॥
অনিষিদ্ধ ঋতুকালে আপোন ভৰ্য্যাত।
দিব্য সন্ধ্যা পৰ্ব্ব যত কৰিব বৰ্জিত॥ ৪৫২
ৰতিৰসে পুত্ত অৰ্থে কৰৈ বিন্দুত্যাগ।
সেহি বিন্দু বিভূতি মোহোৰ মহাভাগ॥
আন বীৰ্য্য অঙ্কুৰ যে নষ্ট হুয়া যায়।
মোৰ বীৰ্য্য চিৰন্তন ক্ষয় নাহি পায়॥ ৪৫৩
বানপ্ৰস্থ আশ্ৰমীৰ তপ ৰূপ মই।
বুদ্ধি মধ্যে আছো মই প্ৰজ্ঞা ৰূপ হই॥
বলৰ মধ্যত মই সাত্ত্বিক প্ৰধান।
সেহি বলে ধৰ্ম্ম মই কৰো অনুষ্ঠান॥ ৪৫৪
সত্ত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণ।
মোহোৰ বিভূতি মোত হস্তে যায় লীন॥
যদি মোত হোৱে মই প্ৰপঞ্চতো ভিন্ন।
কিন্তু জীৱ অহঙ্কাৰে হোৱে গুণাধীন॥ ৪৫৫
পাৰ্থে বোলে জগতত নাহি তুমি বিনে।
তুমিসে ঈশ্বৰ লোকে নজানয় কেনে॥

[ ১২২ ]

কৃষ্ণে বোলে যত লোক তিনিগুণে বন্ধু।
মায়ায়ে মোহিত মোক নজানয় অন্ধ॥ ৪৫৬
পূৰ্ব্বজন্ম কৰ্ম্মৰ বাসনা আছে কত।
কৰ্ম্মবন্ধে অন্ধ হুয়া নজানয় তত্ত্ব।
গৃহান্ধকূপত পৰি ভাৰ্য্যা পুত্ৰ লৈয়া।
এৰাইতে নপাৰে দুখৰূপ মোৰ মায়া॥ ৪৫৭
পুত্ৰ ভাৰ্য্যা আসক্তিত নৰ গৃহে থাকে।
যেন কৃপে থৈয়া উপৰত শিলে ঢাকে॥
হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ।
পোতাশাল হন্তে তাৰ নাহিকে নিস্তাৰ॥ ৪৫৮
যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে।
তাক দেখি মায়া লাজে অধোমুখ কৰে॥
মোক ভঞ্জিলাত যে আপুনি গুচে মায়া।
যেন অন্ধকাৰ হৰৈ সূৰ্য্যৰশ্মি পায়া॥ ৪৫৯
অসুৰ স্বভাৱ ধৰি কতো পাপীগণ।
মোৰ ভজিবাক কদাচিতো নাহি মন॥
মোৰ গুণ নামতো কিঞ্চিত শ্ৰদ্ধা নাই।
লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায়॥ ৪৬০
সমাজত থাকি আন কহে অহৰ্নিশ।
কৈসানি যাইবে উঠি কৰে উসমিন॥
শাস্ত্ৰ উপদেশ পায়া নলৱয় জ্ঞান।
বোলে পিতৃ পিতামহ নকৰিলা কেনে॥ ৪৬১

[ ১২৩ ]

যাৰ কৰ্ম্ম সংস্কাৰ আছয় পূৰ্ব্বৰ।
সেহিসে ভজয় মোক জানিয়া ঈশ্বৰ॥
চাৰিবিধ লোকে ভজে মতি অনুসাৰে।
শুনিয়োক কতো তাৰ ভঞ্জন প্ৰকাৰে॥ ৪৬২
ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পাৱে।
কদাচিত সেহিজনে মোৰ নাম লোৱে॥
বোলে কিনো দুখ মোক দিলাহা ঈশ্বৰ।
কৈসানি তৰাইবা মোক ব্যাধি সমুদ্ৰৰ॥ ৪৬৩
মইসে ঈশ্বৰ দুখ দিলো ভৈলা মতি।
মোহোক জানিলে হৈবে পৰম ভকতি॥
কেহোজনে জিজ্ঞাসিয়া বোলে সৰ্ব্বথায়।
কিমতে হৰিক ভৰি সংসাৰ এৰায়॥ ৪৬৪
নভজয় কৰে যিটো আলচ মাতৰ।
তথাপি বিলম্বে সিয়ো তৰয় সংসাৰ॥
যিটো অৰ্থকামী সিটো অৰ্থমাত্ৰ খোজে।
সকামত থাকি তভো মোক মাত্ৰ ভজে॥ ৪৬৫
মই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন।
পাচে নিৰপেক্ষ হোৱে ভকতি প্ৰধান॥
যাক জ্ঞানী বোলে কহো শুনিয়ো নিৰ্ণয়।
অনন্য শৰণ হুয়া মোকেসে ভজয়॥ ৪৬৬
সিকাৰণে নিত্যমুক্ত সবাহাতে শ্ৰেষ্ঠ।
পৰম সুহৃদ সিটো মই তাৰ ইষ্ট॥

[ ১২৪ ]

অৰ্জ্জুনে বোলন্ত জ্ঞানী মাত্ৰে গতি পাৱে।
আৰ তিনিজনে তাৰ সংসাৰ নেৰাৱে॥ ৪৬৭
কৃষ্ণে বোলে সখি কিনো কহা বিপৰীত।
ভক্তৰ সংসাৰ ভয় নাহি কদাচিত॥
জ্ঞানী ৰোগী জিজ্ঞাসয় অৰ্থে যাৰ মতি।
চাৰিও মহন্তে সখি নিষ্ঠে পাৱে গতি॥ ৪৬৮
ভকত উদাস দক্ষ সবে মোক্ষ ভাগ।
কিন্তু জন্ম কৰ্ম্ম দুয়ো হৈব পাচ আগ॥
অন্তৰঙ্গ ভক্তি সবে কৰিবে নিশ্চিত।
বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণীত॥ ৪৬৯
সেহিসে মহাত্মা যে দুৰ্লভ জন্ম আতি।
ক্ৰমে ক্ৰমে পাইবেক উত্তম ভকতি॥
মোক ভাজি আন দেৱ সকামে ভজয়।
সেহিসে সংসাৰে পৰি মৰে উপজয়॥ ৪৭০
শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামী।
নানা দেৱতাৰো হওঁ মই অন্তৰ্যামী॥
মোক নভজিয়া পূজে নানা যে দেৱতা।
কিন্তু জানা তাহাৰ মইসে ফলদাতা॥ ৪৭১
যত দেৱ মোৰ তনু জানা ধনঞ্জয়।
তাসম্বাৰ পূজায়ে মোহোৰ পূজা হয়॥
কিন্তু ক্ৰিয়া দুখৰূপ বিস্তৰ নিয়ম।
তাৰ মোৰ ভক্তি দুয়ো ফলতো বিষম॥ ৪৭২

[ ১২৫ ]

সকামীৰ ফল যেন জলবিম্ব প্ৰায়।
স্বপ্ন সুখ যেন তেতিক্ষণে গুচি যায়॥
যি যি দেৱতাক পূজে সিয়ো নষ্ট হয়।
তাৰ কৰ্ম্মফল চিৰকাল নথাকয়॥ ৪৭৩
যদি ভালমতে পুজে ছিদ্ৰ নোহে পুনু।
সিয়ো যাক পূজে মৰি পাৱৈ তাৰ তনু॥
মোহোক ভজিয়া ভক্তি কৰে যত যত।
মোহোৰ স্বৰূপ পায়া থাকৈ বৈকুণ্ঠত॥ ৪৭৪
আপোন প্ৰকাশে সিয়ো কৰয় প্ৰকাশ।
তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনাশ॥
যেবে বোলা সংসাৰত যত আছে লোক।
সবে এৰি কৰ্ম্ম কৰি তোমাক ভজোক॥ ৪৭৫
কৰ্ম্মতো সমান দুখ ফল তুচ্ছ আতি।
সব এৰি তোমাক ভজোক যদুপতি॥
অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ।
অৱতাৰ ধৰি পৃথিবীৰ খণ্ডো ভাৰ॥ ৪৭৬
মৎস্য কূৰ্ম্ম আদি মই নানা ৰূপ ধৰো।
ভক্তৰ যিমত ইচ্ছা সেহি কৰ্ম্ম কৰো॥
মোৰ জন্ম কৰ্ম্ম গাই নিৰে সংসাৰ।
সেহিসে কাৰণে মই ধৰো অৱতাৰ॥ ৪৭৭
শুদ্ধ সত্ত্ব তনু মোৰ মৎস্য কৰ্ম্ম ৰূপ।
তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ॥

[ ১২৬ ]

মায়ায়ে মোহিত হৈয়া নষ্ট ভৈলা জ্ঞান।
এতে আন দেৱ সহ দেখয় সমান॥ ৪৭৮
দূৰ দেখি তীৰ্থ এৰি গৰ্ভ-জলে নাৱে।
আন দেৱ ভজিয়া অল্পতে ফল পাৱে॥
যেন পিতৃ মাতৃ এৰি ভাৰ্য্যাত বিশ্বাস৷
মোক হেলা কৰে মই নোহে যে প্ৰকাশ॥ ৪৭৯
যেন ধন পুতিয়া ব্যামোহ হুয়া মৰে।
নানা যত্নে আনি খাই তাৰ স্নেহ কৰে॥
সেহিমতে বিষয় সুখক বাঞ্ছা কৰে।
ক্ষুদ্ৰ দেৱ পূজি সংসাৰত মজি মৰে॥ ৪৮০
সত্ত্বগুণে বিষ্ণুক কহয় সৰ্ব্ব নৰ।
নীচ যোনি জম্ম হোৱে অকাৰ্য্য বিস্তৰ॥
কুট নাট জানয় বিদ্বেষ নোহে জন।
এহি বুলি বিশ্বাস নকৰে মোত নৰ॥ ৪৮১
শীঘ্ৰে ফল পাৱে অল্প তত কৰে আশ।
মোক হেলা কৰে মই নোহো যে প্ৰকাশ৷
তাতে মিসলাই পুজে স্বৰূপ নজানি।
যেন পানী মথন্তে যে নোপজে লৱনি॥ ৪৮২
মোৰ মিসলীয়া পূজা ঘোৰাৰ শৃঙ্গাৰ।
শৃঙ্গাৰত সুখ নাহি কটি ভাঙ্গে তাৰ॥
অভক্তৰ পুজা দ্ৰব্য নলওঁ সকলে।
যেন শিমলুৰ পুষ্প পৰি থাকে তলে॥ ৪৮৩

[ ১২৭ ]

ভূত ভৱিষ্যত মই জানো বৰ্ত্তমান।
সবাক জানোহো মোক নজানয় আন॥
কিঞ্চিতেকে সুখ পাইলে কৃতকৃত্য মানে।
অল্প যদি দুখ হোৱে মৃত্যু হেন মানে॥ ৪৮৪
পাইবাক ইচ্ছায় নপাইলেও দ্বেষ কৰে।
সেহি সংসাৰত পৰি উপজয় মৰে॥
যাৰ পুনু পাপ পূণ্য ভৈলা অন্তৰ্হিত।
সুখ দুখ মোহ হন্তে ভৈলা উপৰত॥ ৪৮৫
শোক ক্ৰোধ লোভ মোহ সুখ দুখ কাম।
সবে গুচি মন তাৰ ভৈলা উপৰাম॥
মোহোৰ ভজনে তাৰ ভৈলা দৃঢ় ব্ৰত।
যত পূৰ্ব্ব বাসনা সকলে ভৈলা হত॥ ৪৮৬
জন্ম মৃত্যু সংসাৰক এৰাইবাক প্ৰতি।
মোহোৰ চৰণে সিয়ো ভক্তি পাৱে আতি॥
সেহিসে জানয় ব্ৰহ্ম কৰ্ম্ম আধ্যাত্মক।
অধিভূত অধিযজ্ঞ অধিদেৱতাক॥ ৪৮৭
এহিখানি জানি মোত দৃঢ় মতি কৰে।
মৰিবাৰ বেলাত মোহোক স্মৰি মৰে॥
মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল।
মৰণ সময়ে কৰে হাকুল ব্যাকুল॥ ৪৮৮
লোকে স্মৰ তাক বোল ৰাম হৰি।
তাক দুগুনিয়া মৰে আই বাপ কৰি॥

[ ১২৮ ]

বোলে পুত্ৰ ভাৰ্য্যাক কৰিবা উপকাৰ।
মৰিবাতো অতিৰেকে স্নেহ বাঢ়ে তাৰ॥ ৪৮৯
হা পুত্ৰ ভাৰ্য্যা মোৰ হৈল অনাথান।
এহি চিন্তা শোকে মূঢ়ে ত্যজয় পৰণ॥
যমদূতে বান্ধন্তে যে মহাদুখ পায়।
মৰিবাতো আগে তান মাত বোল নাই॥ ৪৯০
নিশ্চয় জানিবা মোৰ ভক্ত যিটো জন।
ব্যাধিত মৰিলে সিয়ো নছাৰে স্মৰণ॥
মোহোৰ স্মৰণ মনে মল গুচে তাৰ।
অনায়াসে যিটো সুখে তৰয় সংসাৰ॥ ৪৯১
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণপদে ধৰি।
সাঙ্গে তল গৈলা গৃহ-অন্ধকূপে পৰি॥
এৰে পাদপদ্মোপৰি কৰোহো প্ৰণতি।
তোমাৰ চৰণে মোৰ নছাৰোক মতি॥ ৪৯২
তুমিশে পৰম গুৰু বান্ধৱ সকল।
তোমাত বহোক মন কৰিয়া নিশ্চল॥
কৃষ্ণেসে পৰম গুৰু জানিবাহা নৰ।
পাপ ভষ্ম হোক কৃষ্ণ ঘোষা নিৰন্তৰ॥ ৪৯৩
সংসাৰ ব্যাধিত দুখে কেনে পৰি মৰা।
মুখত ঔষধ ৰামনাম ধ্বনি কৰা॥
এহি তত্ত্ব জানি সবে এৰা আন কাম।
সংসাৰ তৰিবা যেবে বোলা ৰাম ৰাম॥ ৯৪

( সপ্তম অধ্যায় সমাপ্ত )

[ ১২৯ ]

অষ্টম অধ্যায়।

অক্ষৰ ব্ৰহ্মযোগ

পদ

শোণিত অমেধ্য * মাংস যাহাৰ ভোজন।
এনুৱা ৰাক্ষসী তাইৰ কৃষ্ণে পিলা স্তন॥
মাৰিবে আসিলা তথাপিতো দিলা গতি।
হেনয় কৃষ্ণৰ পদে নছাৰোক মতি॥ ৪৯৫
কৃষ্ণে কহিলন্ত অন্তে সপ্তম অধ্যায়ত।
ব্ৰহ্মকৰ্ম্ম আদি যে পদাৰ্থ গোটা সাত।
পাৰ্থে বোলে শুনিয়োক দৈৱকীৰ সুত।
কাক বুলি ব্ৰহ্মকৰ্ম্ম কোন অধিভূত॥ ৪৯৬
অধিদেৱ অধ্যাত্মক জানি কেনমতে।
অধিযজ্ঞ ভিন্ন কৰি কহিলো পূৰ্ব্বতে॥
কৃষ্ণে বালে পাৰ্থ কিনো পুছিলাহা মৰ্ম্ম।
যিগোট অক্ষৰ নিষ্টে সেহি গোট ব্ৰহ্ম॥ ৪৯৭
সবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ।
যাতো নচলয় এতে বোলয় অক্ষৰ॥

______________________________________________________________________

 * অমেধ্য-অপবিত্ৰ। [ ১৩০ ]

কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে।
সবাক ব্যাপিয়া আছে এতেক নচলে॥ ৪৯৮
জীৱকেসে আত্মা বোলে জানা ধনঞ্জয়।
স্বভাৱতে ভোক্তাৰূপে দেহতে আছয়॥
দেৱক উদ্দেশি যজ্ঞদ্ৰব্য কৰে ত্যাগ।
তাকে কৰ্ম্ম বোলে জানিয়োক মহাভাগ॥ ৪৯৯
একাদশ ইন্দ্ৰি মায়া মদ অহঙ্কাৰ।
পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ।
এহিসে চৌব্বিশ তত্ত্বে দেহ হুয়া যুত।
জানিবাহা দেহক বোলয় অধিভূত॥ ৫০০
অধিদেৱ যাক বুলি পুৰুষ বৈৰাগ।
সৰ্ব্বথায়ে থাকে সূৰ্য্যমণ্ডলৰ মাজ॥
তেহো আদি পুৰুষ সৰ্ব্ব দেৱতাৰ পতি।
সেহি গোট অধিদেৱ জানা মহামতি॥ ৫০১
মই অধিষজ্ঞ সবাহাৰে অন্তৰ্য্যামী।
প্ৰৱৰ্ত্তক নিয়ামক ফলদাতা আমি॥
মোক অন্তৰ্য্যামী জানি বোলয় ঈশ্বৰ।
এহি বুদ্ধি নিষ্ঠা ভক্তি বাঢ়ে পুৰুষৰ॥ ৫০২
আছোক জানিবে নাম লৱে একবাৰ।
দেহে যত পাপ আছে ছন্ন হোৱে তাৰ॥
সৰ্ব্বদা যে স্মৰে তাৰ কি কহিবো কথা।
মৃত্যুকালে স্মৰণৰ শুনিয়ো ব্যৱস্থা॥ ৫০৩

[ ১৩১ ]

প্ৰাণ প্ৰয়াণত যিটো মোৰ নাম লয়।
মোৰ স্বৰূপক পায়া চতুভুজ হয়॥
আছোক মোহোৰ কথা প্ৰাণী আছে যত।
দেখয় চিন্তয় যদি মৰণ কালত॥ ৫০৪
যিবা যিবা বস্তুক স্মৰিয়া প্ৰাণ এৰে।
মৰিয়া জন্মক লাভ তাৰ ৰূপ ধৰে॥
কিন্তু বাল্যকাল হস্তে স্মৰে যিটো লোক।
সেহি সংস্কাৰে মৰণতো স্মৰে মোক॥ ৫০৫
পূৰ্ব্ব জনমৰ যাৰ আছয় বাসনা।
অনায়াসে মৃত্যুকালে স্মৰে সেহিজনা॥
মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰ।
যদি লোকে স্মৰাৱয় মুখে নাসে তাৰ॥ ৫০৬
দৃঢ় কৰি ৰামকৃষ্ণ বোলে কৰ্ণমূলে।
তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে॥
অনেক জন্মৰ তাৰ আছে পাপৰাশি।
তবধ কৰাৱে চতুভিতি ঢাকি আসি॥ ৫০৭
যিকালত পুৰুষৰ প্ৰাণ হোৱে হত।
এইৰূপে চিন্তিবেক হৃদি কমলত॥
জগত আধাৰ মই ব্যাপক ঈশ্বৰ।
অণুতো অধিক সূক্ষ্ম মন অগোচৰ॥ ৫০৮
কোটি সূৰ্য্য প্ৰকাশয় প্ৰকৃতিত পৰ।
অন্তকালে ভক্তি যুক্ত হুয়া স্মৰে নৰ॥

[ ১৩২ ]

ঈশ্বৰ পদাৰবিন্দে প্ৰবেশিয়া মতি।
মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি॥ ৫০৯
হেন জানি অভ্যাসে পূৰিয়া সৰ্ব্বদায়।
স্মৰণ চিন্তন মূল তৰণ উপায়।
স্মৰণ চিন্তন ভাগ কহে যিটোজন।
সেহি গুৰু মোৰ তান বন্দেহো চৰণ॥ ৫১০
সাংখ্য স্বধৰ্ম্মৰ লাভ এহিসে কাৰণ।
অন্তকালে স্মৰিয়া বোলয় নাৰায়ণ॥
সামান্য স্মৰণ যেন কহিলো ইমত।
মন বশ্য কৰি চিত্তে তাৰ কহো তত্ত্ব॥ ৫১১
বেদৰো তত্ত্বক যিটো জানয় সকলে।
তাৰাসবে যাহাক অক্ষৰ কৰি বোলে॥
ৰাগ দ্বষ কাম ক্ৰোধ নিৰোধিয়া মন।
অক্ষৰত প্ৰবেশিবে খোজে যিটোজন॥ ৫১২
ব্ৰহ্মচৰ্য্য ধৰি আগে গুৰু উপাসিয়া।
উপদেশ সাধি ব্ৰহ্মপদ পাৱে গৈয়া॥
স্বৰূপে তোমাক মই কহো তাৰ বোধ।
দেহৰ নতটা দ্বাৰ কৰিব নিৰোধ॥ ৫১৩
হৃদিত মনক নিয়া ৰাখিব নিশ্চলে।
ভ্ৰৱৰ মধ্যত প্ৰাণ থৈব যোগবলে॥
আধাৰৰ হন্তে যে প্ৰণৱ ঘণ্টানাদে।
উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে॥ ৫১৪

[ ১৩৩ ]

ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে।
প্ৰণৱ স্মৰণে সিকাৰণে গতি পাৱে॥
ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে।
জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিক কৰে॥ ৫১৫
কৃষ্ণে বোলে দেখা নানা পন্থে গতি পায়।
সুলভ আনন্দ কিন্তু ভক্তি বিনা নাই।
সাংখ্য যে অষ্টাঙ্গ জ্ঞান ব্ৰহ্মচাৰ্য্য যোগে।
নামত বিশ্বাস ভৈলে এতে কেন লাগে॥ ৫১৬
অনন্য শৰণ হৈয়া স্মৰে যিটো লোক।
যদ্যপি অজিত মই তভো জিনে মোক॥
মোৰ পদ পাই কিছু নোখাজয় আৰ।
জন্ম মৃত্যু এৰাই সিটো তৰয় সংসাৰ॥ ৫১৭
বেশ্যাত কামীৰ যেন নুগুচয় ৰতি।
সেহিমতে হৰিপদে নছাৰয় মতি॥
কহয় গোবিন্দ মিশ্ৰে শুনা সবে নৰ।
কালে গ্ৰাসে আসি দেখা বিলম্ব নকৰ॥ ৫১৮
হাসিতে খেলিতে কতো দূৰে নেই ধৰি।
এৰাইবাক ইচ্ছা যদি বোলা হৰি হৰি॥ ৫১৯

_____

[ ১৩৪ ]


ঘোষা

হৰি বোল হৰি বোল মাধৱ ৰাম।

ঝুনা

প্ৰণামি পুনু কোলে ধনঞ্জয়।
কাৰ জন্ম হোৱে কাৰ নহয়॥
কহিতে যদি যোগ হওঁ আমি।
চৰণে বন্দোহো কহিয়োক স্বামী॥ ৫২০
কৃষ্ণে যে বোলন্ত শুনা মহাবল।
ব্ৰহ্মাত হন্তে সব অমঙ্গল॥
ব্ৰহ্ম সীমা কৰি যত আছয়।
সংসাৰে পৰি মৰে উপঞ্জয়॥ ৫২১
অশ্বমেধ যজ্ঞ কৰি পূৰ্ব্বত।
সেহিসে থাকে সত্যলোকত॥
যেৱে আসি হবে প্ৰলয় দিন।
প্ৰকৃতিত সৱে হোবয় লীন॥ ৫২২
সমস্ত লোকক বান্ঢে তিনিগুণে।
গুণ ইচ্ছায়ে কৰ্ম্ম কৰে আপুনে॥
যেহেন গৰুৰ বিন্ধিয়া নাক।
নাকে জৰী দিয়া ফুৰাৱে পাক॥ ৫১৩
স্থাৱৰ জঙ্গম যত সংসাৰ৷
সবে পৰাধীন বশ্য মায়াৰ।

[ ১৩৫ ]

কিন্তু তাত কথা আছে এখানি।
মোৰ উপাসক যে গুলা জ্ঞানী॥ ৫২৭
ক্ৰমে মুক্তি ভোগ ভুঞ্জিয়া শেষ।
সে গুলা জ্ঞানী সত্যলোকে বাস॥
যেৱে আসি কালে প্ৰলয় পায়।
আনন্দে তৰি ঈশ্বৰক পায়॥ ৫২৫
মায়াৰ অধীন নহয় জ্ঞানী।
এতেকে নেৰে পদ আনন্দ জানি॥
শুনিয়ো সখি কাল যেন ঠান।
ব্ৰহ্মাৰ কহো আয়ু প্ৰমাণ॥ ৫২৬
যাক পৰমাণু বুলিয়া কয়।
চক্ষুৰ মনৰ গোচৰ নয়।
দুই পৰমাণু ভৈলে একত্ৰ।
অণু বুলি তাক কহে সৰ্ব্বত্ৰ॥ ৫২৭
সূৰ্য্যৰশ্মি লাগি কুন্দ্ৰাক্ষ জালে।
অতি সূক্ষ্মৰূপে উৰিয়া চলে॥
ৰবিৰ উদয় বেলাত দেখি।
অণুৰ প্ৰমাণ কহিলো সখি॥ ৫২৮
তিনি অণু মিলি একত্ৰ হয়।
ত্যসৰেণু বুলি তাহাক কয়॥
তিনি ত্ৰাসৰেণু হোৱয় এক।
টুটী নাম তাৰ জানা প্ৰত্যেক॥ ৫২৯

[ ১৩৬ ]
 

শতেক টুটী একে ঠাই হয়।
তাৰ নাম বেধ জানা নিশ্চয়॥
তিনি বেধ মিলি একত্ৰ হয়।
সেইখানি কাল বুলিয়া কয়॥ ৫৩০
একত্ৰ ভৈলে সেহি তিনি ভাগ।
নিমেষ বুলিয়া কহয় তাক॥
তিনি নিমেষ হোৱয় যোগ।
ক্ষণ বুলি তাক কহয় লোক॥ ৫৩১
পঞ্চ ক্ষণ মিলি কহিলো নিষ্ঠা॥
তাহাৰ নাম জানিয়ে কাষ্ঠা।
পঞ্চ কাষ্ঠায়ে জানিবা সাৰ।
স্বৰূপ জানা লঘু নাম তাৰ॥ ৫৩২
পোন্ধৰ লঘুৱে নাড়িকা এক।
দণ্ডো তাক বোলে জানা প্ৰত্যেক॥
দুই দণ্ড মিলি এক প্ৰস্তুত।
তাহাৰ জানিবা নাম মুহুৰ্ত॥ ৫৩৩
চাৰি মুহূৰ্ত্তে হোৱয় যাম।
তাহাৰ জানিবা প্ৰহৰ নাম॥
প্ৰহৰ কতো ছয় সাত দাড়ে।
ক্ষয় বৃদ্ধি হেতু টুটয় বাঢ়ে॥ ৫৩৪
যেৱে বোলা আঠ দণ্ডে প্ৰহৰ।
দুই দণ্ড ভৈলা সন্ধ্যা ভিতৰ॥

[ ১৩৭ ]

চাৰি প্ৰহৰে দিন গোট মাত্ৰ।
প্ৰহৰ আঠে হাৱে আহোৰাত্ৰ॥ ৫৩৫
এমতে দিনে ৰাত্ৰি লেখি নয়।
পোন্ধৰ দিনে পক্ষেক হয়॥
মাস হোৱে দুই পক্ষ ভিতৰ।
বাৰ মাসে হোৱে এক বৎসৰ॥ ৫৩৬
দেৱ মনুষ্যৰ বৎসৰ ভিন।
মনুষ্য বৎসবে পিতৃৰ দিন॥
এমতে লেখিবা পিতৃ বৎসৰ।
তবে একদিন হোৱে দেৱৰ॥ ৫৩৭
এমতে লেখি চাৰিযুগ পাই।
সত্যৰ যুগে যে মনুষ্য আয়ু॥
সত্য দ্বাপৰ ত্ৰেতা যে কলি।
চতুৰ্যুগ মাত্ৰ ইয়াক বুলি॥ ৫৩৮
চাৰি যুগ মিলাই লেখিব এক।
এমতে লেখিলে যুগ সহস্ৰেক॥
হাজাৰ যুগে দিন গোটা জানা।
আৰো হাজাৰেক ৰাত্ৰিক মানা॥ ৫৩৯
হাজাৰ দুই যুগ বহি গৈলা।
ব্ৰহ্মাৰ তেবে অহোৰাত্ৰ ভৈলা॥
ব্ৰহ্মাৰ দিন গেট অৱসানে।
প্ৰলয় হোৱে তিন লোক মানে॥ ৫৪০

[ ১৩৮ ]

ভুৱৰ্লোক স্বৰ্ল্লোক কি ভূৰ্ল্লোকবাসী।
ব্ৰহ্মাৰ দিনত যায় বিনাশি॥
দিনত মায়া হন্তে ব্যক্ত হয়।
পুনু ৰাত্ৰি ভৈলে মিলে প্রলয়॥ ৫৪১
মায়া হন্তে আসে মায়াকে যায়।
খানিকো নাহিকে স্বস্থ উপায়॥
মৰে উপজয় উপজি মৰে।
সাসাৰ চক্ৰত ভ্রমিয়া ফুৰে॥ ৫৪২
কাৰণ মায়া যত জগতৰ।
মায়াৰ কাৰণ যিটো ঈশ্বৰ।
যাৰ দৃষ্টে হােৱে সৃষ্টি বলয়।
যাৰ সেৱা গুচে সংসাৰ ভয়॥ ৫৪৩
অব্যক্ত ঈশ্বৰ পৰম পতি।
যাক পাইলে নাহি পুনৰাবৃত্তি॥
পুৰুষ বুলিয়া কহয় যাক।
অনন্ত ভক্তিয়ে ভজিয়ো তাক॥ ৫৪০
সমস্তে জগত যাহাত স্থিতি।
সূত্ৰত মণি যে আছয় গাঠি॥
ৰহস্যক কহো ইতিনি লোক।
ভক্তি বিনে আনে নপাৱয় মােক॥ ৫৪৫
মৰণ কালে যাৰ যেন ভাৱ।
তাৰ ভেদ কহো শুনা পাণ্ডৱ॥

[ ১৩৯ ]

কোন কালে মৰি সংসাৰে যায়।
কোন কালে মৰি মুক্তিত পায়॥ ৫৪৬
যিগোট উত্তৰ অয়ন বোলে।
তাতে মৰি মুক্ত হোৱয় সকলে॥
দক্ষিণ অয়নে মৰয় য'ত।
যোগী ভৈলে নেৰে সংসাৰ হাত॥ ৫৪৭
ইহাৰ নিৰ্ণয় কহিবো কত।
প্ৰবৃত্তি নিবৃত্তি দুইগোটা পথ॥
যি পুনু ভয় ঈশ্বৰ পাৱে।
প্ৰবৃত্তি নিবৃত্তি দুইকো এৰাৱে॥ ৫৪৮
সবে এৰি ভৈলা শৰণ এক।
বিধি নিষেধ দুই এৰিবেক॥
উত্তৰ দক্ষিণ কহিলো যত।
ভক্তৰ পুনু নাহি দুই পথ॥ ৫৪৯
সকাম নিষ্কাম দুই গোটা কৰ্ম্ম।
শুনিয়োক এৰে যাৰ যি ধৰ্ম্ম॥
স্বৰ্গভোগ ভুঞ্জে সকামী পন্থী।
নিষ্কামী পাবয় ক্ৰমে মুকুতি॥ ৫৫০
উত্তৰ দক্ষিণ দুই অয়ন।
শুনা কহো যাৰ যেন লক্ষণ॥
উত্তৰায়ণ হোৱে ষন্মাদে গৈয়া।
একে শুক্লপক্ষ তাহাত দিয়া॥ ৫৫১

[ ১৪০ ]

অগ্নিৰ জ্যোতিৰ প্ৰকাশ যেনি।
সেহি পন্থে চলে ব্ৰহ্মবিদ জ্ঞানী॥
উত্তৰ শুক্লপক্ষ দিবা অভিমানী।
তাৰ অধিষ্ঠাতা দেৱতা তিনি॥ ৫৫২
ইহাত যোগী কৰৈ তনু ত্যাগ।
তেবেসে হোৱয় মোক্ষৰ ভাগ॥
দক্ষিণ অয়ন যি গোট বোলে।
সকামী কৰ্ম্মী সেহি পন্থে চলে॥ ৫৫৩
সিয়ো ছয় মাস পথ প্ৰবৃতি৷
কৃষ্ণপক্ষ অন্ধকাৰ ৰাতি।
ধূম্ৰে বিয়াপিল দিশ সমস্ত।
দক্ষিণ অয়ন প্ৰবৃত্তি পথ॥ ৫৫৪
কৃষ্ণপক্ষ ৰাত্ৰি ধূম্ৰ বিমানী।
তাৰ অধিষ্ঠাত্ৰী দেৱতা তিনি॥
দক্ষিণ অয়ন যে ছয় মাস।
তাতে চন্দ্ৰজ্যোতি কবৈ প্ৰকাশ॥ ৫৫৫
দক্ষিণ অয়নে যে গোটা মৰে।
যদি যোগী হোৱে সংসাৰে পৰে॥
উত্তৰ অয়ন যোগীৰ পথ।
দক্ষিণে চলয় সকামী যত॥ ৫৫৬
যি জনে ভূত প্ৰেত পূজা কৰে।
নৰক ভুঞ্জিয়া নৰকে পৰে॥

[ ১৪১ ]

ঈশ্বৰক পায় জানিয়া তত্ত্ব।
সৰ্ব্বদা প্ৰকাশে উওৰ পথ॥ ৫৫৭
অন্য দেৱ পূজে সকামী হুয়া।
দক্ষিণ পথ অন্ধকাৰ মায়া॥
বিধৰ্ম্ম কৰ্ম্মক যিজনে কৰে।
ক্ষুদ্ৰ জন্তু হৈয়া পৃথিৱী ফুৰে॥ ৫৫৮
উত্তৰ দক্ষিণ দুগোটা পথ।
দুইৰো সুখ যোগী জানে সমস্ত॥
যদ্যপি স্বৰ্গ সুখ বুলি কহে।
যোগীক মোহিবে নপাৰে মোহে॥ ৫৫৯
পুৰুষ নাৰী যেন সঙ্গমত।
লাগে মনে সুখ মানে মনত॥
মিছা সুখ মানে মনৰ ইচ্ছা।
বিন্দুপাতে দেখে সকলো মিছা॥ ৫৬০
সাধিতে সুখ বহু বিত্ত ব্যয়।
স্বৰ্গৰো সুখ জান সি নয়।
ভক্তে হবিপদে পাৱয় স্থান।
তাতে মত্ত হুয়া নজানে আন॥ ৫৬১
তপ জপ যন্ত্ৰ বেদ অধ্যয়ন।
কৰ্ম্ম তীৰ্থ ব্ৰত দান প্ৰধান॥
সবাৰো ফল ভক্তি জ্ঞান দেখি।
জানি যোগযুক্ত হুয়োক সখি॥ ৫৬২

[ ১৪২ ]

পুনু নমি কহে মিশ্ৰ গোবিন্দ।
মনে নছাৰোক পদাৰবিন্দ॥
যিজনে হৈবাহা সংসাৰ পাৰ।
স্মৰা ৰামনাম মন্ত্ৰৰো সাৰ॥ ৫৬৩
সন্ত সাধু সঙ্গ লোৱা সুখে।
সদা ৰামনাম লোৱা মুখে॥
কৃষ্ণৰ ৰূপক বান্ধিয়া বুকে।
জয় ৰাম কৃষ্ণ বোলা উৎসুকে॥ ৫৬৪

____

পদ

কৃষ্ণে যে বোলন্ত পাৰ্থ শুনা মোৰ বাক।
শুক্ল কৃষ্ণ পক্ষ দিবা নিশা বোলে যাক॥
অভিমানী দেৱ বুলি কহিলো পূৰ্ব্বত।
যাক বুলি অভিমানী শুনা কহো তত্ত্ব॥ ৫৬৫
স্বৰূপত যাক বোলে দুগোলা অয়ন।
গোটেক দক্ষিণ জানা আৰো উত্তৰায়ণ॥
অৰ্থ নুবুজিয়া জানা কৰাহা সংশয়।
এতে নিজ অৰ্থ কহো জানা ধনঞ্জয়॥ ৫৬৬
যদি ভালমতে তাৰ নুবুজিলা অৰ্থ।
অৰ্থ ভাঙ্গি কহো তাক শুনিয়োক পাৰ্থ॥

[ ১৪৩ ]

প্ৰবৃত্তি দক্ষিণায়ণ জানা ধনঞ্জয়।
সংসাৰত দুখ পায় মৰি উপজয়॥ ৫৬৭
উত্তৰায়ণ শুক্লপক্ষ দিবা চন্দ্ৰজ্যোতি।
এহি চাৰি প্ৰকাৰ বুলিবা মহামতি॥
মোত বিনে আনে নজানয় গৃঢ় অৰ্থ।
ব্যক্ত কৰি কহো তাক শুনিয়োক পাৰ্থ॥ ৫৬৮
নিবৃত্তি উত্তৰায়ণ বোলে মহামতি।
যাক বুলি তত্ত্বজ্ঞান সেহি চন্দ্ৰ জ্যোতি॥
একমাস ভিতৰত দুই পক্ষ দেখি।
বিদ্যাকেসে শুক্লপক্ষ বোলে জানা সখি॥ ৫৬৯
বিষয় বৈৰাগ্য যেৱে হোৱে পুৰুষৰ।
বৈৰাগ্য কাৰণ ভক্তি হোৱে অষ্টাঙ্গৰ॥
বৈৰাগ বাঢ়িলে মন সুস্থ হৈয়া ৰহে।
বৈৰাগ্য গোটক জ্ঞান দিবা কৰি কহে॥ ৫৭০
উত্তৰ অয়ন ভাগ কহিলোহো মত।
দাৰুণ অয়ন কহো শুনা সাৰ তত্ত্ব॥
প্ৰবৃত্তি দক্ষিণায়ন শুনা ধনঞ্জয়।
সংসাৰত দুখ পায় মৰি উপজয়॥ ৫৭১
দেহক বোলয় আত্মা অহঙ্কাৰ মতি।
অজ্ঞানত মোক লোকে বোলে চন্দ্ৰজ্যোতি॥
প্ৰবৃত্তিৰ তিনিগুণ জানিবা নিশ্চয়।
গুণকাৰ্য্য বিষয় ইন্দ্ৰিয় প্ৰবৰ্ত্তয়॥ ৫৭২

