পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( গ )

 “কৃষ্ণ-অৰ্জ্জুন সংবাদ” ৰূপে গীতাত ব্ৰহ্মৰ আলোচনা কৰিছে। ইয়াত এক গুৰু, অৰ্জ্জুন শিষ্য৷ হৃদয়ক কুৰুক্ষেত্ৰৰ লগত তুলনা কৰিছে; সেহ ৰথ স্বৰূপ, ৰথী অৰ্জ্জুন বা আত্মা, সাৰথি শ্ৰীকৃষ্ণ বা বুদ্ধি, ৰণৰ ঘোঁৰা হৈছে ইন্দ্ৰিয়বোৰ আৰু ঘোঁৰাৰ লাগাম মন।

 গীতাত আত্মা আৰু দেহৰ সম্বন্ধ বুজাইছে আৰু বৈদিক যাগ-যজ্ঞ কৰ্ম্মবহুল জীবন-যাপনৰ নিয়ম নলৈ অনাসক্তভাৱে কৰ্ম্ম কৰিবলৈ আদেশ দিছে। ফলত্যাগ কৰি কৰ্ম্ম কৰাই সমাধিস্থ হোৱা। মানুহৰ দৈৱী আৰু অসুৰী বৃত্তিবোৰৰ যুদ্ধৰ কথাকে লক্ষ্য কৰি উপদেশ দিছে— “তুমি যুদ্ধ কৰাঁ; জ্ঞানৰ অস্ত্ৰ লোৱা আৰু সেই অন্ত্ৰেৰে হৃদয়ৰ অজ্ঞান দূৰ কৰি সমভাৱ লোৱা।” দৈৱী পথত চলাৰ সহায়ৰ বাবে শাস্ত্ৰবিধি মানিবলৈ অৰ্থাৎ জ্ঞানী সাধু পুৰুষৰ প্ৰবৰ্তিত সংযম পথ অনুকৰণ কৰিবলৈ উপদেশ দিছে।

 শেষত সকলো ধৰ্ম্ম ত্যাগ কৰি কেৱল ভগৱানত শৰণ লবলৈ আদেশ কৰিছে; আৰু পৰোপকাৰৰ বাবে কৰা কৰ্ম্মকেই সৰ্বোৎকৃষ্ট কৰ্ম্ম বা নিষ্কাম কৰ্ম্ম আৰু ইয়াকে যজ্ঞাৰ্থে কৰা কৰ্ম্ম বুলিছে। এই কৰ্ম ভগৱানত অৰ্পণ কৰি কৰায়েই সৰ্বধৰ্ম ত্যাগ বা সন্ন্যাস বোলে।

 সংসাৰত মানুহৰ কৰ্ত্তব্য কি? কম কিদৰে কৰি চলিব লাগে— গীতাত তাৰ উপদেশ আছে৷ গীতাৰ শিক্ষা লৈ মানুহে শুভাশুভ ত্যাগ কৰিব পাৰে; সকলো প্ৰাণীতে নিবৈৰ হব পাৰে আৰু ভগৱানৰ লগত যোগ হব পাৰে।

 আমাৰ দেশৰ দেশীয় ভাষাত গোবিন্দ মিশ্ৰই পদ্যত আৰু ভট্টদেৱে গদ্যত (কথা গীতা) গীতাৰ ভাঙনি কৰে। গোবিন্দ মিশ্ৰৰ গীতাত মূলৰ কথাৰ লগত মান কথাও মাজে মাজে যোগ হৈছে; কিন্তু