কৃষ্ণেসে সুহৃদ সখা প্ৰিয় গুৰু প্ৰাণ।
কৃষ্ণ বিনা পাণ্ডৱে নজানে কোনো আন॥১৩৯৬
যাৰ কৃষ্ণ প্ৰিয় তাৰ কোন কাজে ভয়।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ ইঙ্গিততে হয়॥
ৰাজ্য লক্ষ্মী বিভৱ পাণ্ডৱে পাইল পুন।
কৃষ্ণৰ প্ৰসাদে যে অসাধ্য আসে কোন॥ ১৩৯৭
এবে তুমি হেন কাৰ্য্য কৰা মহাবল।
ৰাজ্য ধন হৰিপদে সমৰ্পা সকল॥
কৃষ্ণ পূৰ্ণব্ৰহ্ম জানি ভজা বন্ধুজন।
অহৰ্নিশে নেৰিবাহা তাহাৰ স্মৰণ॥১৩৯৮
তান নাম স্মৰি কৰ্ম্ম জন্ম গুণ গাইবা।
এহি খানি কৰি অনায়াসে গতি পাইবা ॥
মই কহিলোহা কৃষ্ণ অৰ্জ্জুন সংবাদ।
শ্ৰদ্ধায়ে শুনিলে পাইবা পৰম আহ্লাদ॥১৩৯৯
যতেক পাইবা তুমি পাইবা পুণ্যৰাশি।
অল্পতে বৈৰাগ্য গোট মিলিবেক আসি॥
সত্ত্ব শুদ্ধি ভৈলে জ্ঞান হৈব পৰিপক্ক।
যত কৰ্ম্ম সিজিল নলাগে কহিবাক॥১৪০০
ৰাজ্য ভোগ আনন্দত পুণ্য ভৈলা হত।
অসন্তোষ ভৈল ধন পুত্ৰৰ শোকত॥
শোক আনন্দত পাপ পুণ্য ভৈলা হত।
সংবাদ শ্ৰৱণে মুক্তি কৰাইবে অল্পত॥ ১৪০১
পৃষ্ঠা:শ্ৰীমদ্ভগৱত্গীতা বা কৃষ্ণগীতা.djvu/৩২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১২
শ্ৰীমদ্ভগৱদ্গীতা