[ ১৪৪ ]

মই সুখী দুখী জীৱে মানে আপোনাক।
মিছা অভিমানী কৃষ্ণপক্ষ বুলি তাক॥
লোভ মোহে থাকি তৃষ্ণা বাঢ়ে পুৰুষৰ।
সকামী সঙ্কল্প কৰ্ম্ম কৰে নিৰন্তৰ॥ ৫৭৩
দক্ষিণ অয়ন যিটো সাংসাৰিক পথ।
অজ্ঞান যে চন্দ্ৰজ্যোতি নানা স্বৰূপত॥
সকামীৰ ফল সঙ্কল্পে হিংসা পুন।
অভিমানে কৃষ্ণপক্ষ জানিব অৰ্জ্জুন॥ ৫৭৪
উত্তৰ দক্ষিণ দুয়োৰো কহিলো ব্যৱস্থা।
অভিমানী দেৱতাৰ শুনা কহো তত্ত্ব॥
কৰ্ম্মক কৰি তাৰ ফলক বাঞ্ছয়।
ফল সঙ্কল্প হিংসা জানা ধনঞ্জয়॥ ৫৭৫
যি যি দেৱে অভিমান কৰে যাত অৰ্চি।
তাৰ অধিষ্ঠান কহো শুনা সব্যসাচী॥
বাসুদেৱ অনিৰুদ্ধ কাম সঙ্কৰ্ষণ।
চিত্ত বুদ্ধি অহঙ্কাৰ সমে আৰো মন॥ ৫৭৬
এই চাৰি প্ৰবৃত্তি থাকয় সবাহাত।
চতুৰ্ভুজ হৰি হেন প্ৰকাশয় তাত॥
চিত্তে থাকি বাসুদেৱ কৰে অধিষ্ঠান।
বাসুদেৱ অধিষ্ঠানে প্ৰকাশ জ্ঞান॥ ৫৭৭
প্ৰদ্যম্নৰ অধিষ্ঠান বুদ্ধিত আসিয়া।
সেহি অভিমানে প্ৰকাশয় বিদ্যা মায়া॥

[ ১৪৫ ]

কামসুত অনিৰুদ্ধ মন অধিষ্ঠান।
বিষয় বৈৰাগ্য এতে কৰয় প্ৰধান॥ ৫৭৮
সঙ্কৰ্ষণে অধিষ্ঠান কৰে অহঙ্কাৰ।
একে অহঙ্কাৰ হয় ত্ৰিবিধ প্ৰকাৰ।
যিমত ত্ৰিবিধ হয় শুনা নাম কহো।
অজ্ঞান যে অভিমান অপৰ যে মোহ॥ ৫৭৯
অজ্ঞান গোটক চন্দ্ৰজ্যোতি বুলি কয়।
অভিমানে কৃষ্ণপক্ষ জানিবা নিশ্চয়।
মোহোক কহয় নিশা জানা স্বৰূপত।
সমস্ত কহিলো পাৰ্থ তোমাৰ আগত॥ ৫৮০
অগ্নিজ্যোতি অভিমানী জানা বাসুদেৱ।
যাত পৰে প্ৰকাশক আন নাহি কেৱ॥
প্ৰদ্যুম্ন যে অভিমানী শুকুলা পক্ষৰে।
যাহাৰ প্ৰকাশে অবিদ্যাক দূৰ কৰে॥ ৫৮১
দিবা অভিমানী জানিবাহা অনিৰুদ্ধ।
যাহাৰ প্ৰসাদে মন সুস্থ আৰো শুদ্ধ॥
কহয় গোবিন্দ মিশ্ৰে শুনা মোৰ বাক।
যি লৱে গোবিন্দ নাম দণ্ডৱতে তাক॥ ৫৮২
বিষয় ভোগত থাকি যো নো এৰা নাম।
কৰযোৰ কৰি পুনু কৰোহো প্ৰণাম॥
হৰি কথা কহে শুনি কতো দুষ্টজন।
কেতিক্ষণ যাইবে উচপিচ কৰে মন॥ ৫৮৩

[ ১৪৬ ]

কৃষ্ণকথা এৰি যদি গ্ৰাম্যকথা মিলে।
শুনি কৰ্ণ জঙ্কাৰে অমৃত যেন দিলে॥
গুণি চোৱা কৃষ্ণ বিনে কিবা আছে ধন।
জয় কৃষ্ণ বুলি ডাকা সভাসদগণ॥ ৫৮৪
হেন জানি যতনে এৰিয়ো আন কাম।
সমজ্যায়ে সঘনে ঘোষিয়ে ৰাম ৰাম॥
শুনি আছা ৰাম বিনে কৈত আছে ত্ৰাণ।
ৰামেসে হইছে মুল কহে শাস্ত্ৰগণ *॥৫৮৫
যত বেদ পুৰণাদি আনো শাস্ত্ৰগণ।
তথাপি সকলে কহে নামেসে প্ৰধান।
যিটোজনে গুৰু মানি নাম কৰে পান।
আপুনি ব্যাধি শৰীৰৰ হোৱয় নিৰ্যাণ॥৫৮৬
আপুনি লোৱয় নাম গুৰুক মানিয়া।
যমৰাজা ভয়ে থাকে মহত্ত্ব শুনিয়া॥
যিটোজনে দণ্ড দেই পাপী বুলি ধৰি।
গুৰু মানি যায় সিটো যমক বাহুৰি॥৫৮৭
ঋক্ যজু সাম অথৰ্ব্ব বেদ চাৰি।
তাহাৰ উপৰে জানা নামে অধিকাৰী॥
কি কহিবো সখি মই নামৰ মাহাত্মা।
মই বশীভূত হওঁ ভক্তৰ সঙ্গত॥৫৮৮


 *৫৮৫ পদৰপৰা ৬০৪ পদলৈ পুৰণা পুথিত পোৱা নহল। পদবোৰৰ ভাষাত আগৰ ভাষাৰ লগত নিমিলে। [ ১৪৭ ]

আগে নাম ভৈলা সখি আমি ভৈলো পাচে।
সিকাৰণে বেদশাস্ত্ৰ নামে বান্ধা আছে॥
নাম বিনে কোনজন নতৰে পাপত।
বিশ্বাসতে গুৰু মানি নামৰ ধৰা ব্ৰত॥৫৮৯
উপালা নকৰিবা নামেসে ঈশ্বৰ।
তাঙ্ক পিতা মাতা বুলি মনে কৰা দৃঢ়।
কশ্যপেও গুৰু মানি নাম লৈলা আতি।
নাৰদে মানিলা গুৰু চণ্ডাল নীচ জাতি॥৫৯০
আগতে লইয়া নাম পাচে বিচাৰয়।
নহেতো চণ্ডাল দ্ধিজৰূপে হৰিহয়।
পৰম গোপনী মূলমন্ত্ৰ যেবে লৈলা।
ব্ৰহ্মাৰ তনয় নাৰদ মোক্ষপদ পাইলা॥৫৯১
শুচি ভৈলা দেহা তাৰ ভক্ত উপজিল।
উদ্ধাৰিলা নিন্দাবাদ ভয় গুচি গৈল॥
ইন্দ্ৰ আছিলেক গুৰু নামনি স্বৰ্গত।
চণ্ডালিনী ৰূপে লক্ষ্মী দেখাইলা পথত॥৫৯২
মনুষ্যৰ মুণ্ডে ৰান্ধে গোমাংস ও সুৰা।
ইন্দ্ৰে সুধিলন্ত তুমি ঐত কিবা কৰা৷
মায়া লক্ষ্মী বোলে অভয় আছয় স্বৰ্গত।
চাকনি দিয়াছো আমি তাহাৰ ডৰত॥ ৫৯৩
চৰণৰ ধূল পৰি দ্ৰব্য হৈবে নষ্ট।
মোৰ উপভোগ যো নো অভক্ত কৰে নষ্ট॥

[ ১৪৮ ]

ইন্দ্ৰে দেখি বিস্ময় মানিয়া সুমৰয়।
আমি যে অভক্ত আছে মোকেসে নিলয়॥৫৯৪
ৰথ ৰাখি অৱতীৰ্ণ ভৈলা সুৰপতি।
পুছিলা নামৰ সন্ধি কহিলেক সতী॥
সেই দিন ধৰি ইন্দ্ৰৰ শঙ্কা দূৰ গৈলা।
জন্মান্তৰ পাপ গুচি ভক্তপদ পাইলা॥ ৫৯৫
অভক্ত সদৃশ অশৌচ শুনা মহাশয়।
গোমাংস সুৰত কৰি ততোধিক হয়॥
হয় সুৰাপায়ী যদি গোমাংস খায়৷
গুৰু মানি সিটো যদি মোৰ নাম লয়॥৫৯৬
নহৈব যমৰ অধীন মোৰ ভক্ত হয়।
তাৰ সদা সঙ্গে কৰে শুনা ধনঞ্জয়॥
সত্য কৰি কহো কথা তোমাৰ আগত।
গুৰু মানি লৈবা নাম দুৰ্ঘোৰ কলিত॥৫৯৭
যদিও নাথাকে মনে গুৰু মানি লয়।
তথাপি নছাৰো মই বশ্য ৰে নিশ্চয়॥
অহঙ্কাৰী গুৰু নামানিয়া লৈৰে নাম।
নতৰে কলিত সিটো সিদ্ধি নোহে কাম॥ ৫৯৮
মহা গোপনীয় জ্ঞান কহিলো তোমাত।
আৰো মূল নাম কৈছো সোতৰ অধ্যাত।
কাহাকো নকৈবা তুমি পাণ্ডুৰ তনয়।
দয়ায়ে তোমাত মই কৈবো গোপাচয়।৫৯৯

[ ১৪৯ ]

ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি দেৱে নজানয়।
সোতৰ অধ্যায়ত কৈবো নাম গোপাচয়॥
কহয় গোবিন্দ মিশ্ৰে দন্তে তৃণ ধৰি।
গুৰু মানি নাম লৈ দণ্ডৱতে পৰি॥৬০০
বিষয় ভোণক পাই যো নো এৰা নাম।
কৰযোৰ কৰি পুনু কৰোহো প্ৰণাম॥
হৰিকথা পৱিত্ৰ কৰয় তিনিজন।
পঢ়ে কহে যিটোজনে কয় শ্ৰৱণ॥৬০১
ইটো মুখ্য তিনিজনে সংসাৰক তৰে।
তিনিৰ যে তিনি পুৰুষ উদ্ধাৰে।
ভাটৌ পুষি গোটেক স্মৰায়ে ৰাম হৰি।
আৰো জনে তাকে বুলি হাসে নিন্দা কৰি॥৬০২
জিহ্বা লৱৰাই তাতে বোলে আৰো জনে।
বোলে হৰি স্মৰিবাতো নিন্দা কি কাৰণে॥
ইজম্মত এহি বাক্য বুলি তিনি গৈলা।
সেহিটো সংস্কাৰে জন্মান্তৰে গতি ভৈলা॥৬০৩
হেনয় নামৰ মই কি কৈবো মহিমা।
ব্ৰহ্মা মহেশ্বৰো যাৰ নপাৱয় সীমা॥
নামৰ মহিমা মই কহিতে নপাৰো।
ডাকি বোলা ৰাম কৃষ্ণ দান্তে তৃণ ধৰো॥ ৬০৪

( অষ্টম অধ্যায় সমাপ্ত )

[ ১৫০ ]

নবম অধ্যায়

ৰাজবিদ্যা ৰাজগুহ্যযোগ

ছবি

পূৰ্ব্বে বীৰ কুৰুৰাজে দ্ৰৌপদীক সভামাজে
 বস্ত্ৰ কাঢ়ি লৈলেক তাহাৰ।
তুমি বস্ত্ৰৰূপ হুয়া  দ্ৰৌপদীৰ অঙ্গে গৈয়া
 লাজ সমুদ্ৰত কৈলা পাৰ।
দ্ৰৌপদীৰ দেখো অঙ্গ  সবাহাৰে এহি ৰঙ্গ
 দুঃশাসন বস্ত্ৰ খসাৱন্ত।
দিন অৰ্দ্ধে খসাৱন্ত বস্ত্ৰ সভা নধৰন্ত
 বস্তুৰ মেৰৰ নাহি অন্ত॥৬০৫
ভীষ্ম দ্ৰোণ কৃপ আদি  অধোমুখে চক্ষু মুদি
 উঠি গৈলা আপোন নিবাস।
বোলে দ্ৰৌপদীৰ কষ্টে  সবেও যাইবেক নষ্ট
 কৌৰৱ সমূলি হৈবে নাশ।
ভকতবৎসল হৰি  অধমক কৃপা কৰি
 সেৱকক ৰাখে আপোনাৰ।
ভক্তে যে কৰাহৈ কৰে জন্ম নাহি দেহ ধৰে
 হেন জানি কৰো নমস্কাৰ॥৬০৬

[ ১৫১ ]

অষ্টমত কৃষ্ণে কৈলা বিনা ভক্তি নপাৱয়
 মোহোক জানিবা কুন্তীসুত।
ভক্তিৰ মহিমা যত কহিবোহো নৱমত
 আশ্চৰ্য্য ঐশ্বৰ্য্য অদভূত।
গুহ্যৰো যে গুহ্যতম ত্ৰৈলোক্যত নাহি সব
 সেহি গুহ্য কহিবো সাক্ষাত।
মহিমাক বাৰম্বাৰ কহো মই আপোনাৰ
 যাত নাহি অসূয়া তোমত॥৬০৭
সুহৃদ বান্ধৱ প্ৰাণ তুমি বিনা নাহি আৰ
 এতে কহো গুহ্য আতিশয়।
জ্ঞান যে বিজ্ঞান সমে যাক জানি অনুক্ৰমে
 সুখে সংসাৰৰ পাৰ পায়॥
গুহ্যৰ মধত ৰায় যাত পৰে বিদ্যা নাই
 শুদ্ধ হুয়া গুচে যত পাপ।
শাস্ত্ৰ বেদান্তৰ মৰ্ম্ম যাত পৰে নাহি ধৰ্ম্ম
 সংসাৰৰ খণ্ডে তিনি তাপ॥৬০৮
যদি বোলা হেন মত ভক্তিসে সুলভ পথ
 সবে কেন নভজয় মোক।
গুচোক সংসাৰ হেতু দূৰ হৌক জন্ম মৃত্যু
 মুখে সবে সংসাৰ তৰোক॥
বিষয়ক যত্ন কৰে মাত্ৰ শিস্নোদৰ ভৰে
 নজানয় তাৰ ভাল মন্দ।

[ ১৫২ ]

ভাৰ্য্যা পুত্ৰ সমন্বিতে দুখক মানয় হিত
 জ্ঞানত মোহে থাকি অন্ধ॥৬০৯
শাস্ত্ৰ উপদেশ পাই তথাপি বিশ্বাস নাই
 গুৰুমুখে নলৱয় সাৰ।
যদি দেখা দেখি কৰে যেন ভাটো ৰাম স্মৰে
 অন্তৰত শ্ৰদ্ধা নাহি তাৰ॥
তীৰ্থ যজ্ঞ তপস্যাৰ শ্ৰদ্ধাসে সবাৰো সাৰ
 শ্ৰদ্ধা বিনে কাৰ্য্য নষ্ট যত।
মোহোত নকৰে ৰতি এতে যায় অধোগতি
 জন্ম মৃত্যু হোৱৈ সংসাৰত॥৬১০
অব্যক্ত মই স্বৰূপত ব্যাপি আছো জগতত
 আদি অন্ত নাহি পূৰ্ব্বাপৰ।
কাৰ্য্যৰ কাৰণ যত মই যিনে নাহি আন
 মোত আছে যত চৰাচৰ॥
জগতৰ যত প্ৰাণী সকলো মেতেসে আছে
 মই নথাকোহো তাসম্বাতে।
সবাতে মইসে ৰহো তভো কাৰৰ সঙ্গ নোহো
 ইহাক জানিবা ভালমতে॥৬১১
যেৱে বোলা হেন সখি তোমাতে আছোহো আমি
 তুমি কেনে নাথাকা আমাত।
দেহ বস্ত্ৰ যেন দুই অন্যোন্যে সংযোগ হুই
 দুইতো দুই আছষ সাক্ষাত॥

[ ১৫৩ ]

গুহ্য গুহ্যতৰ সখি গুহ্যতম যাক দেখি
 তাৰ (ভদ কহো শুনিয়োক।
বেদশাস্ত্ৰ পুৰাণত নিৰূপি কহয় যত
 তাকে গুহ্য বোলে সৰ্ব্বলোক॥৬১২
জ্ঞান বিজ্ঞানক লোক অনুভৱ বোলে মোক
 সেহি গুহ্যতম নিৰূপম।
দুইতো ব্যতিৰেকে তত্ত্ব নিজ ভগৱন্ত যত
 নিষ্টে জানা এহি গুহ্যতম।
যেন ক্ৰুৰভাৱ সৰ্প বিষগৰ্ব্বে কৰে দৰ্প
 মন্ত্ৰ শুনি চপৰাৱে মাধ।
ঘোৰ ইটো সংসাৰৰ সুখে নৰ হোৱে পাৱ
 মোত অল্প ভক্তি কৰি মাত্ৰ॥ ৬১৩
অব্যক্ত ঈশ্বৰ হুই ৰথতে আহোহো মই
 মোত শ্ৰদ্ধা নকৰয় নৰ।
বোলে নাৰায়ণ অংশে কৃষ্ণে এক অৱতাৰ
 নিজ নাৰায়ণেসে ঈশ্বৰ॥
এহি কৃষ্ণ শৰীৰত কোটি যে ব্ৰহ্মাণ্ড যত
 সবে আছে যত চৰাচৰ।
তভো নাহি শ্ৰদ্ধা ৰতি তাতে যাই অধোগতি
 তাৰ ফল নৰক মাতৰ॥৬১৪
আন অৱতাৰ গুলা কতো অংশ কতো কলা
 মই পূৰ্ণব্ৰহ্ম সনাতন।

[ ১৫৪ ]

পৃথিবীৰ খণ্ডি ভাৰ আতে হওঁ অৱতাৰ
 নিষ্টে জনা মই নাৰায়ণ॥
ব্ৰহ্মযোনি মোৰ তত্ত কহিলন্ত নাৰদত
 ব্যাসত কহিলা তপোধনে।
পুৰাণত যি সাৰ ভাগৱত নাম যাৰ
 ব্যাস কৰি পৰম যতনে॥৬১৫
তান পুত্ৰ শুকমুনি তাক পঢ়াইলন্ত আনি
 শুকে লাকে কৰিল প্ৰচাৰ।
বোলে দৈৱকাৰ গৰ্ভে ব্যক্ত আসি ভৈলা ব্ৰহ্ম
 পূৰ্ণব্ৰহ্ম কৃষ্ণ অৱতাৰ॥
আৰো হেৰা তুমি মই একে বিনে নোহো দুই
 অবিদ্যা মায়াত ভিন্ন দেখি।
মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্য্যামী
 তুমি মই এহি হেতু সখি॥৬১৬
সাৰথিৰ কহো ভেদ জানিয়োক পৰিচ্ছেদ
 লোকে নজানয় মহামতি।
যি গোটা যে মহাৰথী ৰথে চৰি কৰে গতি
 ৰথ পুনু চলাৱে সাৰথি।
দেহ ৰথ ঘোৰ মন ইন্দ্ৰি প্ৰাণ সেনাগণ
 বিষয় অৰণ্য সংসাৰৰ।
চিত্ত বৃদ্ধি ধনুৰ্ব্বাণ লোক মোহ সুসন্ধান
 ভোগ যে মৃগয়া ভৈলা তাৰ॥৬১৭

[ ১৫৫ ]

তুমি জীৱৰূপ ধৰি দেহ গোট বধ কৰি
 সংসাৰৰ প্ৰৱৰ্ত্তন যিটো।
অন্তৰ্য্যামী ৰূপ হুই সবাকে চলাওঁ মই
 তোমাৰ সাৰথি এহি হেতু॥
অব্যক্ত মই স্বৰূপত ব্যাপি আছো জগতত
 আদি অন্ত নাই পূৰ্ব্বাপৰ।
যত কাৰ্য্য কাৰণ মই বিনে নাহি আন
 মোতে আছে যত চৰাচৰ॥৬১৮
জগতৰ যত প্ৰাণী সকলে মোতেসে আছে
 মই নাথাকোহো তাসম্বাত।
মইসে সবাকে বহো তভো কাৰো সঙ্গ নহো
 ইহাক জানিবা ভালমত।
অৰ্জ্জুনে বোলয় স্বামী তোমত আছোহো আমি
 তুমি কেনে নাথাকা আমাত।
দেহ বস্ত্ৰ যেন দুই উভয়ে সংযোগ হুই
 দুইতো দুই আছয় সাক্ষাত॥৬১৯
কৃষ্ণে বোলে বৃহন্নলা কৰিলাহা প্ৰশ্ন ভালা
 যি পুছিলা অতীব সংশয়।
শিৱ বিৰিঞ্চিযে তত্ত্ব নজানয় স্বৰূপত
 মই দিবো তাহাৰ নিৰ্ণয়।
সমস্ত জগত ব্যাপি সবাৰো ব্যাপক মই
 মোক আৱৰিবা কেন কৰি।

[ ১৫৬ ]

পুৰুষ প্ৰকৃতি দুই একে যে সংযোগ হুই
 পুৰুষক ঢাকয় মনৰি॥ ৬২০
মোহ এৰি পুৰুষে যে থাকিতে পাৰয় যদি
 দেহত থাকন্তে ঘটে মোৰ।
পৃথিবীতে আছে লোক লোকত পৃথিবী নাই
 মোৰ জানা সেহি পটন্তৰ॥
ব্যাপক আকাশ যেন বায়ু সমে দুই জন
 সৰ্ব্বদায়ে থাকে একঠাই।
বায়ুৰ সৰ্ব্বত্ৰে গতি আকাশত হোৱৈ স্থিতি
 তভো দুইতো দুইৰ সঙ্গ নাই॥৬২১
প্ৰপঞ্চ জগত যত চতুৰ্ব্বিংশ আদি তত্ত্ব
 সবাহাৰো প্ৰকৃতি কাৰণ।
কাৰ্য্য কাৰণ দুই তথাপি সমৰ্থ নুই
 মোৰ দৃষ্টি হোৱয় চেতন।
মায়াৰো কাৰণ আমি সবাহাৰো অন্তৰ্য্যামী
 মোত বিনে বস্তু নাহি আৰ।
অলঙ্কাৰ গঢ়িলাত কঙ্কণ কুণ্ডল হোৱে
 ভঙ্গ ভৈলে সুৱৰ্ণ হে সাৰ॥৬২২
লীলাক আশ্ৰয় কৰি মোৰ যোগ মায়া ধৰি
 জগতক স্ৰজো পুনৰ্ব্বাৰ।
যেবে কল্প অন্ত পা  মায়া সমে আসে যায়
 গুণে সমে সকল সংসাৰ॥

[ ১৫৭ ]

অৰ্জ্জুনে বোলন্ত স্বামী বোলা যে অংশ আমি
 নিজে কৰ্ত্তা তুমিসে সাক্ষাত।
জীৱে কিছু নকৰয় নকৰিও বন্ধ হয়
 তুমি কেনে বন্ধ নোহ তাত॥৬২৩
কৃষ্ণে বোলে হে অৰ্জ্জুন মোহোৰ যতেক গুণ
 মুনিজনো নপাৱন্ত সীমা।
অব্যয় পুৰুষ মই নিৰাকাৰ নিৰাশ্ৰয়
 মোৰ ভক্তি নপাৱে মহিমা।
আছোক আমি ধনঞ্জয় প্ৰকৃতিয়ো নস্ৰজয়
 আমি কেনে কৰ্ত্তা হৈবো তাত।
পূৰ্ব্বকৰ্ম্ম সংস্কাৰে গুণকৰ্ম্ম দেহ ধৰে
 বাসনাত থাকি হোৱে জাত॥৬২৪
হুয়া আমি উদাসীন কৰ্ত্তা ক্ৰিয়া কৰ্ম্মহান
 সবাহাতে আছো সাক্ষী ভাগে।
উদয়ে যেন ভাস্কৰে লোকে ধৰ্ম্মাধৰ্ম্ম কৰে
 পাপ পণ্য সূৰ্য্যক নলাগে॥
মোহোৰ প্ৰকাশ পায়া সংসাৰ স্ৰজয় মায়া
 এহি হেতু নিষ্টে জানিয়োক।
যদি মই নিৰাকাৰ তভো ধৰো অৱতাৰ
 এহি হেতু হেলা কৰে মোক॥৬২৫
কয় মিশ্ৰ গোবিন্দ চৰণৰ অৰবিন্দ
 মোৰ মুখে নছাৰোক নাম।

[ ১৫৮ ]

গুনা সভাসদ জন তৰিবাৰ যাৰ মন
 ডাকি সবে বোলা ৰাম ৰাম॥৬২৬

পদ

স্বভাৱতে অজ মই জন্ম নাহি যাৰ।
ভক্তৰ ইচ্ছায়ে মই ধৰো অৱতাৰ॥
আৰো এক গোট কহো পৰম কাৰণ।
মোৰ জন্ম কৰ্ম্ম কহি কৰিব কীৰ্ত্তন॥৬২৭
মোৰ চৰণৰ মকৰন্দ কৰি পান।
মোক পাই সংসাৰত নজানয় আন॥
স্বৰ্গ মৰ্ত্ত্য পাতালৰ নোহো অধিপতি।
ভক্তি বিনে মোক্ষত যে নকৰয় ৰতি॥৬২৮
দেহ গেহ ভাৰ্য্যা পুত্ৰ আপ্ত বন্ধুজন।
সবাকো এৰিয়া মোত অৰ্পিলেক মন॥
মৎস্য কুৰ্ম্ম আদি ৰূপ নানা কৰো লীলা।
এতেকেসে মোহোক কয় অৱহেলা॥৬২৯
মোক মহেশ্বৰ বুলি নকৰয় জ্ঞান।
আন দেৱ সমে মোক দেখয় সমান॥

[ ১৫৯ ]

যেন অল্প বস্তুক লাগিয়া নাচ নৰে।
নুখুজি স্বামীত ভৃত্যক চাটু কৰে॥৬৩০
গৃহস্থৰ সিয়ো বস্তু দেই দুখভাৱে৷
যদি গৃহস্থত থোজে বিস্তাৰকে পাৱে॥
মোৰ প্ৰসাদৰ সিটো নজানয় সুখ।
ক্ষুদ্ৰ দেৱ পূজি মোত হোৱয় বিমুখ॥৬৩১
কুতৰ্ক শাস্ত্ৰক পঢ়ি বুদ্ধি হোৱে হত।
বিমোহিত হুয়া বাদ কৰে ঈশ্বৰত॥
আসুৰী স্বভাৱ ধৰ ৰজ তম গুণে৷
হিংসাত্মক কৰ্ম্মে দেৱ পূজে সিকাৰণে॥৬৩২
নানা কৰ্ম্ম কৰি মৰে চিত্ত নোহে থিৰ।
বলি কাটি মাংস খায় পিৱয় ৰুধিৰ॥
তাৰ যত জ্ঞান কৰ্ম্ম যজ্ঞ দান ইষ্ট।
ঈশ্বৰ বিমুখ বৃথা জানিবাহা নিষ্ট॥৬৩৩
পঢ়ে বেদ শাস্ত্ৰ তাৰ তত্ত্বক নজানি।
যিবা পঢ়ি ফুৰৈ সিয়ো বাতুলৰ বাণী॥
মোক জানিবাৰ তাৰ চক্ষু ভৈল শাস্ত্ৰ।
শাস্ত্ৰজ্ঞান জানিবাৰ পণ্ডিতেসে পাত্ৰ॥৬৩৪
পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰে বিচাৰ।
শাস্ত্ৰ গৰ্ব্বে বাঢ়ে আৰো মই অহঙ্কাৰ॥
পণ্ডিত বুলিয়া মান্য কৰে সৰ্ব্বলোক।
মনে বাঢ়ে অহঙ্কাৰ নজানয় মোক॥৬৩৫

[ ১৬০ ]

লোকত কহয় আপোনাত নাহি তাৰ।
যেন গন্ধ পশু বিচি পৰ উপকাৰ॥
সুঘ্ৰাণ বস্তুক পশু শৰীৰত ধৰে।
তাৰ কাৰ্য্য নাহি পৰে উপভোগ কৰে॥৬৩৬
গৰ্দ্দভে যহয় যেন চন্দনৰ ভাৰ।
পিঠিত চন্দন গন্ধ নপাৱয় তাৰ॥
পণ্ডিত হোৱয় শব্দ জানে অৰ্থ জ্ঞান।
মোহোত থাকিয়া তভো বখানয় আন॥৬৩৭
পাকে যাকে যাই যদি সন্তৰ সমাজ।
মোৰ নাম স্মৰিবাতো তাত কৰে লাজ॥
লোকে নাম স্মৰে শুনি উসমিস কৰে।
লাজত থাকিয়া সিটো কাব্যকোৰ পঢ়ে॥৬৩৮
বোলে ৰাম-কৃষ্ণ নাম স্মৰণ সুখৰ।
এহি লাজে মিছা মনে তটকে মাতৰ॥
যেন শাস্ত্ৰ জ্ঞান হোৱে ঈশ্বৰত চিন্ত।
একে দেৱ অমৰ যে পিলেক অমৃত॥৬০৯
যিমতে ভজিবে মোক শাস্ত্ৰে কহে তাক।
পণ্ডিতৰ আগত নালাগে পুছিবাক॥
পঢ়িয়া শাস্ত্ৰক মোক কৰে ব্যভিচাৰ।
পঢ়ি বৃথা দুখ পাইব চোৰে দিলা তাৰ॥৬৪০
কিমতে তজিব মূৰ্খে যদি হেন বোলা।
কোন শাস্ত্ৰ পঢ়ি মোক ভজিল পিঙ্গলা॥

[ ১৬১ ]

অনাচাৰী গোৱালীয়ে কামবুদ্ধি ভাৱে।
নিষিদ্ধ নচাই মোক ভজি গতি পাৱে॥ ৬৪১
মোক যিটো জানি ভজে মূৰ্খ আতিশয়।
সেহিসে মোহোৰ তত্ত্ব স্বৰূপ জানয়॥
হেন জানি বুধজনে তেজি আন কাম।
আলাস তেজিয়া ডাকি বোলা ৰাম ৰাম॥ ৬৪২

ঝুমুৰী

ঘোষা—আয় হৰি আৰু ৰাম॥

পদ

মোহোৰ ভকত যিটো হয়।
দৈৱী প্ৰকৃতিয়ে লাগ লয়॥
যিটো হোৱে অনন্য শৰণ।
সৰ্ব্বদায়ে নুগুচে স্মৰণ॥৬৪৩
ব্ৰহ্মাৰ অধিপতি যিটো জানে।
অনাদি ঈশৰ বুলিয়া মানে॥
শ্ৰৱণ কীৰ্ত্তন সদা কৰে।
আন নজানয় মোত পৰে॥৬৪৪
মোৰ পূজা অৰ্চ্চনত ৰত।
সেহিসে পৰম ভৈৰ ব্ৰত।

[ ১৬২ ]

মোৰ চৰণক মনে ধৰি৷
দণ্ডৱতে নমে পৰি পৰি॥৬৪৭
আন সবে কৰিলে ত্যাগ।
সেহিসে পৰম মাহাভাগ॥
মোক নানা ভাৱে পুজে পুন।
তাক কহো শুনিয়ো অৰ্জ্জুন॥৬৪৬
জ্ঞানযজ্ঞে কতো মোক ভজে।
সবাতো ঈশ্বৰ বুলি পূজে॥
নিবৃত্তিক চাহে যিটো লোক।
চাৰিয়ো প্ৰকাৰে ভজে মোক॥৬৪৭
কতো ভজে এক মন হুই।
ব্ৰহ্ম বিনে নজানয় দুই॥
কতো ভিন্ন কৰি ভজে চিত্ত।
ঈশ্বৰ এন্তে মই তান ভৃত্য॥৬৪৮
সেৱ্য সেৱকৰ বুদ্ধি যাৰ। .
ভক্তিৰ পৰম এহি দ্বাৰ॥
মুখ্য মুখ্য মোহোৰ বিভূতি।
তাত ভজে মোত কৰি বুদ্ধি॥৬৪৯
ইন্দ্ৰ চন্দ্ৰ অনন্ত বৰুণ।
বহু ৰূপে মোক ভজে পুন॥
যিটো ভজে বুলি সৰ্ব্বাত্মক।
বিষ্ণুময় দেখি জগতক॥৬৫০

[ ১৬৩ ]

পতঙ্গ বিহঙ্গ যত প্ৰাণী।
সবাতো ভয় ব্ৰহ্ম জানি॥
যেনমতে মইসে সকল।
কহো তাক শুনা মহাবল॥৬৫১
তপ জপ যজ্ঞ মহাদান।
শ্ৰদ্ধা মন্ত্ৰ নিয়ম বিধান॥
স্ৰুৱ স্ৰুচ অগ্নি হোম ঘৃত।
মই বিনে নাহি কদাচিত॥৬৫২
জগতৰ মই পিতা মাতা।
সবাৰো কাৰণ বীজদাতা॥
বহু জানিৰাৰ জ্ঞান মই।
পৱিত্ৰৰূপে মোকেসে কয়॥৬৫৩
ঝগ্ যজুঃ সাম বেদ তিনি।
মোহোৰ মুখৰ সবে বাণী॥
বেদৰ প্ৰণৱ যাক বোলে।
সূক্ষ্মৰূপ মোহোৰ কেৱলে॥৬৫৪
সুহৃদ সোদৰ প্ৰভু স্বামী।
গতিদাতা সাক্ষী অন্তৰ্য্যামী
স্ৰজো পালো কৰোহো সংহাৰ।
মোত বিনে নাহি কিছু আৰ॥৬৫৫
চন্দ্ৰৰ সুৰ্য্যৰ যত প্ৰভা।
সবে জ্যোতি মোৰেসে জানিবা॥

[ ১৬৪ ]

সংসাৰৰ প্ৰাণী নিতে নিত।
ঢন্দ্ৰৰূপে যোগাওঁ অমৃত॥৬৫৬
সূৰ্য্যৰূপে তাপ দেওঁ।
পৃথিবীৰ ৰস টানি নেওঁ॥
ৰশ্মি যত লওঁ সবাহাৰে।
পুনু দেওঁ মেঘবৃষ্টি দ্বাৰে॥৬৫৭
জানা মৃত্যু মই কালৰূপ।
উৎপত্তিও মোহোৰ স্বৰূপ॥
যত কাৰ্য্য অনন্ত জগত।
কাৰণ প্ৰকৃতি হেনমত॥৬৫৮
সংসাৰত নোহে মোত বিনে।
সাধুসবে ভজে সিকাৰণে॥
গোবিন্দ মিশ্ৰ কৃষ্ণৰ কিঙ্কৰ।
ৰামকৃষ্ণ ধ্বনি কৰা নৰ॥৬৫৯

_____

দুলড়ী।

কৃষ্ণে যে বোলন্ত তিনি বেদে কৱৈ
 সকাম প্ৰবৃত্তি পথ।
তপ জপ যজ্ঞে নানা দেৱ যজে
 যাৰ যেন অভিমত।

[ ১৬৫ ]

কৰ্ম্ম ক্ৰিয়া মূল প্ৰয়াসে বহুল
 ফলো অল্প তুচ্ছ আতি।
তথাপিতো নৰে কৰ্ম্ম কৰি মৰে
 মোহ হুয়া মন্দমতি॥৬৬০
যজ্ঞ সাঙ্গ ভৈল পাপ দূৰ গৈল
 সোমলতা কৰে পান।
মৰে আয়ুক্ষয়ে দূতে ধৰি নেয়
 স্বৰ্গত হোৱয় স্থান॥
পূৰ্ব্ব কৰ্ম্মফল ভুঞ্জয় সকল
 স্বৰ্গত থাকি সাক্ষাত।
পূৰ্ব্ব পুণ্যচয় ভোগ ভৈলে ক্ষয়
 পুনু হোৱে অধঃপাত॥৬৬১
সংসাৰত পৰি গড়াগড়ি কৰি
 তাতে মৰি উপজয়।
প্ৰবৃত্তিৰ পথ দুখ এহিমত
 শুনিয়োক ধনঞ্জয়॥
সকামে নিষ্কামে যিটো মোক ভজে
 সিটো পাৱে মোৰ ধাম।
বিজয়ী যিজন চতুৰ্ব্বৰ্গ দেওঁ
 ধৰ্ম্ম অৰ্থ মোক্ষ কম॥৬৬২
এৰি আন মন সেৱয় চৰণ
 জানা সবে আন মিছা॥

[ ১৬৬ ]

নুখুজিলে তাক কৰোহো কল্যাণ
 যদি নকৰয় ইচ্ছা।
শ্ৰদ্ধাভাৱে ভজে নানা দেৱ পূজে
 সিয়ে পূজা হোৱে মোৰে।
যত দেৱ পুনু সবে মোৰ তনু
 কিন্তু বিধি এৰি কৰে॥৬৬৩
যেন একগোট বৃষ উপযোগ্য
 সমস্ত লক্ষণে পাই।
নীলবৰ্ণ হয় বৃষক যুৱাই
 কিন্তু তাৰ শিস্ন নাই॥
ৰত চৰাচৰ সমন্তে ঈশ্বৰ
 বস্তু নাহি মোত বিনে।
আন দেৱ ৰূপে মোক্ষক নেদেওঁ
 বিধিহীন সিকাৰণে॥৬৬৪
মই পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ
 আন যত সবে জীৱ।
ব্ৰহ্মা ৰুদ্ৰ আদি সবে উপজয়
 মই অজ সদাশিৱ॥
অগ্নিৰ স্ফুলিঙ্গ স্থুল অগ্নি হন্তে
 যেন বাহিৰাই যায়।
কালে মগ্ন যায় নিৰ্ব্বাণক পায়
 পুনু আসে পূৰ্ব্ব ঠাই॥৬৬৫

[ ১৬৭ ]

