সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৭
শ্ৰীমদ্ভগৱদ্‌গীতা


গীতা-মাহাত্ম্য

পদ

কৃষ্ণে বোলে স্বৰূপ শুনিয়ো ধনঞ্জয়।
যত বেদ অৰ্থচয় গীতাত আছয়॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সবাহাৰ মূল।
স্বৰূপত গুৰু মই ৰৈ লৈবা বোল॥১৩৭০
হেন গীতা শাস্ত্ৰ নকহিবা যাক তাক।
যেই গীতা সেই মই স্থিৰ জানিয়োক।
অভক্তত নকহিবা বাধো বাৰম্বাৰ।
নকহিবা স্বধৰ্ম্মত নিষ্ঠা নাহি যাৰ॥১৩৭১
গুৰু ঈশ্বৰকো সেৱা দুইকো নকৰয়।
একো কালে তাক নকহিবা ধনঞ্জয়॥
শুনিবাক শ্ৰদ্ধা নকৰয় যিটো নৰ।
যিটো নজানয় মোক বুলিয়া ঈশ্বৰ॥ ১৩৭২
মোক নিন্দা কৰি অহঙ্কাৰে বোলে বাক।
তাক নকহিবা মই নিষ্ঠে দিলো হাক॥
শুনিবাক ইচ্ছা কৰে পুত্ৰ সম শিষ্য।
যদি যোগ্য হোৱে তাক কহিবা অৱশ্য॥১৩৭৩
যাক কহিবা নকহিবা সকলো কহিল।
আৱে ব্যাখ্যা কৰন্তাৰ শুনা কহো ফল॥