পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
শ্ৰীমদ্ভগৱদ্‌গীতা

মই মূৰ্খমতি তভো কৰিলোহো সাস।
কিন্তু গুৰুচৰণৰ কৃপালেশ আশ॥
নীচ হুয়া মহন্তৰ কৰ্ম্মক আচৰে।
হস্তীৰ লাদক দেখি শহা মাৰ্গ ফাৰে॥ ৪৬
কিন্তু গুৰু কৃষ্ণৰ সেৱাৰ পাই বল।
ঈশ্বৰ নিশ্চয়ে ধ্ৰুৱে দিব্যজ্ঞান পাইল॥
মহামহন্তক নমস্কাৰ মোৰ মনে।
সদা নছাৰোক মনে ৰাতুল চৰণে॥ ৪৭
হেন জানি সভাসদ শুনা সাৱধানে।
গীতা পদ বিৰচিবো যথাশক্তি মানে॥ ৪৮