যত চৰাচৰ আশ্ৰয় ঈশ্বৰ
 সাক্ষীৰূপে হৈয়া থিত।
ঈশ্বৰত বিনা সকলোৱে মিছা
 সবে মান বিনাশিত।
ত্ৰৈলোক্য ঈশ্বৰ ভোক্তা মহেশ্বৰ
 কাল মৃত্যু যাক ডৰে।
আত্মা যে সবাৰ প্ৰিয় নাহি আৰ
 তথাপিতো হেলা কৰে॥৬৬৬
মোৰ স্বৰূপক নজানয় তত্ত্ব
 মোহে বুদ্ধি ভৈলা হত।
নানা কৰ্ম্ম বজি ক্ষুদ্ৰ দেৱ পূজি
 এতেকে পৰে অধত।
ব্ৰত নিষ্ঠা ধৰি নানা কৰ্ম্ম কৰি
 দেৱক যজয় ভাৱে।
কায় ক্লেশ পৰি বিত্ত ক্ষয় কৰি
 সেহি দেৱতন্য পাৱে॥৬৬৭
ঈশ্বৰ নজানে যত দ্ৰব্য মানে
 শ্ৰদ্ধাত কৰে সন্ধান।
নিজ পিতৃ হৰি তাঙ্ক হেলা কৰি
 মৰি পাৱে পিতৃস্থান॥
ঈশ্বৰ নৈবেদ্য আন দেৱ পূজে
 নিষ্টে কহো মহাবল।

[ ১৬৮ ]

ঈশ্বৰ উৎসৃষ্টে যদি শ্ৰাদ্ধ কৰে
 অনন্ত কোটিৰ ফল॥৬৬৮
ভূত-প্ৰেতগণ পূজে যিটোজন
 ভূতক প্ৰেতক পাই।
মদ্য মাংস তেজ উচ্ছিষ্টক ভুঞ্জে
 ফুৰে পোৰা মাছ খায়।
মোহোৰ চৰণ ভজে যিটোজন
 মোহোৰ স্বৰূপ পায়।
হুয়া পাৰিষদ থাকৈ বৈকুণ্ঠত
 তাৰ জন্ম মৃত্যু নাই॥৬৬৯
শুনা মহাবীৰ মহিমা ভক্তিৰ
 মোৰ নাম মাত্ৰ স্মৰে।
বিত্ত নাহি ব্যয় দুখো নলাগয়
 পৰম আনন্দে তৰে।
মোহোৰেসে ভক্ত জগতৰ পূজ্য
 নিষ্ঠে জানা সাৰ কৰি।
তাসম্বাৰ সঙ্গ লৱে যিটো জনে
 অপ্ৰয়াসে পাৱে হৰি॥৬৭০
আন দেৱ ভজে নানা যজ্ঞে যজে
 কৰ্ম্মতো বহু আয়াস।
বিধি নিষেধৰ নিয়ম বিস্তৰ
 বহু বিত্তো হোৱে নাশ॥

[ ১৬৯ ]

শুনা সৰ্ব্বজন কৃষ্ণৰ চৰণ
 কলিযুগ ধৰ্ম্ম দেখা।
নামৰ সমান ধৰ্ম্ম নাহি আন
 আন কৰ্ম্ম কেনে লেখা॥৬৭১
নাম ভক্তি ভৈলে প্ৰেম উপজয়
 স্নেহে মগ্ন হোৱৈ মন।
তাহাৰ হৃদয় নছাৰন্ত হৰি
 সেহি নৰ-নাৰায়ণ॥
অপাৰ সংসাৰ সুখে হোৱে পাৰ
 স্মৰিলে হৰিৰ নাম।
বৈকুণ্ঠৰ নাথ চৰণত ধৰি
 ডাকি বোলা ৰাম ৰাম॥৬৭২

_____

পদ

সচ্চিদানন্দ পূৰ্ণ লক্ষ্মী মোৰ জায়া।
মোক তুষ্ট কৰিবেক কিবা ধন দিয়া॥
শত্ৰু মিত্ৰ উদাসীন নাহি হিতাহিত।
প্ৰিয় অপ্ৰিয়তো মোৰ নাহি কদাচিত॥৬৭৩
কাহাতো অপেক্ষা নাহি অজিত অব্যয়।
তথাপিতো সদা মোক ভকতে জিনয়॥

[ ১৭০ ]

মই লক্ষ্মীপতি সৰ্ব্ব বিভৱ আছয়।
তভো জিনৈ যেনমতে শুনা ধনঞ্জয়॥৬৭৪
অৰ্চ্চন বন্দন সেৱা কৰে প্ৰণিপাত।
পৰম আনন্দ লভি তুষ্ট হওঁ তাত॥
পত্ৰ পুষ্প আমলকী বনহন্তে সই।
পৰম শ্ৰদ্ধায়ে মোক নিবেদিয়া দেই॥৬৭৫
তাৰ ভক্তি দেখি মই সন্নিকট যাওঁ।
স্নেহে অনুগ্ৰহে আনন্দ কৰি খাও।
আকো যদি নোৱাৰয় বোলে প্ৰিয়বাক।
অসমৰ্থ মই স্বামী কি দিবো তোমাক॥৬৭৬
ফল পুষ্প একত্ৰকৰণ বৰ টান।
তাকো যদি নোৱাৰে উপায় কহো আন॥
পুত্ৰ ভাৰ্য্যা গৃহ ক্ষেত্ৰ ধন জন যত।
আপোনাক আদি কৰি অৰ্পিব সমস্ত॥৬৭৭
ইন্দ্ৰিয় ব্যাপাৰ যত শয়ন ভোজন।
মনক অৰ্পিব নিয়া মোহোৰ চৰণ॥
অতীব সুলভ কহো আৰ তাত পৰ।
সৰ্ব্বথা কৰিয়ো মোৰ স্মৰণ নামৰ॥৬৭৮
মোত বিনা অন দেৱ পূজে নিষ্ঠা ভাগে।
পশু পক্ষী সম্ভাৰ বিস্তৰ ধন লাগে॥
যেন তুষ বাহানিলে চাউল নাহি তাৰ।
কৰ্ম্ম সাঙ্গে ফল নাহি দুখ মাত্ৰ সাৰ॥৬৭৯

[ ১৭১ ]

অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে।।
তাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে॥
ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধচিত্ত।
তুষ্ট হৈয়া তাক ভুঞ্জো যেহেন অমৃত॥৬৮০
কোটি জনমৰ তাৰ পাপ পুণ্য যত।
ভক্তিৰ আৰম্ভে নষ্ট হোৱয় সাক্ষাত॥
পাৰ্থে বোলে স্তব্ধ হৈলো শুনি তব বোধ।
বেদ শাস্ত্ৰ পুৰাণত হোৱয় বিৰোধ॥৬৮১
স্বৰূপত শুভাশুভ পূৰ্ব্বৰ সংস্কাৰ।
নুভুঞ্জিলে কোটি জন্মে ক্ষয় নাহি তাৰ।
ইটো বাক্য স্বৰূপত তোমাৰ মুখৰ।
দুয়ো বাক্য বিৰোধ ঘটায় পূৰ্ব্বাপৰ॥৬৮২
কৃষ্ণে বোলে মৰ্ম্ম পুছিলাহা মহামতি।
ৰহস্যৰো ৰহস্য গোপ্যৰো গোপ্য আতি॥
তথাপি ইহাৰ ভেদ কহিবে নিৰ্ণয়।
কিন্তু মোত পাৰে তত্ত্ব আনে নজানয়॥
যেবে সুখ দুখ লভে পূৰ্ব্বৰ সংস্কাৰ।
সেহি যে সংস্কাৰ হোৱে ত্ৰিবিধ প্ৰকাৰ॥
ত্ৰিবিধৰো নাম কহো যাৰ যেন মত।
আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ তিনি মত॥৬৮৪
যি জন্মৰ কৰ্ম্মে দেহ হৈয়াছে সাম্প্ৰত।
যি জন্ম উপৰে জন্ম হৈয়া আছে যত॥

[ ১৭২ ]

অসংখ্য জন্মৰ শুভাশুভ সংস্কাৰ।
সেহি সংস্কাৰৰ আৰব্ধ নাম তাৰ॥৬৮৫
সম্প্ৰতি দেহৰ পাচে হয় যত জন্ম।
ভাৰ যত সংস্কাৰ শুভাশুভ ধৰ্ম্ম॥
অনাৰব্ধ নাম তাৰ নিষ্টে জানিয়োক।
মধ্যৰ দেহৰ আবে কথা শুনিয়োক॥৬৮৬
আগৰ পাচৰ যত সংস্কাৰ মানে।
সেহিসে সকলে নষ্ট হোৱে ভক্তিজ্ঞানে॥
আগ পাচ এৰি মধ্যে জন্মগোট তাৰ।
সেহি দেহে থাকি হোৱে যতেক সংস্কাৰ॥৬৮৭
তাৰ নাম প্ৰাৰব্ধ জানিবা ধনঞ্জয়।
তাক যে ভুঞ্জিলে ক্ষয় নাহি বুলি কয়॥
কিন্তু এক বোল আছে তাহাৰ ভিতৰ।
মোত দৃঢ় বিশ্বাস হোৱয় যিজনৰ॥৬৮৮
আৰব্ধ প্ৰাৰব্ধ অনাৰন্ধ সংস্কাৰে।
তিনিও প্ৰাৰব্ধ তাক চুইতে নাপাৰে॥
ঈশ্বৰত কৃপা হোৱে দৃঢ় বিশ্বাসত।
কি বস্তু প্ৰাৰব্ধ কৃষ্ণ কৃপাৰ আগত॥৬৮৯
দৃঢ় ভক্তি ভস্ম কৰে যতেক সংস্কাৰ।
প্ৰলয়ে নকৰে যেন আয়ুৰ বিচাৰ॥
কাৰো শতবৰ্ষ কতো আজি উপজয়।
আয়ু নিজিজ্ঞাসি কালে কৰয় প্ৰলয়॥৬৯০

[ ১৭৩ ]

ঈশ্বৰৰ দৃঢ় বিশ্বাসত সেহি নয়।
সঙ্কৰ্ষণ মুখাগ্নিয়ে জলকো দহয়॥
শতবৰ্ষে যিবা মৰে তাৰে সেহি আয়ু।
মৰি উপজয় যি কোথা গৈল বায়ু॥৬৯১
তাৰ শতবৰ্ষ আয়ু লাগে ভুঞ্জিবাক।
কেনে নিজিজ্ঞাসি কালে নষ্ট কৰে তাক॥
প্ৰলয়ৰ নাহি যেন আয়ুৰ নিয়ম।
কাল আৰো মোৰ ভক্তি দুয়ো এক সম॥৬৯২
এহি খানি তত্ত্ব কহি মই দিলো সীমা।
কাল আৰো ভক্তি দুইৰো অদ্ভুত মহিমা॥
অনাদি ঈশ্বৰ সৃষ্টি অনাদি প্ৰলয়।
কাল যেনমত ভৈল শুনিয়ো নিৰ্ণয়॥৬৯৩
যি কালত সংহাৰিয়া ভৈলা একেশ্বৰ।
মহাজলে নিদ্ৰা পাচে গৈলন্ত ঈশ্বৰ॥
কতোকালে নিদ্ৰা গুচি স্ৰজিবে ভৈলা মতি।
ঈশ্বৰত ব্যক্ত ভৈলা পুৰুষ প্ৰকৃতি॥৬৯৪
প্ৰকৃতি পুৰুষক যে কটাক্ষ কৰয়।
সেহি কটাক্ষতে কাল ভৈলা ধনঞ্জয়॥
প্ৰকৃতিৰ জ্যোতি ব্যক্ত হোৱে তিনিগুণ।
গুণময় সংসাৰত জানিবা অৰ্জ্জুন॥৬৯৫
কাল যাক বোলে তাৰ কহিলোহো ক্ৰম।
নিৰ্গুণ ঈশ্বৰ কিন্তু সবাহাতে সম॥

[ ১৭৪ ]

অৰ্জ্জুনে বোলন্ত শুনিয়োক হৃষীকেশ।
সবাতো সমান তুমি নাহি ৰাগ দ্বেষ॥৬৯৬
অভক্তে অমৃত দেই তাতো তুষ্ট নাই।
ভক্তৰ সম্বন্ধে তুষ্ট পত্ৰ পুষ্প পাই॥
কৃষ্ণে বোলে সবাতো সমান ৰূপ আমি।
যাতো সবাহাৰে হৃদাশ্বৰ অন্তৰ্য্যামী॥৬৯৭
যি জনে অগ্নিৰ আস চাপয় সান্নত।
তাৰ শৰীৰৰ যেন দূৰ হেৱে শীত॥
দূৰে থাকি যিজনে অগ্নিক থাকে চাই।
সিজনৰ শৰীৰৰ শীত নপলায়॥৬৯৮
অগ্নিৰ বিষম যেন নাহি একোকালে।
মোক সেহিমতে জানা পাৱে উপাসিলে॥
অতৰ্ক মহিমা সখি মোহোৰ ভক্তৰ।
যাৰ আগে মায়া ক্ষণিতেকো নাহি থিৰ॥৬৯৯
বিধি নিষেধক এৰি অঘট ঘটাৱে।
দুৰাচাৰ চণ্ডালেও ভক্তি গতি পাৱে॥
অনেক কালৰ মহা পঞ্চম পাতকী।
সিয়ো মোক ভজিয়া অল্পতে পাৱে গতি॥৭০০
মোতে নিষ্ঠা বুদ্ধি কৰি নজানয় আন।
সেহিসে পৰম সাধু পণ্ডিত প্ৰধান॥
অতি দুৰাচাৰ পাপী জাতিত অধম।
মোৰ ভক্তি থাকি সিয়ো হোৱে পুজ্যতম॥৭০১

[ ১৭৫ ]

যিজনে মোহোত পুনু নকৰে ভকতি।
হৃদিত থাকিয়া তাৰ দূৰ হওঁ আতি
কলিত ভকতি তাৰ কল দেয় ধন।
কালৰ প্ৰভাৱে তাৰ বাঢ়ি যায় মন॥৭০২
ধন ধান পুত্ৰ ভাৰ্য্যা বহুতৰ হয়।
মোৰ কটাক্ষতে একেক্ষণে হোৱে লয়॥
কলিও মোহাৰ দাস জানা কুন্তীসুত।
মোৰ ভক্ত বিনা নাহি তৰে কদাচিত॥৭০৩
নকৰি বিশ্বাস মোত নানা দেৱ পূজে।
গঙ্গাক এৰিয়া যেন কুপোদকে মজে॥
দানী মানী হৈয়া নিষ্ঠা সৎকুলে প্ৰসুত।
বেদজ্ঞ পণ্ডিত শ্ৰী যে ঐশ্বৰ্য্য যুগুত॥৭০৪
এহি মদগৰ্ব্বে থাকি কৰে অহঙ্কাৰ।
মোহোক নপাৱে সিয়ো ময়ো নোহো তাৰ॥
নানা কুতৰ্ক পঢ়ি বুদ্ধি কৰে হত।
ঈশ্বৰ বিমুখে সিটো দেখে নানা পথ॥৭০৫
সবে দেৱ পূজয় কাহাতো আস্থা নাই।
যেন ধন হৰুৱাই খোজে ঠাই ঠাই॥
যদিবা শব্দাৰ্থ লৈয়া শাস্ত্ৰদ্বাৰে জানে।
এৰিয়া নিবৃত্তি পথ প্ৰবৃত্তি বখানে॥৭০৬
দেখিয়োক আন দেৱ পূজিবাৰ বোধ।
শীঘ্ৰে তুষ্ট হোৱয় অল্পতে হোৱে ক্ৰোধ॥

[ ১৭৬ ]

বৃকাসুৰ শাল্বে পূৰ্ব্বে পূজিলা শঙ্কৰ।
তুষ্ট হুয়া শঙ্কৰে দিলন্ত ইষ্ট বৰ॥৭০৭
বৃকে বৰ পাইলা যাৰ শিৰে দিবে হাত।
তেখন মাত্ৰকে ভস্ম হৈবেক সাক্ষাত॥
শাল্বক দিলন্ত বৰ মায়াবী ত্ৰিপুৰ।
লীলায়ে জিনিয়া দেৱ গৈলা স্বৰ্গপুৰ॥৭০৮
শঙ্কৰ সেৱায়ে কিছু নসাধিলা আন।
বৰে থাকি দুহানো অল্পতে গৈলা প্ৰাণ॥
কিন্তু এহিখানি তত্ত্ব জানিবাহা ভালে।
মোহোৰ ভক্তিৰ নষ্ট নাহি একোকালে॥৭০৯
ভক্তিৰ আৰম্ভ যিটো কৰয় মাতৰ।
তথাপিতো সিয়ো নৰ ভৈলা মোক্ষপৰ॥
এহি জন্মে গতি নুহি বহু জন্মে তাৰ।
মোত পৰে তভো তাৰ নাহি অধিকাৰ॥৭১০
ভক্তি তাৰতম্য বৈৰাগ্য বাঢ়ে আতি।
দেখিয়ো খটাঙ্গে দুই দণ্ডে পাইল গতি॥
স্বভাৱতে নাৰী আৰো বেশ্যা গোপবালা।
কেৱল ভক্তিত গতি পাইলেক পিঙ্গলা॥৭১১
অতি দুৰাচাৰ গুহ নিন্দিত চণ্ডাল।
জাতিত অধম তভো ভজি গতি পাইল॥
পাপযোনি বুলিয়া যে ধৰ্ম্ম তুলাধাৰ।
গৃহতে থাকিয়া তভো তৰিলা সংসাৰ॥৭১২

[ ১৭৭ ]

বলি বৃষপৰ্ব্বা প্ৰহ্লাদ বিভীষণ।
পাৰিষদ ভৈলা মোৰ সেৱিয়া চৰণ॥
ঋক্ষ কপি পক্ষী মোৰ ভকত প্ৰধান।
জটায়ু সুগ্ৰীৱ জাম্বত হনুমান॥৭১৩
কৃষ্ণে বোলে এহিখানি কহিলো তোমাক।
কুতৰ্ক কৰ্কশবাদী নমানিবে আক॥
হৰিৰ দুৰ্ল্লভ যেন নযাৱে প্ৰতীত।
সেহিমত দেখে তাৰা মহিমা ভক্তিত॥৭১৪
সেহিখানে কুতৰ্কীসকলে সভা কৰে।
অহঙ্কাৰে মিছা দুখে বাদ কৰি মৰে॥
হেন জানি সখি তুমি মোৰ বাক্য লোৱা।
তাসম্বাৰ সমাজক শীঘ্ৰে চলি যোৱা॥৭১৫
পটহ কাহাল বাদ্য দুন্দুভী শৱদে।
তোক দেখিয়া গৰ্ব্ব নষ্ট হৈব মনে॥
দেখিবা মাত্ৰকে দিব বিশিষ্ট আসন।
মহাসুখে বসিয়া নিশঙ্ক কৰি মন॥৭১৬
উৰ্দ্ধবাহু কৰি বাক্য বুলিবা উৎসৱে।
হৰি ভজি চণ্ডাল পৰ্য্যন্ত গতি পাৱে॥
নভজিল হৰি যিটো দেৱ দ্বিজবৰ।
তাতো কৰি চণ্ডালে ভজিলে গুৰুতৰ॥৭১৭
তুমি সাধু তেসম্বো তোমাৰ সঙ্গ পাইল।
যত মনবল মূৰ কৈবেক সফল॥

[ ১৭৮ ]

মন শুদ্ধ ভৈলে নষ্ট হয় কায় ক্লেশ।
তোমাক মানিব গুৰু লৈব উপদেশ॥৭১৮
হৰিভক্তি কল্পতৰু দৃঢ় কৰি জানা।
তাৰ ৰস পাইলে এৰিবেক কোনজনা॥
ৰাগ যোগ যজ্ঞ দান তীৰ্থ সাংখ্যজ্ঞানী।
সবাৰো মুকুট ইটো ভক্তি শিৰোমণি॥৭১৯
নাৰী শূদ্ৰ নিষ্টে দুয়ো পাপযোনি সাৰ৷
পূজা মন্ত্ৰ বেদ পাঠে নাহি অধিকাৰ॥
যদি বোলা নুপূজিলে ভজে কেনে ভাৱে।
কেৱল বিশ্বাসে মোক ভজি গতি পাৱে॥৭২০
নুহি আৰ পাৱে মোক শ্ৰৱণ কীৰ্ত্তন।
কেনে চিত্ৰ গতি পাৱে ক্ষত্ৰিয় ব্ৰাহ্মণ॥
ব্ৰাহ্মণেসে জানিবাহা মুখ্য অধিকাৰ।
সাক্ষাতে প্ৰৱেশি আছে মুকুতিৰদ্বাৰ॥৭২১
ব্ৰাহ্মণৰ জন্মগোট ঈশ্বৰৰ তনু।
দ্বাৰ হন্তে প্ৰৱেশি নিবৃত্তি আসে পুুনু॥
অনেক আৰাধি তেৱে দ্বিজ জন্ম পায়।
যেন গঙ্গা থাকিবাতো ক্ষাৰ পানী খায়॥৭২২
দুৰ্ল্লভ মনুষ্য জন্ম ই তিনি লোকত।
আৰ জন্ম হৌক মোৰ ভাৰতবৰ্ষত।
দেহাগোট নৌকা ভৱ তৰণৰ সাৰ।
উপদেশ গুৰু ভৈলা ইহাৰ কাণ্ডাৰ॥৭২৩

[ ১৭৯ ]

বায়ুৰূপে সহায় হোৱন্ত নাৰায়ণ।
চপাৱন্ত তাত যৈত ইচ্ছা তাৰ মন॥
এতেক উপায়ে নৰে পাইছে সাক্ষাত।
নভজি ঈশ্বৰ নৰে কৰে আত্মঘাত॥৭২৪
অনিত্য সংসাৰ জল বুদবুদ প্ৰায়।
আপুনি আহন্ত পিতা পুত্ৰ মৰি যায়॥
নেদেখয় তভো আপোনাৰ মৃত্যু নৰে।
যেন ছাগ কাটন্তেয়ো লপ লপ কৰে॥৭২৫
দুখ সংসাৰত পৰি পৰে নৰকত।
জীৱন্তেও সুৰ তৰে নাহি অপুমাত্ৰ॥
ধনৰ চেষ্টাক সিটো কৰে ৰাত্ৰি দিনে।
ধনে সুখ নেদেখয় মাত্ৰ দুখ দিনে॥৭২৬
শুনিয়োক ধনে দুখ দেয় যেনমত।
অল্প জন্মে আসুয়াক কৰয় পাছত॥
সামান্য কৰয় হিংসা দ্বন্দ্ব বাদ কৰি।
ৰজা ধন দেখি ছলে লৱে বল কৰি॥৭২৭
আৰ্জ্জিবাতো দুৰ থাকিলেও মোহ পায়।
সেহি ধন নষ্টে যে তাপৰ অন্ত নাই॥
ধনগৰ্ব্বে তৃণ হেন মানে জগতক।
ঐশ্বৰ্য মদত থাকি নজানয় মোক॥৭২৮
অনিত্য সংসাৰ দুখময় যত লোক।
হেন জানি সখি সদা ভজিয়োক মোক॥

[ ১৮০ ]

যিমতে ভজিবা কহো শুনিয়ো অৰ্জ্জুন।
দৃঢ়বুদ্ধি কৰি মোত নিবেদিয়ো মন॥৭২৯
মোক ভক্তি কৰি পূজা কৰা নমস্কাৰ।
মোৰ জন্ম কৰ্ম্ম গুণ কৰি বাৰম্বাৰ॥
শ্ৰদ্ধায়ে কৰিবা মোৰ নামক স্মৰণ।
সৰ্ব্বদায়ে কৰা মোৰ নামৰ কীৰ্ত্তন॥৭৩০
মোৰ কথা শুনিয়া হইয়া আনন্দিত।
আপুনি হৈবেক অশ্ৰুপাতে ৰোমাঞ্চিত॥
মোহোৰ নিৰ্ম্মাল্য পিন্ধি নৈবেদ্যক খাইব।
তেবে অনায়াসে মোৰ স্বৰূপক পাইব॥৭৩১
আপোনাৰ স্বধৰ্ম্মৰ নিত্য নৈমিত্তিকী।
কৰে পৰিত্যাগ মোৰ ভজনত থাকি॥
বিধ নিষেধৰ দোষে ততো নপাৱয়।
স্বৰূপ কৰিয়া আক জানা ধনঞ্জয়॥ ৭৩২
হেন জানি কৃষ্ণপদে মন বন্দী কৰা।
গৃহে থাকি অপ্ৰয়াহে সংসাৰক তৰা॥
ভক্তি জ্ঞান ভৈলে জানা সংসাৰক মোহে।
একান্ত এনে মোক পাৱয় অৱশ্যে॥৭৩৩
ইটো কথা শুনিয়োক সৰ্ব্বজন।
জানিবাহা কায় বাক্য নাম মহাধন॥
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণৰ কিঙ্কৰ।
ৰাম কৃষ্ণ বুলি ঘোৰ সংসাৰ তৰ॥৭৩৪

(নৱম অ্ধ্যায় সমাপ্ত)

[ ১৮১ ]

দশম অধ্যায়


বিভূতি যোগ।

পদ

দেৱসমে আলোচ কৰিয়া ঋষিগণ।
হৰি হৰ বিৰিঞ্চি আৰাধ্য কোনজন॥
ভৃগুক পঠাইলা তিনি জন পৰীক্ষিতে।
মাৰিলন্ত লাথি ভৃগু কৃষ্ণৰ হৃদিতে॥৭৩৫
ঋষিক পূজিলা তভো প্ৰিয়বাক্য বুলি।
হৃদিত ধৰিলা ব্ৰাহ্মণৰ পদধূলি॥
সেহি পদধূলি ভৈলা শ্ৰীবৎসৰ পান্তি।
কৃষ্ণেসে ব্ৰাহ্মণ্যদেৱ দেখাইলা ভকতি॥৭৩৬
হেনয় কৃষ্ণৰ পদে নছাৰোক মতি।
দশম অধ্যাত কৈবো ঈশ্বৰ বিভূতি॥
কৃষ্ণে বোলে চিন্তনৰ কহিবো উপায়।
প্ৰথম অভ্যাসে ব্ৰহ্ম চিন্তন নযয়॥৭৩৭
তোমাৰ হিতৰ অৰ্থে কওঁ পুনৰ্ব্বাৰ।
বিভূতি পৰম তত্ত্ব জ্ঞান অতিসাৰ॥
সগুণে চিন্তিবে আগে যোগীগণে কহে।
পাচে নিৰ্গুণত মন আপুনিসে ৰহে॥৭৩৮

[ ১৮২ ]

বিভূতিক পূজা কৰিবেক প্ৰথমত।
তাতে ভক্তি বাঢ়ি বৃদ্ধি হৈব ঈশ্বৰত॥
যেন শিশু প্ৰথমে সন্তৰে অল্প জলে।
সমুদ্ৰকো তৰৈ পাচে অভ্যাসৰ বলে॥৭৩৯
সংক্ষেপে কহিলো তিনি অধ্যাৰ ভিতৰ।
দশমত বিভূতি কহিবো ঈশ্বৰৰ॥
মোহোৰ বিভূতি পুনু আছে যত যত।
কতবা কহিবো তাৰ নাহি আদি অন্ত॥৭৪০
তথাপিতো মুখ্য মুখ্য কহিবো তোমাৰ।
যিমতে সকলো মই জানিবা সাক্ষাত॥
মোক নজানয় মহা দেৱ ঋষি যত।
অনাদি অব্যক্ত অজ নাহি আদি অন্ত॥৭৪১
মইসে নিয়ন্তা স্বামী লোক মহেশ্বৰ।
মোক সদা এৰি বুদ্ধি আনে যিটো নৰ॥
ভাৰ কিছু নথাকয় জানিবাক আৰ।
গুচিব সকল পাপ সংশয় মনৰ॥৭৪২
মহেশ্বৰ বুলিবাৰ এহিখানি হেতু।
সাধ্য সাধনত মোত পৰে নাহি যাতু॥
শম দম সুখ দুখ ক্ষমা সত্য ব্ৰত।
জন্ম মৃত্যু সম্মোহ কহয় যত যত॥৭৪৩
অহিংসা সমতা তুষ্টি তপ জপ জ্ঞান।
যশাযশ দান মোত পৰে নাহি আন॥

[ ১৮৩ ]

বুদ্ধি মন চিত্ত আৰো ভয় যে অভয়।
আৰে নিজ অৰ্থ কহো শুনা ধনঞ্জয়॥ ৭৪৪
তাক বুলি বুদ্ধি সাৰ অসাৰ জানয়।
তাক জ্ঞান বুলি হয় আত্মা পৰিচয়॥
বিনা দোষে পৰে তাক বোলে খৰ্ব্ব বাক।
দণ্ডিতে পাৰিয়ো সহে ক্ষমা বুলি তাক॥ ৭৪৫
ব্যাকুল ভাৱক লোকে সম্মোহ কহয়।
সত্য বুলি তাক মাত্ৰ স্বৰূপ কহয়॥
ইন্দ্ৰিয় সংযম কৈলে তাৰ নাম দম।
তাকে শম বোলে কৰে ইন্দ্ৰিয় নিয়ম॥ ৭৪৬
তাক বুলি দুখ মন নানা কৰ্ম্মে গৈলে।
সুখ নাম তাৰ হয় মন স্বস্থ ভৈলে॥
তাৰ নাম ভয় যাক উৎপত্তি বোলয়।
অভয় বোলয় তাক যিগোটা প্ৰলয়॥ ৭৪৭
ত্ৰাসকে বোলয় ভয় কহে সৰ্ব্বজন।
তাক বুলি নিৰ্ভয়, সঙ্কোচ নাহি মন॥
তাক বুলি হিংসা যদি পৰ পীড়া কৰে।
তাক যম বুলি যদি ৰাগ দ্বেষ এৰে॥ ৭৪৮
পাইলে নাহি আনন্দ নপাইলে নাহি কষ্ট।
দৈৱে লব্ধে সন্তোষ তাহাৰ নাম তুষ্ট॥
ন্যায় উপাৰ্জিত ধন দিব সুপাত্ৰক।
তাক দান বুলিয়া কহয় সৰ্ব্বলোক॥ ৭৪৯

[ ১৮৪ ]

সেহি গোট যশ যদি লোকে ভাল বোলে।
দুৰ্যশ তাহাৰ নাম মন্দ কৰ্ম্ম কৈলে॥
যতেক কহিলো মানে সবে মোৰ ভাৱ।
মোত বিনে আন নাহি জানিবা পাণ্ডৱ॥ ৭৫০
মোৰ নাভি কমলত ব্ৰহ্ম জন্ম হৈলা।
ব্ৰহ্মা হন্তে সপ্তঋষি মই উপজিলা॥
ব্ৰহ্মাৰ ভ্ৰূমধ্য হন্তে হৈলা সন্ধ্যাবেলা।
ঘোৰ ভয়ঙ্কৰ ৰূপে কাল উপজিলা॥৭৫১
কন্যা এক উপজিলা কটাক্ষৰ মাজে।
ৰতি ব্ৰহ্মা মোহ গৈলা বৰ পাইলা লাজে॥
মুখ হন্তে বাজ ভৈলা সপ্তঋষি পুনু।
বাহু হন্তে উপজিলা স্বায়ম্ভুৱ মনু।৭৫২
হৃদয়ত শতৰূপা কন্যা উপজিলা।
আদ্য মনু স্বায়ম্ভুৱে তাঙ্ক বিহা দিলা॥
দক্ষ আদি কৰিয়া সতেক প্ৰজাপতি।
ব্ৰহ্মতনু দ্বাৰে জানা মোহোৰ বিভূতি॥৭৫৩
এহিমতে যিটো মোৰ বিভুতিক জানে।
মোৰ কৃপা লভে মোক পাৱে সেহি জ্ঞানে॥
মই স্ৰজো পালো সংহাৰোহো যত লোক।
আক জানি সাধু লোকে ভজৈ মাত্ৰ মোক॥৭৫৪
মোতেসে অৰ্পিয়া প্ৰাণ মন বুদ্ধিচিত্ত।
মোহোৰ কথাক শুনি হোৱে আনন্দিত॥

[ ১৮৫ ]

মোৰ জন্ম কৰ্ম্ম কথা কৰয় কথন।
অন্যো অন্যে কৰে প্ৰেমে শ্ৰৱ কীৰ্ত্তন॥৭৫৫
কতো কহে কতো শুনে বুজে পৰস্পৰে।
মোৰ যশ গুণ গাই তাতো ক্ৰিয়া কৰে॥
এহিমতে ভক্তি জ্ঞান কৰয় প্ৰকাশ।
মোৰ দিয়া হোৱয় অবিদ্যা কৰে নাশ॥৭৫৬
বুদ্ধিক নিয়মি তাৰ থিৰ কৰে মন।
অনন্য শৰণ হৈয়া নছাৰে চৰণ॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক জগন্নাথ।
দণ্ডৱতে পিৰি প্ৰণামো দোৱাই মাথ॥৭৫৭
অনাদি ঈশ্বৰ পূৰ্ণব্ৰহ্ম অন্তৰ্য্যামী।
ঋষিগণ মুখে পূৰ্ব্বে শুনিয়াছো আমি॥
অসিত দেৱল ব্যাস নাৰদৰ মুখে।
তোমাক ঈশ্বৰ বুলি কহয় উৎসুকে॥৭৫৮
সম্প্ৰতি তোমাৰ মুখে নিলে এক্ষণ।
যত ভ্ৰম দূৰ গৈল গুচিল অজ্ঞান॥
তোমাৰ বাক্যৰ কোনে বুজিবেক ভাৱ।
সুৰ নৰ সিদ্ধ মুনি নুবুজে দানৱ॥৭৫৯
অসংখ্যাত বিভূতি নাহি পৰিমাণ।
কোনৰূপে চিন্তিবোহো নজানো সন্ধান॥
পুনৰপি কহিয়োক দেৱ ভগৱান।
তব কথা অমৃত আনন্দে কৰো পান॥ ৭৬০

[ ১৮৬ ]

যদি বোলা অনেক কহিলো যদুৰায়।
যতেক শুনোহো আৰে তৃষ্ণা বাঢ়ি যায়॥
কৃষ্ণে বোলে মোহোৰ কথাত ৰতি যাৰ।
আন বস্তু কিবা দিবো আপুনি তাহাৰ॥৭৬১
তুমিসে পৰম প্ৰিয় সখি মোৰ প্ৰাণ।
কহো মুখ্য বিভূতিক হুয়ো সাৱধান॥
সকল প্ৰাণীক মই আত্ম অন্তৰ্য্যামী।
শুভাশুভ ফলদাতা সাক্ষীৰূপ স্বামী॥৭৬২
যিটো মই স্ৰজো পালো কৰোহো প্ৰলয়।
ইটো মোৰ বিভূতি জানিবা ধনঞ্জয়॥
দ্বাদশ আদিত্য মধ্যে জানিবা অৰ্জ্জুন।
বিষ্ণুৰূপে মই থাকো বোলয় বামন॥৭৬৩
সূৰ্য্যৰূপে মই জ্যোতিমন্ত আছে যত।
মৰীচি মোহোৰ ৰূপ বায়ুৰ মধ্যত॥
যতেক নক্ষত্ৰগণ আছে আকাশৰ।
তাৰ মধ্যে মোৰ ৰূপ জানা শশধৰ॥৭৬৪
চাৰিয়ো বেদৰ মধ্যে যাক বোলে সাম।
দেৱৰ মধ্যত মই ইন্দ্ৰ যাৰ নাম॥
ইন্দ্ৰিয়ৰ মধ্যে মই যাক বোলে মন।
প্ৰাণীৰ জ্ঞানৰ শক্তি যিগোট চেতন॥৭৬৫
দ্বাদশ ৰূদ্ৰৰ মধ্যে মইসে শঙ্কৰ।
যক্ষ ৰাক্ষসৰ মধ্যে মই ধনেশ্বৰ॥

[ ১৮৭ ]

পাৱক নামৰ বহ্নি মই অগ্নিৰ মধ্যত।
মোক মেৰুগিৰি বুলি জানা স্বৰূপত॥৭৬৬
পুৰোহিত মধ্যে মই হওঁ বৃহস্পতি।
দেৱৰক্ষাকাৰী মই স্কন্দ সেনাপতি॥
ঋষি মধ্যত মই ভৃগু মুনিবৰ।
সৰোবৰ মধ্যে মই জানিবা সাগৰ॥৭৬৭
যত বেদ মানে মোৰ মুখে ভৈলা জাত।
যিগোট প্ৰণৱ তাৰ মইসে সাক্ষাত॥
মই যোগৰূপ যত যজ্ঞৰ মধ্যত।
স্থাবৰৰ মধ্যে মই মন্দৰ পৰ্ব্বত॥৭৬৮
সংসাৰ মধ্যত বৃক্ষৰূপে আছে যত।
অশ্বত্থ মোহোৰ ৰূপ তৰুৰ মধ্যত॥
দেৱঋষি মধ্যে মোক জানিবা নাৰদ।
গন্ধৰ্ব্বৰ মধ্যে মোক জানা চিত্ৰৰথ॥৭৬৯
যত সিদ্ধগণ আছে মধ্যত তাহাৰ।
সিদ্ধৰূপে কপিল মোহোৰ অৱতাৰ॥
অমৃত মথতে যিটো ভৈলেক উদ্ভৱ।
মোকেসে জানিবা অশ্বৰূপে উচ্চৈশ্ৰৱ॥৭৭০
হস্তীমধ্যে ঐৰাৱত মোহোৰ বিভূতি।
মনুষ্যৰ মধ্যে মই জানিবা নৃপতি॥
যতেক অস্ত্ৰৰ মধ্যে মই বজ্ৰ পুনু।
গাভীৰ মধ্যত মই জানা কামধেনু॥৭৭১

[ ১৮৮ ]

অনিষিদ্ধ ঋতুকালে আপোন ভাৰ্য্যাত।
পুত্ৰ হেতু সঙ্গমত কৰে বিন্দুপাত॥
সেহি বন্দু মোহোৰ বিভূতি জানা সখি।
সৰ্পৰ মধ্যত মই জানিবা বাসুকি॥৭৭২
তাক সৰ্প বোলে এক শিৰ পেটে চলে।
যাহাৰ বিস্তৰ শিৰ তাক নাগ বোলে॥
নাগৰ মধ্যে মই অনন্ত যিজন।
যাৰ ভোগে শয্যা মই কৰোহো শয়ন॥৭৭৩
জলৰ মধ্যত মোক জানিবা বৰুণ।
পিতৃগণ মধ্যত অৰ্য্যমা মই পুন॥
দণ্ড পল কৰি মই কৰোহো নিয়ম।
তাহাৰ মধ্যত মই যাক বোলে যম॥৭৭৮
সংসাৰত পৰম বৈষ্ণৱ আছে যত।
প্ৰহ্লাদ মোহোৰ ৰূপ দানৱ কুলত॥
দণ্ড পল কৰি ৰাত্ৰি দিন ক্ষয় কৰে।
লোকৰ আয়ুস হৰো কাল নাম মোৰে॥৭৭৫
সিংহৰূপ মই যত আছে মৃগগণ।
ৰত্নমধ্যে মই যাক বোলয় কাঞ্চন॥
বেগৰ মধ্যত মই বায়ুবেগ যিটো।
মইসে গৰুড় পক্ষী বিনতাৰ সুত॥৭৭৬
যত মৎস্য আছে মানে জলৰ ভিতৰ।
তাৰ মধ্যে মোৰ ৰূপ জানিবা মগৰ॥

[ ১৮৯ ]

সংসাৰত নদ নদী যতেক আছয়।
মই দ্ৰৱ ব্ৰহ্মগঙ্গা জানিবা নিশ্চয়॥৭৭৭
ব্ৰহ্ম-অংশ তিনিভাগ মায়াত কহয়।
বেদ-ব্ৰহ্ম দাৰু-ব্ৰহ্ম ৰুদ্ৰ-ব্ৰহ্মময়॥
সৃষ্টি প্ৰলয়ৰ মধ্যে যিগোট কাৰণ!
মই বিষ্ণুৰূপ হুয়া কৰোহো পালন॥৭৭৮
ব্ৰহ্মৰূপে স্ৰজো ৰুদ্ৰে কৰোহো সংসাৰ।
অভিন্নে জানিবা তিনি এক অৱতাৰ।
অক্ষৰ মধ্যত মই যিগোট আকাৰ।
বৰ্ণমালা মধ্যে সিয়ো বিভূতি আমাৰ॥৭৭৯
শাস্ত্ৰ মধ্যে সমাজ আছয় নানা ছন্দ।
মইসে তাহাৰ মধ্যে যাক বোলে দ্বন্দ্ব॥
মইসে অক্ষয় কাল জানা ধনঞ্জয়।
প্ৰবাহে বাঢ়য় তিলমাত্ৰো নাহি ক্ষয়॥৭৮০
বিশ্বমুখ বুলি যাক জানিবা বিধাতা।
মোহোৰ বিভূতি শুভাশুভ ফলদাতা॥
উৎপত্তি প্ৰলয় জানা দুয়ো মোৰ ৰূপ।
কীৰ্ত্তি আদি সপ্ত নাৰী মোহোৰ স্বৰূপ॥৭৮১
ছন্দগণ মধ্যে মই যিগোটা গায়ত্ৰী।
মোক্ষৰ সাধন ৰূপ মোহোৰ বিভূতি॥
মইসে বসন্ত ঋতু জানিবা অৰ্জ্জুন।
মাসৰ মধ্যত মই জানা অগ্ৰহায়ণ॥৭৮২

[ ১৯০ ]

জুৱা পাশা অন্যো অন্যে খেলে যত লোক।
বঞ্চনা ছলনা খানি জানিবাহা মোক॥
তেজস্বীৰ মধ্যত প্ৰগলভ আছে যত।
মইসে প্ৰগলভ্য সখি জানিবা সাক্ষাত॥৭৮৩
বলী মধ্যে বলৱন্ত হয় যিটো জন।
মোহোৰ বিভূতি সিয়ো জানিবা অৰ্জ্জুন॥
যত অস্ত্ৰ শস্ত্ৰধাৰী আছে অনুপাম।
তাহাৰ মধ্যত মই ৰঘুপতি ৰাম॥ ৭৮৪
অধ্যাত্ম বিদ্যাৰ মধ্যে আত্মবিদ্যা যেই।
বাক্যৰ মধ্যত জানা বাদগোটা মই॥
বাদ জল্প বিতণ্ডা যে ত্ৰিবিধ প্ৰকাৰ।
ভিন্নে ভিন্নে অৰ্থ কহো শুনিয়োক তাৰ॥৭৮৫
অন্যো অন্যে শাস্ত্ৰ তত্ত্ব কৰয় বিচাৰ।
পৰপক্ষ খণ্ডি পক্ষ ৰাখে আপোনাৰ॥
আত্মমত শ্ৰেষ্ঠ পৰমত কৰে অল্প।
নিশ্চয়ে জানিবা সখি ভাৰ নাম জল্প॥৭৮৬
আত্মপক্ষ ৰাখিবাক নপাৰয় নৰ।
পৰপক্ষ সৰ্ব্বথায়ে দোষয় মাতৰ॥
দূষিব মাত্ৰকে আপোনাক প্ৰশংসয়।
সেহি পক্ষগোটাক বিতণ্ডা বুাল কয়॥
পৰমত আত্মমত শ্ৰেষ্ঠ বা অশ্ৰেষ্ঠ।
দুয়ো পক্ষ দোষ খণ্ডি নিৰূপয় তত্ত্ব॥

[ ১৯১ ]

নিষ্ঠাবোধ কৰি অৰ্থ যিখানি ৰহয়।
সেহি বাদখানি মই জানিবা নিশ্চয়॥৭৮৮
পৰাজয় মধ্যে আছো জয় ৰূপ হুই।
ব্যৱসায় মধ্যত উদ্যোগ গোট মই।
সত্যৱন্ত মধ্যে যিটো প্ৰাণী সত্যযুগ।
সত্যখানি মোৰ ৰূপ জানা কুন্তীসুত॥৭৮৯
বৃঞ্চি বংশে বাসুদেৱ মোহোক বোলয়।
পাণ্ডৱত মোৰ অংশ তুমি ধনঞ্জয়॥
তুমি নাজানাহা মই জানোহো সকলে।
এতেকে দুইকো নৰনাৰায়ণ বোলে॥৭৯০
মুনিৰ মধ্যত মই ব্যাস গ্ৰন্থকাৰ।
কবিৰ মধ্যত মই শুক নাম যাৰ॥
বিষয়ক এৰি মন থাকে তেতিক্ষণ।
সেহিগোট মোৰ ৰূপ জানিবা অৰ্জ্জুন॥ ৭৯১
বিষয়ক জিনিবাক মন আছে যাৰ।
শম দণ্ড ভেদ তাৰ ত্ৰিবিধ প্ৰকাৰ॥
ভেদ দণ্ড এৰিয়া যিগোট শম নীতি।
জানিবাহা সখি সিয়ো মোহোৰ বিভূতি॥৭৯২
গোপীৰ মধ্যত গোপ্য ভাৱগোট মই।
যেই গোপ্য ভাৱগোট মোচন নযায়॥
শাস্ত্ৰজ্ঞান আদি কৰি যত আছে জ্ঞান।
তাহাৰ মধ্যত মই যিটো তত্ত্বজ্ঞান॥ ৭৯৩

[ ১৯২ ]

চৰাচৰ আদি কৰি যতেক সংসাৰ।
মইসে কাৰণ বীজ অঙ্কুৰ সবাৰ॥
মোৰ দিব্য বিভূতিৰ কোনে অন্ত পায়।
অবিৰোধি শ্ৰীক দেখা যিঠাই সিঠাই॥৭৯৪
ঐশ্বৰ্য্য বিভূতি শ্ৰীয়ে গুণে অতিৰেক।
সিয়ো বিভূতিসে মোৰ জানিবা প্ৰত্যেক।
পৃথিৱীৰ বালুকা নক্ষত্ৰ আকাশৰ।
দৈৱ কৃপাবশে যদি লেখে নিৰন্তৰ॥ ৭৯৫
বহু জন্মে জাতিস্মৰ লভিবে সমস্ত।
ততো জন্ম কৰ্ম্ম মোৰ নপাৱয় অন্ত॥
অনন্ত সহস্ৰ ফণা মুখ অপৰ্য্যন্ত।
মোৰ জন্ম কৰ্ম্ম গুণ সাক্ষাতে কহন্ত॥৭৯৬
পূৰ্ব্বত কহিলো আৰ কহিবোহো পাচে।
যদ্যপি শাস্ত্ৰত কহিবাক লাগি আছে॥
তথাপিতো জন্ম কৰ্ম্ম আছে যত যত।
চিৰকাল কহি তভো নপাৱয় অন্ত॥৭৯৭
এহি খানি সখি তুমি নিষ্ঠে কৰি জানা।
ভিন্ন কৰি যত বস্তু নাহি মোত বিনা॥
প্ৰত্যেকে প্ৰত্যেকে আৰ কহিবোহো কত।
মইসে ব্যাপিয়া আছো সমস্তে জগত॥৭৯৮
পাৰ্থে বোলে এহিসে সমস্তে হোৱা হৰি।
আগে কেনমতে কহিলোহো ভিন্ন কৰি॥

[ ১৯৩ ]

অজ্ঞানী প্ৰথমে সবে নপাৰে লৈবাক।
সিকাৰণে মুখ্য মুখ্য কহিলো তোমাক॥৭৯৯
মোহোৰ পূজাত আগে ভক্তি কৰা টান।
ভক্তি দৃঢ় জগতক দেখয় সমান॥
সম ভাৱ ভৈল পাচে শুদ্ধ হোৱে চিত্ত।
বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণীত॥ ৮০০
মনে নছাবোক সদা ঈশ্বৰ চৰণ।
অন্তৰঙ্গ ভক্তি আৰু বোলে সৰ্ব্বজন॥
শুদ্ধ সত্ত্ব ভৈলেসে হৰিক লাগ পায়।
নিষ্টে কৰি তোমাক কলো কুৰুৰায়॥৮০১
এক নাম উচ্চাৰিলে পাপ হোৱে ক্ষয়।
যত পুণ্য আছয় গৰ্ভতে বাস লয়॥
আৰোবাৰ উচ্চাৰিলে সৰ্ব্বপাপ ক্ষয়।
তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠক যায়॥৮০২
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণপদে পৰি।
ৰাম ৰাম বুলিয়া বৈকুণ্ঠে যায় লৰি॥৮০৩

( দশম অধ্যায় সমাপ্ত)

[ ১৯৪ ]

একাদশ অধ্যায়

বিশ্বৰূপ দৰ্শনযোগ

ছবি


গজেন্দ্ৰ নামিল জলে   গ্ৰাহেও ধৰিলা বলে
  এৰাইতে নপাৰি ভৈলা শান্ত।
সবে হস্তী বল দিল   এৰাইবাক নাপাৰিল
  জলতে মগন ভৈলা মাত্ৰ॥
পূৰ্ব্বৰ ভক্তিৰ বলে   তোমাক স্মৰিলা মনে
  পদ্মগোট শুণ্ডে ধৰি তুলি।
মৃত্যুভয়ে মগ্ন ভৈল   চৰণে শৰণ লৈল
  ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি॥৮০৪
কৃপাময় দেৱহৰি   গৰুড় স্কন্ধত চৰি
  শীঘ্ৰে আসিলন্ত চক্ৰপাণি।
ভক্ত দুখ দেখি স্বামী   গৰুড়-স্কন্ধৰ নামি
  গ্ৰাহকো কাটিলা চক্ৰ হানি॥
হে কৃপাময় কৃষ্ণ   স্বামী প্ৰিয় গুৰু ইষ্ট
  চৰণে শৰণ মাত্ৰ লৈলো।
গীতা গৃঢ় অৰ্থচয়   পণ্ডিতো সংকোচ হয়
  মই মূৰ্খে পদ আৰম্ভিলো॥৮০৫

[ ১৯৫ ]

মুখে কৃষ্ণ সদা সেৱে   সেৱি কৃপালেশ পাৱে
  সিন্ধুকো গোখোজ কৰি তৰে।
দেখিয়া অৱলা কুজী   চন্দন পিন্ধিলা খুজি
  তাইকো গতি দিলা দামোদৰে॥
যেহেন কোকিল পক্ষী   আতি যে কুৎসিত দেখি
  বাক্যখানি শুনিতে সুন্দৰ।
যদি শাস্ত্ৰ নজানয়   কৃষ্ণক উদ্দেশি কয়
  শুভো হোৱৈ সংসাৰৰ পাৰ॥৮০৬
ৰাম-নামাক্ষৰ দুই   পাপৰ ভাণ্ডাৰে জুই
  দশোদিশ বেঢ়ি পোৰে তাৰ।
যিবা ৰহে শেষ ভাগ   কৃষ্ণ নামে পায়া লাগ
  পাপৰ প্ৰলয় কৰে সাৰ॥
হেন জানি সবে এৰা   ৰামনাম মুখে স্মৰা
  ৰামনাম সাঞ্চি গাণ্ঠি পৰা।
সুৱৰ্ণ ৰজত হীৰা   আন যত দূৰ কৰা
  পথৰ সম্বল সঙ্গে ধৰা॥৮০৭
আন যত ধন দেখা   খৰচিলে যায় বৃথা
  খাইলে দিলে সৰে টুটি যায়।
নামৰ নাহিকে ক্ষয়   লাগে মানে বৃদ্ধি হই
  ভাগ কৰিলাত বাঢ়ি যায়॥
একোমতে ক্ষয় নাই   চোৰে নেনে নপলাই
  নষ্ট নোহে অগ্নি জলে পৰি।

[ ১৯৬ ]

লুড়ি নেনে লুড়িয়াৰে   ডকাইতেও পৰিহৰে
  ৰজায়ো নলয় তাক ডৰি॥৮০৮
পাৰ্থে বোলে যদুপতি   চৰণত কৰো নতি
  তব অনুগ্ৰহে সব ভৈলা।
কহিলাহা ভগৱান   দেহাত্মা বিবেক জ্ঞান
  যত মোহ সব দূৰ গৈলা॥
কৰ্ম্মৰ কহিলা তত্ত্ব   ভক্তিয়ো সাধন যত
  সৃষ্টি লয় শুনিলো বিস্তৰ।
দশম অধ্যাৰ হন্তে   কহিলাহা যেনমতে
  বোলা যত মই চৰাচৰ॥৮০৯
কমলদল লোচন   সুৰ সিদ্ধ মুনিগণ
  তোমাক ঈশ্বৰ বুলি কৱৈ।
বিশ্বৰূপ যেন ঠান   দেখায়োক ভগৱান
  যদি মোৰ দৃষ্টিযোগ্য হোৱৈ॥
অজ ব্ৰহ্ম নিৰাকাৰ   নাম ৰূপ নাহি যাৰ
  বাক্যৰ মনৰ অগোচৰ।
কিন্তু তুমি যোগেশ্বৰ   ভকতৰ প্ৰীতিকৰ
  এতে দেখিবাক বাঞ্ছা মোৰ॥৮১০
কৃষ্ণে বোলে শুনা পাৰ্থ   মোৰ ৰূপ অসংখ্যাত
  নাম বৰ্ণ আকৃতি বিস্তৰ।
ৰুদ্ৰাদিত্য বসু সোম   অশ্বিনীকুমাৰ যম
  বায়ু বহ্নি যক্ষ পুৰন্দৰ॥

[ ১৯৭ ]

স্বৰূপত ধনঞ্জয়   ৰূপ দেখি হৈবা ভয়
  পাচে দোষ নেদিবাহা মোক।
নিজ বিশ্বৰূপ মোৰ   তাপ দীপ্তি ভয়ঙ্কৰ
  ই চক্ষু নপাৰে দেখিবাক ॥৮১১
মই দিব্যচক্ষু দিবো   নিজৰূপ দৰশাইবো
  হৰ ব্ৰহ্মা নতু যাক দেখে।
কহয় মিশ্ৰ গোবিন্দ   চৰণৰ অৰবিন্দ
  সদা মোৰ নছাৰোক মুখে॥
শুনা সভাসদ লোক   ৰাম কৃষ্ণ বুলিয়োক
  সুখে কৰা বৈকুণ্ঠ পয়াণ।
নামত কৰিয়ো ৰতি   নামেসে পৰম গতি
  নামে কৰে সংসাৰ নিৰ্য্যাণ॥৮১২
প্ৰিয় কৰি বোলা তাত   হেৰা কৰো যোৰহাত
  ৰাম কৃষ্ণ বুলিয়ো উৎসুকে।
জয় কৃষ্ণ ঘোষ কৰা   সুখে সংসাৰক তৰা
  দাস কৰি লৈয়া যাইয়ো মোকে।
হেন জানি সৰ্ব্বজন   কৃষ্ণত অৰ্পিয়া মন
  কৃষ্ণ বিনে জানা নাহি আৰ।
কৃষ্ণেসে সবাৰ প্ৰাণ   এৰিয়োক যত আন
  কৃষ্ণপদ কৰিয়োক সাৰ॥৮১৩

[ ১৯৮ ]

সঞ্জয় বদতি শুনা অম্বিকাৰ সুত।
কৃষ্ণে দেখাইল ৰূপ আতি অদভুত॥
অনেক নয়ন বাহু শিৰ অসংখ্যাত।
কিৰীটি কুণ্ডল হাৰ শোভা কৰে তাত॥৮১৪
কঙ্কণ বলয় আঙ্গুষ্ঠিক পিন্ধি হাতে।
নানা দিব্য অস্ত্ৰ শস্ত্ৰ ধৰি আছে তাতে॥
সুগন্ধ চন্দন মাল্য বস্তু পিন্ধি পীত।
কেয়ুৰ কিঙ্কিণী কাঞ্চী কটি সমন্বিত॥৮১৫
দশে দিশ ঢাকিলেক নূপুৰৰ বোল।
কোলাহল শৱদে নুশুনয় মাত বোল॥
বদনৰ জ্যোতিতে উজ্জ্বল দিশপাশ।
অকালে প্ৰেলয় হেন কালে কৰে গ্ৰাস॥৮১৬
নাহিকে উপমা ৰূপ দেখি লাগ ভয়।
যেন এককালে কোটি সূৰ্য্যৰ উদয়॥
অদভুত ৰূপ দেখি ভৈলন্ত বিস্মিত।
হৰিষে আনন্দে ৰোম ভৈলা পুলকিত॥৮১৭
হেন দেখি ভয়ে ধনঞ্জয় মহাবলী।
দণ্ডৱতে পৰি মনে কৰি কৃতাঞ্জলি॥
প্ৰকৃতিক আদি কৰি মহদাদি তত্ত্ব।
তব শৰীৰত দেখো সমস্ত জগত ॥৮১৮

[ ১৯৯ ]

ব্ৰহ্মাণ্ড প্ৰকাশে এহি শৰীৰ ভিতৰ।
তাৰ এক প্ৰদেশত দেখো চৰাচৰ॥
ব্ৰহ্মাক দেখিলো তযু নাভিকমলত।
তেত্ৰিশ কোটি দেৱ দেখো ঋষিগণ যত॥ ৮১৯
অত্ৰি অঙ্গিৰস ভৃগু দেৱল বামন।
পুলস্তি পুলহ ঔৰ্ব্ব্য কৃষ সঙ্কৰ্ষণ॥
কপিল কাশ্যপ ক্ৰুঞ্চু কুশীদ কৌশিক।
কঙ্ক যে কৰ্দ্দম কৰ্ণ কাব্য বাহ্লীকক॥৮২০
বাল্মীকি বশিষ্ঠ ব্যাস ব্যাঘ্ৰ যে চ্যবন।
বিশ্বামিত্ৰ বামদেৱ বিভূ বৈশম্পায়ন॥
ঋষ্যশৃঙ্গ শৃঙ্গী অষ্টাবক্ৰ পৰাশৰ।
অবটী শৌনক শক্ত্ৰি সৌভৰি সগৰ॥৮২১
গৰ্গ গৌতম গালৱ গাৰ্গ্য যে গাঙ্গেয়।
মধুচ্ছন্দ মধুকল্য মাৰ্কণ্ড মৈত্ৰেয়॥
মৰীচি মৃকণ্ডু মাৰ্কণ্ডেয় বৃহস্পতি।
ৰুচি ভৰদ্বাজ শঙ্খ ঋষি যে অগস্তি॥৮২২
আসুৰি অসিত আদি আস্তিক সাৱল।
জামদগ্ন্য উশীনৰ আৰো যে জাবাল॥
যজ্ঞদণ্ড মুনি যাজ্ঞবল্ক্য জটাধৰ।
জমদগ্নি বিশ্বামিত্ৰ জীমূত যাঠৰ॥ ৮২৩
বৃহদশ্ব সুদৰ্শন পৰ্ব্বত আস্তিক।
সমূহ শমীক সান্দীপনি শৃঙ্গী শুক॥

[ ২০০ ]

উতথ্য উত্তানপাদ আৰো জৰৎকাৰ।
দুষ্মন্ত সংস্কৃতি দীৰ্ঘপদ কৰ্ম্মহাৰ ॥৮২৪
সত্যকাম জঠৰাখ্য মৌনস সুদেৱ।
কৃষ্ণাত্ৰেয় মধুকুল্য জনক গালৱ॥
দেৱঋষি ৰাজঋষিগণ আছে যত।
দক্ষ আদি প্ৰজাপতি দেখিলো সমস্ত॥৮২৫
বাসুকিক আদি কৰি যত সৰ্পগণ।
একাদশ ৰুদ্ৰ সমে দেৱ সঙ্কৰ্ষণ॥
অনন্তৰ সঙ্গে নাগ যতেক আছয়।
অসংখ্যাত ফণা সমে ৰত্ন প্ৰকাশয়॥৮২৬
ভূত প্ৰেত যক্ষ ৰক্ষ গন্ধৰ্ব্ব কিন্নৰ।
সিদ্ধ কিম্পুৰুষ অপেশ্বৰা বিদ্যাধৰ॥
শৰীৰে পৰ্ব্বত সিন্ধু সৰোবৰ যত।
ভৱ দেহে দেখো হেৰা একে প্ৰদেশত॥৮২৭
অসংখ্যাত শিৰ উৰু বাহু আতিশয়।
সৰ্ব্বত্ৰ প্ৰকাশে নেত্ৰ নক্ষত্ৰৰ নয়॥
শঙ্খ চক্ৰ গদা পদ্ম ধৰি আছা কৰে।
কিৰীটি কুণ্ডল ৰত্ন মণি শোভা কৰে॥৮২৮
বলয়া কৰুণ হাৰ কিঙ্কিণী নুপুৰ।
টোৰৰ হোৰৰ হাৰ কনক কেয়ূৰ॥
আজানুলম্বিত ৰনমালা কৰৈ কান্তি।
কৌস্তুতে শোভয় গলে শ্রীবৎসৰ পাস্তি॥৮২৯

[ ২০১ ]

নিতম্ব উপৰে পীতবস্ত্ৰ পৰিধান।
কপালে কুঙ্কুম ৰেখা বিদ্যুতৰ ঠান॥
পৰিমিত নাহি ৰূপ ব্যাপিয়া আছয়।
আদি অন্ত কোন মধ্য নজানি নিৰ্ণয়॥ ৮৩০
শৰীৰৰ তেজ দীপ্তি দেখি লাগে ভয়।
কালান্তক বহ্নি যেন দহিয়া আছয়॥
অসংখ্য বিদ্যুত যেন একেলগে ছুটে।
চাহিতে নপাৰি চক্ষু জ্যোতি দেখি ফুটে॥ ৮৩১
তুমিসে অক্ষয় বিভু ব্ৰহ্ম নিৰাকাৰ।
যাত হন্তে হোৱৈ সৃষ্টি পালন সংহাৰ॥
সবাৰো কাৰণ মায়া যত জগতৰ।
মায়াৰো কাৰণ যাক বোলয় ঈশ্বৰ॥ ৮৩২
এহি শৰীৰত আছে জগত সমস্ত।
এতে বল-বীৰ্য্যৰ প্ৰভাৱ নাহি অন্ত॥
তৱ মুখে অগ্নি শশী সূৰ্য্য নেত্ৰ বাপ।
শৰীৰৰ তেজে জগতক দেয় তাপ॥ ৮৩৩
অদ্ভুত ৰূপক দেখবোহো নাৰায়ণ।
কাম্পতে আছয় দেখো চৈধ্যয় ভুৱন॥
আকাশক সীমা কৰি মধ্য পৃথিবীৰ।
দশোদিশ ঢাকিলেক তোমাৰ শৰীৰ॥ ৮৩৪
ব্ৰহ্মা মহেশ্বৰ আদি দেৱগণ যত।
দূৰে থাকি শৰণ পশয় চৰণত॥

[ ২০২ ]

কতো দেৱে আতি ভয়ে কৰি কৃতাঞ্জলি।
দণ্ডৱতে পৰি নমে ৰাখা ৰাখা বুলি॥ ৮৩৫
বিশ্বদেৱ সিদ্ধগণ নাহি পৰিমিত।
সিদ্ধ মুনি ৰুদ্ৰগণ দ্বাদশ আদিত্য॥
যক্ষ ৰক্ষ গন্ধৰ্ব্ব অসুৰ আছে।
অশ্বিনীকুমাৰ বায়ু উনপঞ্চাশত॥ ৮৩৬
উৰগ খেচৰ বিদ্যাধৰ বসু যত।
ঘোৰ ৰূপ দেখি ভয়ে শ্ৰুতি ভৈলো হত॥
ইটো অসদৃশ ৰূপ চাহন নাযায়।
যেহেন চন্দ্ৰক কোটি ৰাহু আসে ধাই॥ ৮৩৭
নয়ন শ্ৰৱণ উৰু বয়ন বিস্তৰ।
মহাপ্ৰলয়ৰ যে অন্তক সমসৰ॥
সমস্তে ব্যাপিল শিৰ বাহু নেত্ৰ কাণ।
ধৰিতে নাপাৰো ধৈৰ্য্য ভৈল গতপ্ৰাণ॥ ৮৩৮
বিকৃত কৰাল দন্ত আতি ভয়ঙ্কৰ।
সাগৰ সমান ভৈল ব্যাদান মুখৰ।
লহ লহ জিহ্বা আতি ভয়ঙ্কৰ ঘোৰ।
ভয়ত কম্পিত চিত্ত থিৰ নোহে মোৰ॥ ৮৩৯
সুখক নলভো নেদেখোহো দিশপাশ।
প্ৰসন্ন হুয়োক বাপ জগতনিবাস।
যেহেন অমৃত খাইতে খুজিলেক নৰে।
মৃত সাগৰে পৰি তল যাই মৰে॥ ৮৪০

[ ২০৩ ]

সঞ্জয় বদতি শুনিয়োক কুৰুনাথ।
পাৰ্থৰ প্ৰশ্নৰ কৃষ্ণে দেখাইলা সাক্ষাত॥
পূৰ্ব্বত কৃষ্ণক হেন বুলিলা অৰ্জ্জুনে।
নবধিবো বন্ধুগণ ৰাজ্যৰ নিদানে॥ ৮৪১
নুযুজিবো বুলি দৃঢ় কৰি ধনঞ্জয়ে।
এৰিলন্ত শৰ ধনু জ্ঞাতিবধ ভয়ে॥
তাতে আৰো পাৰ্থে হেন বুলিলা প্ৰসঙ্গ।
কাৰ জয় হোৱে কৃষ্ণ কাৰ হোৱে ভঙ্গ॥ ৮৪২
ভঙ্গ পৰাজয় দুইৰো নাজানোহো নিষ্ট।
কাৰ ভঙ্গ কৰি জয় দেখাইলন্ত কৃষ্ণ॥
অৰ্জ্জুনে কৰিলা প্ৰশ্ন দ্বিতীয় অধ্যাত।
সেই জয় ভঙ্গে কৃষ্ণে দেখাইলা সাক্ষাত॥ ৮৪৩
কৃষ্ণক নমিয়া পুনু বোলে কুন্তীসুত।
আৰো আশ্চৰ্য্যক দেখো আতি অদভূত॥
অষ্টাদশ অক্ষৌহিণী সেনা নিৰন্তৰ।
প্ৰবেশিবে লাগি আছে মুখৰ ভিতৰ॥ ৮৪৪
উভয় সেনাৰ মুখ্য মুখ্য বীৰ যত।
চূৰ্ণ হইযা লাগিয়াছে দশন মধ্যত॥
সঞ্জয় বদতি শুনিয়োক মহাশয়।
দানী মানী মহাযশী তোমাৰ তনয়॥ ৮৪৫
নাজানিয়া নষ্ট ভৈলে কি কহিবো কথা।
জানিয়া ৰে তযু পুত্ৰ এতেকে অৱস্থা॥

[ ২০৪ ]

ভীষ্ম দ্ৰোণ জয়দ্ৰথ শল্য দুঃশাসন।
ভূৰিশ্ৰৱা ভগদত্ত কৰ্ণ দুৰ্য্যোধন॥ ৮৪৬
তাসম্বেয়ো কৃষ্ণক ঈশ্বৰ বুলি জানে।
তভো বুদ্ধিহত ভৈল মদান্ধ অজ্ঞানে॥
যেহেন পতঙ্গ অগ্নি পৰি হোৱৈ নাশ।
তাপ দীপ্তি দেখি তভো তাতে কৰে জাস॥ ৮৪৭
তোমাৰ পুত্ৰৰ দৃষ্টান্তৰ সেহি মত।
জানি নষ্ট ভৈল অহঙ্কাৰ মদান্ধত॥
ত্ৰৈলোক্য ঈশ্বৰ কৃষ্ণ ব্ৰহ্মাদিয়ে পূজে।
কৃষ্ণে প্ৰবোধিবে যান্তে বান্ধি থৈবে খোজে॥ ৮৪৮
যাৰ পূৰ্ব্বাপৰ নাহি বাহ্য অভ্যন্তৰ।
তাক বন্দী কৰিবেক কৌৰৱ বৰ্ব্বৰ॥
অষ্টাদশ অক্ষৌহিণী সেনা নিৰন্তৰ।
আপুনি প্ৰলয় গৈলে গৰ্ভৰ ভিতৰ॥ ৮৪৯
হে সব অজ্ঞানী দৃষ্টান্ত সেহি নয়।
যেন নদী নদ জল সাগৰে পৰয়॥
অৰ্জ্জুনে দেখয় দুয়ো সেনা নিৰন্তৰ।
আপুনি প্ৰৱেশে বেগে গৰ্ভৰ ভিতৰ॥ ৮৫০
ঘোৰ উগ্ৰৰূপ দন্ত কৰাল বদন।
গ্ৰাসিবাক খোজে যেন চৈধ্যয় ভুৱন॥
লেলিহান জিহ্বাক দেখন্তে লাগে ভয়।
বিস্ময় অৰ্জ্জুন ত্ৰাসে কাম্পয় হৃদয়॥ ৮৫১

[ ২০৫ ]

পুনু দণ্ডৱতে পৰি বোলে ধনঞ্জয়।
প্ৰসন্ন হুয়োক বাপ দেৱ কৃপাময়॥
তুমি কোনৰূপ কিবা চেষ্টা কৰা স্বামী।
তব মায়া বিমোহিত নজানোহো আমি॥ ৮৫২
তব তেজপুঞ্জে কম্পমান তিনি লোক।
জানিবাক চাহো কোন ৰূপ কহিয়োক॥
কহয় গোবিন মিশ্ৰ কৃষ্ণপদে পৰি।
পৰম আনন্দে ঘোষ জয় কৃষ্ণ হৰি॥ ৮৫৩
হৰিৰ চৰণে মনে পশিয়ো শৰণ।
ডাকি ৰামকৃষ্ণ বুলিয়োক সৰ্ব্বজন॥ ৮৫৪

দুলড়ী

ঈশ্বৰে বোলন্ত  যিটো ৰূপ মই
  জানিয়োক ধনঞ্জয়।
ব্ৰহ্মা আদি দেৱ  যত যোগীগণ
  কালচক্ৰে ফুৰাৱয়॥
স্ৰজোহো পালোহো লোক সংহাৰোহো
  আক জানিবাহা ভালে।
দণ্ড পল কৰি  আয়ু নেওঁ হৰি
  লোকে মোক কাল বোলে॥ ৮৫৫

[ ২০৬ ]

পূৰ্ব্বত বুলিলা  ভঙ্গ জয় কৰি
তাহাৰো নজানো তত্ত্ব।
এবে ধনঞ্জয় কাৰ ভঙ্গ জয়
দেখিয়ো তুমি সাক্ষাত॥
ভীষ্ম দ্ৰোণ আদি  ৰথী মহাৰথী
আনো যত আছে সেনা।
কুৰু পাণ্ডৱৰ প্ৰাণী নিৰন্তৰ
লৈলোহো তোমাত বিনা॥৮৫৬
ভীষ্ম কৰ্ণ দ্ৰোণ   কৃপ দুৰ্য্যোধন
দেৱৰো দুৰ্জ্জয় পুন।
তাহাক অৰ্জ্জুনে  সমৰে মাৰিলা
তাত পৰে আছে কোন॥
সমৰে উঠিয়া  ৰাজ্যক লভিয়ো
যশক লভিয়ো আত।
যি শত্ৰু প্ৰধান  আগে লৈলো প্ৰাণ
নিমিত্ত হুয়োক মাত্ৰ॥৮৫৭
বাম হাতে বাণ  কৰাহা সন্ধান
লক্ষ্যক ভেদিলা ছলে।
দুয়ো হাতে শৰ।  কৰা নিৰন্তৰ
আতে সব্যসাচী বোলে॥
পাচে ধনঞ্জয়  কম্পয় হৃদয়
শুনি ভৈলা ভয় ভীত।

[ ২০৭ ]

দণ্ডৱতে পৰি  কৃতাঞ্জলি কৰি
শিৰ দিয়া চৰণত॥৮৫৮
মহা ভয় ভীত  তনু ৰোমাঞ্চিত
দুয়ো নেত্ৰে পৰে পানী।
ভক্তিৰ আহ্লাদে  বাক্য গদগদে
কেশৱক বোলে বাণী॥
প্ৰণামো মাধৱ  দেখি তব ভাৱ
ত্ৰিভূৱন কম্পে ডৰে।
অসুৰ ৰাক্ষস   পলায় দশোদিশ
সিদ্ধগণে স্তুতি কৰে॥৮৫৯
সবাহাৰো আদ্য  ব্ৰহ্ম প্ৰতিপাদ্য
ব্ৰহ্মাৰো তুমি কাৰণ।
জগতৰে আত্মা ব্ৰক্ষাণ্ডৰো কৰ্ত্তা
নেসেৱিবে কোন জন॥
তুমি কল্পতৰু জগতৰ গুৰু
তুমি জগতৰ ধাতা।
স্ৰজাহা পালাহা  তুমি সংহাৰাহা
সংসাৰৰো পিতা মাতা॥৮৬০
দশটা ইন্দ্ৰিয়   আৰো পঞ্চভূত
পঞ্চটা তন্মাত্ৰ তাৰা।
চিত্ত বৃত্তি মন  তিনিগোটা গুণ
মায়া মোহ অহঙ্কাৰ॥

[ ২০৮ ]

সবে মিলি যাই  হোৱে এক ঠাই
দেহ বুলি লোকে খ্যাত।
যদি তুমি অজ  অংশ ভাগে যাই
জীৱৰূপে হোৱে জাত॥৮৬১
ব্ৰহ্মা মহেশ্বৰ বায়ু পুৰন্দৰ
সোম সূৰ্য্য ভগৱান।
কুবেৰ বৰুণ  যম হুতাশন
তুমি বিনে নাহি আন॥
বিভু পূৰ্ণকাম  সদা আত্মাৰাম
বিকাৰ নাহিকে যাৰ।
সাধুক উদ্ধাৰা  দুষ্টক সংহাৰা
সিকাৰণে অৱতাৰ॥৮৬২
জন্ম কৰ্ম্ম যত  কোনে পাৱে অন্ত
সদা মুনিগণ গাৱে।
শ্ৰৱণ কীৰ্ত্তন   কৰে যিটোজন
অনায়াসে সিয়ো পাৱে।
এবে নাৰায়ণ সদা মোৰ মন
চৰণ নেৰো তোমাৰ।
শত সহস্ৰেক  অযুত নিষুত
কোটি কোটি নমস্কাৰ ॥৮৬৩
অগ্ৰত পৃষ্ঠত  হয়ে পাশে বন্দো
অধে উৰ্দ্ধে নমস্কাৰ।

[ ২০৯ ]

তুমি মাত্ৰ সত্য  জগত ব্যাপক
এক ব্ৰহ্ম নিৰাকাৰ॥
তোমাৰ চৰণে  পশিলো শৰণে
সৰ্ব্বভাৱে নমস্কাৰ।
ভজিবা মাত্ৰকে  মোক্ষপদ দিয়া
আত্মা পৰ নাহি যাৰ॥৮৬৪
দেখা কেন নাথ আমাৰ অজ্ঞান
মিছা অহঙ্কাৰে মৰো।
ৰুপ ৰেখা যাৰ  নাহিকে আকাৰ
ব্ৰহ্মত সম্বন্ধ কৰো॥
মাতুলৰ পুত্ৰ  সম্বন্ধত ভাই
তোমাক বোলো মাধৱ।
কতোবাৰ বোলো  সখি কৃষ্ণ কতো
ক্ৰোধত বোলো যাদৱ॥৮৬৫
আমাৰ নৃপতি  মোহোৰ সাৰথি
মমতা কৰোহো তাত॥
আসন ভোজন  এক সঙ্গে কৰো
শয়ন একে শয্যাত॥
হাস পৰিহাস  দুৰ্ব্বাক্যক বোলে
পাশা হাৰিলোহো ভঙ্গ।
অদৃশ্য ব্ৰহ্মক  মন অগোচৰ
তান লগে কৰো সঙ্গ॥৮৬৬

[ ২১০ ]

অস্তেষপুৰক  দেৱৰ বুলিয়া
দ্ৰৌপদীয়ো নেই ডাকি।
ৰাজভাৰ্য্যা বুলি  তভো আজ্ঞা মানা
মিছায়ে ভয়ত থাকি
নৃপতি পাঞ্চয়  সেৱকৰ নয়
দূতকৰ্ম্মে চলি যায়।
ৰাজা যুধিষ্ঠিৰ  অধম শৰীৰ
তাহাৰ বন্দিল পাৱ॥৮-৬৭
অপৰাধ ঘোৰ  তোমাক কৰিলো
সিকাৰণে কৰে তাপ।
যত দোষচয়  ক্ষমা কৃপাময়
চৰণ পশিলো বাপ॥
পিতৃৰ কোলাত  থাকি অপৰাধ
শিশু যত দোষ কৰে।
মূত্ৰ বিষ্ঠা এৰে  চৰণ প্ৰহাৰে
তথাপি দোষ নধৰে॥৮৬৮
তুমি ভক্তপ্ৰিয়  দীন দয়াময়
ত্ৰিলোকত সৱে কহে।
নানাবিধ কৰি  উপদ্ৰৱ কৰে
তথাপি মেদিনী সহে॥
পুত্ৰে যে বাপক   মন্দ লাগি দেই
তভো লাগে সহিবাক।

[ ২১১ ]

যদি দুইজনে  ভজে একমনে
আপোনাকো দিয়া তাক ॥৮৬৯
বিশ্বৰূপ ইটো  যেন মৃত্যু হেতু
চাহিতে নাপাৰো স্বামী।
আক দূৰ কৰা  পূৰ্ব্ব ৰূপ ধৰা
শৰণে পশিলো আমি॥
যিটো চতুৰ্ভুজ  কৰিয়া গুপুত
শঙ্খ চক্ৰ গদা ধৰি।
হেৰা দণ্ডৱত  কৰা চৰণত
সিৰূপ দেখাও হৰি॥৮৭০
কহয় গোবিন্দ  দেৱ দয়াময়
চৰণে নেৰিয়ো দায়া।
পদ পঙ্কজত  মন বলি কৰি
গুচায়ে সংসাৰ মায়া।
তোমাৰ দাসৰ দাস  হুইবো হৰি
এহি বাঞ্ছা নুগুচোক।
এৰা মোহ মদ   যত সভাসদ
ৰামকৃষ্ণ বুলিয়োক ॥৮৭১
পৰম মঙ্গল  মাধৱৰ নাম
আক একচিত্তে ধৰি॥
হৃদে ৰূপ ধৰি  বোল হৰি হৰি
যি যাইবা সংসাৰ তৰি॥৮৭২

[ ২১২ ]

ঘোষা

হৰি বোল হৰি বোল মাধৱ ৰূপ।

ঝুনা।

কৃষ্ণে বলে ধনঞ্জয় সখি।
কেন ভয় ভৈল এৰূপ দেখি॥
শিৱ বিৰিঞ্চি মোৰ স্বৰূপ।
তাৰায়ো নেদেখে ইবিধ ৰূপ॥ ৮৭৩
কেহো নাহি মোৰ লক্ষ্মী সমান।
সিয়ো নতুন দেখে ৰূপ ইঠান॥
এৰিলো ৰূপ ভৈলো উপশাম।
পঙ্কজ লোচন জলদ শ্যাম॥৮৭৪
কৰ্ণত মকৰ কুণ্ডল দোলে।
ভ্ৰুকুটি কটাক্ষে মনক ভোলে॥
অলকা তিলক কিৰীটি মাথে।
অঙ্গদ কঙ্কণ বলয় হাতে ॥৮৭৫
কাঞ্চি সমন্বিতে স্বৰ্ণ মেখলা।
আজানুলম্বিত বনমালা॥
শ্ৰীবৎস পান্তি শোভে বক্ষঃস্থলে।
কোটি সূৰ্য্য সম কৌস্তুভ জলে॥৮৭৬
সোণাৰ কিঙ্কিণী শৱদ কৰে।
কোটি কন্দৰ্পৰো লাৱণ্য হৰে॥

[ ২১৩ ]

টোৰৰ হোৰৰ নূপুৰ বাজে।
কনকৰ পীত বসন ৰাজে॥৮৭৭
মেঘ ফুটি যেন চন্দ্ৰ প্ৰকাশে।
ঈষত কটাক্ষে যেহেন হাসে॥
আজানুলম্বিত এ ভুজ চাৰি।
শঙ্খ চক্ৰ গদা পঙ্কজধাৰী॥৮৭৮
সুন্দৰ নাসা বদনাৰবিন্দে।
চন্দন তিলক চন্দ্ৰক নিন্দে॥
প্ৰফুল্ল কমল দল নয়ন।
কুন্দকলি সম শোভে দশন॥৮৭৯
ভ্ৰূৱ কামচাপ সম বিশেষ।
ইন্দ্ৰনীল শ্যাম আকুঞ্চ কেশ॥
মৈৰা পুচ্ছে শোভে সুন্দৰ জটা।
বিদ্যুত সম কুঙ্কুম ছটা ॥৮৮০
অৰুণ বৰ্ণ নখচন্দ্ৰ জ্যোতি।
ৰাতুল চৰণ প্ৰকাশৈ আতি॥
পদ্ম নৱকোষ দুখানি পাৱ।
ধ্বজ বজ্ৰ পদ্ম অঙ্কুশ যব ॥৮৮১
মোহন সুন্দৰ দশন আতি।
দেখাইলা মুখ অৰ্জ্জুনক প্ৰতি॥
কৃষ্ণে বোলে আৰো নকৰা ভয়।
প্ৰসন্ন ভৈলো দেখা ধনঞ্জয়॥ ৮৮২

[ ২১৪ ]

মোৰ ৰূপ ইটো ৰহস্য বৰ।
কিন্তু তুমি মোৰ সুহৃদ দৃঢ়॥
আনে নেদেখয় তোমাত বিনে।
যোগী নেদেখয় সমাধি ধ্যানে॥৮৮৩
তীৰ্থ তপ জপ দান প্ৰধান।
শম দম আদি অষ্টাঙ্গ জ্ঞান॥
স্বধৰ্ম আশ্ৰমে নপাৱে মোক।
তথাপি ই ৰূপ দেখাইলো তোক॥৮৮৪
ভয় এৰি হোৱা প্ৰসন্ন চিত্ত।
এৰূপ দেখি ভৈলা কতকৃত্য॥
সঞ্জয় বোলন্ত পাছে অৰ্জ্জুন।
কৃষ্ণক দেখি সুস্থ ভৈলা মন॥৮৮৫
অৰ্জ্জুনে নমি বোলে ভগৱান।
চাপিল চেতন লভিলো জ্ঞান॥
কৃষ্ণে বেলে শুনা পাণ্ডুৰ সুত।
দেখিলা ৰূপ আতি অদভুত॥৮৮৬
দিব্য ৰূপ ইটো নজানে কেৱ।
আছোক মনুষ্য নজানে দেৱ॥
যজ্ঞ তপ ব্রতে বাঞ্ছে সৰ্ব্বলোক।
কেৱল ভক্তিসে উপাসে মোক॥৮৮৭
তোমাত অৰ্জ্জুন কহো ৰহস্য।
নিষ্টে কৰে মোক ভক্তিসে বশ্য॥

[ ২১৫ ]

বেদ শাস্ত্ৰ তন্ত্ৰ-মন্ত্ৰৰো সাৰ।
তোমাত কহিলো ৰহস্য আৰ॥৮৮৮
যত কৰ্ম্ম ক্ৰিয়া কৰাহা মানে।
হৰি কৰ্ম্ম বুলি মানিবা মনে॥
ইটো জন্মগোট নযায় ব্যৰ্থে।
সবাক অৰ্পিব ঈশ্বৰ অৰ্থে॥৮৮৯
কৰিবা কৰ্ম্ম নবাঞ্ছিবা ফল।
ঈশ্বৰৰ আজ্ঞায়ে কৰা সকল॥
ক্ষেত্ৰ পুত্ৰ দাৰা গৃহ ভাণ্ডাৰ।
সবে ঈশ্বৰৰ মই দাস তাৰ॥ ৮৯০
ঈশ্বৰ নিৰ্ম্মাল্য কৰিব ভোগ।
ভক্তিৰ সাধন এই কৰ্ম্মযোগ॥
মইসে পৰম আশ্ৰয় তাৰ।
মোত বিনে প্ৰিয় নাহিকে আৰ॥৮৯১
শ্ৰৱণ কীৰ্ত্তন কৰিবা নিত্য।
বিষয় এৰি হৈবা একচিত্ত॥
সৰ্ব্বথা প্ৰাণীক কৰিবা দায়া।
তৰিবা সংসাৰে এৰাইবা মায়া॥৮৯২
ইহাক বোলয় অৰ্পণা ধৰ্ম্ম।
সমস্ত ভক্তিৰ কহিলো মৰ্ম্ম॥
ভক্তিসে প্ৰধান জানিবা নৰ।
ভজা হৰি পাৱে হেলা নকৰ॥৮৯৩

[ ২১৬ ]

ফলকো এৰি মোৰ কৰ্ম্ম কৰি।
সমস্ত প্ৰাণীক সম বুদ্ধি ধৰি॥
ভজিবা পূজিবা কৰিবা ইষ্ট।
পাইবা তেবে মোক কহিলো নিষ্ট॥৮৯৪
মোহোৰ কথাত হোৱয় ৰত!
সেহি যোগোত্তম ভক্তি সন্মত॥
ভক্তি বিনে মোক কহিতো নাই।
কৃষ্ণৰ মুখৰ বাক্য সদায়॥৮৯৫
গোবিন্দ মিশ্ৰে কৰে সাক্ষাত।
যেবে এৰা নৰ কালৰ হাত।
কৃষ্ণৰ চৰণে নেৰিয়ো মনে।
ৰাম কৃষ্ণ বোলা সমস্ত জনে॥৮৯৬

( একাদশ অধ্যায় সমাপ্ত )

____

[ ২১৭ ]

দ্বাদশ অধ্যায়


ভক্তি যোগ

পদ

পুনৰপি অর্জ্জুনে কৰিলা প্রণিপাত।
প্রদক্ষিণ কৰি যুৰিলন্ত যােৰহাত॥
কৃষ্ণক সম্বােধি হেন বলিলা অৰ্জ্জুনে।
আৰাে এক সংশয় মিলিল মােৰ মনে ॥৮৯৭
পূৰ্ব্বত মােহােক হেন কহিলা গােসাই।
জ্ঞান বিনা নিষ্টে জানা কাৰো গতি নাই॥
এবে কহা একাদশ অধ্যাৰ অন্তত।
ভক্তিসে পৰম তত্ত্ব গুহ্য মােৰ মত ॥৮৯৮
জ্ঞানৰ ভক্তিৰ মধ্যে কোনােবা প্রধান।
যদি দায়া আছে মােত কহা ভগৱান॥
কৃষ্ণে বলে সাধু প্রশ্ন কৰিলা অৰ্জ্জুন।
তাহাৰ নির্ণয় কহাে সাৱধানে শুন ॥৮৯৯
আনত নভজি মাত্র মোতে ভজৈ নিত্য।
মােত মন নিবেশিবে দৃঢ় কৰি চিত্ত ॥
পৰম শ্রদ্ধায়ে মােক কৰিলেক সাৰ।
তাত মােৰ প্ৰাণ সিটো ময়ো ভৈলো তাৰ॥ ৯০০

[ ২১৮ ]

ব্ৰহ্মাৰূপাক্ষৰ উপাসিবে যিটো লোক।
অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক॥
জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নাযায়।
নিষ্ঠে জানিবাহা দুয়ো পথে গতি পায় ॥৯০১
সুৰাসুৰ কীট পক্ষী সবাহাতে সম।
পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম॥
অচিন্ত্য অব্যক্ত ব্ৰহ্ম মন অগোচৰ।
অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ॥৯০২
অদৃশ্য চিন্তন জ্ঞান অতীব সঙ্কট।
দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট॥
পুৰুষৰ দেহ অভিমান নাহি যাৰ।
মোক ভক্তি কৰি সুখে তৰয় সংসাৰ ॥৯০৩
আনক নভজি হোৱে অনন্য শৰণ।
কায় বাক্য মনে ভজে মোহোৰ চৰণ॥
মোত অৰ্পি কৰ্ম্ম কৰে নজানয় আন।
ঘোৰৰূপ সংসাৰত মই কৰো ত্ৰাণ ॥৯০৪
আকে জানি ধনঞ্জয় নকৰিবা ভয়।
কোন ধৰ্ম্মাধৰ্ম্ম বহু লোকে নজানয়॥
ধৰ্ম্ম অধৰ্ম্মক জানে লৈয়া মোক ৰীতি।
অসঙ্গে নজানে তভো প্ৰবৃত্তি নিবৃত্তি ॥৯০৫
প্ৰবৃত্তি নিবৃত্তি যদি জানে কতো লোক।
কোটি কোটি সামান্য দেৱতা বোলে মোক॥

[ ২১৯ ]

দেৱৰ লগত মিসলাই পূজা কৰে।
বহু লোকে নানয মইসে ঈশ্বৰে॥৯০৬
ঈশ্বৰ বুলিয়া জানে যদি কতো লোক।
স্ৰজোহো পালোহো সংহাৰোহো তিনি লোক॥
অৱতাৰ ধৰি ভাৰ হৰো পৃথিবীৰ।
নিৰাকাৰ বুলি মোক নজানে বিস্তৰ॥ ৯০৭
যিটো জনে মোহোক বোলয় সৰ্ব্বাত্মক।
অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক॥
সগুন নিৰ্গুণ মই দুয়ো ৰূপ ধৰো।
যদি আত্মাৰাম তভো গুণ লীলা কৰো॥ ৯০৮
এহি সংসাৰত প্ৰাণী যতেক আছয়।
জীৱৰূপ অঙ্গ ধৰি সংসাৰ ভ্ৰময়॥
অবিদ্যা আবৰে জীৱ গুণৰ সঙ্গত।
মোক নজানেসে জানা এহিখানি তত্ত্ব॥৯০৯
যাৰ পুঞ্জ পুণ্যচয় আছয় পূৰ্ব্বৰ।
সেহি জ্ঞানে গতি ভজি পাৱে ঈশ্বৰৰ॥
এহি কৰ্ম্মে গতি পাৰে কহিলো তোমাত।
সহস্ৰ মধ্যত গতি কোন চিত্ৰ আত॥৯১০
নিষ্টে জানা সখি এহি ব্ৰহ্মাণ্ড ভিতৰ।
তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ॥
সহস্ৰ মধ্যত যদি একে গতি পাই।
তভো কতো মুক্ত হোৱৈ লেখা জোখা নাই॥৯১১

[ ২২০ ]

চিত্ত বুদ্ধি মন মোত নিবেদিল যাৰ।
শীঘ্ৰে পাৱৈ মোহোক বিলম্ব নাহি তাৰ॥
অভ্যাস প্ৰকাৰে মোত থিৰ কৰে মন।
জ্ঞানৰ ভক্তিৰ দুইৰো কহিলো লক্ষণ॥ ৯১২
যদি তাতে তুমি হেন বোলা মহাবল।
ইন্দ্ৰিয়ৰ মধ্যে মন আতি যে চঞ্চল॥
যত্ন কৰিলেও মন বিষয়ক যায়।
মন জিনিবাৰ কহো সুগম উপায়॥৯১৩
সৰ্ব্বদা পুৰুষে বিষয়ক নেৰে মনে।
পুনু আনিবাহা মন মোহোৰ চিন্তনে॥
মোহোৰ স্মৰণে মন কৰিব অভ্যাস।
যত্ন অভ্যাসত থাকি মন হোৱৈ বশ॥৯১৪
এমন অভ্যাস যদি কৰিবে নাপাবা।
আমাৰ প্ৰীতিৰ অৰ্থে যত্নে কৰ্ম্ম কৰা।
মোৰ গৃহ পুষ্পবাতি কৰিবা যতন।
শ্ৰদ্ধাভাৱে মোৰ গৃহ কৰিবা লেপন॥৯১৫
গৃহক সেপন্তে মৃত্তিকাৰ ৰেণু যত।
সেহ কৰ্ম্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত॥
একাদশী ব্ৰত সেৱা অৰ্চ্চন বন্দন।
শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্ত্তন ॥৯১৬
এহিমতে যিটো মোৰ কৰ্ম্মক কৰয়।
মোহোৰ সদৃশ গতি পাৱে ধনঞ্জয়॥

[ ২২১ ]

যদি দুখ মনে মানে কৰ্ম্ম কৰিবাক।
তাহাৰো সুলভ কহো শুনিয়োক তাক।৯১৭
অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ যাগ যত।
নিত্য নৈমিত্তিক কৰ্ম্ম কৰিবা সমস্ত॥
ফলকো এৰিবা কৰ্ম্মবন্ধ হেন জানি।
কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি॥৯১৮
সেহি কৰ্ম্মে কৃতকৃত্য ভক্তি হৈব তাৰ।
ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ॥
এহিমতে কৰ্ম্ম কৰিবেক কতো নিত্য।
সত্ত্ব শুদ্ধি হুয়া তেবে হোৱৈ শুদ্ধচিত্ত॥৯১৯
অভ্যাস যোগত অতিৰেক শ্ৰেষ্ঠ জ্ঞান।
জ্ঞানতো অধিক শ্ৰেষ্ঠ জানিবাহা ধ্যান॥
ধ্যানতো অধিক কৰ্ম্ম ফলত্যাগ তাৰ।
ত্যাগে শান্তি কৰাৱয় তৰয় সংসাৰ ॥৯২০
এহিমতে কৰি পাচে যেহেন হোৱয়।
তাহাৰ স্বৰূপ কহো শুনা ধনঞ্জয়॥
সমস্তে প্ৰাণীত ৰাগ দ্বেষ নাহি তাৰ।
লোভ মোহ কাম ক্ৰোধ নাহি অহঙ্কাৰ॥ ৯২১
সুখতো আনন্দ নাহি দুখে নাহি কষ্ট।
অযত্নে হোৱয় প্ৰাপ্তি তাতে হোৱৈ তুষ্ট॥
শ্ৰেষ্ঠজনক কৰে অনুনয়ে সেৱা।
সম মিত্ৰ দৰিদ্ৰ উভয়ে কৰে দয়া ॥৯২২

[ ২২২ ]

পৰে মাৰিলাতো সহে নাহি কষ্ট মন।
তাক ক্ষমাবন্ত বুলি কহে সৰ্ব্বজন॥
মন বুদ্ধি অৰ্পি মোত কৰিলে নিশ্চয়।
সেহি ভক্ত সখি মোৰ প্ৰিয় আতিশয় ॥৯২৩
কদাচিত প্ৰাণীক উদ্বেগ নকৰয়।
তাহাৰ জানিবা কাহাতো নাহি ভয়॥
পৰম লোভত যিটো নকৰয় দ্বেষ।
আপোনাৰ লাভ ভৈলে নকৰে হৰিষ ॥৯২৪
ভয় উদ্বেগ দুয়ো কতো নথাকয়।
ভয় ত্ৰাস হোৱে যেবে উদ্বেগ বোলয়॥
কাহাতো অপেক্ষা নাহি ঈশ্বৰত পৰে।
উদাসীন ৰূপে শৌচ কৰে নিৰন্তৰে॥৯২৫
সেহিগোট ভক্ত মোৰ প্ৰিয় অতিশয়।
গুচিল সংসাৰ ব্যথা যত দুখচয়॥
তাক বুলি দক্ষ সৰ্ব্ব কায্যত নিপুণ।
একোকালে তাহাৰ আলস্য নাহি পুনু॥৯২৬
উদাসীন হৈয়া পাচে সৰ্ব্বত্ৰ ভ্ৰময়।
পুত্ৰ মিত্ৰ অবি বন্ধু কাৰো পক্ষ নয়॥
প্ৰিয় ভৈলে তাহাতে নোহয় আনন্দিত।
অপ্ৰিয়ত দ্বেষ্য নকৰয় কদাচিত॥ ৯২৭
শোক নকৰয় ধন পুত্ৰ ভৈলে নাশ
নাপাইবাৰ ৰঙত নকৰে অভিলাষ॥

[ ২২৩ ]

শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে।
ঈশ্বৰ চৰণ মাত্ৰ কেৱলে সুমৰে॥ ৯২৮
পুত্ৰতো যিমত বুদ্ধি শত্ৰুতো সিথান।
সেহিমতে সম হৈব মান অপমান॥
সুখ দুখ শীত উষ্ণ দুইতো সম মতি।
পুত্ৰ দাৰা গৃহত নাহিকে আসকতি ॥৯২৯
হৰিষ বিষাদ নাহি স্তুতি নিন্দা শুনি।
সেহিসে পৰম ভক্ত তাকে বুলি মুনি॥
এৰিলেক যত সব বিষয়ৰ সঙ্গ।
আৰু সাধুসবে বোলে ভক্তি অন্তৰঙ্গ॥৯৩০
যাক বোলে অনুভৱ শুনিয়ো নিশ্চয়।
জন্ম কৰ্ম্ম নাম গুণ মুখতে আনয়॥
কতো নাম লৱে মনে বিষয়ক যাই।
বাগিন্দ্ৰিয়ে বোলে তাক অনুভৱ নাই॥৯৩১
যিটো গুলা গৃহে থাকি মাত কৰে মন।
সিয়ো মোক পাৱে কৰি নামক স্মৰণ॥
একচিত্তে অনুভৱে মোৰ নাম লয় ।
নামক লাগিয়া যে সাধন লাগয়॥৯৩২
যিটো স্মৰে মনত যে তথাপিতো তৰে।
যেন অজ্ঞানত নৰে বিষ খাই মৰে॥
সংশয় কৰাহা জানো এহি কথা শুনি।
পুৰাণত প্ৰমাণ লৈয়োক মনে গুণি ॥১৩৩

[ ২২৪ ]

কৃষ্ণৰ কিঙ্কৰে যে গোবিন্দ মিশ্ৰে কয়।
অঞ্জনক পিসন্তে পৰ্ব্বত ভৈল ক্ষয়॥
কৃষ্ণ যে সুহৃদ সখা প্ৰিয় গুৰু জানি।
ৰামকৃষ্ণ ৰামকৃষ্ণ বুলিয়োক বাণী॥১৩৪


( দ্বাদশ অধ্যায় সমাপ্ত )


_____

[ ২২৫ ]

ত্ৰয়োদশ অধ্যায়


ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগ যোগ

পদ


পুনৰপি কৃষ্ণৰ চৰণে নমস্কাৰ।
পঙ্কজ চৰণ প্ৰকাশিত আছে যাৰ॥
কল্পতৰু বৃক্ষ যেন আত্ম-পৰ নাই।
বাঞ্ছিল মাত্ৰকে যাকে খোজে তাকে পাই ॥৯৩৫
কৃষ্ণৰ ভক্তিৰ জানিবাহা সেহি মত।
অধমো তৰয় ভজি ঘোৰ সংসাৰত॥
পুণ্যৱন্ত পাপী ভজয় দুইৰো একে সীমা।
কৃষ্ণৰ ভকতি তত্ত্ব অপূৰ্ব্ব মহিমা॥৯৩৬
জনক আছিলা পূৰ্ব্বে মিথিলা নগৰে।
ভক্তিৰ বশত কৃষ্ণ গৈলা তাৰ ঘৰে॥
বসিবাক লাগি দিলা দিব্য সিংহাসন।
নানাবিধ উপহাৰে অৰ্চ্চিলা চৰণ॥৯৩৭
ৰাজ্য ধন ভাণ্ডাৰ যে পুত্ৰ ভাৰ্য্যা যত।
আপোনাকো অৰ্পিলন্ত কৃষ্ণ চৰণত॥
ভক্তিৰ প্ৰেমত থাকি আনন্দিত ভৈলা।
নগৰ সহিতে বলি বৈকুণ্ঠক গৈলা॥৯৩৮

[ ২২৬ ]

আৰো শ্ৰুতদেৱ নামে আছিল ব্ৰাহ্মণ।
তাহাৰ গৃহক লাগি গৈলা নাৰায়ণ।
কুশৰ আসন দ্বিজে দিলা তেতিক্ষণ॥৯০৯
ভাজা কমণ্ডলু জলে পাৱ পখালিলা।
স্নান কৰিবাক লাগি গন্ধ জল দিলা॥
শুথান তুলসী অৰ্চ্চি দিল আমলকী।
কৃষ্ণে হাত পাতি লৈ পৰম হৰিষি ॥৯৪০
প্ৰদক্ষিণে নামি পাচে দণ্ডৱতে পৰি।
আনন্দে নাচয় দ্বিজ কন্থাক জঙ্কাৰি॥
হাত মেলি আনি কৃষ্ণে কোলে তুলি লৈলা।
জনকত কৰি শতগুণে স্নেহ ভৈলা॥৯৪১
গলে ধৰি কৃষ্ণে কৰিলন্ত শিৰ ঘ্ৰাণ।
ব্ৰাহ্মণক প্ৰিয়বাক্য বোলে ভগৱান॥
তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলাহা মোক।
কিবা দিবো খুজি নাহি পাওঁ তিনিলোক ॥৯৪২
এবে হেন দ্বিজ মই মনে আলোচিলো।
ভক্তিত বিক্ৰয় গৈয়া আপোনাক দিলো॥
হেনয় কৃষ্ণৰ দুই পঙ্কজ চৰণ।
কায় বাক্য মনে মই পশিলো শৰণ ॥৯৪৩
অৰ্জ্জুনৰ শোক দেখি দ্বিতীয় অধ্যাত।
সাংখ্যযোগগোট কৃষ্ণে কহিলা সাক্ষাত॥

[ ২২৭ ]

সাংখ্য যোগ জ্ঞান নুবুজিলা ধনঞ্জয়।
প্ৰকৃতি পুৰুষ ভেদ ত্ৰয়োদশে কয়।৯৪৪
দ্বাদশ অধ্যায়ত কৃষ্ণে কহিলা সম্প্ৰতি।
জ্ঞান ভক্তি কৰি দুয়ো পন্থে পাৱে গতি॥
কিন্তু জ্ঞানীজন পন্থ চিন্তে নিৰাকাৰ।
ভক্তে অনায়াসে সুখে তৰয় সংসাৰ ॥৯৪৫
ভক্তিৰ সাধনা যত কহিলোহো তত্ত্ব।
ত্ৰয়োদশ অধ্যায়ত কৰিবো বেকত॥
কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ।
তাৰ ভেদ কহে যেন প্ৰকৃতি পুৰুষৰ ॥৯৪৬
সপ্তমে কহিলা দুই প্ৰকৃতি প্ৰত্যেক।
পৰা এক প্ৰকৃতি অপৰা আৰ এক॥
দুয়ো প্ৰকৃতিৰ স্বভাৱ যত গুণ।
তাহাৰ লক্ষণ ব্যৱস্থাক কহো পুন॥৯৪৭
শৰীৰক অপৰা প্ৰকৃতি বুলি কয়।
জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয়॥
যেহি দেহ সেহি ক্ষেত্ৰ তুমি জানিয়োক।
জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্ব্বলোক॥ ৯৪৮
দেহে ক্ষেত্ৰ জানিবা জীৱন ভোগ্য স্থান।
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি প্ৰবৰ্ত্তন॥
সেহি দেহে থাকি জীৱ অহঙ্কাৰে বদ্ধ।
যদ্যপি ঈশ্বৰ অংশ তভো হোৱে অন্ধ॥ ৯৪৯

[ ২২৮ ]

দেহে ক্ষেত্ৰ জীৱকে ক্ষেত্রজ্ঞ বুলি জানে।
জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে॥
তাৰ নাম দেহাত্মা বিবেক তত্ত্বজ্ঞান।
মােহােৰ সন্মত ইহা সংসাৰ তৰণ ॥৯৫০
দেহগােটে ইটো যে চৌবিশ তত্ত্ব মিলি।
ইহাঙ্ক জানিলে লােক ক্ষেত্রবিদ বুলি॥
দেহে যায় জীৱ যদি ভৈলা উপগত।
তেবেসে চৈতন্য হােৱে মহাদাদি তত্ত্ব ॥৯৫১
তিনি গুণে থাকি কৰ্ম্মেন্দ্রিয় প্ৰৱৰ্ত্তয়।
মিছা অহঙ্কাৰে জীৱ তাতে বন্ধ হয়॥
জীৱ পৰমাত্মা বেদে একে নিৰূপয়।
তত্ত্বমসি বাক্যে জীৱ ঈশ্বৰক কয় ॥৯৫২
এহিমতে জীৱ বন্ধ কহিলো প্ৰকাৰ।
যেনমতে মুক্ত হয় কহে পুনৰ্ব্বাৰ॥
তাক কৰ্ম্ম বুলি যি কম্মত বন্ধ নােহে।
তাক বিদ্যা বুলি যিটো নিবৃত্তিক কহে ॥৯৫৩
শাস্ত্ৰক পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ।
পঢ়িয়া পণ্ডিত নোহে যেন শিল্পকাৰ ॥
পঢ়িলে বস্তুক জানি হােৱে শুদ্ধচিত্ত।
পঢ়িবাক লাগে শাস্ত্র জ্ঞানৰ নিমিত্ত ॥৯৫৪
বিষয়ক নিৰোধিলা ইন্দ্ৰি বুদ্ধি মন।
একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ॥

[ ২২৯ ]

প্ৰবৃত্তিক এৰি কৰ্ম্মে কৰে নিবৃত্তিক।
ঈশ্বৰে বিশ্বাস যাৰ সেহিসে পণ্ডিত॥ ৯৫৫॥
ক্ষেত্ৰ বুলি দেহক যে কহিলোহো আগ।
ক্ষেত্ৰজ্ঞৰ মৰ্ম্ম কহো শুনা মহাভাগ॥
দেহগোট জড় কিন্তু কৰ্ম্ম কহো তাৰ।
ইন্দি সমে যেনমতে হোৱয় বিকাৰ॥৯৫৬
ঈৰ্ষা দ্বেষ সুখ দুখ দেহত আছয়৷
প্ৰকৃতি পুৰুষ যোগে যেনমতে হয়॥
যেনমতে উত্তম মধ্য কতো হীন।
স্থাৱৰ জঙ্গম ৰূপে হুয়া আছে ভিন্ন॥১৫৭
ক্ষেত্ৰজ্ঞৰ ঐশ্বৰ্য্য যে অচিন্ত্য প্ৰভাৱ।
সংক্ষেপে কহিবো তাক শুনিয়ো পাণ্ডৱ॥
তাতে তুমি হেন যদি বোলা ধনঞ্জয়।
তুমি অল্প কহা তেবে বহু কোনে কয়॥৯৫৮
বশিষ্ঠাদি ঋষিগণে কহয় বিস্তাৰ।
ধ্যান ধাৰণাত যে বৈৰাগ্য পুৰুষৰ॥
নিত্য নৈমিত্তিক নানা দেৱতাৰ ভেদ।
পূজা বিধি ভাৱে বিস্তৰ কহে বেদ॥৯৫৯
ব্ৰহ্মসূত্ৰে ব্ৰহ্মক যে বুজাৱে সাক্ষাত
যদি ব্ৰহ্ম নাহি প্ৰাণী কাত হন্তে জাত॥
কাৰণ নভৈলে তাৰ কাৰ্য্য নোহে সত্য।
যেন কুম্ভকাৰ বিনে ঘট পাইবা কৈত ॥৯৬০

[ ২৩০ ]

ব্ৰহ্মপদে স্বৰূপ ব্ৰহ্মক লক্ষি কহে।
অসন্ত বস্তুত সন্ত কভু জাত নোহে॥
সন্তৰূপে প্ৰকাশিত আছয় জগত।
জগত কাৰণ ব্ৰহ্ম আছয় পূৰ্ব্বত॥৯৬১
এহিমতে বিস্তৰ যে কহিলা পূৰ্ব্বত।
মই পুনু অল্প কৰি কহিলো সাম্প্ৰত॥
পৃথ্বী অপ্‌ তেজ বায়ু আকাশ অপৰ।
ৰূপ গন্ধ স্পৰ্শ শব্দ তন্মাত্ৰৰ॥৯৬২
জ্ঞানেন্দ্ৰিয় কৰ্ম্মেন্দ্ৰিয় মহদহঙ্কাৰ।
মন বুদ্ধি চেতনা প্ৰকৃতি নাম তাৰ॥
চৌবিশ তত্বক জানা কহে ভূতগ্ৰাম।
সৰে একঠাই ভৈলে তাৰ দেহ নাম ॥৯৬৩
সুখ দুখ ঈৰ্ষা দ্বেষ ভয় যে অভয়।
সকলে মনৰ ধৰ্ম্ম আত্মাৰ নহয়॥
মনৰ ধৰ্ম্মক জীৱে মানে আপোনাত।
আপোনাকো নজানয় থাকি অবিদ্যাত॥৯৬৪
মই সুখী দুখী বুলি কৰে অহঙ্কাৰ।
এহিমতে জীৱবৰ্গ নেৰাৱে সংসাৰ॥
সংসাৰী হোৱয় মুক্ত শুনা কহো কথা।
যিমতে এৰাৱে বন্ধ কৰিলো ব্যৱস্থা॥৯৬৫
ঈশ্বৰক নভজিলে নতৰে সংসাৰ।
ভজিব যিমতে যে সাধন কহো তাৰ॥

[ ২৩১ ]

অমানিত্ব আদি কৰি কুৰিটা প্ৰকাৰ।
পৰম উপায় জানা ভক্তি সাধিবাৰ॥৯৬৬
যাক বোলে অমানিত্ব কথা কহো তাৰ।
গুণক প্ৰশংসা নকৰিবা আপোনাৰ॥
চাতুৰ্মাস্য কৰো বুলি মৎস্য মাংস খায়।
নখ ডাড়ি বঢ়াই ফুৰে লোকক দেখাই॥ ৯৬৭
এনুৱা লোকক ধৰ্ম্মধ্বজী বোলে লোক।
সেহিগোট দণ্ড কিন্তু তাক এৰিয়োক॥
কদাচিতো নকৰিবা পৰৰ পীড়াক।
অহিংসা নিশ্চয়ে বুলি জানিবাহা তাক॥৯৬৮
পৰে তাৰ মন্দ বুলি কৰে তিৰস্কাৰ।
সহিতে পাৰয় যদি ক্ষমা নাম তাৰ॥
তাক ধৈৰ্য্য বুলি স্বধৰ্ম্মক নিষ্ঠা কৰে।
আৰ্জ্জব বুলিব তাক বক্ৰভাৰ এৰে ॥৯৬৯
সেৱা কৰিবেক সদগুৰু চৰণত।
আছোক কপটবুদ্ধি নাহি সপোনত॥
বাহ্য শুদ্ধি কৰিবেক মাটি পানী লই।
ৰাগ নাথাকিলে অভ্যন্তৰ শুদ্ধি হই॥৯৭০
বিষয়ত ইন্দ্ৰিয়ৰ বৈৰাগ্য মিলন।
জন্ম মৃত্যু দুখে সংসাৰত হৈবে ভয়॥
মনৰ নিয়মে হৈব দেহৰ সংযম।
সুখ দুখ যদি হোৱে তাতো হৈবে সম॥৯৭১

[ ২৩২ ]

ভাৰ্য্যা পুত্ৰ গৃহত নুহিকে আসকতি।
ঈশ্বৰ পদাৰবিন্দে নছাৰিবে মতি॥
দেহত গেহত যে বৈৰাগ্য হৱে তাৰ।
মই সুখী দুখী এৰিবেক অহঙ্কাৰ ॥৯৭২
আন কিছু নজানয় মই মাত্ৰ সাৰ।
মোত মাত্ৰ ভক্তি কৰে এৰি ব্যভিচাৰ॥
নিৰ্জ্জন স্থানত চিন্তে মোত দিয়া মতি।
গ্ৰাম্য জন সঙ্গে কথা নুফুৰয় ৰতি॥৯৭৩
আত্মাৰ চিন্তনে শুদ্ধ কৰিলেক মন।
ব্ৰহ্মপৰ হৈয়া কৰে মোক্ষৰ অৰ্চ্চন॥
অমানিত্ব আদি কৰি কুৰিটা সাধন।
আত ব্যতিৰেক যত সকলো অজ্ঞান ॥৯৭৪
মইসে জ্ঞানৰ যে সাধন অনুভাৱে।
আত্মাক জানিবে মাত্ৰ মোক্ষ গতি পাৱে॥
যাক বুলি ব্ৰহ্ম তাৰ আদি অন্ত নাই।
বিধিমুখে এহি বেদ কহন নাযায়॥৯৭৫
নিষেধৰ মুখে ব্ৰহ্ম নিগমে কহয়।
ব্ৰহ্মৰ বিস্তৰ শক্তি স্বভাৱে এনয়॥
স্বৰূপত নিৰাকাৰ নাহিকে যে ব্যয়।
যিমতে ব্যাপিয়া আছো শুনা ধনঞ্জয়॥ ৯৭৬
হস্ত পদ শিৰ মুখ কৰ্ণ গুহ্য সাখি।
কটি পেট উৰু সৰ্ব্ব তাত আছে ঢাকি॥

[ ২৩৩ ]

যেবে থাকে সৰ্ব্বেন্দ্ৰিয় বিষয়ত থিত।
যেবে নাহি হস্ত পাদ দেহা বিবৰ্জিত॥৯৩৭
হস্ত পদ নভৈলেয়ো ধৰিয়া আনয়।
নাহি চক্ষু তথাপিও দেখিতে পাৱয়॥
নাহি কৰ্ণ তভো শব্দ শীঘ্ৰে শুনে পুনু।
যদি নিৰাকাৰ তভো ধৰে নানা তনু॥৯৭৮
যদ্যপি অসঙ্গ তভো সংসাৰক তৰে।
স্বভাৱে নিৰ্গুণ সদা গুণ ভোগ কৰে॥
যেন আকাশত বায় সৰ্ব্বত্ৰ আছয়।
বায়ু আকাশৰ তভো সংযোগ নহয় ॥৯৭৯
সেহিমতে সবাহৰ বাহ্য অভ্যান্তৰ।
ব্যাপিয়া আছয় সবে যত চৰাচৰ॥
নাম ৰূপ নাহি যাৰ অতি সূক্ষ্মতৰ।
দুখে নজানয় তাক মন অগোচৰ॥৯৮০
অভক্তৰ সম্বন্ধে হে দূৰ আতিশয়।
জ্ঞানীজনে সৰ্ব্বদায়ে হৃদিত দেখয়॥
কাৰণ স্বৰূপে ভিন্ন নাহিকে ব্ৰহ্মৰ।
কাৰ্য্যৰূপে ভিন্ন দেখে সত চৰাচৰ ॥৯৮১
একে সুৱৰ্ণৰ যেন নানা অহঙ্কাৰ।
কাৰ্য্যৰূপে কঙ্কণ কুণ্ডল মণি হাৰ॥
বাৰে বুদ্ধিভেদ থাকে বোলে তাক হাৰ।
ভাঙ্গিলে কুণ্ডল গুচে সুৱৰ্ণেসে সাৰ॥ ৯৮২

[ ২৩৪ ]

ব্ৰহ্মৰূপে স্ৰজে বিষ্ণুৰূপ ধৰি পালে।
ৰুদ্ৰৰূপে সংহাৰ কৰা অন্তকালে॥
চন্দ্ৰ সূৰ্য্য বহ্নি তাৰা বিদ্যুত আকাশ।
যাহাৰ জ্যোতিৰ বলে কৰয় প্ৰকাশ ॥৯৮৩
জ্ঞানৰ যে গম্য নজানয় একোমতে।
অন্তৰ্য্যামী ৰূপে আছে সবাৰে হৃদিতে॥
মোহোত ভকতি যিটো এহি ভাৱে।
মোহোৰ স্বৰূপ হৈয়া মহাপদ পাৱে ॥৯৮৪
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যে প্ৰপঞ্চ যত যত।
সংক্ষেপে তোমাত মই কহিলো সমস্ত॥
ইদানিক কহো তাৰ যিমত বিকাষ।
পুৰুষৰ প্ৰভাৱ লক্ষণ শুনা তাৰ ॥৯৮৫
কৃষ্ণে বোলে আৰ ভেদ শুনিয়ো অৰ্জ্জুন।
প্ৰকৃতি পুৰুষ যে অনাদি দুয়োজন॥
অনাদি ঈশ্বৰ সদা পূৰ্ণ ব্ৰহ্মময়।
তাহাৰ শকতি মাত্ৰ অনাদি বোলয়॥৯৮৬
বিষয়ক পায়া ইন্দ্ৰি হোৱয় বিকাৰ।
গুণৰ ইচ্ছায়ে সুখ দুখ হোৱে তাৰ।
জন্ম মৃত্যু হৈয়া কৰে ধাতায়ত গতি।
সবাৰো কাৰণ পুনু জানিবা প্ৰকৃতি ॥৯৮৭
যদ্যপি স্বৰূপে হোৱে অচেতন মায়া।
তথাপি চৈতন্য হোৱে পুৰুষক পায়া॥

[ ২৩৫ ]

যদি বোলা জীৱ অধিকাৰ স্বৰূপত।
সুখ দুখ ভোগ তাৰ ঘটে কেনমত॥৯৮৮
শুনে থাকি ইন্দ্ৰি কৰ্ম্ম প্ৰৱৰ্ত্তয় তাৰ।
মই কৰো বুলি জীৱে কৰে অহঙ্কাৰ॥
প্ৰকৃতিৰ গুণ সঙ্গে অবিদ্যাৰ যোগ।
সিকাৰণে জীৱে কৰে সুখ দুখ ভোগ॥৯৮৯
ধেনুৰ বাটক বৎসে যেন মুখে হয়।
বৎস ধেনু যোগে দুগ্ধ আপুনি স্ৰৱয়॥
তমোগুণে নৰ যেন আছে নিদ্ৰা যায়।
বৰ দুখ পাৱয় স্বপনত বাঘে খায়॥৯৯০
স্বপন গুচিলে ভয় নিদ্ৰা দুৰে যায়।
অজ্ঞানত জীৱ বন্ধ জ্ঞান পক্ষে নাই॥
জীৱ ঈশ্বৰৰ ভিন্ন নুহি দুয়ো একে।
উপাধিত থাকি লোকে ভিন্ন কৰি দেখে॥৯৯১
আকাশে উদিত চন্দ্ৰ আছে যেন নয়।
চন্দ্ৰ প্ৰতিবিম্ব লোকে জলত দেখয়॥
জল হইতে দূৰ ভৈল প্ৰতিবিম্ব নাই।
জীৱ বন্ধু মুক্ত হয় আত্মজ্ঞান পাই॥৯১২
জীৱৰ জন্মক দেখা যত ত্ৰিজগত।
স্বৰূপত মিছা কিন্তু গুণৰ লগত।
যিটো আত্মা সবাহাতে সাক্ষী অন্তৰ্য্যামী।
ভৰ্ত্ত ভোক্তা মহেশ্বৰ ব্ৰক্ষাণ্ডৰ স্বামী॥৯৯৩

[ ২৩৬ ]

কাৰণৰো কাৰণ যে প্ৰকৃতিক পৰ।
এহিমতে বিষ্ঠাৰূপে জানে যিটো নৰ॥
তাৰ বিধি নিষেধ লঙ্ঘনে দোষ নাই।
এহি দৃঢ় জ্ঞানে যে পৰম গতি পাই॥৯৯৪
কত যোগী আত্মা চিন্তি মন কৰে লয়।
প্ৰকৃতি পুৰুষ ভেদ কত সাংখ্যে কয়।
কতেক অষ্টাঙ্গ কৰি দেখে যোগমতে।।
কত পায় কৰ্ম্ম কৰি অৰ্পি ঈশ্বৰত॥৯৯৫
অতি মূৰ্খমতি সিটো কিছু নজানয়।
তাহাৰ উপায় কহো যিমতে তৰয়॥
শ্ৰদ্ধা কৰি গুৰু সেৱা কৰিব নিবিড়।
গুৰু উপদেশত বিশ্বাস কৰি থিৰ॥৯৯৬
সদায়ে কৰিব মোৰ শ্ৰৱণ-কীৰ্ত্তন।
এহিমতে ভক্তি হোৱে অনন্য শৰণ॥
মনে সেৱে সদা মোৰ পদাৰবিন্দক।
এহিমতে সুখে সিটো তৰে সংসাৰক॥৯৯৭
চতুৰ্থ পঞ্চম আৰু তৃতীয় অধ্যাত।
কৰ্ম্মযোগ সমুদায় কহিলো সাক্ষাত॥
ষষ্ঠ অষ্টমত ধ্যান কহিলো প্ৰকাৰ।
সাংখ্য জ্ঞান মন্তখানি কহো পুনৰ্ব্বাৰ॥৯১৮
স্থাৱৰ জঙ্গমৰূপে চৰাচৰ যত!
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ জ্ঞান হোৱে অজ্ঞানত॥

[ ২৩৭ ]

যিমতে অজ্ঞানে থাকি সংসাৰ তৰয়॥
তাহাৰ প্ৰপঞ্চ কহিলোহো সমুদায়॥৯৯৯
আৰো আনন্দত যেনমতে পাৱৈ মোক।
দুয়োটা প্ৰকাৰ কহো তাক শুনিয়োক॥
সংসাৰত যত আছে স্থাৱৰ জঙ্গম।
ঈশ্বৰ বুদ্ধিয়ে সবাহাতো হৈবে সম॥১০০০
যিটো দেখে আত্মৰূপে সবাহাতো স্থিত।
জানি ভূত দ্ৰোহ নকৰিবা কদাচিত॥
পৰে দুখ পাইলে দুখ মানে আপোনাক।
সেহিজন মুক্ত হোৱে জানিবা সাক্ষাত॥১০•১
আৰ সংসাৰত প্ৰাণী যতেক আছয়।
প্ৰলয় কালত প্ৰকৃতিত হোৱে লয়॥
সৃষ্টিকালে প্ৰকৃতিত হোৱয় বিস্তৰ।
এহিখানি জানি ব্ৰহ্মভাৱ লভে নৰ॥১০০২
যদি বোলা ধৰ্ম্ম কৰে গুণ অনুক্ৰন।
বিষয়ত থাকি কিমতে হৈবে সম॥
প্ৰকৃতিৰ কাৰ্য জানিবাহা তিনি গুণ।
বিষয়ক প্ৰৱৰ্ত্তয় ইন্দ্ৰি লৈয়া পুন॥১০০৩
আত্মাক অকৰ্ত্তা বুলি জানে যিটো নৰ।
সেহিসে সবাত সম হোৱে মোক্ষপৰ॥
প্ৰকৃতিত আদি কৰি কাৰণ যতেক।
ব্ৰহ্মভাৱ কৰিয়া সবাতে দেখে এক॥১০০৪

[ ২৩৮ ]

আপোনাত দেখে প্ৰাণী যত চৰাচৰ।
সবাতে দেখয় আপোনাকো নিৰন্তৰ॥
যেহেন আকাশ দেখা সৰ্ব্বতে আছয়।
পঙ্কতে আকাশ আছে পঙ্কে লিপ্ত নয়॥১০০৫
সেহিমতে আত্মা দেহে আছে অৱস্থিত।
তভো কৰ্ম্মৱন্ধে নপাৱয় কদাচিত॥
যিটোজনে প্ৰাণীৰ যে জোহক আচৰে।
কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে॥১০০৬
মাৰিয়া নৰক ভুঞ্জে অসুৰ জন্ম পাই।
পাচে ব্যাঘ্ৰ সৰ্প হৈয়া ফুৰে মাংস খাই॥
আত্মা সাক্ষীৰূপে অকৰ্ত্তা স্বৰূপত।
যাহাৰ প্ৰকাশে হোৱৈ চৈতন্য জগত॥১০০৭
যেহেন আদিত্য প্ৰকাশক পায়া নৰ।
কৰ্ম্মতে প্ৰৱৰ্ত্তে নানা সেহি পটন্তৰ॥
জীৱন দেহাত প্ৰকাশয় সেহি ঠান।
যাহাৰ প্ৰকাশে ঈন্দ্ৰি প্ৰৱৰ্ত্তয় প্ৰাণ॥১০০৮
জীৱ এৰিলাতো দেহে কিছু চেষ্টা নাই।
ভাৰ্য্যা পুত্ৰ শব বুলি তেখনে এৰয়॥
ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যে প্ৰপঞ্চ যত যত।
পূৰ্ব্বাপৰে তাক মই কহিলো সমস্ত॥১০০৯
এহি জ্ঞান চক্ষু সখি ভৈলা যি জনৰ।
সেহিসে পৰম সাধু ভৈলা মোক্ষপৰ॥

[ ২৩৯ ]

কহয় গোবিন্দ মিশ্ৰে গীতা সমুদ্ৰত।
সাঙ্গে তল গৈলো ত্ৰয়োদশ অধ্যায়॥১০১০
কিন্তু গুৰু চৰণৰ নৌকা মনে ধৰি।
চৰণত কৃপা আশে চাপিলো কাষৰি॥
কৃষ্ণে আপোনাৰ মুখে কহিলন্ত গীতা।
হেন জানি বিষয় এৰিয়ো আন চিন্তা॥১•১১
মনৰ সংশয় মানে সবে পৰিহৰি।
বিলম্ব নকৰি ডাকি বোলা হৰি হৰি॥

(ত্ৰয়োদশ অধ্যায় সমাপ্ত)

[ ২৪০ ]

চতুৰ্দ্দশ

গুণত্ৰয় বিভাগ যোগ

পদ

মোৰ হৃদয়ত গুৰু কৃষ্ণক সুমৰো।
চৰণত ধৰি কোটি নমস্কাৰ কৰো॥
গোচৰেক কৰোহো হেৰা দণ্ডৱত কৰো।
কোন বুদ্ধি কৰি ঘোৰ সংসাৰত তৰো॥১০১৩
তোমাক নস্মৰো অৰ্শ সঞ্চয়ক কৰো।
ভাৰ্য্যা পুত্ৰ সঙ্গে কৰো শিস্নোদৰ ভৰো॥
জন্ম মৃত্যু হৈয়া পুনু পুনু দুখ পাই।
নেদেখে উপায় আন তোমাত বিনায়॥১০১৪
মৰো তিনি তাপে পৰি দিয়া পদছাঁয়া।
তোমাক এৰিলো দুষ্ট সংসাৰে মজিয়া॥
এবে নেৰো পাৱ দেৱ নাথ যদুৰায়।
ছাৰি মায়া বন্ধন চৰণে কৰা দায়॥১০১৫
কৃপালু দয়ালু স্বামী তুমি অন্তৰ্য্যামী।
নীচ মন্দমতি কামী অপৰাধী আমি॥
কাৰ প্ৰণিপাত পৰি ত্ৰাহি জগন্নাথ।
তুমি দাতা ভোক্তা যে ৰক্ষক পৰমাৰ্থ॥১০১৬

[ ২৪১ ]

এবে হেন কৰা নাথ দেৱ দামোদৰ।
মোৰ কেশে ধৰি নিয়া পদে বন্দী কৰ॥
তুমি বিনে মই যেন নজানোহো আন।
শৰণে পশিলো ৰক্ষা কৰা ভগৱান॥১০১৭
কৃষ্ণে বোলে ধনঞ্জয় শুনা মোৰ কথা।
চতুৰ্দ্দশে কহিলোহা গুণৰ ব্যৱস্থা॥
পূৰ্ব্বে কহিলোহো ত্ৰয়োদশ অধ্যায়ত।
প্ৰকৃতি পুৰুষ যোগে চৰাচৰ যত॥১০১৮
প্ৰকৃতি পুৰুষ দুই জন স্বতন্ত্ৰৰ।
যেনমতে তাৰ হাত এৰাইবোহো নৰ॥
সংসাৰ বিচিত্ৰ হেন হোৱে গুণবশে।
তাহাকে প্ৰপঞ্চি কহিবোহো চতুৰ্দ্দশে॥১০১৯
আৰ গোপ্যজ্ঞান কহো পৰম উত্তম।
জ্ঞানে তপে কৰ্ম্মে যোগে যাক নোহে সম॥
বিজ্ঞানক জানি ঋষিগণে পাইলা পাৰ।
শুনিয়োক কহো জ্ঞান ৰহস্যৰ সাৰ॥১০২০
যাহাক জানিলে জন্ম মৃত্যু নাহি আৰ।
সদৃশ গতিক পায়া তৰয় সংসাৰ॥
কৃতকৃত্য হোৱৈ মোৰ স্বৰূপক পাই।
প্ৰলয়ৰ দোবে তাক চুয়ো যে নাপায়॥১০২১
আন যত লোকেসে মোহোত হোৱৈ লয়।
কল্পান্তেযোে ভক্তসবে মোতে প্ৰবেশয়॥

১৬ [ ২৪২ ]

অনাদি প্ৰকৃতি তাৰ নাহি পৰিচ্ছিন্ন।
সৃষ্টিৰ কাৰণে তাক কহে কৰি ভিন্ন॥১০২২
পুৰুষ প্ৰকৃতি দুয়ো ঈশ্বৰ অধীন।
যাৱদেকে ঈশ্বৰ প্ৰকৃতি তাৱে ভিন্ন॥
প্ৰকৃতিৰ গুণে ব্যাপি আছয় সকলে।
সিকাৰণে প্ৰকৃতিক মহদ্‌ব্ৰহ্ম বোলে॥১০২৩
প্ৰকৃতি সবাৰৰ মাতা উৎপত্তিৰ স্থান।
মই বীৰ্য্যদাতা পিতা কৰো গৰ্ভাধান॥
পুৰুষ প্ৰকৃতি যেবে সংযোগ হোৱয়।
ব্ৰহ্মা আদি চৰাচৰ সব জনময়॥১২০৪
যদ্যপি চিদংশে জীৱ শুদ্ধ অধিকাৰ।
দেহে থাকি তথাপিতো সুখ দুখ তাৰ॥
প্ৰকৃতি কাৰণ হন্তে সবে তিনি গুণ।
গুণে বন্ধ সংসাৰক জানিবা অৰ্জ্জুন॥১০২৫
প্ৰকৃতি বোলয় যাক শুনা মহামতি।
গুণ সাম্য ভৈলে তাক বোলয় প্ৰকৃতি॥
যতেক কাৰণ তাৰ কাৰণ ঈশ্বৰ।
এবে শুনিয়োক সখি ব্যৱস্থা গুণৰ॥১০২৬
সবাত প্ৰধান সত্ত্বগুণ আতিশয়।
নিৰ্ম্মল স্ফটিক যেন জ্যোতি প্ৰকাশয়॥
সত্ত্ব গুণে সত্বশুদ্ধি কৰে পুৰুষৰ।
জ্ঞান ভক্তি দুহাঙ্কো সাধয় নিৰন্তৰ॥১৭

[ ২৪৩ ]

নাহি উপদ্ৰৱ তভো সত্ত্বগুণ জৰি।
জ্ঞানপথে সুখ সঙ্গে বান্ধে দৃঢ় কৰি॥
কৰ্ম্মপৰ সুখময় ঘোৰ ৰজোগুণে।
ভোগ ঐশ্বৰ্য্যক সাধে বিষয়ক মনে॥১০২৮
দুখ কৰ্ম্মে বন্ধ হৈয়া ৰজো গুণে নৰে।
ৰাত্ৰি দিনে সংসাৰত কৰ্ম্ম কৰি মৰে॥
যেন লোভে মৎস্য বৰশীৰ টোপ খাই।
বৰশী বেদনা দুখে পাচে প্ৰাণ যায়॥১০২৯
সেহিমতে ৰজোগুণ দুখ কৰ্ম্মপথ।
অল্প দুখ ভোগ অৰ্থে পৰে নৰকত॥
তমোগুণগোট সখি কেৱল অজ্ঞানা।
মোহ অহঙ্কাৰ যে দুই চক্ষু কাণা॥১০৩০
নিদ্ৰালস্য প্ৰমাদতে আৰ যে পৈশুন্যে।
তাতে দৃঢ় কৰি বান্ধে ঘোৰ তমোগুণে॥
হিংসা তমোগুণগোট নৰকৰ দ্বাৰ।
যেন শিলা তল গৈলে নুঠে আৰবাৰ॥১০৩১
তিনি গুণ কাৰ্য্যৰ যেহেন পৰিচ্ছেদ।
গুণৰ লক্ষণ অনুক্ৰমে শুনা ভেদ॥
স্বভাৱতে শোক মোহ আছে পুৰুষৰ।
তভো দুখ খণ্ডি সত্ত্ব গুণ সুখকৰ॥১০৩২
ৰজো গুণে কৰ্ম্ম কৰে সুখ বাঞ্ছি নৰ।
সুখ নাহিকে লেখ দুখ ঘোৰতৰ॥

[ ২৪৪ ]

ৰাত্ৰি দিনে তমো গুণে হিংসা কৰ্ম্ম কৰে।
যেন এক কাণা অন্ধকূপে পৰি মৰে ॥১০৩৩
মহাজনে উপদেশ দেয় পাকে জাকে।
কৰ্ণে নুশুনয় আৰো মন বোলে তাকে॥
তিনিগুণ কাৰ্য্যৰ কহিলো ভাৱে ভাৱে।
এবে শুনা যেনমতে গুণ সাম্য কৱে ॥১০৩৪
ৰজো তমো গুণক হে দুইকো কৰি নাশ।
তেবে সত্ত্ব গুণ আসি হোৱন্ত প্ৰকাশ॥
যেৱে সত্ত্ব তমো গুণ কৰি পৰিহাৰ।
তেবে আসি ৰজো গুণ ব্যক্ত হোৱে তাৰ ॥১০৩৫
যি বেলাত সত্ত্বে ৰজো গুণক আবৰে।
তেবে তমো গুণ আসিবেক কেন কৰে।
কৃষ্ণে বোলে শৰীৰৰ নৱগোটা দ্বাৰ।
দ্বাৰত চিনয় তাৰ গুণৰ প্ৰকাৰ॥১০৩৬
হস্ত পদ লিঙ্গ গুহ্য বাক্য কৰ্ণ ঘ্ৰাণ।
চক্ষুসে ইন্দ্ৰিয় এহি দ্বাৰ নৱখান॥
তিনি গুণ কাৰ্য্যক যাহাৰ যেন লক্ষি।
যেন গুণ যেন কম্ম শুনা কহো সধি॥১৩৭
কৰ্ণে শুনে হৰিকথা মুখে নাম স্মৰে।
দুইখান হস্তে ঈশ্বৰৰ কৰ্ম্ম কৰে॥
মনে চৰণক চিন্তে নজানয় আন।
চক্ষু পৰস্ত্ৰীক দেখি কৰে মাতৃজ্ঞান॥১৩৩৮

[ ২৪৫ ]

পুত্ৰআশে ঋতুকালে আপোন ভাৰ্য্যাত।
ভাৰ্য্যা বিনে আনত নকৰে বিন্দুপাত॥
নৱ দ্বাৰে এহিমতে চিহ্ন আছে যত।
সিজনত সত্ত্বগুণ আছয় সাক্ষাত॥১০৩৯
অপ্ৰাপ্য বস্তুৰ অভিলাষ কৰে বৰ।
উচ্চ নীচ কৰ্ম্ম কৰি দুখ পাৱে ঘোৰ॥
বোলে কিছু ধন আছে আৰো কিছু হৌক।
পাইলে মোহ হোৱয় নপাইলে কৰে শোক॥ ১০৪০
সঙ্কল্প কৰিয়া কৰ্ম্ম কৰে যিটোজন।
ৰজোগুণ জানা সখি এতেক লক্ষণ॥
নাহিকে প্ৰকাশ যাৰ বিবেক ৰহিত।
আপোনাক স্বধৰ্ম্ম সঙ্কল্প বিবৰ্জ্জিত ॥১০৪১
ব্ৰত দান হোম শ্ৰাদ্ধ কুতপৰ বেলা।
তাত নিদ্ৰা গৈয়া থাকে কৰি অৱহেলা॥
নিকটে আছয় তীৰ্থ আলাসে নাযায়।
খাবৰ বেলাত স্নান কৰে পানী খায়॥১০৪২
নিদ্ৰালস্য মিছা তাত নিবেশিয়া চিত্ত।
যি পূজা অৰ্চ্চা কৰে আৰো নাহি থিত॥
প্ৰমাদে নেৰয় তাক নাহি সাৱধান।
তমোগুণীয়াৰ জানা এতেক লক্ষণ॥১০৪৩
তিনিগুণে থাকি মৰি পাৱে যিটো লোক।
কাৰ কোন স্থান অনুক্ৰম শুনিয়োক॥

[ ২৪৬ ]

এক সত্ত্ব গুণগোট ত্ৰিবিধ প্ৰকাৰ।
উত্তম মধ্যম কতো অধম আচাৰ॥১০৪৪
উত্তম যে সত্ত্বগুণ সত্যলোকে স্থিতি।
মধ্যম সত্বৰ স্থান হোৱে অম্ৰাৱতী॥
সামান্য সত্ত্ব গুণেসে গন্ধৰ্ব্বলোক পাৱে।
গুণ তাৰতম্য উচ্চ নীচ ফল হোৱে॥১০৪৫
ৰজোগুণী মৰ্ত্ত্যলোকে কৰে অৱস্থান।
সৰ্ব্বদায় দুখময় কৰ্ম্মেসে প্ৰধান॥
তমোগুণে অধে থাকি কৰে হিংসা কৰ্ম্ম।
সিংহ ব্যাঘ্ৰ কুক্কুৰ তাহাৰ হোৱে জন্ম॥১০৪৬
উৰ্দ্ধ সত্ত্বগুণে থাকি দিব্যভোগ কৰে।
ৰজোগুণে কৰ্ম্ম বিষয়ত পৰি মৰে॥
তমোগুণে অধে থাকি নৰক নিকাৰ।
তিনিগুণে বন্ধ দেখা সকল সংসাৰ॥ ১০৪৭
প্ৰকৃতিৰ গুণে সঙ্গে জীৱ বন্ধ লয়।
গুণে বন্ধ যাৱে আপোনাক নমানয়॥
জীৱৰ বন্ধৰ কথা শুনিয়ো কাৰণ।
ভোগৰ ইচ্ছায়ে বিষয়ক জানে মান॥১০৪৮
মিছা বিষয়ত থাকি মোহ বাঢ়ে বৰ।
মোহত থাকিয়া উপজয় অহঙ্কাৰ॥
অহঙ্কাৰে থাকি পাচে ভ্ৰম উপজয়।
ভ্ৰমে মাত্ৰ নিবেশিলে দ্বৈতবুদ্ধি হয়॥১০৪৯

[ ২৪৭ ]

দ্বৈতবুদ্ধি ভৈলে অহম্মন হৈবে জ্ঞান।
নষ্ট দেহ জীৱাত্মাক কৰে অভিমান॥
অভিমানে থাকি ভোগ ইচ্ছা কৰ্ম্ম কৰে।
সুখ দুখ জীৱবন্ধ কৰ্ম্মৰ সংস্কাৰে॥১০৫০
এহিমতে কৰ্ম্মৰ বাসনা বাঢ়ি যায়।
যদ্যপি চৈতন্য জীৱে সংসাৰক পায়॥
এবে যেনমতে জীৱ সংসাৰ এৰায়।
শুনা কহো তাহাৰ যে তৰণ উপায়॥১০৫১
যেবে পুৰুষৰ যে বিবেক উপজয়।
আত্মাক অকৰ্তা বুলি তেবেসে জানয়॥
বিবেক বৈৰাগ্যে থাকি জানে আত্মজ্ঞান।
দেহ ভিন্ন জীৱ ভিন্ন দুইৰো আত্মজ্ঞান॥১০৫২
ইন্দ্ৰিয়ৰ কৰ্ম্ম ইন্দ্ৰে কৰে গুণে থাকি।
আত্মা সবাকাৰে দেখে হৈয়া আছে সাক্ষি॥
গুণ আত্মা বিভাগক জানে এহি ভাৱে।
সংসাৰ এৰায়া সিটো মোক্ষপদ পাৱে॥১০৫৩
এহিমতে গুণে অতিক্ৰমিলেক যিটো।
সংসাৰ এৰায় তাৰ নাহি জন্ম মৃত্যু॥
বিষয়ক এৰি যাৰ স্থিৰ ভৈলা মন।
পৰম আনন্দ পদ পাৱে সিটো জন॥১০৫৪
সত্ত্ব সুৱৰ্ণৰ যে ৰূপত লোহাময়।।
তিনিগুণ নিহলে যে সবাকো বান্ধয়॥

[ ২৪৮ ]

তিনিগুণ একে দুখ. সংসাৰক নেয়।
অমৃত শুকতি খাইলে সবে বিষ্ঠা হয়॥১০৫৫
যেবে আছে নৰ তিনি গুণৰ ভিতৰ।
সুখ দুখ জন্ম মৃত্যু নেৰে সংসাৰৰ॥
যদি বোলে তিনি গুণে সবাকো বান্ধয়।
ব্ৰহ্মা হবে যেনমতে সঙ্গে বন্ধ নয়॥ ১০৫৬
ব্ৰহ্মা ৰজোগুণে পৃথ্বি কৰয় প্ৰচাৰ।
তমোগুণে হৰে তাক কৰয় সংহাৰ॥
যদি হেন বুলিয়া সংশয় কৰা মনে।
গুণে থাকি দোষ নপাৱয় সিকাৰণে॥১০৫৭
স্ৰজে পালে সংহাৰয় ঈশ্বৰ আজ্ঞায়।
যদি কৰ্ম্ম কৰে তভো কৰ্ম্মে লিপ্ত হয়॥
মোৰ আজ্ঞা মানিয়ো যে গুণতে নিৰ্গুণ।
যেন জলে পদ্মপত্ৰ নিলিপয় পুন ॥১০৫৮
পাৰ্থে বোলে কথা শুনি ভৈলো আনন্দিত।
পুনৰপি কহা কাক বোলে গুণাতীত।
কিমতে চিনয় তাক কিমত আচাৰ।
কোনবা প্ৰকাৰে হোৱে সংসাৰৰ পাৰ॥১০৫৯
কৃষ্ণে বোলে অৰ্জ্জুন শুনিয়া মোৰ বাক।
স্থিতপ্ৰজ্ঞ বুলি পূৰ্ব্বে কহিলেহো যাক॥
যাৰ সৰ্ব্বস্থানে হোৱে প্ৰজ্ঞা প্ৰতিষ্ঠিত।
তাকে স্থিতপ্ৰজ্ঞ বুলি সেহি গুণাতীত॥১০৬০

[ ২৪৯ ]

সুৱৰ্ণ মৃত্তিকা শিলা দেখয় সমান।
নিন্দা প্ৰশংসাত নাহি মান অপমান॥
জগতক হৰিময় দেখে আপোনাক।
সিকাৰণে গুণে নোৱাৰয় ছলিবাক॥১০৬১
শত্ৰুতো মিত্ৰতো সমভাৱ কৰি চিত্ত।
যাৰ মন সুস্থ ভৈল সেহি গুণান্বিত॥
গুণ কাৰ্য্য ইন্দ্ৰি কৰে মই তাত ভিন।
গুণত থাকিয়া যেন সখি উদাসীন॥১০৬২
সমস্তে এৰিয়া চিত্ত কৰিলেক সাৰ।
মোতে দৃঢ় ভক্তি কৰে এৰি ব্যভিচাৰ॥
কি কহিব সখি তাৰ ভক্তিৰ মহিমা।
ঘণীভূত হৈয়া ৰৈল ব্ৰহ্মাৰ প্ৰতিমা॥১০৬৩
মই ব্ৰহ্মা বুলিয়া সবাতে গৈল লয়।
সূৰ্য্যৰ মণ্ডল যেন প্ৰকাশ কৰয়॥
অধ্যায় তাৎপৰ্য্য মাত্ৰ জানা এহিমানে।
গুণ ভেদ নোহয় মোহোৰ ভক্তি বিনে॥১০৬৪
হেন জানি কৰা নৰ ভকতি প্ৰৱন্ধ।
বিনা ভক্তি সংসাৰৰ নছাৰয় বন্ধ॥
ভক্তি বিনে সাধন যে নাহিকে অপৰ।
ভক্তি কৰি তৰে ইটো সংসাৰ দুৰ্ঘোৰ॥১০৬৫
ভক্তিৰ সাধন অদ্য শ্ৰৱণ কীৰ্ত্তন।
সবাতো অধিক শ্ৰেষ্ঠ নামক স্মৰণ॥

[ ২৫০ ]

নামৰ সমান নাহি যোগ কৰ্ম্ম ধৰ্ম্ম।
নাম-ভক্তিপৰায়ণ সেহিজন ব্ৰহ্ম॥ ১০৬৬
কহয় গোবিন্দ মিশ্ৰে শুনিয়োক নৰ।
ৰাম কৃষ্ণ ধ্বনি কৰি সংসাৰত তৰ॥ ১০৬৭

(চতুৰ্দ্দশ অধ্যায় সমাপ্ত)

[ ২৫১ ]

পঞ্চদশ অধ্যায়

পুৰুষোত্তম যোগ

দুলড়ী

নমো যদুপতি  চৰণত ৰতি
 পুনু বন্দো আৰোবাৰ।
পঙ্কজ চৰণে  পশিলো শৰণে
 নকৰিবা পৰিহাৰ॥
কৃষ্ণে বোলে পাৰ্থ  পূৰ্ব্ব অধ্যায়ত
 কহিলোহো ইটো ভাৱে।
দৃঢ় ভক্তি ভৈলে  জ্ঞান উপজিলে
 তেবেসে ব্ৰহ্মাক পাৱে॥ ১০৬৮
বৈৰাগ্য বিনায়  ভক্তি জ্ঞান পাই
 নুপজয় কদাচিত।
জ্ঞান সাধিবাৰ  কহিবো প্ৰকাশ
 তুমি যাতো মোৰ হিত॥
জ্ঞান ভক্তি কৰ্ম্ম  যোগাযোগ ধৰ্ম্ম
 বৈৰাগ্য মূল সবাৰ।
মাতৃ পিতৃ বিনে  যেন পুত্ৰ মোহে
 বৈৰাগ্য সেহি প্ৰকাৰ॥ ১০৬৯

[ ২৫২ ]

চৌব্বিশ নৰকে  দেহ হুয়া আছে
 সৰ্ব্ব অঙ্গ আছে তাৰ।
যেন জীৱ বিনে  দেহ চেষ্টা নাই
 বৈৰাগ্য সেহি প্ৰকাৰ॥
সংসাৰৰ সেতু  তৰণৰ হেতু
 যিমতে বৈৰাগ্য হয়।
যিমতে সংসাৰ  বৃক্ষৰূপে আছে
 কহো শুনা ধনঞ্জয়॥ ১০৭০
সংসাৰ বৃক্ষত  দেহ ৰূপে স্থিত
 সাধে ইষ্টানিষ্ট কাম।
জন্ম মৃত্যু হয়  ক্ষণিক সুস্থ নাই
 বৃক্ষৰ অশ্বত্থ নাম॥
সৃষ্টি অনুক্ৰমে  সংসাৰ প্ৰবাহে
 বৃক্ষ থাকে সৰ্ব্বাকাল।
বৃক্ষ মূলগোট  উৰ্দ্ধক বাঢ়য়
 অধে বাঢ়ে যত ডাল॥ ১০৭১
যিটো মূল গোট  জানা মই সিটো
 মোত পৰে নাহি কেৱ।
ভাল বুলি যাক   অধম কহিলো
 ব্ৰহ্মা আদি যত দেৱ॥
বেদৰ সমান  ছন্দ আছে যত
 বৃক্ষৰ পত্ৰ সকল।

[ ২৫৩ ]

ধৰ্ম্মাধৰ্ম্ম দুই  বৃক্ষ ছায়া হুই
 সুখ দুখ দুই ফল॥ ১০৭১
অজ্ঞানে বৃক্ষৰ  চৰ্ম্ম নিৰন্তৰ
 জ্ঞানে ভৈলা বৃক্ষ সাৰ।
তিনি গুণে জল  সিঞ্চন্তে আছয়
 বিষয় অঙ্কুৰ তাৰ।
অজ্ঞানে বৃক্ষৰ  চৰ্ম্ম নিৰন্তৰ
 জ্ঞানে ভৈল সাৰ বৃক্ষি।
পুণ্য কৰি উৰ্দ্ধে  দেৱতা হোৱয়
 অধে হোৱে পশু পক্ষী॥ ১০৭৩
সংসাৰ বৃক্ষৰ  মূল যে ঈশ্বৰ
 দেৱগণ ডাল যত।
ইহাৰ নিৰ্ণয়  যি জনে জানয়
 জানিলা সেহি সমস্ত॥
স্বৰ্গ নৰকত  প্ৰাণী আছে যত
 পূৰ্ব্ব কৰ্ম্মফল পাই।
ফল ভোগ ভুঞ্জি  পূৰ্ব্ব বাসনায়ে
 মনুষ্য লোকক যাই॥ ১০৭৪
যত ক্ৰিয়া কৰ্ম্ম  মনুষ্যৰ ধৰ্ম্ম
 কাৰো নাহি অধিকাৰ।
কৰ্ম্ম কৰি অন্ধ  সংসাৰতে বন্ধ
 তাতে উপজয় মৰে॥

[ ২৫৪ ]

সংসাৰ বৃক্ষক  দেখিতে সুন্দৰ
 ফলে ফুলে জাতিস্কাৰ।
তাতে কৰি চিত  হুয়া বিমোহিত
 মূল নজানয় তাৰ॥ ১০৭৫
বেদে ভৈল বৃক্ষ  কৰ্ম্মে পুষ্প তাৰ
 স্বৰ্গে ভৈলা বৃক্ষ ফল।
যতেক বিষয়  ফল ৰস ভৈলা
 সুখে তাৰ স্বাদ ফল॥
যে মূল বৃক্ষৰ   সি ব্ৰহ্ম ঈশ্বৰ
 তাহাত নকৰে ৰতি।
অনৰ্থ বৃক্ষক  যাৱত সেৱয়
 তাৱদেকে নাহি গতি॥ ১০৭৬
জানিলে ঈশ্বৰ  বৃক্ষতে আছয়
 নজানয় অবিচাৰে।
আদি অন্তে স্থিত  স্বৰূপ নজানে
 মায়া মাহে থাকি মৰে॥
ইটো বৃক্ষ বৰ   বজ্ৰ সমসৰ
 ছেদিবাৰ কহো ভেদ।
সাধু সঙ্গ কৰি  মমতাক এৰি
 বৈৰাগ্য কুঠাৰে ছেদ॥ ১০৭৭
বৃক্ষ ছেদ কৰি  ডাল দূৰ কৰি
মূল বিচৰিলে পাই।

[ ২৫৫ ]

গোৰাগোট পাইলে  নষ্ট যত ডাল
 তাত পুনু কাৰ্য্য নাই॥
এমত বিচাৰি  অসাৰক এৰি
 মূল ঈশ্বৰক পায়।
যেন ৰাজহংসে  জলে দুগ্ধ মিশ্ৰে
 নীৰ এৰি ক্ষীৰ খায়॥ ১০৭৮
এহি আত্মজ্ঞানে   ঈশ্বৰক জানে
 যাত পৰে আদি নাই।
পুৰুষ উত্তম  নাহিকে উপায়
 একাগ্ৰ ভক্তিসে পায়॥
ঈশ্বৰ চৰণ মনে নেৰিবেক
 ভজিবেক মোহ মদ।
ভাৰ্য্যা পুত্ৰ বিত্ত  নুহি আসকতি
 তেৱে পাৱে ব্ৰহ্মপদ॥ ১০৭৯
মোৰ পদ পাইলে এৰাৱে সকলে
 উৎপত্তি স্থিতি বিনাশ।
চন্দ্ৰ সূৰ্য্য বহ্নি  দীপ্তি দূৰ হোৱে
 স্থানৰ দেখি প্ৰকাশ॥
মোৰ অংশ জীৱ  মোতেসে মিলয়
 অবিদ্যা মায়া এৰাই।
যেন নিদ্ৰাকালে  নানা স্বপ্ন দেখে
জাগি চালে কিছু নাই॥ ১০৮০

[ ২৫৬ ]

গোবিন্দে কহয়  দেৱ দয়াময়
 চৰণে শৰণ লৈলো।
তোমাৰ ভৃত্যৰ পদধুলা পাই
 আৱে কৃতকৃত্য ভৈলো॥
তযু নাম মোৰ  নছাৰোক মুখে
 সাধে এহিমানে কাম।
পশিলো শৰণে  চিন্তিয়া চৰণে
 ডাকি বোলা ৰাম ৰাম॥১০৮১

পদ

অৰ্জ্জুনে বোলন্ত শুনিয়োক যদুপতি।
বোলা মোক পাইলে তেবে তাৰ হোৱে গতি॥
যি কালত পুৰুষে থাকয় নিদ্ৰা যায়।
তোমাত আছয় বিষয়ত চেষ্টা নাই॥১০৮২
সিজনৰ কেনে কৃষ্ণ নহয় মুকুতি।
নিদ্ৰা এৰি নানা বিষয়ত হোৱে ৰতি॥
আৱে মহাপ্ৰলয় হোৱে যি কালত।
তোমাত হোৱয় লীন সমস্ত জগত॥১০৮৩
স্বভাৱতে পুনু তিনি গুণে হোৱে সম।
বিষয়ক এৰি ইন্দ্ৰি হোৱয় বিৰাম॥

[ ২৫৭ ]

তব অংশ জীৱ যত আত্মা সবাহাৰ।
তেৱে কেন সিটো জীৱে নতৰে সংসাৰ॥১০৮৪
কৃষ্ণে বোলে জীৱ অংশ জগতে প্ৰসিদ্ধ।
অবিদ্যা মোহিত অহঙ্কাৰে হোৱে বদ্ধ॥
মোত যিটো লয় হোৱে তাৰ কথা ভিন্ন।
সকামী সংসাৰী প্ৰকৃতিত হোৱে লীন ॥১০৮৫
অবিদ্যা মোহিত হয় যত চৰাচৰ।
সবে গুচে থাকে তাৰ বাসনা কৰ্ম্মৰ॥
অব্যক্ত তথাপি জীৱ পুনু ব্যক্ত হয়।
পুনু বাসনায়ে আনে সৃষ্টিৰ সময় ॥১০৮৬
কৰ্ম্ম বাসনাতে দেহ এৰি জন্ম ধৰে।
ইন্দ্ৰি সবে টানি নেই পূৰ্ব্বৰ সংস্কাৰে॥
যেন পুষ্প গন্ধ লগে থাকে সৰ্ব্বদায়।
পুষ্পৰ যতেক গন্ধ বায়ু লৈয়া যায়॥১০৮৭
সেহি পটন্তৰ জানিবাহা ধনঞ্জয়।
পূৰ্ব্বৰ বাসনা ক্ৰমে শৰীৰ ধৰয়॥
যতেক ইন্দ্ৰিয়গণ সঙ্গে কৰি যোগ।
বিষয়ে জীৱক আনি কৰাৱয় ভোগ॥১০৮৮
কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয়।
সৰ্ব্বলোকে আত্মাক যে কেনে নেদেখয়॥
যেন অন্ধকাৰত সুৱৰ্ণ পৰি থাকে।
চক্ষু বিদ্যমানে তভো নেদেখয় লোকে॥১০৮৯

[ ২৫৮ ]

কৰ্ম্মবশে মূঢ় আমি ৰজস্তম গুণে।
হৃদিত আছয় আত্মা নেদেখো আপুনে॥
যেতিক্ষণে চাহে নিয়া প্ৰদীপ লগাই।
বস্তুক পাৱয় অন্ধকাৰ দূৰে যায়॥১০৯০
ভক্তিজ্ঞানে যত্ন কৰি চিন্তে যিটোজন।
জ্ঞান চক্ষে দেখো সিটো চৈধ্যয় ভুৱন॥
মই কদাচিতো তাক নকৰোহো ত্যাগ।
সিয়ো সৰ্ব্বদায় হৃদয়ত পাৱে লাগ॥১০৯১
মোত বিনে সব জড় জানিবা নিশ্চয়।
মোহোৰ প্ৰকাশে সৰে চৈতন্য লভয়॥
দেখিয়োক সূয্য যাৰ অব্যাহত গতি।
তাৰ তেজে বিশ্বখান কৰয় দীপিতি॥১০৯২
ৰাত্ৰি ভৈলে যত লোক সবে অন্ধ হয়।
প্ৰভাতত পাৱে চক্ষু সূৰ্য্যৰ উদয়॥
স্থাৱৰ জঙ্গম আদি যতেক সংসাৰ।
মোৰ বল লেশ পাইবা পৃথ্বী বহে ভাৰ॥ ১০৯৩
যত ধান্য ধন আছে লতা গুল্ম তৰু।
চন্দ্ৰৰূপে ৰস দিয়া তাক পুষ্ট কৰো॥
মোৰ তেজ লৈয়া প্ৰকাশ বৈশ্বানৰ।
সমস্তকে তিল মাত্ৰে দহে নিৰন্তৰ॥১০৯৪
উদৰৰ বহ্নি মই সবাহাতে আছো।
প্ৰাণাপানে সমে চাৰিবিধ অন্ন পচো॥

[ ২৫৯ ]

চৰ্ব্ব্য চোষ্য লেহ্য পেয় চাৰিবিধ অন্ন।
খাইতে আতি স্বাদ মিলে সন্তোষিত মন॥১০৯৫
চাৰিবিধ অনুৰ যে কহিবো নিৰ্ণয়।
যাৰ যেন প্ৰকাৰ শুনিয়ো ধনঞ্জয়॥
দন্তে খণ্ড খণ্ড কৰি চূৰ্ণৰূপে গিলে।
পিষ্টককে সৰ্ব্বলোকে ভক্ষ্য কৰি বোলে॥১০৯৬
দন্ত নলগাই জিহ্বা আলোড়ি গিলয়।
পায়সৰ নাম ভোজ্য জানা ধনঞ্জয়॥
কেৱল জিহ্বাত দিয়া লেহি মাত্ৰ খায়।
গুড়ক বোলয় লেহ্য জানা সৰ্ব্বথায়॥১০৯৭
দন্তে আটি ৰস লৱে চোৱা কৰে ত্যাগ।
ইক্ষুক বোলয় চোষ্য জানা মহাভাগ॥
সমস্ত লোকৰ হৃদি মই অন্তৰ্য্যামী।
ভোক্তা ভৰ্ত্তা নিয়ামক মহেশ্বৰ আমি॥১০৯৮
মোহোৰ শক্তি মাত্ৰ সবে প্ৰৱৰ্ত্তয়॥
বেদৰ তাৎপৰ্য্য মোত বিনে নজানয়।
মই হেতু বিষয় ইন্দ্ৰিয় ভোগ হয়।
বেদান্ত জ্ঞানীৰ গুৰু মোত প্ৰৱৰ্ত্তয়॥১০৯৯
সকল জগত মই এহি দিলো সীমা।
এবে শুনিয়োক মোৰ স্থানৰ মহিমা॥
দুগোটা স্বৰূপ কহো যাৰ যেনমত।
ক্ষৰ যে অক্ষৰ বুলি প্ৰসিদ্ধ লোকত॥ ১১০০

[ ২৬০ ]

যাক বুলি ক্ষৰ সিটো জীৱ জগতৰে।
দেহক আশ্ৰয়ে সিয়ো ফল ভোগ কৰে॥
অক্ষৰ যি গোটা সিটো একোকে নখায়।
স্বভাৱত দ্ৰষ্টা সিয়ো যেন সাক্ষী প্ৰায়॥ ১১০১
কুটস্থ বোলয় তাক বিকাৰ বিহীন।
জীৱ পুৰুষত পৰ দুইতো কৰি ভিন্ন॥
ব্যাপক পৰম আত্মা ত্ৰৈলোক্য ঈশ্বৰ।
ক্ষয় বৃদ্ধি নাহি তাৰ মন অগোচৰ॥১১০২
নাহিকে বিকাৰ তাৰ ব্ৰহ্ম নিৰূপম।
এতকেসে বেদে বোলে পুৰুষ উত্তম॥
তোমাত কহিলো সখি এমত প্ৰকাৰ।
এহিমতে বুদ্ধি নিষ্ঠা হোৱয় যাহাৰ॥১১০৩
এহিমতে জানি মোত কৰয় ভকতি।
অনায়াসে ভজি সিটো পাৱয় মুকুতি॥
সফল জনম যাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত।
সেহিসে সজ্ঞ আতি পৰম পণ্ডিত॥১১০৪
সেহিসে কৰিলা সব পুৰুষ উদ্ধাৰ।
সিয়ে ভৈলা মোৰ মই তাৰে অধিকাৰ॥
নকৰিলে ভেদ মোক এহিমতে জ্ঞানে।
পুৰুষ উত্তম বুলি মোক মাত্ৰ জানে॥১১০৫
সাধন নালাগে কাৰো নকৰোক শ্ৰম।
মোক মাত্ৰ ভাজ জানি পুৰুষ উত্তম॥

[ ২৬১ ]

জানিবাৰ ফল যেন কহিলো নিশ্চিত।
এহি খানি জানি মাত্ৰ হোৱে কৃতকৃত্য॥১১০৬
তুমি মোৰ সখি সুহৃদ প্ৰিয় শিষ্য।
এতেকে কহিলো মই ইসব ৰহস্য॥
গুৰু চৰণত মোৰ কোটি নমস্কাৰ।
পদৰেণু শিৰে ধৰি তৰিবো সংসাৰ॥১১০৭
কহয় গোবিন্দ মিশ্ৰে শুনা সভাসদ।
পণ্ডিত শ্ৰীমদ ধনী এৰা ইটো মদ॥
পৰলোকে উচ্চ নীচ সবে একে সৰি।
অহঙ্কাৰ এৰি ডাকি বোলা হৰি হৰি॥১১০৮

⸻⸻

(পঞ্চদশ অধ্যায় সমাপ্ত)

[ ২৬২ ]

যোড়শ অধ্যায়

দৈৱী-আসুৰী সম্পদ বিভাগ যোগ

পদ

অৰ্জ্জুনে বোলন্ত কৃষ্ণ চৰণত ধৰো।
সংশয় মিলিল মোৰ প্ৰশ্ন এক কৰো॥
তোমাৰ ভক্তিত কাৰ আছে অধিকাৰ।
কেনে নভজয় হেতু কহিয়োক তাৰ॥ ১১০৯
যেন হস্তে তাৰ তুলি চাহে বাৰম্বাৰ।
বলে যদি পাৰয় তেবেসে বহে ভাৰ॥
তোমাৰ ভক্তিৰ যদি যোগ্য হওঁ আমি।
তেবে কি কাৰণে এত দুখ দিয়া স্বামী॥ ১১১০
কৃষ্ণে বোলে অৰ্জ্জুন পুছিলা ভাল তত্ত্ব।
ভজন প্ৰকাৰ ভেদ কহিবো সমস্ত॥
দৈৱী আসুৰী দেখা দুগোটা স্বভাৱ।
প্ৰথমে দৈৱিক কহো শুনিয়ো পাণ্ডৱ॥ ১১১১
ব্ৰহ্মাৰ নাহিকে শক্তি স্বভাৱ এৰাইবাৰ।
স্বভাৱতে বশ্য দেখা যত চৰাচৰ॥
অভয়ক আদি কৰি চৌব্বিশ প্ৰকাৰ।
এহিমতে থাকে দৈৱী স্বভাৱ তাহাৰ॥ ১১১২

[ ২৬৩ ]

সত্বশুদ্ধি অভয় স্ব্যাধায় যজ্ঞ দান।
অহিংসা অক্ৰোধ ত্যাগ তপ শক্তি জ্ঞান॥
মৃদু অচাপল্য অপৈশুন্য অলোলুপ্ত।
তপ ক্ষমা ধৈৰ্য্য শৌচ সত্য লজ্জাযুক্ত॥ ১১১৩
মোহ অভিমান এৰি দমিবেক মন।
দৈৱী স্বভাৱৰ এহি জানিবা লক্ষণ॥
তাৰ অৰ্থ ব্যক্ত কৰি কহো ধনঞ্জয়।
ভয় নাথাকিলে তাক বোলয় অভয়॥১১১৪
মনৰ প্ৰসন্ন যদি বোনে সত্ত্বশুদ্ধি।
আত্মজ্ঞান নিষ্ঠাত কৰিল দৃঢ় বুদ্ধি॥
সেহি নিষ্ঠা জ্ঞানক কহয় আত্মস্থান।
এবে শুনিয়োক কহো কেনমত দান॥ ১১১৫
আপোনাক লাগি অন্ন বান্ধয় মাতৰ।
তাতে অভ্যাগত এক ঠেকিল অপৰ॥
বান্টি সম কৰি তাক দেই অৰ্দ্ধ অন্ন।
খাইবাক খোজন্তে আসে আৰো এক জন॥১১১৬
তদৰ্দ্ধক বান্টি পুনু কৰিব সমান।
যিবা এহিমতে দেই তাকে বোলে দান॥
কৰ্ম্মেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম।
জ্ঞানেন্দ্ৰিয় নিয়মিলে তাৰ নাম শম॥১১১৭
কেনে কৰ্ম্মেন্দ্ৰিয় ভেদ শুনা কহো তাক।
হস্ত পদ গুহ্য লিঙ্গ যাক বোলে বাৰু॥

[ ২৬৪ ]

জিহ্বা নাসা চক্ষু কৰ্ণ ত্বক জ্ঞানেন্দ্ৰিয়।
মনে সমে সবে বিষযত প্ৰৱৰ্ত্তয়॥ ১১১৮
কাম সঙ্কলক এৰি ব্ৰহ্মযজ্ঞ কৰে।
স্বাধ্যায় বোলয় তাক জানা সৰ্ব্বোত্তৰে॥
তপস্যা কৰয় নৰ বিবিধ প্ৰকাৰে।
তাক তপ বোলে কৃচ্ছ্ৰ চান্দ্ৰায়ণ কৰে॥১১১৯
তাকে সত্য বোলয় স্বৰূপ মাত্ৰ কয়।
আৰ্জব বোলয় তাক বক্ৰভাৱ নয়॥
ত্যাগ বোলয় তাকে উদাস যাৰ মতি।
সেহি শান্ত বিষয়ত হোৱে উপৰতি॥১১২০
পৰৰ দোষক যিটো পাচত চৰ্চ্চয়।
তাৰ নাম পৈশুঙ্গ জানিবা ধনঞ্জয॥
অকাৰ্য্যত নিবৰ্ত্তয় লজ্বা নাম তাৰ।
তাক মৃদু বুলি ক্ৰুৰ ভাৱ নাহি যাৰ॥১১২১
সেহি অচঞ্চল বৃথা কৰ্ম্ম নকৰয়।
সেহিসে তেজস্বী যিটো প্ৰাগল্‌ভ হোৱয়॥
গালি পৰভৱ নিন্দা আৰো তিৰস্কাৰে।।
দণ্ডিতে পাৰিয়া সহে ক্ষমা নাম তাৰে॥১১২২
পৰে মাৰিলাতো চিত্তে ক্ৰোধ নোপজয়।
সেহিসে অক্ৰোধি জন জানা মহাশয়॥
যাক বুলি ধৈৰ্য্য শুনিয়োক মহাবীৰ।
দুখ পাইলে সুস্থ মন চিত্ত যাৰ থিৰ॥১১২৩

[ ২৬৫ ]

তাক বুলি দয়া যাব স্নেহ নুগুচয়।
পুত্ৰত যেমন দয়া শত্ৰুতো তহ্নয়॥
সেহিস অদ্ৰোহী প্ৰাণী নকৰয় হত।
সেহি আলোলুপ লোভ নাহিকে মনত॥১১২৪
শৌচক কহিবো আবে দ্বিবিধ প্ৰকাৰে।
মাটি জল লৈয়া নিত্য বাহ্য শুদ্ধি কৰে॥
ৰাগ নাথাকিলে শুদ্ধ হৱৈ অভ্যন্তৰ।
এহিমতে শৰীৰ শৌচ হয় পুৰুষৰ॥১১২৫
আপোনাক অহঙ্কাৰে শ্লাঘা নকৰয়।
অমানিত্ব বলি তাক জানা ধনঞ্জয়॥
এহিমতে থাকে যাৰ চৌব্বিশ প্ৰকাৰ।
হৰি ভজিবাৰ তাৰ আছে অধিকাৰ ॥১১২৬
দৈৱী স্বভাৱক মই কহিলো পূৰ্ব্বত।
এবে শুনা আসুৰী স্বভাৱ যেনমত॥
প্ৰবৃত্তি নিবৃত্তি ধৰ্ম্মাধৰ্ম্মক নজানে ।
শৌচ সত্য আচাৰ নাহিকে সেহি জ্ঞানে॥১১২৭
পাৰ্থে বোলে কৃষ্ণ কেনে কহা বিপৰীত।
কেনে বোলে নজানয় প্ৰবৃত্তি নিবৃত্তি ॥
আবো বোলা ধৰ্ম্মাধৰ্ম্ম দুইকো নজানে।
ধৰ্ম্মাধৰ্ম্ম বিনে দুখ শোক দেয় কোনে॥১১২৮
কৰ্ম্ম সদাচাৰে বেদে কহে নিৰন্তৰ।
বেদ অপমানে কেনে নজানে ঈশ্বৰ॥

[ ২৬৬ ]

যদি স্বৰূপত তাৰা ঈশ্বৰ নজানে॥
স্ৰজয় পালয় সংহাৰয় কোন জনে॥১১২৯
সত্য সদাচৰে কিয় নকৰে যতন।
কেনমতে এৰে তাৰা বেদৰ বচন॥
হেন শুনি বাক্য বুলিলন্ত ভগৱানে।
আছোক বেদৰ কৰ্ম্ম বাক্যও নুশুনে॥১১৩০
বোলে বেদ পুৰাণকো কৈত পাইলা ভাই।
ঋষিসবে বেদ কহিলেক ভাণ্ডি খাই॥
ঈশ্বৰ বুলিয়া তাৰা স্বপ্নতো নমানে।
যেবেসে ঈশ্বৰ আছে নেদেখয় কেনে॥ ১১৩১
যত ভাষভুষ কৰে সকলো যে মিছা।
সংসাৰৰ সৃষ্টি হয় আপোনাৰ ইচ্ছা॥
বাপ হন্তে পুত্ৰ পুত্ৰ হন্তে নাতি হয়।
অন্যো অন্যে সংযোগ সৃষ্টি প্ৰবৰ্ত্তয়॥১১৩২
ৰতিসুখে ভাৰ্য্যাত সঙ্গমে পুত্ৰ হয়।
শিশু যুবা বুঢ়া হৈয়া পাচত মৰয়॥
আতি অল্পকালে মৰে আধি ব্যাধি হয়।
এহিমতে সংসাৰ ঈশ্বৰ পাইলা কই॥১১৩৩
যেতিক্ষণে অগ্নি লাগি দগ্ধ হোৱে বন।
অঙ্কুৰ গাজয় তাক স্ৰজে কোন জন॥
হেন তৰ্কে বেদ কৰ্ম নমানে ঈশ্বৰ।
লোক পৰম্পৰা কৰ্ম্ম কৰয় মাতৰ॥১১৩৪

[ ২৬৭ ]

ঈশ্বৰক নমানয় যিটো মন্দমতি।
বেদ শাস্ত্ৰ নজানিয়া যায় অধোগতি॥
প্ৰাণীক হিংসয় ঘোৰ উগ্ৰ কৰ্ম কৰি।
আপোনাৰ প্ৰীতি হয় শিস্নাদৰ ভৰি॥১১৩৫
দম্ভ দৰ্প হিংসা পৰনিন্দা অভিমান।
ক্ৰোধ পাৰুষ্য দ্বেষ এহিসে প্ৰধান॥
কৰ্ম্ম কৰে শ্ৰদ্ধা নাই লোকৰ দেখয়।
যেনমতে আনে আপোনাক প্ৰশংসয়॥ ১১৩৬
ৰাখোৱালে যেহেন নিন্দিত গীত গায়।
অবাক্যক ৰট যেন মহা তৃপ্তি পায়॥
সিযো সেহিমতে হিংসে অধৰ্ম্ম কৰ্মত।
মই জ্ঞানী শ্ৰেষ্ঠ যেন মানয় মনত॥১১৩৭
আসুৰী শুভাৱে থাকি মোত নহে জ্ঞান।
মোৰ কথা শুনি যেন ফাটে তাৰ কাণ॥
ঈশ্বৰৰ কৰ্ম্ম কথা যদি শুনে কাণে।
হাটে বাটে নিন্দা কৰি ফুৰয় দুৰ্জ্জনে॥১১৩৮
মই হৰিভক্ত বুলি লোকত ভাণ্ডয়।
হৰিনাম ৰতি ফুৰে বাতুলৰ নয়॥
যদি গুৰু উপদেশে হোৱে শাস্ত্ৰজ্ঞান।
তথাপি নস্মৰে মোক বখানয় আন ॥১১৩৯
যত কৰ্ম্মমানে আপোনাৰ ইচ্ছা কৰে।
আতে সংসাৰত পৰি উপজয় মৰে॥

[ ২৬৮ ]

এহি শুনি অসন্তোষ কৰন্ত অৰ্জ্জুন।
আমাত আছয় কৃষ্ণ যত কহা গুণ॥১১৪০
অৰ্জ্জুনৰ মনক লক্ষিয়া জনাৰ্দ্দন।
আশ্বাসিয়া প্ৰিয়ভাৱে বুলিলা বচন॥
কৃষ্ণে বোলে ধনঞ্জয নকৰিবা ভয়।
দৈৱিক সম্পদ যত তোমাত আছয়॥১১৪১
কৰ্ম্ম কহো আসুৰী স্বভাৱে আছে যাৰ।
পণ্ডিত বিনয় হয় শাস্ত্ৰ সংস্কাৰ॥
পৰ প্ৰাণ মাৰি পোষে পুত্ৰ ভাৰ্য্যা ভাই।
সংসাৰৰ ক্ষয় হেতু জনম হোৱয়॥১১৪২
মনত চিন্তয় যেনমতে পাওঁ ধন।
ৰাত্ৰি দিনে হাকুল ব্যাকুল কৰে মন॥
কিছু ধন কৰিলেক অসত্য অন্যায়।
যত হোৱে মানে আৰো তৃষ্ণা বাঢ়ি যায়॥১১৪৩
আগে বলে কিছু লোকে হৈবো অধিপতি।
তাক পাই হব খোজে ৰাজ্যৰ নৃপতি॥
ৰাজ্যপদ পাইলে বাঢ়ে অহঙ্কাৰ মদ।
মদগৰ্ব্বে থাকি পাচে খোজে ইন্দ্ৰপদ॥ ১১৪৪
ইন্দ্ৰ পদ পাইলে ব্ৰহ্মপদ বাঞ্ছা কৰে।
দুষ্কৰ কৰ্ম্মক কোনে কৰিবাক পাৰে॥
ধন ঐশ্বৰ্য্যৰ হেতু ক্ষুদ্ৰ দেৱ পূজে।
অল্প বলি দিয়া বহু বিভূতিক খোজে॥১১৪৫

[ ২৬৯ ]

বিভূৰ্তি বিস্তৰ হোক কৰয় অন্বেষ।
পাষণ্ড গুৰুৰ স্থানে লৱে উপদেশ॥
কুমন্ত্ৰক লৈয়া তাতে কৰয় বিশ্বাস।
কিঞ্চিতেক ছিদ্ৰে সমূলঞ্চে হৱৈ নাশ॥ ১১৪৬
অৰ্থৰ নিমিত্তে কৰ্ম্ম কৰয় বিস্তৰ।
সুখৰ নাহিকে লেশ দুখ মাত্ৰ সাৰ॥
প্ৰগল্‌ভ বোলয় শাস্ত্ৰ জানো অনুষ্ঠান।
মোতপৰে পূজাবিধি নজানয় আন॥১১৪৭
মদ্য মাংস ৰুধিবে পূজয় দেৱতাক।
তাক খাই কৃতকৃত্য মানে আপোনাক॥
এহি মন্ত্ৰ সাধি মই দেৱক পুজিবো।
ধন ধান্য ঐশ্বৰ্য্য শ্ৰী ৰাজ্যক লভিবো॥১১৪৮
এহিমতে পোষে মূঢ়ে পুত্ৰক ভাৰ্য্যাক।
লগতে আছয় মৃত্যু নেদেখয় তাক॥
পুত্ৰ পিতা মাতা যে আগত মৰি যায়।
আপোনাৰ মৃত্যুক নেদেখে মোহ পাই ॥১১৪৯
এহিমতে ক্ষুদ্ৰ দেৱ পূজে নিৰন্তৰ।
মৃত্যুকালে চিন্তা ভয় পাৱয় বিস্তৰ॥
হা হা পুত্ৰ ভাৰ্য্যা ধন গৃহ সমন্বিতে।
সব ৰহে মোক মাত্ৰ নেয় যমদুতে॥১১৫০
মোৰ পুত্ৰ ভাৰ্য্যা ধন ধান্য কোনে খায়।
মৃত্যুকালে আৰো চিন্তা পৰিমিত নাই॥

[ ২৭০ ]

কাম ভোগ ঐশ্বৰ্য্যক সাধে নিত্যে নিত্য।
এহিসে সমাধি তাৰ তাতে মাত্ৰ চিত্ত॥১১৫১
কাম ক্ৰোধ বিষয়ত থৱে বন্দী কৰি।
বিষয় ভৈলেক পাশ ভাৰ্য্যায়ে জিঞ্জিৰি॥
ন্যায় অন্যায়ক কৰি ধনক সঞ্চয়।
কিছু ধন ভৈলে পাচে ভোগ নকৰয়॥১১৫২
বোলে আৰো ধন জন আৰ্জিলো পূৰ্ব্বত।
সি ধনে মোহোৰ নুপূৰয় মনোৰথ॥
আনো পাইলে তভো মোক বোলে নুকুলায়।
তেবেসে আকাঙ্ক্ষা পূৰে আৰো যদি হয়॥১১৫৩
আৰ্জ্জন্তে নিকাৰ ধন ভৈলে মোহ হয়।
ধন যদি থাকে তিলমাত্ৰো সুখ নাই॥
ধনৰ গৰ্বত অহঙ্কাৰ বাঢ়ি যায়।
সেহি ধন নষ্টে যে তাপৰ অন্ত নাই॥১১৫৪
ঈশ্বৰৰ কৰ্ম্মে ব্যয় অৰ্থৰ সম্ফল।
নুহি ধন তাৰ বানৰৰ নাৰিকল॥
স্বৰূপত আজ্জিলে ধন তভো অনাটক।
ধনগৰ্ব্বে তৃণ হেন মানে জগতক ॥১১৫৫
বোলে শত্ৰুগণ মাৰি কৰিবোহো বশ্য।
আৰো যিটো আছে তাক মাৰিবো অৱশ্য॥
মইসে কুলীন আদ্য মান্য ভাগ্যবান।
চতুৰ পণ্ডিত নাহি মোহোৰ সমান॥১১৫৬

[ ২৭১ ]

মোহোৰ অধীন যত লোক নিৰন্তৰ।
লোকে প্ৰতিষ্ঠিত মই এগোটা ঈশ্বৰ।
ইবাৰ এগোটা মই কৰ্মক কৰিবো।
লোকে প্ৰশংসিবে মোক প্ৰতিষ্ঠা লভিবো॥১১৫৭
এৰূপ অসৎ কাৰ্য্যে নষ্ট কৰে বিত্ত।
ভোগ ঐশ্বৰ্যতে বিভ্ৰান্ত হুয়া চিত্ত॥
যেন সূত্ৰময় জালে মৎস্য বন্দী হয়।
মোহ জালে পৰিয়া তাহাৰো সেহি নয়॥১১৫৮
ধন হন্তে গৰ্ব্ব বাঢ়ে গৰ্ব্ব হন্তে মদ।
মদে মোহ বাঢ়য় বুদ্ধিক কৰে হত॥
স্মৃতি নষ্ট হোৱৈ তাৰ গৰ্ব্ব অহঙ্কাৰে।
অজ্ঞান আন্ধাৰে ঘোৰ নৰকত পৰে॥১১৫৯
নৰকত পাৱে বহু যাতনা নিকাৰ।
এহিমতে সংসাৰত ঘূৰে বাৰম্বাৰ॥
যদি তাত তুমি হেন বোলা ধনঞ্জয়।
যজ্ঞ দান কৰন্তে কেমনে নৰ্ক হয়॥১১৬০
নামমাত্ৰ যজ্ঞ কৰে শ্ৰদ্ধা নাহি তাৰ।
শাস্ত্ৰবধি ন ই মাত্ৰ অহঙ্কাৰ সাৰ॥
যি কাৰণে নৰক তাহাৰ কহহা তত্ত্ব।
কাম ক্ৰোধ লোভ মোহ নৰকৰ পথ॥১১৬১
সংসাৰী পক্ষৰ কহে এহিখানি বোধ।
নৰকে নাযাইবা যদি এৰা কাম ক্ৰোধ॥

[ ২৭২ ]

সকলো লোকত মই আত্মৰূপে স্থিত।
বধ হিংসা তথাপি আচবে নিতে নিত্য॥১১৬২
পুত্ৰ তুল্য পশু পক্ষী স্নেহতে পোষয়।
যি বেলাত কাটে তিলমাত্ৰ স্নেহ নাই।
কাটিবাৰ বেলা অতি আনন্দ কয়।
যদি আনে নষ্ট কৰে শোক আতিশয়॥১১৬৩
গৃহস্থৰ পাৰসব মাৰয় মাৰ্জাৰে।
লোকে বিড়ালক মাৰিবাক খেদি ফুৰে
বিড়ালে মাৰিয়া যদি আনে আন পক্ষী।
তবে মহা আনন্দ কয় তাক দেখি॥১১৬৪
সেহি মই একে জীৱ হেন জ্ঞান নাই।
তাকে কাটি দেৱ পূজে তাৰ মাংস খায়।
মই আত্মা মোক কাটে কেনে মহা দুষ্ট।
মোহোৰ হিংসাত কোন দেৱ হৈব তুষ্ট॥১১৬৪
যিটো দেৱ পূজয় তাহাৰ অৰ্য্যামী।
শুভাশুভ ফলদাতা সাক্ষীৰূপ স্বামী।
আৰৰ সংসাৰৰ দেখা মই নিজ বাপ।
পিতৃদ্ৰোহ তথাপি লাগয় ঘোৰপাপ।১১৬৬
পৰজীৱ বধে আপোনাৰ হিত অৰ্থে।
এতে নৰকৰ হেতু জন্ম ভৈলা ব্যাৰ্থে।
দৈৱৰ চৰক' - এ '
৩৩:২৪ ‘ব স ন পায় ১১১৬৭

[ ২৭৩ ]

আসুৰী স্বভাৱে থাকে ক্ৰুৰ জন্ম তাৰ।
এতে মোক জানিবাৰ নাহি অধিকাৰ॥
কাম ক্ৰোধ লোভ মোহ নৰকৰ দ্বাৰ।
হেন জানি ইহাক কৰিয়ো পৰিহাৰ॥ ১১৬৮
যেন গ্ৰীষ্মকাল ভৈলে নথাকয় শীত।
শীতকালে গ্ৰীষ্ম নথাকয় কদাচিত॥
যাহাত থাকয় কাম লোভ মোহ ক্ৰোধ।
তাৰ একোকালে জানা মোত নোহে ক্ৰোধ ॥১১৬৯
হেন জানি কাম ক্ৰোধ এৰিয়োক আগ।
তেবে সত্ত্বগুণেসে আপুনি পাৱে লাগ॥
সত্ত্বগুণ ভৈলে জ্ঞান ভক্তি হোৱে জাত।
তেৱে অনায়াসে গতি লভিবে সাক্ষাত॥১১৭০
যথেচ্ছা যে কৰ্ম্ম কৰে এৰি শাস্ত্ৰবিধি।
আত সুখ নাহি পৰকালে নাহি সিদ্ধি।
বেদৰ বিহিত বৰ্ণাশ্ৰম ধৰ্ম্ম যত।
মোতেসে অৰ্পিয়া কৰিবেক কৰ্ম্ম তত॥১১৭১
আগে লৈবা তুমি বেদ পুৰাণ প্ৰমাণ।
পাচেসে কৰিবা মোৰ কৰ্ম্ম অনুষ্ঠান॥
এহিমতে কৰ্ম্ম কৰি হৈবা সত্ত্ব শুদ্ধি।
দেহ ভিন্ন জীৱ ভিন্ন জানিবাৰ সন্ধি॥ ১১৭২
জীৱ পৰমাত্মা দুইৰো জানিবাহা তত্ত্ব।
সুখে জ্ঞান ভক্তি সিজিবেক লাগে যত॥

[ ২৭৪ ]

ভক্তিজ্ঞান ভৈলে মোক পাইবে অৱশ্য।
কহিলো তোমাত সখি পৰম ৰহস্য॥১১৭৩
জান তক্তি বিনা যিটো এৰে শাস্ত্ৰবিধি।
সেহি সংসাৰত বন্ধ কৰিলেক বিধি॥
কিন্তু ঈশ্বৰৰ কৰ্ম্মে কৰিব প্ৰৱন্ধ।
আন যত কৰ্ম্ম কৰে সংসাৰৰ বন্ধ॥১১৭৪
যেন নপুংসকে কৰে নাৰীক শৃঙ্গাৰ।
ৰতি সুখ নাহিকে সন্ততি নাহি তাৰ॥
আৰো যদি লোকে বোলে প্ৰাণত সংশয়।
ঈশ্বৰৰ কৰ্ম্ম বিনা তাৰো নাহি নয়॥১১৭৫
তুষক বাহানে যেন তণ্ডুলৰ অৰ্থে।
সেহিমতে সকামীৰ কৰ্ম্ম যায় ব্যৰ্থে॥
হৰিৰ কৰ্ম্মক যদি নজানিয়া কৰে।
অঙ্গ বিধিহীন ভৈলে তভো ফল ধৰে॥১১৭৬
কহয় গোবিন্দ মিশ্ৰে শুনা সৰ্ব্বজন।
তাপ এইবাৰ পথ ৰাতুল চৰণ॥
গোবিন্দৰ শৰণ চৰণ লৈয়ো ছাঁয়া।
ৰাম কৃষ্ণ বুলি ভৰা সংসাৰৰ মায়া॥১১৭৭

(ষোড়শ অধ্যায় সমাপ্ত)

[ ২৭৫ ]

সপ্তদশ অধ্যায়

শ্ৰদ্ধাত্ৰয় বিভাগ যোগ

পদ

পুৰ্ব্বে অশ্বত্থামা ব্ৰহ্মঅস্ত্ৰ লৈলা তুলি।
মাৰিলন্ত শৰ অপাণ্ডৱা কৰো তুলি॥
এক কোটি সূৰ্য্যসম শৰ প্ৰকাশয়।
দশেদিশ ঢাকি শৰ দহিয়া আসয়॥১১৭৮
প্ৰলয় কালত যেন সংহাৰয় কাল।
গৰ্ত্তত প্ৰবেশি উত্তৰাক ভেট পাইল॥
বিস্ময়ে উত্তৰা পায় আতি ভয় মনে।
বোলে ত্ৰাহি ভগৱান পশিলো শৰণে ॥১১৭৯
তুমি ব্যতিৰেকে মোৰ গতি নাহি আন।
গৰ্ভসমে পুৰি মৰো ত্ৰাহি ভগৱান॥
আৰ্ত্তনাদ বাক্য শুনি দেৱ যদুমণি।
শীঘ্ৰে আসিলন্ত স্বামী ক্ষণিকো নুগুণি॥১১৮০
হাতে গদা ধৰি গৰ্ভে পশিলন্ত হৰি।
শিশুক ৰাখিলা ব্ৰহ্ম-অস্ত্ৰক সংহৰি॥
চতুৰ্ভুজ ৰূপে কৃষ্ণ চাৰি অস্ত্ৰ ধৰি।
ভক্তে কৃপা কৰি ৰূপ দেখাইলা মূৰাৰি॥১১৮১

[ ২৭৬ ]

কৃষ্ণক' দেখিলা শিশু মাতৃৰ গৰ্ভত।
কৃষ্ণদৰশনে ৰূপ ৰহিলা মনত॥
উপজিলা ৰূপক স্মৰিয়া পৃথিবীত।
পৰীক্ষাত জাত নাম ভৈল পৰীক্ষিত॥১১৮২
দেখা কেনমত কৃষ্ণ ভকতৰ বৈশ্য।
অল্প ভজিলাতো কৃপা কৰয় অৱশ্য।
হেনয় কৃষ্ণৰ পদ নৌকা পৰিহৰি।
বৃথায়ে মৰয় নৰ শঙ্ককূপে পৰি॥ ১১৮৩
কোটি নমস্কাৰ মোৰ দেৱ যদুপতি।
আন নলাগয় তযু পদে হৌক মতি॥
ষোড়শ অধ্যায়ৰ অন্তে কহে দ'মোদৰ।
শাস্ত্ৰবিধি এৰি কৰ্ম্ম কৰে যিটো নৰ॥ ১১৮৪
অন্তে নাহি সিদ্ধি ইহকালে নাহি সুখ।
তাক শুনি অৰ্জ্জুনৰ মনত অসুখ॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক হৃষীকেশ।
আৰ একগোটা মোক দিয়া উপদেশ ॥১১৮৫
সত্ত্ব ৰজ তম তিনি গুণে থাকি নৰে।
বিধি এৰি কিন্তু শ্ৰদ্ধা কৰি কৰ্ম্ম কৰে॥
তাৰ কিবা গতি হোৱে কহা মহাশয়।
তুমিসে ছেদন কৰ্ত্তা যতেক সংশয়॥১১৮৬
কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা পাণ্ডৱ।
দেহৱন্তে জাত হোৱে পূৰ্ব্বৰ স্বভাৱ॥

[ ২৭৭ ]

স্বভাৱে ইচ্ছায়ে শ্ৰদ্ধা বাঢ়ে পুৰুষৰ।
সেহি শ্ৰদ্ধা তিনিবিধ সকল লোকৰ॥১১৮৭
স্বভাৱৰ ইচ্ছা শ্ৰদ্ধা যাৰ যেন নয়।
তাহাৰ নিৰ্ণয় শুনা পাণ্ডুৰ তনয়॥
স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি।
স্বভাৱেসে কৰৱয় শুভাশুভ গতি॥ ১১৮৮
দৈৱ বশে যদিসে সাধুৰ সঙ্গ পায়।
তেবে নিষ্টে জানিবা স্বভাৱ দূৰে যায়॥
স্বভাৱে সকলো মূল কৰ্ম্ম কৰিবাৰ।
তিনিগুণ শ্ৰদ্ধা কহো কাৰ্য্য যেন যাৰ॥১১৮৯
বেদৰ শাস্ত্ৰৰ যিটো নজানয় তত্ত্ব।
শ্ৰদ্ধা কৰি কৰ্ম্ম কৰি অৰ্পি ঈশ্বৰত॥
উত্তম সাত্ত্বিক শ্ৰদ্ধা ইহাক বোলয়।
সামান্য ত্ৰিবিধ শ্ৰদ্ধা তাৰ কহে নয়॥১১৯০
শাস্ত্ৰ এৰি কৰ্ম্ম কৰে মাত্ৰ লোকাচাৰ।
সেহি কৰ্ম্মে হোৱে শ্ৰদ্ধা ত্ৰিবিধ প্ৰকাৰ॥
সত্ত্ব ৰজ তম তিনি গুণ নিৰন্তৰ।
গুণ ইচ্ছা শ্ৰদ্ধা যে ত্ৰিবিধ পুৰুষৰ ॥১১৯১
সত্ত্বগুণে শ্ৰদ্ধা কৰি দেৱতাক যজে।
ৰজোগুণে শ্ৰদ্ধা যক্ষ ৰাক্ষসক পূজে॥
পাষণ্ডৰ সঙ্গে লৈয়া কদাচাৰ কৰে।
তমোগুণে থাকি ভূত প্ৰেত পূজি মৰে॥১১৯২

[ ২৭৮ ]

বেদ শাস্ত্ৰ এৰি আত্মবুদ্ধি কৰ্ম্ম কৰে।
যেন দুই চক্ষু অন্ধ দেশান্তৰে ফুৰে॥
ঘোৰ তপস্যাক কৰি দুখ পাৱে টান।
মিছা উপবাসে মৰে ক্লেশ কৰি প্ৰাণ॥১১৯৩
আত্মৰূপে শৰীৰত আছোহো সবাৰে।
মোহোক অৱজ্ঞা কৰে দুষ্ট দুৰাচাৰে॥
কাম ৰাগে মুক্ত হুয়া দগ্ধ অহঙ্কাৰ।
আসুৰী স্বভাৱ সখি জানিবা তাহাৰ ॥ ১১৯৪
তিনিগুণ আহাৰ যাহাৰ যেনমত
গুণ ইচ্ছা প্ৰতি হোৱ অন্ন ব্যঞ্জনত॥
আয়ু বল আৰোগ্য যে সত্ত্ব সুখময়।
সত্ত্বগুণে ভোজনত একে বাঢ়য়॥১১৯৫
শুনিয়োক কহো সত্ত্বগুণৰ ভোজন।
ৰস স্থিৰ যুক্ত হৈব স্নিগ্ধ হৈবে মন।
সত্ত্বগুণে যিটো অন্ন ব্যঞ্জনক খাইল।
ভুঞ্জিলে মনত তুষ্ট থাকে চিৰকাল ॥১১৯৬
ৰজোগুণ আহাৰৰ শুনা কহো তত্ত্ব।
তণ্ডুল কোৰণ্ডা হৈব অন্ন হৈব তপ্ত॥
ৰজোৰ ভোজনে হোৱে শোক বহুতৰ।
ওঠ কণ্ঠ তালু জিহ্বা পোৰয় উদৰ॥১১৯৭
খাবৰ বেলাত দুখে নেত্ৰে পৰে পানী।
আলা তিতা নিমিত্তে মুখৰ নাসে বাণী॥

[ ২৭৯ ]

জ্বলা অম্লে থাকি বায়ু বাঢ়ে পুৰুষৰ।
তথাপিতো তাকে লাগি লোভে মৰে নৰ॥ ১১৯৮
বাসি পৰ্য্যুসিত কাঞ্জি কৰকৰা ভাত।
তমোগুণী নৰৰ অধিক প্ৰীতি তাত॥
গান্ধী মৎস্য মাংস আদি দুৰ্গন্ধ গোন্ধায়।
তাৰে ব্যঞ্জনক খাই মহা তৃপ্তি পায়॥ ১১১৯
উৎকৃষ্ট অমেধ্য মহাৰাঙ্গ খাই আনি।
এতেক প্ৰকাৰে তমোগুণীয়াক জানি॥
তিনিগুণ ভোজনৰ কহিলো প্ৰমাণ।
এবে শুনা তপ জপ দান যেন ঠান॥ ১২০০
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণপদে ধৰি।
পাতেক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১২০১

ছবি

যিজন সাত্ত্বিক হয়  কাল দেশ পাত্ৰ লয়
 যজ্ঞ কৰি নবাঞ্ছয় ফল।
কৰ্ম্ম কৰে যথোচিত  বিধি নেৰে কদাচিত
 ঈশ্বৰত অৰ্পয় সকল॥
দম্ভ অহঙ্কাৰ ভৰে  ৰজোগুণে কৰ্ম্ম কৰে
 কৰ্ম্মৰ ব্যাপাৰ সীমা নাই॥

[ ২৮০ ]

সকামে দেৱতা পূজে  বিস্তৰ বৈভৱ খুজে
 বহু মনে তৃষ্ণা নপাৱয়॥১২০২
তমোগুণে থাকি অজ্ঞ  দেখা দেখি কৰে যজ্ঞ
 কৰ্ম্ম কৰে সবে শ্ৰদ্ধা বিনা।
নলৱয় শাস্ত্ৰবিধি  কৰ্ম্মৰ নাহিকে সিদ্ধি
 যজ্ঞ সাঙ্গে নেদয় দক্ষিণা॥
একে তপে তিনি মত  কায় বাক্য মনে যত
 সেহি তপে সাথে ইষ্টকাম।
দেৱ দ্বিজ গুৰু জ্ঞানী  সবাকো অৰ্চ্চয় জানি
 ইহাৰেসে কায়তপ নাম॥১২০৩
লোকপ্ৰিয় হৈব হিত  সত্য নেৰে কদাচিত
 বাক্যতপ ইহাঙ্ক বোলয়॥
স্তুতি স্তোত্ৰ মন্ত্ৰ স্মৰি  বেদত অভ্যাস কৰি
 বাক্যে সৰ্ব্বলোকে সন্তোষয়॥
বিষয়ক পৰিহৰি  মনত নিয়ম কৰি
 গুচি হৈব মনৰ উৎসুকে।
ব্যৱহাৰ এৰি মায়া  প্ৰাণীক কৰিবে দায়া
 আক মনোতপ বোলে লোকে॥১২০৪
তিনি তপ যেনমত  কহিলেহো স্বৰূপত
 কোন তপস্যাৰ কোন গুণ।
তাহাৰো কহিৰো ভেদ  যাৰ যেন পৰিচ্ছেদ
 সাৱধানে শুনিয়ো অৰ্জ্জুন॥

[ ২৮১ ]

শ্ৰদ্ধাযুক্তে তপ কৰে  চিত্তক একাগ্ৰে ধৰে
 শীত উষ্ণ সুখ দুখ সহে।
তপৰো নোখোজে ফল  যথা নাম তুষ্ট ভৈল
 ইগোট সাত্ত্বিক তপ কহে। ১২০৫
ৰজোগুণে তপ কৰে  নখ দাঢ়ি বঢ়াই ফুৰে
 দন্ত খসি কৰে জকমক।
মান্য সতকাৰে মোক  লোকে পূজা কৰিবেক
 ভাল বুলি প্ৰশংসিবে লোক॥
মই সদাচাৰ জ্ঞানী  ডুব মাৰো বাৰ তিনি
 নৈষ্ঠিক আমাত পৰে নাই।
যত মাগি খুজি আনে  গৰু মনুষ্যত বিনে
 ডিঙ্গি সমে পেট ভৰি খাই ॥১২০৬
দম্ভ অহঙ্কাৰ কৰি  যিবা তপস্যাক কৰে
 তাৰ ফল নথাকে সদায়।
কৰ্ম সঙ্গে ফল নাই   মিছা মৰে দুখ পাই
 যেন ইন্দ্ৰজালে কিছু নাই॥
তমোগুণে মূঢমতি প্ৰাণীৰ হিংসাত ৰতি
 কৰ্ম্ম কৰি কায়ক্লেশে মৰে।
অভিচাৰ মন্ত্ৰ কৰো  যত শত্ৰুগণ মাৰো
 এহি বুলি তপক আচৰ॥১২০৭
তিনিগুণ তপস্যাৰ   প্ৰপঞ্চ কহিলো তাৰ
 যি গুণৰ তপ যেন ঠান।

[ ২৮২ ]

তপ যজ্ঞ যেনমত দুইৰো কহিলো তত্ত্ব
 এবে শুনা যেনমত দান॥
কাল দেশ পাত্ৰ জানি দান দেয় যিটো দানী
 উপকাৰ যিটো নকৰয়।
যাহাত নাহিকে ভয়  মিত্ৰ সম্বন্ধীয়া নয়
 সেহি দান সাত্ত্বিক কহয়॥ ১২০৮
উত্তৰায়ণ বিষুৱত  দিনক্ষয় গ্ৰহণত
 আকে কাল বুলি লোকে কয়।
কুৰুক্ষেত্ৰ গঙ্গা আদি   সিন্ধু মুখ্য পুণ্য নদী
 দেশ আকে বোলে ধনঞ্জয়॥
সাত্ত্বিক দানৰ পাত্ৰ  যিজন হোৱয় কহো
 তাক শুনিয়োক কুৰুপতি।
যাক দিলে নাহি ক্ষয়  জ্ঞানী যে ৱেদজ হয়
 ঈশ্বৰত যাৰ দৃঢ় মতি॥১২০৯
ৰজোগুণে শুনা ধৰ্ম্ম  দান দিয়া খোজে বৰ্গ
 কত দান দেই ভয় পাই।
যেনমতে দেয় কহো মই দিলে দিব এহো
 কতো দেখ শশুৰ জামাই।
দান দিয়া লেখ কৰে  এতখানি ব্যয় মোৰ
 এহি বুলি কিছু কৰে শোক।
কৃষ্ণে বোলে হে অৰ্জ্জুন  কৰ্ম্ম এতে ৰজোগুণ
 কৰ্ম্ম ব্যাগ্ৰে নজানয় মোক॥ ১২১০

[ ২৮৩ ]

তমোগুণে দেয় দান  ৰজোসত্ত্ব হেন ঠান
 কাল দেশ পাত্ৰ নজানয়।
মল মাংস ওচৰত শুদ্ধি নাহি শৰীৰত
 আৰ দেয় যত থাকে ভয়॥
দ্বিজ যাই তাৰ ঘৰে  মন্ত্ৰে আশীৰ্ব্বাদ কৰে
 তাতো তুষ্ট নাহিকে তাহাৰ।
যদিবা ব্ৰাহ্মণ নেৰে  অল্প নিয়া গালি পাৰে
 মন্দে ছন্দে কৰে তিৰস্কাৰ॥ ১২১১
নটাভ্যাস কৰিলেই   পৰম উৎসুকে দেয়
 ধন ধান্য বস্ত্ৰ অলঙ্কাৰ।
দিয়া কৃতকৃত্য মানে  আপোনাক দাতা জানে
 যুৱতি অধিক প্ৰীতি তাৰ॥
পাৰ্থে বোলে দামোদৰ   সংসাৰত যত নৰ
 ৰজস্তমগুণীয়া বিস্তৰ।
যজ্ঞ দান তপ কৰ্ম্ম   বৃথা কৰে তপ ধৰ্ম্ম
 মিছা দুখ পায়া মৰে নৰ ॥১২১২
সবে কৰ্ম্ম পৰিহৰে নিৰ্গুণ ভকতি কৰে
 শুনা আৱে যেন গতি তাৰ।
এৰাইল সংসাৰ ভয়  জন্ম মৃত্যু নপাৱয়
 অপ্ৰয়াসে তৰিল সংসাৰ॥
শুনিয়োক সৰ্ব্বলোক  ৰামকৃষ্ণ বুলিয়োক
 পৰম আনন্দ কৰি মনে।

[ ২৮৪ ]

কহয় গোবিন্দ মিশ্ৰ  ত্ৰাহি ত্ৰাহি ৰামকৃষ্ণ
 তযু পদে পশিলো শৰণে॥১২১৩
পৰম মঙ্গল নাম জপিয়োক অবিশ্ৰাম
 চিন্তিয়ো হৃদয়ে ৰূপ ধৰি।
গুচিব সংসাৰ তয দূৰ হব দুখচয়
 সঘনে ঘুষিয়ো ৰাম হৰি॥১১১৪

পদ

কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা অৰ্জ্জুন।
ৰজস্তম গুণে কৰ্ম্ম কেৱলে নিৰ্গুণ।
সগুণে নিৰ্গুণে হোৱে যেমত প্ৰকাৰ।
শুনা সাৱধানে কহো ৰহস্য তাহাৰ॥১২১৫
বেদসাৰ বীজ কহো তোমাৰ আগত।
স্বৰূপত আনে আৰ নজানয় তত্ত্ব॥
এহি পদ আদি কৰি ছয় পদ মানে।
নিষ্টে নপঢ়িব শূদ্ৰে ব্ৰাহ্মণত বিনে॥ ১২১৬
ছয পদে বেদৰ কহিবে সাৰ তত্ত্ব।
তাক এৰি শূদ্ৰে লাগে পঢ়োক পাচত॥


  • মূলত এই কথা নাই। পূথি নকল কৰোতে নকলকাৰকে
সম্ভৱতঃ লগাই দিছে। -সম্পাদক। [ ২৮৫ ]

কৃষ্ণে বোলে কহে নিষ্টে গায়ত্ৰী আদ্যত।
দ্বিজগণে পঢ়ে এই মন্ত্ৰ ওঁ তৎসৎ॥ ১২১৭
আকাৰ উকাৰ যাক নকাৰ বোলয়।
তিনিটা ব্ৰহ্মৰ নাম জানিবা নিশ্চয়॥
যাগ যোগ তপ জপ যত যজ্ঞ দান।
তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ হোমে নিয়ম বিধান॥১২১৮
কাল দেশ দ্ৰব্য শুদ্ধি নোহে এতেকৰ।
অঙ্গবিধি হীন যদি হোৱয় কৰ্ম্মৰ॥
তথাপিতো সাঙ্গে পূৰ্ণ হোৱয় সকলে।
সত্যে জানা এহি তিনি নাম উচ্চাৰিলে॥১২১৯
বাসনা সহিতে পাপ উচ্চাৰিলে দহে।
সাক্ষাত ব্ৰহ্মক এহি তিনি নামে কহে॥
সিকাৰণে বেদ যজ্ঞ দ্বিজ ঋষি যত॥
এসম্বাক আদ্যে ব্ৰহ্মা স্ৰজিলা পূৰ্ব্বত॥১২২০
জগতৰ কাৰণ ওঙ্কাৰ ব্ৰহ্মময়।
ওঁ শব্দে ওঙ্কাৰ যে ব্ৰহ্মাক বোলয়॥
ব্ৰহ্মা সত্য বুলিয়া মকাৰ কহে আদ্য।
এহি তিনি নামেসে ব্ৰহ্মক প্ৰতিপাদ্য ॥১২২১
ব্ৰহ্মবাদী সকলেসে এহি হেতু জানি।
যজ্ঞ দানে কৰ্ম্ম নেৰে ওঁঙ্কাৰ দি বাণী॥
ওঁঙ্কাৰে কেৱল সত্ত্বশুদ্ধিক কহয়।
মুমুক্ষসকলে আক জানিয়া নেৰয় ॥১২২২

[ ২৮৬ ]

যজ্ঞ দান বিবাহ মাঙ্গল্য কৰ্ম্ম যত।
সিকাৰণে সাধুসঙ্গ কৰয় প্ৰশস্ত॥
ৰজস্তম গুণৰ কহিলো পৰিচ্ছেদ।
এহি খানি জানিবা কৰ্ম্মৰ মৰ্ম্ম ভেদ॥১২২০
পঢ়ে সবে তিনি নাম সত্ব নজানয়।
ঘুণে কাটা কাষ্ঠ যেন তাৰ সেহি নয়॥
কিন্তু কৰ্ন্ম কৰিবেক ঈশ্বৰৰ অৰ্থে।
হৰি ব্যতিৰেকে কৰ্ম্ম সবে যায় ব্যথে॥১২২৪
পুত্ৰ দাৰা ধন জন গৃহ ক্ষেত্ৰ যত।
আপোনাক সৰ্ব্ব অগ্ৰে অৰ্পি ঈশ্বৰত॥
অৰ্চ্চন বন্দন সেৱা শ্ৰৱণ কীৰ্ত্তন।
স্মৰণ সখিত্ব দাস্য আত্ম-নিবেদন॥১২২৫
গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলঙ্কাৰ।
ঈশ্বৰক সমৰ্পিবে আজ্ঞা মানি তাৰ॥
কিন্তু কৰ্ম্ম কৰিবেক আজ্ঞা মানি তাত।
তেবেসে ঈশ্বৰ তুষ্ট হোৱয় সাক্ষাত ॥১২২৬
শ্ৰদ্ধা বিনে দেখা দেখি কৰ্ম্মক কৰয়।
কৰ্ম্ম সিদ্ধি নোহে তাৰ ফল নধৰয়॥
দেখা কূৰ্ম্মে তটে অণ্ড থৈয়া জলে বঞ্চে।
শ্ৰদ্ধা কৰি মনে বাঞ্চে তভো শিশু সঞ্চে ॥১২২৭
চিন্তনৰ অনুভৱ কৰ্ম্মে শ্ৰদ্ধা মূল।
তেবেসে ঈশ্বৰ তাৰ হোন্ত অনুকুল॥

[ ২৮৭ ]

ৰজোগুণ তমোগুণ দুইকো পৰিহৰি।
সত্ত্বগুণে বাকি কৰ্ম্ম কৰে শ্ৰদ্ধা কৰি॥১২২৮
তেবেসে জ্ঞানৰ যে হোৱয় অধিকাৰ।
তাতপৰ্য্য এহি সপ্তদশ অধ্যায়ৰ॥
কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ চৰণত।
সাঙ্গোপাঙ্গে তল গৈলো গৃহান্ধকূপত॥১২২৯
অপাৰ সাগৰে পৰি হওঁ বুন্দামাৰ।
এবে পদ নৌকা দিয়া কৰিয়ো উদ্ধাৰ॥
যদি সভাসদ মোক ভৰাইবাক পাৰা।
ৰাম কৃষ্ণ বুলিয়া যে জয় শব্দ কৰা॥১২৩০

সপ্তদশ অধ্যায় সমাপ্ত

[ ২৮৮ ]

অষ্টাদশ অধ্যায়

সন্ন্যাস যোগ

পদ

কৌৰৱে বোলন্ত শুনিয়োক দামোদৰ।
মধ্যস্থে থাকিলে তুমি কুৰু-পাণ্ডৱৰ॥
কৃষ্ণে বুলিলন্ত ভাল বোলা কুৰুপতি।
কিন্তু আগ হন্তে মই পাৰ্থৰ সাৰথি॥১২৩১
ৰথী হৈয়া নুযুজিবো বোললা সত্য কৰি।
সত্যে সত্যে নুযুজিবো অস্ত্ৰ শস্ত্ৰ ধৰি॥
হেন শুনি কেশৱক ভীষ্মে বোলে বাক।
অস্ত্ৰ ধৰি যাবা সত্যে যুজাইবো তোমাক॥ ১২৩২
দুয়ো জনে সত্য কৰিল ঘোৰতৰ।
অনন্তৰে দুয়ো দলে মিলিল সমৰ॥
ভীষ্মে মাৰিলন্ত শৰ অৰ্জ্জুনক বুলি।
ৰথ সমে ঘোৰা পৃথিবীত থৈলা শালি॥১২৩৩
এৰাইতে নাপাৰে ঘোৰা পশিল পাতাল।
হেন দেখি ৰথ হন্তে নামিলা গোপাল॥
চক্ৰগোট ধৰি হৰি গুণন্ত মনত।
যদি অস্ত্ৰ ধৰি যুজো সত্য হোৱে হত॥১২৩৪

[ ২৮৯ ]

নুযুজিলে ভকতৰ সত্য দূৰে যায়।
অন্যায়ে ভক্তৰ ৰথ ৰাখিতে যুৱায়॥
এহি বুলি চক্ৰ ধৰি ৰাখিলা সকল।
আপোনাৰ সত্য এৰি ভকতবৎসল ॥১২৩৫
হেনয় কৃষ্ণৰ পদে কোটি নমস্কাৰ।
আৰম্ভ কৰিলো অষ্টাদশ অধ্যায়ৰ॥
পুনৰপি অৰ্জ্জুনে কৰিলা প্ৰণিপাত।
দণ্ডৱতে পৰিলা ভূমিত দিয়া মাথ॥১২৩৬
কৃতাঞ্জলি কৰি পাচে বুলিলা বচন।
চৰণে শৰণ লৈলো কেশীনিসূদন॥
যাক বুলি কেশী আতি পৰম দুৰ্জ্জন।
তাৰ নাম শুনিয়া পলায় দেৱগণ॥১২৩৭
কংসৰ আদেশে সিটো ঘোৰ ৰূপ ধৰি॥
তোমাক মাৰিবে আইলা হয় ৰূপ ধৰি॥
শীঘ্ৰে শব্দ কৰি মুখ মেলি আসে খাই।
তুমিয়ো বধিলা তাৰ কেশ লাগ পাই॥১২৩৮
ৰাম হাত মুখত ভৰাইলা নাৰায়ণ।
কাটিল বদন তাৰ কাঙ্কৰীৰ ঠান॥
হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ।
তুমিসে শৰণ্য মোৰ প্ৰিয় নাহি আৰ॥১২৩৯
এগোটা সংশয় বৰ ভৈল মোৰ মনে।
তুমি পৰিচ্ছেদ নিদি দিব কোন জনে॥

[ ২৯০ ]

পূৰ্ব্বে মোক হেনয় কহিলা ভগৱান।
কৰ্ম্ম কৰি ফল নবাঞ্ছিবা কদাচন॥১২৪০
পঞ্চমত কহা কৃষ্ণ কৰ্ম্ম কৰি নাশ।
মন চিত্ত বশ্য কৰি হৈবেক উদাশ॥
দম্ভ মদ যত নপাইবেক সুখে দুখে।
ব্ৰহ্ম চিন্তি যোগী থাকিবেক আত্মসুখে॥১২৪১
ন্যাস ত্যাগ ভেদ মই জানিবাক চাওঁ।
পঙ্কজ চৰণে যদি আজ্ঞ লেশ পাওঁ॥
যেবে যোগ্য হওঁ তেবে কহিয়োক মোত।
মই প্ৰিয় শিষ্য যে সেৱক অনুগত॥১২৪২
কৃষ্ণে বলে উত্তম কহিলা ধনঞ্জয়।
তুমি মোৰ শিষ্য আতি পৰম বিনয়॥
কহি আছো আগে যত কহো পুনৰ্ব্বাৰ।
তোমাত কহন লোক তৰিবে সংসাৰ॥১২৪৩
যত কৰ্ম্ম সকামত ফল কৰি আশ।
ফল সমে সেহি কৰ্ম্মে কৰিবেক নাশ॥
সকাম কৰ্ম্মেসে ন্যাস কহিলোহো তত্ত্ব।
এৰে শুনিয়োক কহো ত্যাগ যেনমত॥১২৪৪
নিষ্কাম কৰ্ম্মক সখি কহো যিটো লোক।
সেহি কৰ্ম্মে ফলত্যাগ কৰ্ম্ম কৰিবেক॥
সকামীৰ কৰ্ম্মনাশ জানা মহাভাগ।
নিষ্কামে কৰিব কৰ্ম্ম কৰি ফলত্যাগ॥১২৪৫

[ ২৯১ ]

নাশৰ ত্যাগৰ আনে নজানয় ভেদ।
তুমি যি পুছিল তাৰ এহি পৰিচ্ছেদ॥
ফলত্যাগ কৰি কৰ্ম্ম কৰিবে সকলে।
কিন্তু সাংখ্যবাদী তাত হেন বোল বোলে॥১২৪৬
কিবা কাৰ্য্যে কৰ্ম্ম কৰি মৰে হৈয়া অন্ধ
যত কৰ্ম্ম দেখা সংসাৰতে কৰে বন্ধ॥
যেবে হিংসা দেখিয়া সকাম এৰে নৰ।
নিষ্কাম কৰ্ম্মতো হিংসা আছয় বিস্তৰ॥১২৪৭
নিষ্কামত ফলপুষ্প দ্ৰব্যৰ সঞ্চয়।
গুণি চাহা হিংসা তাত হোৱে কি নহয়॥
কৰ্ম্ম কৰি দুখ পাৱে লাগে মানে যত।
আৰো সেহি কৰ্ম্মে বন্ধ কৰে সংসাৰত॥১২৪৮
যেন কৃমি আপোনাৰ সূত্ৰে বাসা কৰে।
বাসা বান্ধি আত্মকৰ্ম্মে ভিতৰতে মৰে॥
দুখ ভাৱে কৰ্ম্ম কৰি ফলক নলয়।
কুঞ্জৰৰ স্নানে যেন তাৰো সেহি নয়॥১২৪৯
মীমাংসাবাদীৰ মতে কৰ্ম্মেসে প্ৰশস্ত।
কৰ্ম্ম হন্তে সৃষ্টি হোৱে চৰাচৰ যত॥
হেন জানি তপ যজ্ঞ দান কৰিয়োক।
সত্ত্বশুদ্ধি হৈয়া যে পৱিত্ৰ হোৱে লোক॥১২৫০
ভজন আসন যত শয়ন আহাৰ।
তাক কৰ্ম্ম বুলি কৰে ক্ৰিয়াৰ ব্যাপাৰ॥

[ ২৯২ ]

কৰ্ম্ম কৰিবেক লোকে বেদে হেন কহে।
নকৰিলে কৰ্ম্ম পুনু শৰীৰ নৰহে॥১২৫১
সাংখ্য মীমাংসাৰ দুইৰো মত দূৰ কৰি।
আপোনাৰ নিজ মত কহন্ত মুৰাৰি॥
কৃষ্ণে বোলে অৰ্জ্জুন জানিবা মোত বিনে।
দুৰ্ব্বোধ ত্যাগৰ ভেদ নজানয় আনে॥১২৫২
ব্যাঘ্ৰপুৰুষ তুমি কুৰু মধ্যে শ্ৰেষ্ঠ।
শিষ্য সখি প্ৰিয় যে সুহৃদ মোৰ ইষ্ট॥
শুনিয়োক কহো যেন কৰ্ম্মৰ প্ৰকাৰ।
যি কৰ্ম্মে নহয় বন্ধ তৰয় সংসাৰ॥১২৫৩
কৰ্ত্তা ক্ৰিয়া কাৰণ কৰ্ম্মৰ দ্ৰব্য যত।
মোত অপিবেক আগে কৰ্ম্মৰ পূৰ্ব্বত॥
ঈশ্বৰ আজ্ঞায়ে কৰ্ম্ম এৰি অহঙ্কাৰ।
ত্যজি অভিমান ফল নবাঞ্ছিব তাৰ॥১২৫৪
এহি কৰ্ম্মে পাপ পুণ্য দুয়ো হোৱে হত।
সেহিসে উত্তম পথ মোহোৰ সম্মত।
কৰ্ম্ম কৰিবাত তাৰ পাপ ভৈল সাৰ॥
ফল এৰিলাত পুণ্য নভৈল তাহাৰ॥ ১২৫৫
কেৱল উদাসে পাপ পুণ্য ভৈল দূৰ।
যেন ফল বীজহীনে নগজে অঙ্কুৰ॥
কৰ্ম্মে যদি পুৰুষক আপুনি নেৰয়।
ততকাল মানে কৰ্ম্ম কৰিতে লাগয়॥ ১২০৬

[ ২৯৩ ]

আৰো দেখা পুৰুষৰ মোহোৰ কথাত।
শুনিবাতো যদি শ্ৰদ্ধা ৰতি নোহে জাত॥
যতকাল মোত জ্ঞাননিষ্ঠা নোপজয়।
ততকাল মানে কৰ্ম্ম কৰিতে লাগয়॥ ২৫৭
বেদৰ পৰম অৰ্থ এহিসে প্ৰধান।
নজানিয়া মূঢ়ে আন কৰয় ব্যাখ্যান॥
গুণ অনুক্ৰমে এহি ত্যাগ যেন ঠান।
গুণভেদ ত্যাগ কহে হৈয়ো সাৱধান॥১২৫৮
মোহে থাকি নিত্য-কৰ্ম্ম কৰে পৰিহাৰ।
সেহিগোট ত্যাগ যে তামস নাম তাৰ॥
শৰীৰক আত্মা বোলে নাহি তত্ত্বজ্ঞান।
শীত দুখ ভয়ে নকৰ প্ৰাতঃস্নান॥১২৫৯
কায় ক্লেশ ভয়ে নকৰয় একাদশী।
প্ৰাতে দেৱ নাৰ্চ্চয় কৰিয়া আলসি॥
যজ্ঞ দান তপ নকৰয় মন্দাশয়।
ইগোট ৰাজস ত্যাগ জানিবা নিশ্চয়॥১২৬০
ৰাজস ত্যাগত ভক্তিজ্ঞান নোপজয়।
সাত্ত্বিক গুণৰ ত্যাগ শুনা মহাশয়।
আৱশ্যক কৰ্ম্ম কৰে বেদৰ বিহিত॥
কৰ্মফল নোপজয় সঙ্কল্প বৰ্জ্জিত॥১২৬১
শিশিৰ কালত প্ৰাতে স্নান তপ কৰে।
যদি দুখ পাৱে সহে তভো কৰ্ম্ম নেৰে।

[ ২৯৪ ]

গ্ৰীষ্মকালে যি কালত হোৱয় মধ্যাহ্ন।
গুচোক যে গ্ৰীষ্ম বুলি নকৰয় স্নান॥১২৬২
দুখক নেৰয় সিটো সুখ নোখোজয়।
স্থিৰ বুদ্ধি নাহি যাৰ মনৰ সংশয়॥
যদি হেন বোলা তুমি শুনা মহামতি।
কৰ্ম্ম এৰিবাক পাৰে কাহাৰ শকতি॥১২৬৩
যত প্ৰাণী আছে মানে সংসাৰৰ ধৰ্ম্মে।
ক্ষণেকো নাথাকে লোক মাত্ৰ বিনা কৰ্ম্মে॥
স্বধৰ্ম্মত থাকি কৰ্ম্ম কৰিবেক আগ।
কিন্তু কৰ্ম্মফল তাৰ কৰিবেক ত্যাগ॥১২৬৪
সকামীৰ কৰ্ম্ম কহো শুনা মহাবল।
তাসম্বাৰ কৰ্ম্মৰ ত্ৰিবিধ আছে ফল॥
যিটো পুণ্য কৰি সুখ ভুঞ্জয় স্বৰ্গত।
পাপ কৰি নৰ্ক ভুঞ্জি পৰয় অধত॥২৬৫
পাপ পুণ্য যিটো জনে কৰে মিসলাই।
সিজনে মনুষ্য হুয়া সুখ-দুখ পায়॥
যি জনে ঈশ্বৰে অৰ্পি কৰ্ম্ম কৰে তাৰ।
স্বৰ্গ নৰ্ক জন্ম নাহি ত্ৰিবিধ প্ৰকাৰ॥১২৬৬
ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰয় সকলে।
ফলত্যাগী তাক যে সন্ন্যাস কৰি বোলে॥
আৰো তাত হেন যদি বোলা মহাবল।
কৰ্ম্ম কৰিলাতে নুখুজিলে হৈব ফল॥১২৬৭

[ ২৯৫ ]

কৰ্ম্মৰ লগতে ফল আছয় সাক্ষাত।
যেন বীজ হন্তেসে অঙ্কুৰ হোৱে জাত॥
স্বৰূপত এহি হোৱে কিন্তু আছে বোল।
সকল কৰ্ম্মত পুনু অহঙ্কাৰ মূল॥১১৬৮
ফল অহঙ্কাৰ এৰি কৰ্ম্ম কৰে যিটো।
এতেকেসে কৰ্ম্মবন্ধ নোহে এহি হেতু॥
আৰে সাংখ্যশাস্ত্ৰ কহে শুনিয়ো অৰ্জ্জুন।
সৰ্ব্ব কৰ্ম্ম সিদ্ধি কৰে পঞ্চটা কাৰণ॥১২৬৯
কৰ্তা ক্ৰিয়া কাৰণ যে চেষ্টাধিদৈৱত।
এহি পাপহেতু কৰ্ম্ম কৰয় সমস্ত॥
কোন অধিদেৱতা যে কোন অহঙ্কাৰ।
কাৰণ কাহাক বোলে নাম কহো তাৰ॥১২৭০
শৰীৰেসে অধিষ্ঠান কৰ্ত্তা অহঙ্কাৰ।
দশ গোটা ইন্দ্ৰিয় কাৰণ ভৈল তাৰ॥
যত ক্ৰিয়া সহিত ব্যাপাৰ প্ৰাণাপান।
আদিত্যক আদি কৰি ইন্দ্ৰ অধিষ্ঠান ॥১২৭১
কায় বাক্য মনে কৰে যেন যত কৰ্ম্ম।
পাপ পুণ্য সমে শুভাশুভ ধৰ্ম্মাধৰ্ম্ম॥
এহি পাঞ্চ হেতু হোৱে কৰ্ম নিৰন্তৰ।
অসঙ্গ উপাধি হীন কৰ্ত্তা অকৰ্ত্তা ঈশ্বৰ॥ ১২৭২
গুৰু উপদেশ নাহি শাস্ত্ৰকো নাজানে।
আত্মাক দুৰ্ম্মতি সিটো কৰ্ত্তা কৰি মানে॥

[ ২৯৬ ]

তাত তুমি হেন যদি বোলাহা অৰ্জ্জুন।
সকলে দুৰ্গতি যদি সুমতি বা কোন॥১২৭৩
যিজন সুমতি তাক শুনা গুড়াকেশ।
সৰ্ব্বদা মনত যাৰ নাহি ৰাগ দ্বেষ॥
ইষ্টানিষ্ট কৰ্ম্মে পুনু বুদ্ধি নাহি যাৰ।
স্বভাৱতে নাহি অভিমান অহঙ্কাৰ॥১২৭৪
কৰ্ম্ম কৰি মই কৰো নোবোলয় তাক।
দেহত কৰিয়া ভিন্ন দেখে আপোনাক॥
এহিমতে জ্ঞান যেবে ৰৈবে পুৰুষৰ।
সিজনে সকলো লোক বাম ত্ৰৈলোক্যৰ ॥১২৭৫
জানিবাহা তাক বৰদোষে নপাৱয়।
কৰ্ম্মে নিলিপয় সংসাৰতো বন্ধ নয়॥
জ্ঞান জ্ঞেয় পৰিজ্ঞাতা ত্ৰিবিধ প্ৰকাৰ।
জ্ঞানে ইষ্ট সাধে জ্ঞেয় ধৰ্ম্ম নাম তাৰ॥১২৭৬
যাক বুলি পৰিজ্ঞাতা সেই কৰ্ম্ম ফল।
এহি তিনিবিধ জানা সগুণ কেৱল॥
স্বৰূপে নিৰ্গুণ আত্মা জানিবাহা ভাল।
নিৰ্গুণ তেখনে হৰি ব্যক্ত অনুকূল॥১২৭৭
কৰ্ত্তায়ে কৰ্ম্মক কৰে কাৰণক সেই।
একে কৰ্ম্ম গুণভেদে তিনিবিধ হুই॥
জ্ঞান ক্ৰিয়া কৰ্ত্তা কৰ্ম্ম সাঙ্গে কহো পুনু।
গুণভেদে একে যে ত্ৰিবিধ হোৱে তনু ॥১২৭৮

[ ২৯৭ ]

যদি সত্ত্ব গুণে আতি স্ফটিক প্ৰকাশে।
তভো সত্ত্বে বান্ধি কহিলোহো চতুৰ্দ্দশে॥
পাচে সপ্তদশে কহিলোহো যত ধৰ্ম্ম।
ৰজস্তম এৰি সত্ত্বগুণে কৰে কৰ্ম্ম॥১২৭৯
যত কৰ্ম্ম দেখা মানে তিনি গুণে বন্ধ।
আত্মাত নাহিকে পুনু গুণৰ সম্বন্ধ॥
যেহি জ্ঞানে আত্মাক কৰয় সাক্ষাৎকাৰ।
জ্ঞানৰ ত্ৰিবিধ মত শুনা পুনৰ্ব্বাৰ॥১২৮০
ব্ৰহ্মা আদি কৰিয়া যতেক চৰাচৰ।
সবাতো ঈশ্বৰবুদ্ধি দেখে যিটো নৰ॥
যদি প্ৰপঞ্চত ভিন্ন দেখয় সমান।
এহিমত যাহাৰ সাত্ত্বিক তাৰ জ্ঞান॥১২৮১
ৰাজস জ্ঞানক কহো শুনিয়োক চিহ্ন।
উত্তম অধম জীৱৰূপে দেখে ভিন্ন॥
আত্মা একে জানি তাত কৰে ভিন্ন জ্ঞান।
কাহাকো বন্দয় কাকো চুইলে কৰে স্নান॥ ১২৮২
তামস গুণক কহো শুনিয়ো প্ৰকাৰ।
পৰমাৰ্থ তত্ত্ব তাৰা নকৰে বিচাৰ॥
নলৱে প্ৰমাণ দুষ্টে নিজিজ্ঞাসে শাস্ত্ৰ।
কেৱলে দেৱতা বুদ্ধি প্ৰতিমাত মাত্ৰ॥১২৮৩
সবাত ইশ্বৰ আছে নাজানে অজ্ঞানে।
শ্ৰদ্ধা কৰি প্ৰতিমাক পূঞ্জে ৰাত্ৰি দিনে॥

[ ২৯৮ ]

কৰ্ম্ম ত্ৰিবিধক কহো শুনা গুড়াকেশ।
কৰ্ম্ম কৰি সৰ্ব্বদা এৰিবে ৰাগ দ্বেষ॥১২৮৪
অপ্ৰাপ্য বস্তুক যিটো অভিলাষ কৰে।
পাইলে যত্নে ৰাখে যিটো ৰাগ নাম তাৰে॥
যেবে বস্তু নপাইলে তাতে কৰে ক্লেশ।
নিশ্চয়ে জানিবা সখি তাৰ নাম দ্বেষ॥১২৮৫
নিত্য নৈমিত্তিক কৰ্ম্ম কৰয় শ্ৰদ্ধায়।
মই কৰ্ম্ম কৰো বুলি অভিমান নাই॥
নিষ্কামে কৰয় কৰ্ম্ম ফল কৰি ত্যাগ।
সেহি কৰ্ম্ম সাত্ত্বিক জানিবা মহাভাগ॥১২৮৬
অহঙ্কাৰ ভাবে ৰজোগুণে কৰ্ম্ম কৰে।
নৈষ্ঠিক কুলীন জ্ঞাতা এহি গৰ্ব্বে মৰে॥
মইসে জানোহো কৰ্ম্মবিধি আনুষ্ঠান।
চতুৰ পণ্ডিত নাহি মোহোৰ সমান ॥১২৮৭
কৰ্ম্ম আৰম্ভতে যে সঙ্কল্প ক